মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চাপমুক্ত ব্যক্তিত্ব আৰু যোগাভ্যাসৰ দ্বাৰা হৃদৰোগ নিৰাময়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাপমুক্ত ব্যক্তিত্ব আৰু যোগাভ্যাসৰ দ্বাৰা হৃদৰোগ নিৰাময়

চাপমুক্ত ব্যক্তিত্ব আৰু যোগাভ্যাসৰ দ্বাৰা হৃদৰোগ নিৰাময়ৰ বিষয়ে লিখা হৈছে

বহু বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে যিসকল ব্যক্তি অত্যধিক মানসিক চিন্তাত বা অশান্তিত ভোগে বা যিসকলৰ ব্যক্তি-ব্যৱসায়ত মাত্ৰাধিক মানসিক চিন্তা জড়িত হৈ থাকে, তেওঁলোকৰ ক্ষেত্ৰত ‘হাৰ্ট এটেক’ৰ দৰে অসুখৰ সম্ভাৱনা অধিক। এইসকল বিজ্ঞানীয়ে বহুদিন ধৰি এনে বৃত্তিগত পেচাধাৰী ব্যক্তিৰ ওপৰত গৱেষণা কৰিহে ক’ৰনেৰী ধমনীৰ ৰোগ, হাৰ্ট এটেক আৰু মানসিক চিন্তাৰ মাজত থকা সম্পৰ্কৰ কথা জানিব পাৰিছে। এই কথাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা ‘মেন্টেল মেনেজমেন্ট গৱেষণা কেন্দ্ৰ’য়ো(Mental Management Research Centre Detroit, USA) নিশ্চিত কৰিছে। যিসকল ব্যক্তিৰ জীৱন যাত্ৰাৰ প্ৰণালী সহজ-সৰল আৰু তুলনামূলকভাৱে চিন্তামুক্ত, তেওঁলোকৰ ক্ষেত্ৰত এই সম্ভাৱনীয়তা কম। অত্যধিক মানসিক চিন্তাযুক্ত ব্যক্তিৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ প্ৰৱণতাও অধিক।

সহজ কথাত ক’বলৈ গ’লে- অত্যধিক চিন্তাৰ লগতে উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ(Diabetes), অতিমাত্ৰা চৰ্বিযুক্ত আহাৰ বা শ্ৰম-ব্যায়ামহীন জীৱনৰ দৰে ক’ৰনেৰী ৰোগৰ আন আন কাৰকবোৰো যেতিয়া সংযোজিত হয়, তেতিয়া হাৰ্ট এটেকৰ সম্ভাৱনীয়তা বৃদ্ধি পায়। মানসিক চিন্তা সম্বন্ধীয় অন্য কিছুমান প্ৰশ্নও এই খিনিতে আমাৰ মনত উদয় হ’ব পাৰে। বৰ্তমান দ্ৰুত গতিৰ জীৱন ধাৰাত অহৰহ মানসিক সংঘাত, অশান্তি আৰু অত্যাচাৰ আদি কাৰকবোৰ বহুতৰে বাবে অংগাংগী স্বৰূপ হৈ পৰিছে। সকলো শ্ৰেণীৰ মানুহ কম-বেছি পৰিমাণে মানসিক অত্যাচাৰৰ বলি হৈছে। সেইবাবে এই পৰিস্থিতিৰ প্ৰভাৱ নতুন দৃষ্টিভংগীৰে আলোকপাত কৰা বোধহয় সমীচিন হ’ব।

প্ৰথমে- এই মানসিক চিন্তা কিমান পৰিমাণৰ হ’লে বেছি বুলি কোৱা হয়। দৈনন্দিন কৰিবলগা হোৱা চিন্তাকে অধিক বুলি বিবেচনা কৰা হৈছিল নেকি?

দ্বিতীয়তে- আপুনি সমস্যাবোৰ সাহসেৰে মুখামুখি হৈ জীৱন সংগ্ৰাম কৰিছে বা পৰাজয় বৰণ কৰিছে নেকি? যদি পৰাজয় বৰণ কৰিছে, তেন্তে কেনে পৰিস্থিতিত আৰু কিহৰ কাৰণে কৰিছে?

তৃতীয়তে- ব্যক্তি এজনে অত্যধিক চিন্তাৰ মুখামুখি হ’ব পাৰিছেনে?

চতুৰ্থতে- অত্যধিক চিন্তা সত্ত্বেও হাঁহি মুখে জীৱনটো চিন্তাৰহিত কৰিব পাৰিছেনে?

পঞ্চমতে- দিনটোৰ কোনো সময়ক নিজকে চিন্তা মুক্ত কৰি শান্ত(Relax) কৰিব পাৰিছেনে?

ষষ্ঠতে- শান্ত অৱস্থাত কিমান সময় অতিবাহিত কৰিব পাৰিছে?

সপ্তমতে- কি পদ্ধতিৰে বা উপায়েৰে ব্যক্তিজনে মনটোক নিজৰ অধীন কৰি শান্ত অৱস্থা অৱলম্বন কৰিছে ইত্যাদি।

এই সকলো কথাৰ পৰা এই সিদ্ধান্তলৈ আহিব পৰা যায়। ব্যক্তিয়ে দুৰ্যোগপূৰ্ণ মানসিক চিন্তা সাহসেৰে সন্মুখীন হ’ব লাগিব। ফলাফলৰ প্ৰতি লক্ষ্য নেৰাখি নিজৰ নিজৰ কৰণীয়খিনি কৰি যোৱা বাঞ্ছনীয়। অত্যধিক চিন্তা সত্ত্বেও দিনটোক কিছু সময় অন্ততঃ নিজকে চিন্তাৰ পৰা মুক্ত কৰি ৰাখিব পাৰিব লাগিব। পৰাজয় অৱশ্যম্ভাৱী আৰু নিশ্চিত বুলি ভাবিও ফলাফলৰ কথা চিন্তা নকৰি নিজৰ কৰ্তব্য কৰি যাওক আৰু তাৰ চিন্তাৰ পৰা মনটোক কিছু সময়ৰ কাৰণে হ’লে মুক্ত কৰি ৰাখক।

মনক ধীৰ-স্থিৰ-শান্ত কৰাৰ উপায় কথা অলোচনা কৰিবলৈ যাওঁতে আমি-

ক)মন শান্ত পৰা পদ্ধতি(Relaxation Therapy) আৰু

খ)যোগ অভ্যাসৰ কথা ক’ব পাৰো।

‘যোগাভ্যাস’- মন সংযত কৰাৰ এটা নিশ্চিত উপায়। ই মনক শান্ত কৰে। ভাৰতীয় দৰ্শন যোগ অভ্যাস আৰু ধ্যানৰ(Meditation) অন্তনিৰ্হিত সত্য, অত্যন্ত আকৰ্ষণকাৰী, অৰ্থপূৰ্ণ আৰু ফলদায়ক। সেয়ে বিশ্বৰ চুকে-কোণে ইয়াৰ ওপৰত সুদূৰ প্ৰসাৰী এক অনন্ত আলোচনা, গৱেষণাৰ সূত্ৰপাত হৈছে। বৰ্তমান ভাৰতৰ বিভিন্ন প্ৰদেশত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়(Spiritual and Moral University) শাখা স্থাপন হৈছে, যাৰ দ্বাৰা মনাত প্ৰশান্তি লাভ কৰিবলৈ ৰাজযোগ, ভগৱান কন্ঠ নিসৃত বাণী ‘মুৰুলী’ পাঠ কৰাৰ কামাত বহুতো ভক্তপ্ৰাণ ৰাইজ ব্যতিব্যস্ত হৈছে। মনত প্ৰশান্তি লাভ কৰিবলৈ অনুকূল ঠাকুৰ, সাইবাবা, শংকৰদেৱ-মাধৱদেৱ, গুৰুনানক আদি গুৰুসকলৰ আধ্যাত্মিক শিকনি আদৰ্শ উপলব্ধি কৰাৰো ব্যৱস্থা হৈছে।

‘যোগাভ্যাস’ আৰু মনলৈ প্ৰশান্তি আনিব পৰা প্ৰণালীৰ বিষয়ে আৱশ্যকীয় কথা কিছু কথা জনা উচিত। মানসিক চাপবৃদ্ধি হোৱাৰ লগতে বহু মানুহে চিগাৰেট, মাদক দ্ৰব্য, ভাং, মদু আদিৰ প্ৰতি অনুৰক্ত হোৱা দেখা গৈছে। বৰ্তমান নতুন প্ৰজন্মৰ মাজত ড্ৰাগছ সেৱন, মদ্যপান, ভাং-কানি, ফাষ্টফুড, চাহ-কফি, কলডড্ৰিংছ, ধপাত আদি অত্যধিক পৰিমাণে ব্যৱহাৰ কৰা দেখা গৈছে। এই সকলোবোৰ অভ্যাসে ক’ৰনেৰী ৰোগৰ আশংকা বঢ়োৱাৰ লগতে হাৰ্ট এটেকৰো আশংকা বৃদ্ধি কৰে। এইক্ষেত্ৰত এনে বদ অভ্যাসবোৰ ত্যাগ কৰি ঈশ্বৰীয় চিন্তাত মনোনিৱেশ কৰিব পাৰিলে মানুহে চিন্তামুক্ত জীৱন যাপন কৰিব পাৰে।

চিন্তামুক্ত হোৱাৰ এটি উপায় হ’ল- নিয়মিত ব্যায়াম কৰা। ধীৰে ধীৰে খোজকঢ়া আৰু দেহ শিথিলকৰণ ব্যৱস্থাৰ যোগেদি মনক শান্ত কৰিব পৰাৰ ব্যৱস্থা। যোগ অভ্যাসৰ জৰিয়তে মনটো সকলো চিন্তাৰ পৰা মুক্ত হৈ মনৰ অৱসাদ দূৰ কৰিব পাৰি।

ব্যক্তিত্ব:

 

মানুহৰ ব্যক্তিত্বয়ো ক’ৰনেৰী ধমনী ৰোগ আৰু হাৰ্ট এটেকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। যোৱা দুটা দশক জুৰি ব্যক্তিত্বৰ ওপৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ সূচনা হৈছে। বিভিন্ন গৱেষকে ক’ব খোজে যে ‘ক’ জাতীয়(Type ‘A’) ব্যক্তিৰ ব্যক্তিৰ ব্যক্তিত্বৰ মাজত হাৰ্ট এটেকৰ প্ৰৱণতা অধিক। ‘খ’ জাতীয়(Type ‘B’) ব্যক্তিত্বৰ ব্যক্তিসকলৰ মাজত হাৰ্ট এটেকৰ সংখ্যা কম। ‘ক’ জাতীয় আৰু ‘খ’ জাতীয় ব্যক্তিৰ ব্যক্তিত্ব তলত দিয়া মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়।

‘ক’ জাতীয় ব্যক্তিত্ব, এইসকল ব্যক্তি-

*অতি উচ্চাভিলাষী।

*সকলো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক ভাবাপন্ন।

*প্ৰতিটো পদক্ষেপতে নিজক শুদ্ধ বুলি ভাবে আৰু তেওঁৰ সহযোগীসকলকো তেওঁৰ চিন্তামতে পৰিচালিত কৰিবলৈ বিচাৰে আৰু আনকো তেনে হোৱাটো আশা কৰে।

*অস্থিৰ আৰু ধৈৰ্যহীন হয় আৰু সামান্য বিফলতাই অন্তৰ্দ্বন্দ্বৰ সূচনা কৰে।

*খৰকৈ কথা কয় আৰু খৰকৈ খোৱা-বোৱা কৰে।

*বহু কাম একেলগে একে সময়তে কৰিব পাৰে।

‘খ’ জাতীয় ব্যক্তিত্ব, এইসকল ব্যক্তি-

*‘ক’ জাতীয় ব্যক্তিত্বৰ সম্পূৰ্ণ বিপৰীত ধৰ্মী গুণেৰে বিভূষিত।

*সকলো কথা সহজভাৱে লয় আৰু সহজে পাহৰি যায়।

*দাৰ্শনিক ভাৱাপন্ন।

*তৎকালে চিন্তামুক্ত হয়। সমস্যাবোৰক লৈ অবাবত চিন্তা নকৰি আনন্দত সময় কটায়।

*প্ৰতিটো পদক্ষেপ আনন্দেৰে উপভোগ কৰে।

*মুখত হাঁহিৰে মধুৰ সম্ভাষণ জনাই আনক সুখী কৰিব পাৰে।

‘ক’ জাতীয় ব্যক্তিত্বৰ মানুহৰ মাজত হৃদৰোগীৰ সংখ্যা অধিক আৰু ‘খ’ জাতীয় ব্যক্তিত্বৰ লোকৰ মাজত হৃদৰোগীৰ সংখ্যা কম।

হৃদৰোগ নিয়ন্ত্ৰণত খাদ্যৰ প্ৰভাৱ:

 

হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি খাদ্যৰ ওপৰত চকু দিয়া উচিত। কাৰ্বোহাইড্ৰেট, শাক-পাচলি, মাংস, আঁহযুক্ত শাক-পাচলি বা আন পদাৰ্থৰ সঠিক আৰু সমবিকাশে যেনেকৈ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে, তেনেকৈ অত্যধিক পৰিমাণৰ অসমবিতৰণে এই ৰোগ বৃদ্ধি কৰাত সহায় কৰে।

হৃদৰোগত ভোগা ৰোগীৰ ক্ষেত্ৰত অধ্যয়ন কৰি দেখা গৈছে যে এইসকল ৰোগীৰ আহাৰত কাৰ্বোহাইড্ৰেট বা শাক-পাচলিজাত মাংসসাৰৰ পৰিমাণ কম থাকে। আনহাতে তেওঁলোকৰ আহাৰত অত্যধিক পৰিমাণৰ চৰ্বিযুক্ত বস্তু থাকে। অত্যধিক কলেষ্টেৰল জাতীয় বস্তু থাকে। মুঠৰ ওপৰত অত্যধিক পৰিমাণৰ চৰ্বিযুক্ত বস্ত বিশেষকৈ চেচুৰটেড চৰ্বিযুক্ত বস্তু, কলেষ্টেৰল জাতীয় আহাৰ খালে হাৰ্ট এটেক হোৱাৰ আশংকা বৃদ্ধি পায়।

ফিনলেণ্ডৰ মানুহৰ খাদ্যত লিন’লেইক এচিডৰ মাত্ৰা কম আৰু সেয়ে তাৰ অধিকাংশ মানুহ ক’ৰনেৰী ধমনীৰ ৰোগত ভোগে। অন্যহাতে ইটালীবাসীৰ মাজত লিন’লেইক এচিডৰ মাত্ৰা বেছি হোৱাৰ বাবে তাত ক’ৰনেৰী ৰোগত ভোগা মানুহৰ সংখ্যা একেবাৰে কম।

আমাৰ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত আহাৰত মিঠাতেলৰ ব্যৱহাৰ বৰ বেছি। মিঠাতেলত থকা ইউৰিক এচিডৰ কাৰণে হয়তো হৃদৰোগৰ প্ৰকোপ বেছি।

আহাৰৰ প্ৰণালী আৰু লক্ষ্য কৰিবলগীয়া কেইটামান বিষয়:

 

আমি খোৱা খাদ্যবোৰ এনেধৰণৰ হোৱা উচিত, যাতে ই ক’ৰনেৰী ধমনীৰ ৰোগৰ প্ৰতিষেধক হয়। যিসকল লোক এনে ৰোগত আক্ৰান্ত, তেওঁলোকে যাতে আহাৰত থাকিবলগীয়া উপাদানসমূহ নিৰ্ণয় কৰাত কেইটামান বিষয়ৰ প্ৰতি লক্ষ্য কৰে।

*আহাৰে যাতে তেজত কলেষ্টেৰল বৃদ্ধি নকৰে।

*হিতকাৰী(HDL) বা অহিতকাৰী(LDL) কলেষ্টেৰলৰ অনুপাত সঠিকভাৱে ৰাখে।

*খাদ্য বিজ্ঞানী ডাঃ কুপেৰে কৈছে- ‘চৰ্বিজাতীয় বস্তু আৰু কলেষ্টেৰল কিমান ক্ষতিকাৰক আৰু আহাৰত এইবিলাকৰ পৰিমাণ কম হ’লে দেহৰ বাবে কিমান সুফলদায়ক হয়- এই কথা ৰাইজে বুজা উচিত।

*অনাৱশ্যক আৰু ক্ষতিকাৰক খাদ্য বস্তুৰ সলনি হিতকাৰী খাদ্য বস্তু আহাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে শিক্ষা আহৰণ কৰাত পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানসকলক উৎসাহ দিয়া উচিত।

*পৰাপক্ষত চেচুৰটেড চৰ্বিযুক্ত তেল বা ঘিউ ব্যৱহাৰ কৰিব লাগে।

*উদ্ভিদজাত পলি আনচেচুৰেটেডযুক্ত তেল ব্যৱহাৰ কৰিব লাগে।

*সময়ে সময়ে আহাৰৰ বিষয়ে চিকিৎসক আৰু ডায়েটিচিয়ানৰ পৰামৰ্শ ল’ব লাগে।

*চিকিৎসকৰ উপদেশমতে নিতৌ ব্যায়াম কমকৈ ব্যৱহাৰ কৰা ভাল।

*নাৰিকল তেল, চৰ্বিযুক্ত বস্তু, বনস্পতি কমকৈ ব্যৱহাৰ কৰা ভাল।

*ফাষ্টফুড, কলডড্ৰিংকছ খোৱাত শিশু আৰু কিশোৰ-কিশোৰীসকলক বাধা দিবলৈ পিতৃ-মাতৃয়ে উপদেশ দিব লাগে।

প্ৰিটিকিন আহাৰৰ ব্যৱহাৰ:

 

কম পৰিমাণৰ চৰ্বি, মাংসসাৰ, লৱণযুক্ত, অতিৰিক্ত পৰিমাণৰ আঁহযুক্ত, প্ৰাকৃতিক শ্বেতসাৰ প্ৰধান খাদ্যক ‘প্ৰিটিকিন’ আহাৰ বোলে। প্ৰিটিকিন আহাৰে হৃদৰোগ, উচ্চ ৰক্তচাপ বহুমূত্ৰ ৰোগ, বাতজাতীয় ৰোগ বা আৰ্থ্ৰাইটিছ আদিৰ উপশম কৰে। প্ৰিটিকিন আহাৰৰ ভিতৰত প্ৰধান হ’ল- সৰু মাছ, চৰ্বিবিহীন মাংস আৰু অন্যান্য। সকলোধৰণৰ কম চৰ্বিযুক্ত মাছ, যেনে- পুঠি মাছ, মাগুৰ, পমফ্ৰেট, শিঙৰা ইত্যাদি। দৈনিক সৰ্বাধিক ৩০-৯৮ গ্ৰাম বা সপ্তাহত প্ৰায় ৬৮০ গ্ৰাম অথবা কম চৰ্বিযুক্ত চিকেন(স্থানীয় কুকুৰা), হাঁহ, অন্যান্য চৰাইৰ মাংস, অতি কম পৰিমাণে চৰ্বি থকা পঠা ছাগলীৰ মাংস দৈনিক সৰ্বাধিক ৩০-৯৮ গ্ৰাম বা সপ্তাহত ৫৮০ গ্ৰাম খাব পাৰে।

নিষিদ্ধ:

*অতিৰিক্ত চৰ্বিযুক্ত মাছ(ইলিছ, কাৱৈ) বা চৰ্বিযুক্ত প্ৰাণীৰ মাংস, কেঁকোৰা, শামুক জাতীয় প্ৰাণী, কলেষ্টেৰলপূৰ্ণ বৃক্ক, যকৃত আদি নাখাব।

প্ৰতিদিনে কণী এটাৰ বগা অংশ খাব।(হালধীয়া অংশ নাখাব)

*মাছৰ কণী নাখাব।

*২.২৫ গ্ৰাম স্কিমড মিল্ক(সৰ তোলা গাখীৰ) বা তাৰ পৰা তৈয়াৰী দৈ বা চানা খাব পাৰিব।

*বাদামৰ ভিতৰত আখৰোট(সপ্তাহত এটা), চেষ্টনাট খাব পাৰে।

*কাজু, চীনাবাদাম, নাৰিকল নাখাব। ডাব নাৰিকলৰ পানী খাব পাৰিব।

শস্য আৰু শস্যজাত বস্ত:

 

ঢেঁকীত বনা চাউল, আটাৰ ৰুটি, আটাৰ পাউৰুটী, চুজি, চিৰা, আখৈ, জোৱাৰ, বজৰা ইত্যাদি।

নিষিদ্ধ:

ময়দা, কৰ্ণফ্লেক্স, কণীৰ কুহুম।

দাইল:

মগু, মচুৰ, মাটিদাইল, ৰহৰ, মটৰ, গজালি ওলোৱা মগু, বুটমাহ আদি।

নিষিদ্ধ:

অতিৰিক্ত বুট, দাইল চয়াবিন।

শাক-পাচলি:

সকলো শাক-পাচলি খাব পাৰি। আঁহ থকা শাক, বাকলি, ফল-মূলৰ ভিতৰত ‘ভিটামিন-চি’ থকা সুমথিৰা, কাজিনেমু, অমিতা, মধুৰীআম, বিলাহী আদি।

পালেং, গাজৰ, বিট নেখাব।

নিষেধ:

খেজুৰ, কিচমিচ, চেনিযুক্ত আচাৰ, খাৰলি, পানীটেঙা, জাম, জেলি, চিৰাপ, বজাৰৰ মৌ, চকলেট, চুইংগাম, ধপাত, চিগাৰেট, মিঠা মছলা আদি হৃদৰোগীয়ে খাব নালাগে।

হৃদৰোগীৰ বাবে আহাৰ:

 

*ভীমকলৰ পচলা নিয়মিত খাব পাৰে। ই তেজৰ কলেষ্টেৰল নিম্নগামী কৰে।

*মেথিগুটি তিওৱা পানী হৃদৰোগীৰ বাবে অতি ভাল।

*ডালিম হৃদৰোগীৰ বাবে মহৌষধস্বৰূপ। দিনে বিছ-ত্ৰিছটা গুটিৰ ৰস খাব পাৰে।

*নহৰু খাব লাগে। তেজৰ কলেষ্টেৰল নিম্নগামী কৰে।

*মালভোগ কল দিনে এটাকৈ খাব পাৰে।

*সৰ তোলা গাখীৰ দিনে ২৫০ মিঃলিঃ খাব পাৰে।

*গৰুৰ গাখীৰৰ দৈ হৃদৰোগীৰ বাবে উপকাৰী।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top