অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৃতকুমাৰী বা চালকুঁৱৰীৰ উপকাৰিতা

ঘৃতকুমাৰী বা চালকুঁৱৰীৰ উপকাৰিতা

 

আমি সকলোৱে জানো যে এটা ভাল সুস্থ শৰীৰৰ অধিকাৰী হবলৈ হ’লে আমাক সুষম আহাৰৰ প্ৰয়োজন| এই সুষম আহাৰ বুলিলে একাঁহী ভাত, এটা জলকীয়া আৰু এঘটি পানীৰে পেট ভৰাই খোৱাকে নুবুজায়| ইয়াৰ দ্বাৰা পেট ভৰে সঁচা, কিন্তু ই শৰীৰটোক সুষম আহাৰ যোগান ধৰিব নোৱাৰে| এনেকৈ গ্ৰহণ কৰা আহাৰৰ পৰা আমি এটা নিৰোগী স্বাস্থ্যবান শৰীৰ একেবাৰে আশা কৰিব নোৱাৰো|

আমাৰ শৰীৰৰ বিকাশৰ বাবে আহাৰৰ প্ৰয়োজন| যি খাদ্যত নিৰ্দ্দিষ্ট অনুপাতত শৰীৰৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপাদানেই থাকে তাকে সুষম আহাৰ বোলে| আমি জানিব লাগিব যে অমি গ্ৰহণ কৰা আহাৰত প্ৰ’টিন, ভিটামিন, মিনাৰেল আদি সম্পুৰ্ণৰুপে পাওনে নাপাওঁ| যদি নাপাওঁ ইয়াৰ কাৰণ কি?

ইয়াৰ কাৰণ হ’ল প্ৰদুষণ| আজিৰ দিনত আমাৰ জীৱন শৈলীত মুখ্য ভুমিকা গ্ৰহণ কৰা বায়ু, পানী আৰু খাদ্য বস্তু বিশুদ্ধ অৱস্থাত পাব নোৱাৰো এই প্ৰদুষণৰ বাবে| আৰু এই উপাদান কেইটা আমি বিশুদ্ধ কৰিবও নোৱাৰো গতিকে আমি ইয়াৰ ফলত এটা সুস্থ শৰীৰ নিশ্চয় আশা কৰিব নোৱাৰো|

তেনেহ’লে আপোনাৰ জানিবলৈ ইচ্ছা নাযায়নে যে আমি কেনেকৈ এটা সুস্থ সবল শৰীৰৰ অধিকাৰী হ’ব পাৰিম?

ঘৃতকুমাৰীৰ ৰস পান কৰাৰ ১০ টা উপকাৰ

১) সুস্থ আৰু শক্তিশালী দাঁত:- চালকুঁৱৰীৰ ৰস দাঁত, দাঁতৰ আলু আৰু মুখৰ ভিতৰৰ চালৰ বাবে বিশেষ উপকাৰী| ইয়াক আমাৰ দাঁতৰ চিকিৎসক হিচাপে ৰাখিব পাৰো|

২) তৎক্ষণাত কাৰ্য সম্পাদন কৰে:- চালকুঁৱৰীয়ে ফাইৰোব্লাষ্টাৰ ক্ষমতা বঢ়ায়| ই সাধাৰণ জ্বলা-পোৰা, ঘাঁ, ৰ’দে পোৰা আৰু খৰ-খজুৱতীৰ পৰা উপশম কৰাত সহায় কৰে|

৩) হজম শক্তি বৃদ্ধি কৰে:- চালকুঁৱৰী ৰসৰ, প্ৰাকৃতিক অনিষ্টকাৰী কাৰক সমুহ আতৰ কৰাৰ ক্ষমতা আছে| বিশুদ্ধ চালকঁৱৰীৰ ৰস নিয়মিত পান কৰিলে দেহৰ তন্ত্ৰ সমুহ সুস্থ থাকে| দেহত প্ৰটিন গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে আৰু অনিষ্টকাৰী বেক্টেৰিয়া হ্ৰাস পায়|

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু দৈহিক কাৰ্য্যত সহায় কৰে:- চালকুঁৱৰীয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাকৃতিকভাৱে বৃদ্ধি কৰাত সহায় কৰে| দৈনিক ৩০ মি.লি. ৰ পৰা ৫০ মি.লি. চালকুঁৱৰীৰ ৰস সেৱন কৰিলে প্ৰতিৰোধ তন্ত্ৰৰ সকলো আৱশ্যকতা সম্পুৰ্ণ হয়|

৫) খনিজ পদাৰ্থৰ দৈনিক আহৰণ:- চালকুঁৱৰীৰ ৰসত কেলচিয়াম, চ’ডিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, ক্ৰ’মিয়াম, মেংগানিজ আদি খনিজ পদাৰ্থ পোৱা যায়| সেয়েহে ইয়াক শৰীৰৰ সকলো প্ৰয়োজন পুৰাব পৰা প্ৰকৃতিৰ অমুল্য পুষ্ঠিৰ ভাণ্ডাৰ বুলি কোৱা হয়|

৬) ভিটামিনৰ যোগান:- চালকুঁৱৰীত ভিটামিন এ, বি১, বি, বি১২, চি, আৰু ফলিক এচিড আছে| বিশুদ্ধ চালকুঁৱৰীৰ ৰস দৈনিক সেৱনৰ ফলত শৰীৰত ভিটামিনৰ অভাৱজনিত ৰোগসমুহ দূৰ হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়|

৭) পোৰা আৰু চুজন প্ৰতিৰোধী গুণ:- চালকুঁৱৰীয়ে কোনো পাৰ্শ্চক্ৰিয়া নোহোৱাকৈ জ্বলা-পোৰা আৰু চুজনক বাধা দিব পাৰে| ই হাড়ৰ যোৰা আৰু মাংশপেশীৰ গতিশীলতা অক্ষুন্ন ৰখাত সহায় কৰে|

৮) শৰীৰ নিৰ্মাণৰ আধাৰ:- আমাৰ শৰীৰ নিৰ্মাণৰ প্ৰধান আধাৰ এমিন’ এছিড| কিন্তু আমাৰ শৰীৰে প্ৰয়োজনীয় সকলোবোৰ এমিন’এছিড উৎপন্ন কৰিব নোৱাৰে| চালকুঁৱৰীৰ ৰস হ’ল এমিন’ এছিডৰ ভাণ্ডাৰ| সেয়েহে চালকুঁৱৰীৰ ৰস দৈনিক সেৱনৰ ফলত শৰীৰে প্ৰয়োজনীয় সকলোবোৰ এমিন’ এছিড লাভ কৰে যাৰ বাবে শৰীৰ সুস্থ, নিৰোগী আৰু শক্তিশালী হৈ থাকে|

৯) শাৰীৰিক বৃদ্ধি আৰু ওজন নিয়ন্ত্ৰণ:- আমি খোৱা আহাৰত থকা কিছুমান আলাগতিয়াল পদাৰ্থৰ বাবে আমাৰ এলাহ আৰু ভাগৰুৱা ভাৱ আহে| বিশুদ্ধ চালকুঁৱৰীৰ ৰস দৈনিক ব্যৱহাৰ কৰিলে শৰীৰত শক্তিৰ অনুভৱ হয়, শাৰীৰিক বৃদ্ধিয়ে শীৰ্ষস্থান পায় আৰু শৰীৰ অনুপাতে ওজন হয়|

১০) ক’লাজেন আৰু ইলেষ্টিনৰ মেৰামতি:- বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ চালত বয়সৰ যি ৰেখা পৰে, চালকুঁৱৰীৰ ৰসে চালক পুষ্টিৰ যোগান ধৰি সেইবোৰ নাইকিয়া কৰে| ফলত চাল উজ্জ্বল আৰু কমনীয় হয়|

প্ৰকৃতিৰ অমুল্য অৱদান ঘৃতকুমাৰী বা চালকুঁৱৰী নৱ প্ৰজন্মৰ আহাৰ

দেখাত কাইটীয়া, মঙহাল উদ্ভিদ জোপাক চালকুঁৱৰী, ঘৃতকুমাৰী, মুচ্চবৰ, কৈতকী, এল’ভেৰা আদি বিভিন্ন নামেৰে জনা যায়| আৰবী এল’ শব্দৰ লগত লেটিন শব্দ ভেৰা লগ লাগি এল’ভেৰা হৈছে| এল’ৰ অৰ্থ উজ্জ্বল তিতা দ্ৰব্য আৰু ভেৰাৰ অৰ্থ সত্য|

আয়ুৰ্বেদত ইয়াক বনৌষধৰ মহাৰজা বুলিও কোৱা হৈছে| প্ৰাচীন কালত চালকুঁৱৰী বিভিন্ন ধৰণে ব্যৱহাৰ কৰিছিল| কোনোৱে পদুলিমুখ আৰু ঘৰৰ দুৱাৰত চালকুঁৱৰীৰ পাত আঁৰি থলে বিভিন্ন অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰিছিল| কোনোৱে ইয়াৰ লাডু বনাই আৰু কোনোৱে ইয়াৰ হালোৱা বনাই খাইছিল| আমাৰ দেশৰ ৰাজস্থানত বৰ্তমানো চালকুঁৱৰীক পাচলি হিচাপে ব্যৱহাৰ কৰে|

প্ৰাচীন কালত মিচৰ দেশৰ মামী সমুহত চালকুঁৱৰীৰ প্ৰলেপ সানি সেইবোৰ দীৰ্ঘদিনলৈকে সংৰক্ষণ কৰিছিল| বিশ্বসুন্দৰী ক্লিউপেট্টা আৰু নেপোলিয়নৰ পত্নী জোচেফাইনেও  দেহত চালকুঁৱৰীৰ ৰস ব্যৱহাৰ কৰিছিল| আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে চালকুঁৱৰীৰ ৰস ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ভুয়সী প্ৰশ্ংসা কৰি থৈ গৈছে|

চালকুঁৱৰীৰ ওপৰত ১৮৩৫ চনৰ পৰা বৈজ্ঞানিক গৱেষণা আৰম্ভ হয়| সুদীৰ্ঘ ২৬ বছৰ গৱেষণাৰ অন্তত বিজ্ঞানী সকলে দেখা পালে যে বিশ্বৰ বিভিন্ন ঠাইত পোৱা চালকুঁৱৰী ৰসৰ বেলেগ বেলেগ গুণ আছে| যেনে- উত্তৰ প্ৰদেশ, বিহাৰ আদিত পোৱা চালকুঁৱৰীৰ ৰসে হাড়ৰ যোৰাৰ বিষ নিৰাময়ত সহায় কৰে, ৰাজস্থানত হোৱা চালকুঁৱৰীৰ ৰসে হাঁপানি ৰোগ নিৰাময় কৰে| ৰাচিয়া মহাদেশত হোৱা চালকুঁৱৰীৰ ৰসে চালৰ বিভিন্ন ৰোগ উপশম কৰে|

বিজ্ঞানী সকলে গৱেষণাৰ অন্তত দেখা পালে যে, বিশ্বত মুঠতে ৩০০ বিধ প্ৰজাতিৰ চালকুঁৱৰী উদ্ভিদ আছে| তাৰ ভিতৰত ২৮৫ বিধ প্ৰজাতিত ০ ৰ পৰা ১৫ শতাংশ ঔষধি গুণ যুক্ত দ্ৰব্য; ১১ বিধত বিষাক্ত দ্ৰব্য আৰু ৪ বিধত ৯০ ৰ পৰা ১০০ শতাংশ ঔষধি গুণযুক্ত দ্ৰব্য আছে| তাৰ ভিতৰত এল’বাৰ্‌বাৰ্‌-ডেনছিছ্‌-মিলাৰত ১০০ শতাংশ ঔষধি গুণযুক্ত দ্ৰব্য পাইছে| বিশুদ্ধ পৰিৱেশ আৰু সম্পুৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে তিনি বছৰ লালন-পালনৰ ফলত এই উদ্ভিদ জোপা নিম্নলিখিত গুণ দুটাৰ অধিকাৰী হয়|

১) পৰিশোধন বা টক্সিন আঁতৰ কৰা

২) মেৰামতি/ উপশমকাৰক

এতিয়া প্ৰশ্ন হ’ল এই টক্সিন কি?

আমাৰ দেহৰ পাচন তন্ত্ৰত জমা হোৱা এক প্ৰকাৰ প্ৰদুষিত বিহ বা লেতেৰা পদাৰ্থই হ’ল টক্সিন| যাৰ ফলত ঔষধ গ্ৰহণৰ পাছতো ৰক্তচাপ, মধুমেহ, মাইগ্ৰেন আদিৰ দৰে বিভিন্ন ৰোগ উপশম হোৱাৰ পৰিৱৰ্তে ৰোগে জটিল ৰুপ ধাৰণ কৰে| এনে হোৱাৰ মূল কাৰণেই হৈছে টক্সিন| এই টক্সিন আমাৰ দেহলৈ ক’ৰ পৰা, কেনেকৈ আহিল? আমি খোৱা আহাৰ, পানী আৰু বতাহৰ দ্বাৰা অথবা আমাৰ জীৱনশৈলী বিকৃত হোৱাৰ ফলতো দেহত টক্সিনে প্ৰবেশ কৰে| আনহাতে, যিসকলে ৰাতি প্ৰয়োজনতকৈ অধিক আহাৰ খায়ে শুই থাকে অৰ্থাৎ যিসকলে আহাৰ খাওতে টিভি বা আন কথাত মনোযোগ দিয়ে; আহাৰ সুস্বাদু হোৱাৰ বাবে জোখতকৈ অধিক পৰিমাণৰ আহাৰ ভক্ষণ কৰে আৰু শুই থাকে| ফলত আহাৰ সম্পুৰ্ণৰুপে হজম নহয়, হজম নোহোৱা আহাৰ বোৰৰ কিছু তন্ত্ৰ সমুহত লাগি ধৰে| ইঁহত ইমানেই শক্তিশালী যে কোনো ঔষধেই ইঁহতক আঁতৰ কৰিব নোৱাৰে| সেই লেতেৰা বা মলিবোৰেই হ’ল আমাৰ দেহৰ বৰবিহ বা টক্সিন|

চালকুঁৱৰীৰ ৰসে তন্ত্ৰ সমুহৰ পৰা এই বিহৰুপী টক্সিন পৰিস্কাৰ কৰে আৰু টক্সিন ৰ পৰা শৰীৰৰ যি অনিষ্ট সাধন হয় তাক মেৰামতি কৰি শৰীৰটোক সুস্থ কৰাত সহায় কৰে| চালকুঁৱৰীৰ ব্যৱহাৰে প্ৰায় ২০০ বিধ ৰোগ উপশম কৰাত সহায় কৰে| বিশেষকৈ আজিকালি অতি কম বয়সৰ ব্যক্তিৰ যি হাড়ৰ যোৰাৰ বিষ হয়; যাক কোনো চিকিৎসাই নিৰ্মূল কৰিব নোৱাৰে; একমাত্ৰ চালকুঁৱৰীৰ ৰসে সেই ৰোগ নিৰাময়ত বিশেষভাৱে সুফল প্ৰদান কৰে| চালকুঁৱৰী ৰসৰ উপকাৰ তৎক্ষণাত পোৱা নাযায় সাধাৰণতে ব্যৱহাৰৰ দিনৰ পৰা তিনি ছয় মাহৰ ভিতৰত ইয়াৰ গুণাগুণ অনুভৱ কৰিব পাৰে| প্ৰকৃততে চালকুঁৱৰীৰ ৰস কোনো ঔষধ নহয়, ই আমাৰ দৈনন্দিন আহাৰত থাকিবলগীয়া পুষ্টি বা উপাদান|

বিশুদ্ধ আৰু প্ৰামাণ্য তিনি বছৰ বয়সীয়া চালকুঁৱৰীৰ ৰসহে ব্যৱহাৰ কৰিব লাগে| অন্যথা উপকাৰ পোৱা নাযায়|

মৰ্তৰ অমৃত চালকুঁৱৰী

বিশুদ্ধ আৰু সুস্থিৰকৰণীয় চালকুঁৱৰীৰ ৰসত নিম্নলিখিত উপাদান সমুহ পোৱা যায়|

১) লিগ্‌নিন:- ই শৰীৰৰ ভিতৰত তীব্ৰ বেগত প্ৰবেশ কৰে| লিগনিন থকাৰ বাবে চালত ব্যৱহাৰ কৰা জেল দুই-তিনি মিনিটৰ ভিতৰতে চালৰ তৃতীয় স্তৰ পৰ্যন্ত প্ৰবেশ কৰে|

২) ছেপ’নিন:- ই এক প্ৰকাৰ বনস্পতিক চাবোন| ছেপ’নিনে লিগ্‌নিনৰ লগলাগি টক্সিনৰ তললৈকে প্ৰৱেশ কৰি তাৰ পৰা টক্সিন বাহিৰ কৰে| লগতে ছেপ’নিনে ছাল আৰু দেহৰ ভিতৰৰ অপকাৰী আৰু অ-প্ৰয়োজনীয় পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দি শৰীৰটোক বাহিৰে-ভিতৰে পৰিস্কাৰ কৰে|

৩) এন্‌থ্ৰ’কুইন্‌নচ্‌:- ইয়াক আমাৰ পাচন তন্ত্ৰই সহজতে শুহি লব পাৰে| ই পাচনতন্ত্ৰত থকা অতি সুক্ষ্ম অণুজীৱবোৰ ধ্বংস কৰাত সহায় কৰে| ইয়াত থকা উপাদানে প্ৰাকৃতিকভাৱে বিষ নিবাৰণ কৰে| ই এণ্টিবায়’টিক, এণ্টিপিয়োৰেটিক, এণ্টিচেপ্তিক আদি হিচাপে কাম কৰে| ই এক প্ৰকাৰৰ এন্‌জাইমৰ সমষ্টি|

৪) ভিটামিন:- আমাৰ শৰীৰত পাচনৰ বাবে ভিটামিন এক আৱশ্যকীয় উপাদান| ভিটামিনে আমাৰ মেটাবলিজম স্তৰ সুস্থ ৰখাত সহায় কৰে| চালকুঁৱৰীৰ ৰসত প্ৰায় সকলো প্ৰকাৰৰ ভিটামিন পোৱাৰ উপৰিও ভিটামিন বি১২ ও পোৱা যায়| প্ৰকৃতিত বি১২ উপাদান থকা উদ্ভিদৰ সংখ্যা তেনেই নগন্য| শৰীৰৰ বাবে অতিকৈ দৰকাৰী ভিটামিন বি১২ মাংসতহে পৰ্যাপ্ত পৰিমাণে পোৱা যায়, সেয়েহে নিৰামিষভোজী সকলৰ বাবে চালকুঁৱৰীৰ ৰস অতি আৱশ্যকীয় খাদ্য|

ভিটামিন বি১২ য়ে মানুহৰ স্নায়ুতন্ত্ৰ, তেজৰ লোহিত ৰক্ত কণিকাৰ মাত্ৰা আৰু স্বাস্থ্য পৰিচালনা কৰে| ইয়াৰ অভাৱত হাত-ভৰি জিনজিনাই| তদুপৰি মানসিক ৰোগ আৰু ৰক্তাল্পতাৰ দৰে মাৰাত্মক সমস্যায়ো হ’ব পাৰে|

৫) উৎসেচক:- আমাৰ শৰীৰৰ যিকোনো ক্ৰিয়া কলাপৰ বাবে উৎসেচক অতি আৱশ্যকীয় উপাদান| উৎসেচকে শৰীৰৰ উপাদানসমুহ এঠাইৰ পৰা আনঠাইলৈ নিয়াত সহায় কৰে| উৎসেচকে খাদ্য হজম কৰা, প্ৰদাহ নিৰাময় কৰা, ভগা হাড় যোৰা লগোৱা, বিনষ্ট বা আঘাতপ্ৰাপ্ত কোষ বা কটা-ছিঙা আদি নিৰাময় বা পুনৰ গঠনত সহায় কৰে| চালকুঁৱৰীৰ ৰসে আন বস্তু হজম কৰাত সহায় কৰে; কিন্তু ই নিজে হজম নহয়|

৬) মিনাৰেল:- মিনাৰেলে ভিটামিনৰ সৈতে মিলি আমাৰ শৰীৰৰ বিকাশ, বৃদ্ধি আদিত বিশেষ ভুমিকা পালন কৰে| ভিটামিনে আমাৰ শৰীৰত সুচাৰুৰুপে কাম সম্পাদন কৰিব পৰা অৱস্থাৰ সৃষ্টি কৰিটোৱেই মিনাৰেলৰ প্ৰধান কাম| চালকুঁৱৰীত প্ৰধানত কেলছিয়াম, মেগনেছিয়াম, ফচফৰাচ, পটেছিয়াম, আয়ৰণ, ছডিয়াম, ক্লৰিন, মেংগানিজ, কপাৰ, ক্ৰ’মিয়াম, যিংক আদি পোৱা যায়|

৭) লিপিড:- লিপিডত মন বা পৰিচেকাৰাইড পোৱা যায়| ই আমাৰ ইমুন চিষ্টেম সুস্থ ৰখাত সহায় কৰে| কিছুমান পলিচেকাৰাইডে কোষৰ ভিতৰত এটা লাইন বনাই লয় আৰু অপজাতীয় উপাদান প্ৰবেশত বাধা প্ৰদান কৰে| ইয়াক ইমুন’মেডিলেটৰ বুলিও কোৱা হয়|

৮) ফেটি এচিড:- এল’ভেৰাত ক’লেষ্টৰল, কন্‌পেটিউল, বি.চিৰ’ষ্টিৰ’ আৰু লিউপল নামৰ ফেটি এচিড পোৱা যায়| যিবোৰে এণ্টি-ইন্‌ফ্লেমেটৰী এজেণ্টৰ ৰুপত কাম কৰে|

৯)চেলিচাইক্লিক এছিড:- চালকুঁৱৰীত পোৱা চেলিচাইক্লিক এছিডে এচপিৰিনৰ দৰে কাম কৰে| ই বেক্টেৰিয়া প্ৰতিৰোধক|

১০) এমিন’ এছিড:- এমিন’ এছিডে আমাৰ শৰীৰত বান্ধনীৰ দৰে কাম কৰে| আমাৰ দেহৰ বিভিন্ন কোষবোৰ বহুধৰণৰ প্ৰটিনেৰে গঠিত| বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন তৈয়াৰ কৰিবলৈ আমাৰ দেহত ২২ বিধ এমিন’ এছিডৰ প্ৰয়োজন| এই ২২ বিধৰ ভিতৰত ৮ বিধ মুখ্য এমিন’ এছিড আৰু ১৪ বিধ গৌণ এমিন’ এছিড| অতি বিস্ময়কৰ কথা যে চালকুঁৱৰীৰ ৰস দেহৰ প্ৰয়োজনীয় সকলও এছিডৰ ভাণ্ডাৰ|

চালকুঁৱৰীৰ ৰস আমাৰ বাবে প্ৰকৃতিৰ এক মহৎ অৱদান| ই নিজে এণ্টিচেপ্‌টিক, অনুজীৱ প্ৰতিৰোধী, এণ্টি ফেংগল বেক্টেৰিয়া প্ৰতিৰোধী তথা এণ্টিবায়’টিক| ই আমাৰ দেহৰ কোষসমুহ শোধন আৰু মেৰামতি কৰি সেইবোৰ সুস্থ ৰখাত সহায় কৰে| চালকুঁৱৰীৰ ৰসে আন বস্তু হজম কৰাত সহায় কৰে, কিন্তু ই নিজে হজম নহয়| ইয়াত থকা প্লেণ্ট’-ষ্টেৰ’লছে মানুহ বা জন্তুৰ শৰীৰৰ বিষ, হাড় আৰু হাড়ৰ যোৰাৰ বিষ, বাতবিষ আদি উপশম কৰাত সহায় কৰে|

বিশ্বৰ বিভিন্ন স্থানত যেনে- ডা. লাইন্স পোলিং ইন্‌ষ্টিটিউট অৱ চাইন্স এণ্ড মেডিচিন্‌, প’লি আল্লো ইউনিভাৰ্চিটি অৱ অক্লাহোমা তথা অক্সফোৰ্ড ইউনিভাৰ্চিটিত বৰ্তমানো চালকুঁৱৰীৰ ওপৰত গৱেষণা চলি আছে|

উৎস:- ফৰএভাৰ কোম্পানী লিমিটেড

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate