কেতিয়াবা প্ৰস্ৰাৱৰ সংক্ৰমনৰ ফলত বা গৰ্ভাৱস্থা বা অন্যান্য কাৰণত মূত্ৰথলীৰ মাংসপেশীৰ দুৰ্বলতাৰ কাৰণে প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা হয়, যাৰ ফলত কেতিয়াবা ঘনে ঘনে বা কেতিয়াবা অজানিতে , জোৰকৈ হাহিঁলে, কাহিঁলে, হাঁচিয়ালে প্ৰস্ৰাৱ ওলাই যায় | এনেক্ষেত্ৰত প্ৰয়োজনীয় ঔষধীয় চিকিত্সা কৰোৱাৰ পাছতো কেতিয়াবা সুফল পোৱা নাযায় | তেতিয়া এটাই উত্তৰ: কেগেল ব্যায়াম
(Kegel Exercise)
প্ৰথমতে আপুনি প্ৰস্ৰাৱ কৰি থাকোতে মাজতে এবাৰ প্ৰস্ৰাৱ ওলোৱা বন্ধ কৰি দিয়ক আৰু মন কৰক..কোন কেইটা মাংসপেশীৰ সংকোচন হল | ঠিক ধৰিব নোৱাৰিলে আৰু এবাৰ কৰি ভালদৰে বুজি লওক | এতিয়া প্ৰস্ৰাৱ কৰি মূত্ৰথলী সম্পুৰ্ণ খালী কৰাৰ পাছত এই মাংসপেশীখিনি ঠিক তেনেদৰে সংকুচিত কৰাৰ চেষ্টা কৰক | এয়ে কেগেল ব্যায়াম |
মন কৰিব যাতে এই ব্যায়াম কৰোতে কেতিয়াও তপিনাৰ মাংসপেশী, পেটৰ মাংসপেশী আৰু উৰুৰ মাংসপেশীৰ যাতে সংকোচন নহয় | লাগিলে আপুনি প্ৰথমতে কেইদিন পিঠিৰ ওপৰত শুই , পেটটো ওপৰফালে ৰাখি ভৰিদুখন পেটলৈ বুলি কোচাই লৈ ড্ৰেচিং আইনাত চাই চাই এই ব্যায়াম কৰক আৰু ব্যায়াম কৰোতে তপিনাৰ মাংসপেশীৰ লৰচৰ হৈছে নেকি চাওক | যদি লৰচৰ নকৰে তেন্তে ব্যায়াম সঠিকভাৱে হৈছে | তেনেকৈ পেটত হাত এখন ৰাখি পেটৰ ভিতৰত মাংসপেশীৰ লৰচৰ হয় নেকি চাওক | যদি কিবা লৰচৰ কৰাযেন লাগে তেন্তে সঠিক ব্যায়াম হোৱা নাই | উৰুৰ মাংসপেশীৰ সংকোচন হয় নেকি চাই লওক | তপিনা, পেট আৰু উৰুৰ মাংসপেশীৰ সংকোচন নোহোৱাকৈ যদি ব্যায়ামটো কৰিব পাৰিছে তেনেহলেহে ই সঠিক কেগেল ব্যায়াম |
নিয়ম: প্ৰথম অৱস্থাত এবাৰ সংকোচন কৰি পাঁচ ছেকেণ্ড ধৰি ৰাখি এৰি দিয়ক আৰু পাঁচ ছেকেণ্ড পাছত পুনৰাবৃত্তি কৰক | এনেদৰে একেৰাহে চাৰি পাঁচবাৰ কৰিব | দুই তিনিদিন এনেদৰে কৰাৰ পাছত ১০ ছেকেণ্ডৰ বাবে সংকোচন কৰি ১০ছেকেণ্ডৰ অন্তৰালত একেৰাহে চাৰি-পাঁচবাৰ পুনৰাবৃত্তি কৰি এদিনত কমেও তিনিবাৰকৈ তিনিৰ পৰা ছয় সপ্তাহলৈ এই ব্যায়াম কৰিলেহে সুফল পোৱা যায় |
গৰ্ভৱতী মহিলাও এই ব্যায়াম কৰিলে পিছলৈ ঘনাই প্ৰস্ৰাৱ হোৱা সমস্যাৰ পৰা বাচিব পাৰে |
প্ৰয়োজনত চিকিত্সকৰ পৰামৰ্শ লওক তথাপি ভূল নকৰিব |
কেতিয়াও মূত্ৰথলীত প্ৰস্ৰাৱ জমা থকা অৱস্থাত এই ব্যায়াম নকৰিব কাৰণ তেনেক্ষেত্ৰত এই ব্যায়ামে মূত্ৰথলীৰ মাংসপেশীৰ শিথিলতা আনি দিব পাৰে আৰু আপোনাৰ সমস্যা বাঢ়িহে যাব |
এই ব্যায়াম কৰোতে উশাহ বন্ধ কৰি নাৰাখি সাধাৰণ ভাবে লৈ থাকিব ।
প্ৰস্ৰাৱৰ সংক্ৰমন হলে কেনেকৈ বুজিম :
লক্ষণ সমূহ :
১. প্ৰস্ৰাৱৰ জ্বলন ৰ লগতে ঘনাই খুব জোৰেৰে প্ৰস্ৰাৱ লগা |
২. কম পৰিমানে কষ্টযুক্ত প্ৰস্ৰাৱ হোৱা |
৩. তলপেটত বিষ অনুভৱ কৰা |
৪. ঘোলা, তেজযুক্ত বা উগ্ৰগোন্ধযুক্ত প্ৰস্ৰাৱ হোৱা |
৫. হঠাতে মাজে মাজে খুব ঠাণ্ডা অনুভৱ কৰা |
৬. ঠাণ্ডা লাগি কঁপি কঁপি তীব্ৰ জ্বৰ হোৱা |
৭. গাৰ বিষ হোৱা বা বমি বমি লগা |
৮. কঁকালৰ বিষ অনুভৱ কৰা |
১. যদি প্ৰাথমিক অৱস্থাত উপযুক্ত চিকিত্সা কৰা নহয় তেন্তে প্ৰস্ৰাৱৰ নলীৰ পৰা বীজাণু মূত্ৰথলীয়েদি মূত্ৰবাহী নলীত প্ৰবেশ কৰিব পাৰে আৰু ই দুই বৃক্কৰ সংক্ৰমন ঘটাই পায়েল'নেফ্ৰাইটিচ ৰোগৰ উদ্পন্ন কৰিব পাৰে বা বৃক্ক অকামিলা হৈ যাব পাৰে | অন্যথা মূত্ৰথলীৰ সংক্ৰমন( ছিছ্টাইটিচ), প্ৰস্ৰাৱদ্বাৰৰ সংক্ৰমন (ইউৰেথ্ৰাইটিচ) আদিৰ পুন:সংক্ৰমন ঘটাব পাৰে |
২. মহিলাৰ প্ৰস্ৰাৱদ্বাৰ চুটি আৰু মলদ্বাৰৰ ওচৰত হোৱা বাবে মলদ্বাৰৰ পৰা বীজাণু সহজে প্ৰস্ৰাবদ্বাৰেদি প্ৰবেশ কৰি সংক্ৰমন ঘটাব পাৰে বাবে প্ৰায় ৫০শতাংশ মহিলাই জীৱনত এবাৰ হলেও এই ৰোগত আক্ৰান্ত হয় | ইয়াৰে প্ৰায় ২০ ৰপৰা ৩০ শতাংশ মহিলাৰ পুন:সংক্ৰমন হয় | গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ভয়াবহতা অতি বেছি |
৩. কিছুমান হঠাতে খুব বেচিকৈ হোৱা প্ৰস্ৰাৱৰ সংক্ৰমনৰ ফলত তেজত বীজাণুৰ প্ৰবেশ ঘটাই অতিপাত বৃদ্ধি ৰ ফলত ছেপ্টিছেমিয়া নামৰ এক প্ৰাণ ঘাতক অৱস্থাৰ সৃষ্টি কৰিব পাৰে |
লেখক: হেমন্ত কুমাৰ নাথ
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 1/9/2019