মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চাইকেল চালনাৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাইকেল চালনাৰ উপকাৰিতা

চাইকেল চালনাৰ উপকাৰিতা লিখা হৈছে

জনসাধাৰণৰ জীৱন যাত্ৰাত চাইকেলৰ ভুমিকা অনন্য-

 

এই দুচকীয়া বাহনৰ জনপ্ৰিয়তা সাধাৰণ লোকৰ মাজত অত্যন্ত বিছি।জাৰ্মেনীৰ বেৰণ কাৰ্ল ডন ছাৰব্ৰনক চাইকেলৰ উদ্ভাৱক বুলি কোৱা হয়।কিয়নো ১৮১৬ চনত তেওঁ খোজকঢ়া যন্ত্ৰ এটা কাঠেৰে সাজিছিল।১৮৯০ চনতহে আমাৰ দেশত প্ৰথম চাইকেল ওলায় যদিও সুদীৰ্ঘ পোন্ধৰ বছৰ পিছতহে বিদেশৰ পৰা আমাৰ দেশলৈ চাইকেলৰ আমদানি ঘটে। সম্প্ৰতি এই যান আমাৰ দেশতে নিৰ্মাণ কৰা হয়।কিন্তু অত্যাধুনিক প্ৰযুক্তি আৰু দেখাত শুৱনি তথা কম ওজনৰ কিছুমান চাইকেল আজিও বিদেশৰ পৰা আমাৰ দেশলৈ আমদানি হয়।

যেনেকৈয়ে নহওক চাইকেলৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে।এই দুচকীয়া যান চলালে দেহৰ পৰিশ্ৰম হয় বাবে সুস্বাস্থ্য বৰ্তাই ৰখাত ইয়াৰ ভুমিকা অপৰিসীম।বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা লব্ধ তথ্য অনুসৰি শৰীৰ সুস্থ-সবল কৰি বেমাৰ –আজাৰৰ আক্ৰমণৰ পৰা ৰেহাই পাবলৈ প্ৰতিদিনে নিয়মিতভাৱে আধা ঘণ্টা সময় ব্যায়ামৰ অনুশীলন কৰাটো প্ৰয়োজন।সদায় নিয়মীয়াকৈ আধা ঘণ্টা সময় চাইকেল চলাইও দেহ সুস্থ কৰি ৰাখিব পাৰি।এই কাৰ্যৰ ফলত ৬১২ কেলৰি শক্তি খৰচ হয় যাৰ,পৰিণতিত শৰীৰত মেদ জমা হ’ব নোৱাৰে।উল্লেখযোগ্য যে শৰীৰত অতিৰিক্ত ৯ কেলৰি শক্তিৰ পৰা ১ গ্ৰম চৰ্বি তৈয়াৰ হয়।

আমাৰ দেশৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ নিম্ন আৰু মধ্যবিত্ত পৰিয়াল একোটা চাইকেলৰ ওপৰতে নিৰ্ভৰশীল,কিয়নো সমগ্ৰ পৰিয়ালটো এই বাহনত উঠি এঠাইৰ পৰা আন ঠাইলৈ জীৱিকাৰ তাড়নাত অহা-যোৱা কৰে।বন্ধৰ দিনতো তেওঁলোকে চাইকেলৰ ওপৰতে কটায়।খোৱা বস্তু লগত লৈ এই বাহনেৰে চলাফিৰা কৰে।বহুতে ঠেলা-হেঁচা সহিব নোৱাৰি ৰাজহুৱা বাছত উঠিবলৈ মুঠেই ইচ্ছা নকৰে।তেলজাত ইন্ধনৰ আকাশলংঘী মুল্যৰ বাবে ব্যক্তিগত যান-বাহন ব্যৱহাৰ কৰিবলৈ অপৰাগ হৈ চাইকেলৰ ওপৰতে বহুতো লোক নিৰ্ভৰশীল হয়।এক সমীক্ষা অনুসৰি ভাৰতৰ বিভিন্ন চহৰত ইন্ধনৰ মুল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীয়ে যাতায়াতৰ বাবে চাইকেলৰ ওপৰতহে নিৰ্ভৰশীল হ’বলৈ ধৰাত এই দুচকীয়া বাহনৰ চাহিদা দিনক দিনে বাঢ়ি গৈ আছে।

হাৰিয়ানাৰ গুৰগ্ৰামৰ এখন চিকিৎসালয়ৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ উমেশ গুপ্তাই চাইকেল চালনাৰ ওপৰত নানা পৰীক্ষা-নিৰীক্ষা কৰি কেতবোৰ গুৰুত্বপুৰ্ণ তথ্য লাভ কৰিছে।এই চিকিৎসকজনে সদৰী কৰা মতে ল’ৰা-ছোৱালীয়ে শিশু কালৰে পৰা চাইকেল চলোৱাৰ অভ্যাস কৰি ইয়াক ওৰে জীৱন বৰ্তাই ৰাখিলে তেওঁলোকৰ দেহ সবল-সুঠাম হৈ গঢ় লয়।পিছত জীৱনত তেওঁলোকৰ দেহ মেদবহুল হোৱাৰ পৰাও ৰক্ষা পৰে।ইয়াৰ পৰিণতিত মেদবহুলতাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৃদৰোগ তথা অন্যান্য বিকাৰৰ বলি হোৱাৰ প্ৰৱণতা সম্পুৰ্ণৰুপে হ্ৰাস পায়।

হৃদৰোগ বিশেষজ্ঞ গুপ্তাই প্ৰকাশ কৰা মতে চাইকেল চালনাৰ উপকাৰিতা গুৰুত্বপুৰ্ণ-

 

কিয়নো নিয়মীয়া চাইকেল আৰোহীৰ মাংসপেশী প্ৰসাৰিত হোৱা পৰিণতিত দেহ ওখ হ’বলৈ বাধ্য।চিকিৎসকৰ মতে কলিজাৰ উপযুক্ত সক্ৰিয়তাৰ বাবে নিয়মীয়াকৈ চাইকেল চলোৱাটো অতিশয় উপযোগী।চাইকেল চালনাই হাত-ভৰি তথা দেহৰ আন অংশৰ মাংসপেশী অবিৰতভাৱে সক্ৰিয় কৰি ৰখাৰ উপৰিও ৰক্তবাহী নলিকাবোৰ প্ৰসাৰিত কৰাৰ ফলত তেজ চলাচল সুচল কৰে।

নিয়মিতভাৱে চাইকেল চলাই মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।নতুন দিল্লীৰ গংগাৰাম হস্পিতালৰ শিশু অস্থিশল্য চিকিৎসক সঞ্জয় স্বৰুপে প্ৰকাশ কৰা মতে চাইকেল চলালে দেহৰ ভিটামিন-‘ডি’ৰ উৎপাদন ক্ষমতা বাঢ়ে।ঘৰৰ বাহিৰত সক্ৰিয়তা বৃদ্ধি পোৱা মানুহৰ দেহত অধিক পৰিমাণে উৎপন্ন হোৱা এই খাদ্যপ্ৰাণে কেলচিয়ামৰ শোষণৰ হাৰ বৃদ্ধি কৰে,যাৰ পৰিণতিত হাড়বোৰ সুস্থ আৰু শক্তিশালী হয়।মেক্স হেলথ কেয়াৰ নামৰ প্ৰতিষ্ঠানৰ চিকিৎসক ছনিক বাৰ্বিনে প্ৰকাশ কৰা মতে উদ্বেগ প্ৰশমন তথা মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ চাইকেল চালনাই সহায় কৰে আৰু ই উৎকণ্ঠাকো বাৰণ কৰি দেহ সুঠাম কৰে।

ৰাজ্যৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক চাইকেল উপহাৰ হিচাপে প্ৰদান কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।তামিলনাডু চৰকাৰে এখোপ উধাই উচ্চতাৰ মাধ্যমিক শাখাত অধ্যয়ন কৰা সকলো ছাত্ৰ-ছাত্ৰীক বিনামুলীয়াকৈ চাইকেল যোগান ধৰিছে।পৰিণতিত এই যানৰ চাহিদা প্ৰভুত পৰিমাণে বৃদ্ধি পাইছে।এক সমীক্ষাত প্ৰকাশ পোৱা মতে আমাৰ দেশত প্ৰতি বছৰে দুই কোটি চাইকেল উৎপাদন হয়।চাইকেলৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণ অৱগত হ’লে এই বাহনৰ চাহিদা কেইবাগুণে বৃদ্ধি পাব বুলি ন দি ক’ব পাৰি।চাইকেল চলাবলৈ কোনো ইন্ন্ধনৰ প্ৰয়োজন নাই বাবে ই আৰ্থিক দিশত সহায় কৰাৰ উপৰিও বায়ু প্ৰদুষণো ৰোধ কৰে।

লেখক:আনন্দ দেৱ গোস্বামী (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

2.97916666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top