মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ঘৰতে প্ৰস্তুত কৰক স্ক্ৰাব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰতে প্ৰস্তুত কৰক স্ক্ৰাব :

ঘৰতে প্ৰস্তুত কৰক স্ক্ৰাব ,তাৰ বিষয়ে লিখা হৈছে ।

 

মৌ আৰু কমলা:

কমলা বাকলিৰ পাউদাৰ আৰু সম পৰিমাণৰ ওটছ(প্ৰত্যেকৰে দুই চামুচকৈ)ৰ লগত এক চামুচ মৌ মিহলাব। এই মিশ্ৰণটোত অলপ পৰিমাণৰ পানী মিহলাই এটা পেষ্ট প্ৰস্তুত কৰিব। মুখখন ভালদৰে পৰিষ্কাৰকৈ পানীৰে ধুই লোৱাৰ পিচত এই পেষ্ট অৰ্থাৎ স্ক্ৰাবেৰে লাহে লাহে হাতেৰে ছালখনত ঘূৰাই ঘূৰাই ঘঁহিব। এনেদৰে ঘঁহাৰ দুই মিনিটমানৰ পিচত মুখখন ঠাণ্ডা পানীৰে ধুই পেলাব।

কল:

দুটা পকা কল পিটিকি ইয়াৰ সৈতে সামান্য পৰিমাণৰ চেনি মিহলাব। ছাল হাইড্ৰেট আৰু ময়শ্ব হোৱাৰ বাবে এই মিশ্ৰণটোত এক চামুচ মৌ মিহলাব। এতিয়া এই প্ৰাকৃতিক স্ক্ৰাব মুখত পাঁচ মিনিটৰ বাবে সানিব। পিচত ঠাণ্ডা পানীৰে মুখখন ধুই দিব।

দৈ আৰু অমিতা:

আধা কাপ মিহিকৈ লোৱা পকা অমিতাৰ সৈতে দুই চামুচ দৈ, তিনি টোপাল নেমুৰ ৰস আৰু এক চামুচ মৌ মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব। ঘৰতে প্ৰ্স্তুত কৰা এই প্ৰাকৃতিক স্ক্ৰাবেৰে এতিয়া লাহেকৈ ছালখনত ঘূৰাই ঘূৰাই সানিব। পাঁচ মিনিটমানৰ পিচত শীতল পানীৰে মুখখন ধূই পেলাব।

গ্ৰাউণ্ড ওটছ আৰু বিলাহী:

প্ৰথমে এখন প্লেটত গ্ৰাউণ্ড ওটছ আৰু পাউদাৰ চেনি ল’ব। ইয়াৰ পিচত ডাঙৰ পকা বিলাহী শ্লাইচ কৰি কাটি ল’ব। এতিয়া এই শ্লাইচকেইটুকুৰা ওটছ আৰু চেনিৰ সৈতে মিহলাব। ইয়াৰ পিচত এই মিশ্ৰণ ছালখনত ঘূৰাই ঘূৰাই ঘঁহিব। মুখমণ্ডলৰ লগতে ডিঙিৰ স্থানতো এই স্ক্ৰাব সানিব। ইফালে এই বিলাহীৰ শ্লাইচকেইটুকুৰামান আপুনি কিছু সময় মুখমণ্ডলত লগাই ৰাখিব পাৰে। উল্লেখ্য যে প্ৰাকৃতিক ব্লিচিংযুক্ত বিলাহী ব্যৱহাৰৰ ফলত মুখমণ্ডলৰ ছাল উজ্জ্বল আৰু পৰিষ্কাৰ হৈ উঠে।

হাত-ভৰিৰ বাবে নেমুৰ স্ক্ৰাব:

এটা নেমু টেঙাৰ আধা শ্লাইচ কৰি কাটি ল’ব। এনে নেমু টেঙাৰ দুটুকুৰা শ্লাইচ পাউদাৰ চেনিত সানি ল’ব। এতিয়া এই নেমু টেঙাৰ স্ক্ৰাবেৰে হাত আৰু ভৰিত পাঁচ মিনিটৰ বাবে সানিব। পিচে এই স্ক্ৰাব মুখমণ্ডলত নাসানিব। স্পৰ্শকাতৰ ছালৰ ক্ষেত্ৰত ই ক্ষতি কৰিব পাৰে।

স্ক্ৰাব কৰাৰ সঠিক পদ্ধতি -

*স্ক্ৰাব কৰোতেও কিছুমান সঠিক পদ্ধতি মানি চলা উচিত। কাৰণ সঠিক পদ্ধতিৰে স্ক্ৰাব কৰিলে ছালৰ ক্ষতি হোৱাৰ ভয় নাথাকে। স্ক্ৰাব কৰাৰ পূৰ্বে মুখখনত অলপ পানী ছটিয়াই ল’ব। এক চাহ চামুহ স্ক্ৰাব লৈ গোটেই মুখমণ্ডল আৰু ডিঙিত লাহে লাহে ঘঁহিব। চাব যাতে এই স্ক্ৰাব চকুৰ তলত নালাগে। স্ক্ৰাব কৰোতে মুখমণ্ডলত অধিক হেঁচা বা চাপ দিয়া উচিত নহয়। স্ক্ৰাব কৰোতে দুই মিনিটতকৈ বেছি সময় নাৰাখিব। মুখমণ্ডলৰ টিজন অংশত লাহে লাহে সামান্য হেঁচা প্ৰয়োগ কৰিহে স্ক্ৰাব কৰা উচিত।

*নৰ্মেল স্কিন হ’লে দুই বা তিনি সপ্তাহৰ মূৰে মূৰে স্ক্ৰাব কৰা উচিত।

*যিসকলৰ ছাল শুকান তেওঁলোকে সপ্তাহত দুবাৰকৈ স্ক্ৰাব নকৰিলেও হয়।

*মিশ্ৰিত ছালৰ বাবে সপ্তাহত দুবাতকৈ স্ক্ৰাব কৰিব পাৰে।

*তেলেতীয়া ছালৰ গৰাকীয়ে সপ্তাহত দুবাৰকৈ স্ক্ৰাব কৰা উচিত।

*স্পৰ্শকতাৰ ছালৰ গৰাকীয়ে সপ্তাহত এবাৰ স্ক্ৰাব কৰিলেই যথেষ্ট।

উৎস: সম্ভাৰ

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top