অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰুৱা দিহা:

ঘৰুৱা দিহাৰ বিষয়ে লিখা হৈছে ।

 

ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন (urinary tract infection ) বা মূত্ৰনলীৰ সংক্ৰমণ প্ৰায় বোৰ মহিলাৰে হোৱা এটা ৰোগ ।বিশেষকৈ গৰম দিনত মহিলা সকলে প্ৰায়ে এই ৰোগত ভোগে। ছোৱালী অৱস্থাত মই এই ৰোগত ভুগি কষ্ট পাইছিলো । কিছুমান ঘৰুৱা দিহা ব্যৱহাৰ কৰি মই আৰোগ্য লাভ কৰিছিলো । E.coli নামৰ এটা বেক্টেৰিয়াৰ বাবে সাধাৰণতে এই ৰোগ হয়। এই ৰোগৰ লক্ষণ সমূহ হল:-

*প্ৰসাৱ কৰোতে বেদনা বা জলাপোৰা হয়,

*যিমান বেগেৰে প্ৰসাৱ লাগে সেই অনুপাতে প্ৰসাৱ কমকৈ আৰু সঘনাই হয় ।

*প্ৰসাৱ খোলোচা নহয় , কেতিয়াবা ককালৰ বিষ বা তলপেটৰ বিষ হব পাৰে।

*প্ৰসাৱ ৰঙা বা ঘোলা , কাঢ়া আৰু গন্ধযুক্ত হব পাৰে ।

*হঠাৎ জিকাৰ মাৰি ঠাণ্ডা লাগিব পাৰে বা জ্বৰ হব পাৰে ।

দিহা কেইটা হল:

(১)প্ৰচুৰ পৰিমাণে পানী খাওক। পেচাবৰ বেগ আহিলে ৰখাই নথব। প্ৰসাব কৰি ভালকৈ ধুই লৈ মুচি সম্পূৰ্ণ স্বাস্থ্যসন্মত বিধি পালন কৰক। টান বা চেপা মৰা কাপোৰ পৰিধান নকৰিব।

(২)প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা বস্তু খাওক।যেনে নেমুটেঙা আদি।

(৩)ৰঙা জবা ফুল কেইটামান পিচি নাভিত ভৰণ দি ওপৰমুৱাকৈ শুই থাকক আধা ঘন্টা । প্ৰচাব খোলোচা হৈ যাব ।

(৪)চাল কুঁৱৰী বা Aloe vera এক আঙুলি জোখাৰে লৈ থেতেলাই ভিতৰৰ সাহ খিনি এগিলাচ পানীত তালমিচিৰি দি এৰাতি তিয়াই ৰাখক। পিছদিনা চেকি লৈ খাওক।

(৫)ডাবৰ পানী, কুহিয়াৰ ৰস, বুটত তালমিচিৰি দি তিয়াই ৰখা পানী আদি খাওক।

(৬). ৰঙা জবা ফুল কেইটামান পিচি এগিলাচ পানীত তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক। চেকি লৈ তাৰ পানী খাওক।

(৭)টেঙেচি পাত অলপ , দুপৰটেঙা বা পাতেগজা পাত তিনিটা অলপ তালমিচিৰি এগিলাচ পানীত দি চৰবত বনাই খাওক ।

(৮)থেকেৰাৰ চৰবত খাওক। শুকান কুজি থেকেৰা দুচকল মান এগিলাচ পানীত অকণমান তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক। চেকি লৈ চৰবত হিচাবে খাওক। স্বভাৱত ই শীতল হোৱাৰ বাবে পেটৰ বাবেও উপকাৰী। আমাৰ ককা আইতাৰ দিনত প্ৰচলিত হোৱা summer ড্ৰিংক বুলিও কব পাৰি। আজিৰ দিনৰ শীতল পানীয় যেনে ক'কা ক'লাতকৈ( coca cola) ই বহুগুণে উন্নত। অতীতক নাযাবা পাহৰি' কথাষাৰ মনত পেলাব এবাৰ।

উপৰোক্ত দিহাকেইটা ব্যৱহাৰ কৰি চাওক কিছুদিন (অন্ততঃ ১৫ দিন )। সুফল পাব । ডায়েবেটিচ থাকিলে মিচিৰি নিদিব আৰু ব্লাড চুগাৰ কণ্ট্ৰোল কৰাত গুৰুত্ব দিয়ক । ইনফেক্সন বা সমস্যা বেছি জটিল হলে কিন্তু চিকিৎসকৰ পৰামৰ্শ লব লাগিব|

বি:দ্ৰ:- এই সমস্যাত ভোগা সকলে ৰোগ হৈ থকা অৱস্থাত কচু, বিলাহী, মাংস, সৰু মাছ,জালুক আদি কমাই খাব।

ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন 7399114617

3.22222222222
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
ৰঞ্জন পেগু Dec 03, 2018 10:02 AM

দহ দিন ধৰি এই বেমাৰত ভুগি আছোঁ । আপোনাৰ দিহা মতে কৰিছো, কিন্তু ভাল নহয় । ডাক্তৰ ক চাবলৈ দিলো । কি কৰিম এতিয়া উপায় নাই । অনুগ্ৰহ কৰি কিবা উপায় দিয়ক plze

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top