মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ঘৰুৱা পথ্যৰে আৰোগ্য হওক ৰক্ত বিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰুৱা পথ্যৰে আৰোগ্য হওক ৰক্ত বিকাৰ :

ঘৰুৱা পথ্যৰে আৰোগ্য, ৰক্ত বিকাৰৰ বিষয়ে লিখা হৈছে ।

 

১) শাওঁতলাৰ ৰস ৩ চামুচকৈ প্ৰতিদিনে পুৱাই খালে ৰক্ত বিকাৰ নাইকিয়া হয়।

২) ক’লা কচুৰ কোমল ঠুৰি সিদ্ধ কৰি খালে ৰক্ত বিশুদ্ধ হয়।

৩) অপৰাজিতাৰ শিপাৰ চুৰ্ণ এক চামুচ মৌৰ সৈতে দিনে দুবাৰকৈ খালে ৰক্ত বিকাৰ নোহোৱা হয়।

৪) তিতাকেৰেলাৰ ৰস ৫০ গ্ৰাম একাপ পানী মিহলাই কিছুদিন খালে তেজ পৰিষ্কাৰ হয়। কেঁচা হালধি পিহি এনিশা পানীত তিয়াই ৰাখি সেই পানী পিচদিনা পুৱা খালে তেজ পৰিষ্কাৰ হয়।

৫) ৰহৰ গছৰ পাতৰ ক্কাথ তৈয়াৰ কৰি দিনে ৩/৪ চামুচকৈ খালে ৰক্ত শোধন হয়। কেঁচা মানিমুনিৰ ৰস নাইবা গাজৰৰ ৰস ৪/৫ চামুচত মৌ মিহলাই দিনে দুবাৰকৈ ১৫/২০ দিন খালে ৰক্ত দুষ্টি ৰোগ ভাল হয়।

৬) গমৰ চুৰ্ণ, কেঁচা হালধিৰ ৰস ২ চামুচত এক চামুচ মৌ মিহলাই দিনে দুবাৰকৈ কহলে ৰক্তদোষ ভাল হয়।

৭) বেঙেনাৰ ক্কাথ ৪ চামুচ দিনে ২ বাৰকৈ খালে ৰক্তহীনতা দুৰ হয়।

৮) বন হালধিৰ (কেঁতুৰী) ৰস ৩ চামুচত মৌ মিহলাই দিনে দুবাৰকৈ কহলে ৰক্তদৃষ্টি ৰোগ আৰোগ্য হয়।

৯) স্বৰ্ণলতাৰ গুটিৰ চুৰ্ণ দুই গ্ৰাম একাপ পানীৰ লগত দিনে দুবাৰকৈ খালে ৰক্ত পৰিষ্কাৰ হয়।

১০) নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি দৈনিক খালে তেজ পৰিষ্কাৰ কৰে।

১১) ধাইফুলৰ ৰস দুই চামুচ দিনে দুবাৰকৈ মিচিৰি আৰু গৰম গাখীৰৰ লগত খালে ৰক্তদুষ্টি ৰোগ ভাল হয়।

১২) মহানিমৰ পাত সৰিয়হৰ তেলত ভাজি খাব নাইবা কমলাৰ ৰস নিয়মীয়াকৈ কিছুদিন খালে উপকাৰ হয়।

১৩) আদাৰ ৰসত সমানে আমৰ ৰস মিহলাই খালে ৰক্তদুষ্টি ভাল হয়। চাহ বা পানীৰ লগত গুড় মিহলাই খালে ভাল উপকাৰ পোৱা যায়।

উৎস: দেওবৰীয়া সম্ভাৰ

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top