মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ঘৰুৱা উপকৰণেৰে সহজে নিৰ্মূল কৰক ঘামচি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰুৱা উপকৰণেৰে সহজে নিৰ্মূল কৰক ঘামচি

ঘৰুৱা উপকৰণেৰে সহজে নিৰ্মূল কৰক ঘামচি, সেই বিষয়ে লিখা হৈছে ।

 

১) ৰঙা চন্দন পটাত পিচি ঘামচি ওলোৱা ঠাইত লগালে ঘামচি নোহোৱা হয়। ইয়াৰ লগত নেমুৰস মিহলালে ভাল উপকাৰ পোৱা যায়। শংখগুড়ি ঘঁহিলেও ঘামচি নাশ হয়।

২) নিমপাত সিজাই সেই পানীৰে গা মচিলে ঘামচি নোহোৱা হয়।

৩) গোল নেমু এটা ফালি ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি নোহোৱা হয়।

৪) হেলচি শাকৰ ৰস নাইবা হাঁহঠেঙীয়া (মালভোগ) শাকৰ ৰস ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি শাম কাটে।

৫) পকা অমিতাৰ সাহ ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি নাশ হয়।

৬) ভেদাইলতাৰ ৰস ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি শাম কাটে।

৭) কেঁচা তেজপাত কেইখিলামান মিহিকৈ বটি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়। দুবৰিবন একোছা কেঁচা হালধিৰ সৈতে মিহিকৈ বটি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়।

৮) কাজি নেমু বা গোল নেমুৰ চৰ্বত একেৰাহে কেইদিনমান খালে ঘামচি শাম কাটে। বৰফৰ টুকুৰা ঘামচি ওলোৱা ঠাইত ঘঁহিলে ঘামচি ওলোৱা কমি যায়।

উৎস: দেওবৰীয়া সম্ভাৰ

 

2.71428571429
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top