মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চাহ বেছিকৈ খোৱাৰ ফলত হোৱা বিসংগতিবোৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ বেছিকৈ খোৱাৰ ফলত হোৱা বিসংগতিবোৰ

 

আজি বিশ্বৰ প্ৰায় প্ৰতিঘৰ পুৱাৰ প্ৰথম প্ৰিয় পানীয় হৈছে চাহ।পুৱা শুই উঠিয়ে প্ৰথমে একাপ-চাহ নেখালে দিনটোৰ কামৰ আৰম্ভণি কৰিবই পৰা নেযায়।পুৱা একাপ চাহ অবিহনে দিনটোৰ কামৰ আৰম্ভনি নহয়।পুৱাৰ সেই কাপ চাহ খোৱাৰ পিছতো বহুতে আকৌ দিনটোত সঘনাই চাহৰ জুতি লোৱাটো এক প্ৰকাৰৰ নিচাতে পৰিণত হয়গৈ।দিনটোত দীঘলীয়া সময়ৰ ব্যৱধানত দুকাপ চাহ খোৱাটো হানিকাৰক নহ’ব পাৰে।কিন্তু সময়ে অসময়ে চাহ খাই থকাটো স্বাস্থ্যৰ পক্ষে ভাল নহয়।কাৰণ চাহ হৈছে একপ্ৰকাৰৰ গৰম পানীয়।গৰম পানীয় আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক।আপুনি যদি আপোনাৰ অৱচেতন মনত লাহে লাহে সঘনাই চাহ খোৱাৰ প্ৰতি প্ৰলোভিত হৈছে,তেনেহ’লে আপুনি জানিব যে আপোনাৰো চাহৰ প্ৰতি নিচা আৰম্ভ হৈছে।তাৰোপৰি ক’ৰবালৈ গ’লে অনতি পলমে গৃহস্থই চাহকাপ যাচিব বুলি অধীৰ আগ্ৰহেৰে আপুনি অপেক্ষা কৰিলে আপুনি জানিব যে এই বেমাৰে আপোনাকো চুইছেহি।আপুনি এই ক্ষেত্ৰত নিজেই কিছু সতৰ্ক হৈ জোৰকৈ হ’লেও চাহ খোৱাৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিবই লাগিব।যত্নৰ অসাধ্য একো নাই।

চাহৰ অপকাৰিতা সম্পৰ্কে কিছু কথা তলত দিয়া হ’ল-

*হাড় দুৰ্বল কৰে:খোৱাৰ উপযোগীকৈ প্ৰস্তুত কৰাৰ বহুদিনৰ পিছতহে আমি দোকানৰ পৰা চাহ কিনিবলৈ পাওঁ।এই পুৰণি হোৱা চাহপাতত ফ্লোৰাইডৰ মাত্ৰা বহুত বেছি থাকে।এনে চাহ বেছিকৈ থাকিলে হাড় দুৰ্বল হৈ পৰে।সেয়ে পৰাপক্ষত চাহ কম পৰিমাণত খাব।

*ডিহাইড্ৰেচন হ’ব পাৰে:চাহত থকা কেফেইনৰ কাৰণে শৰীৰত বেছি পৰিমাণে প্ৰস্ৰাৱ উৎপন্ন হয় আৰু তাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায়।তাৰ পৰিণতিত বেছিকৈ চাহ খোৱা লোকসকল ডিহাইড্ৰেচনৰ (নিৰ্জলা) ৰ চিকাৰ হয়।

*নিচাগ্ৰস্ততা:চাহত থকা কেফেইনৰ কাৰণে নিচাগ্ৰস্ততা (এডিকচন) হ’ব পাৰে।ফলত সঘনাই চাহ খাবলৈ নেপালে ব্যক্তিজনে মুৰৰ বিষ,অলপতে ভাগৰ লগা আদি ভালেমান উপসৰ্গত ভুগিব পাৰে।

*কিডনি নষ্ট হ’ব পাৰে:প্ৰতিদিনে পাঁচকাপতকৈ বেছি চাহ খোৱা লোকৰ স্বাভাৱিক পৰিমাণতকৈ চাৰি পাঁচগুণ বৃদ্ধি পাব পাৰে।ইয়াৰ ফলত কিডনিৰ ওপৰত চাপ পৰে।তাৰোপৰি চাহৰ লগত থকা অক্সেলেটে কিডনিত পাথৰ সৃষ্টি কৰিব পাৰে।

*টোপনি কম হোৱা:চাহত কেবাবিধো ফাইটোকেমিকেল থাকে আৰু এইবোৰে মানুহৰ শৰীৰৰ বায়োল’জিকেল ক্লকৰ সময় অনুসৰি হোৱা কামবোৰত বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে।ফলত চাহ সেৱন কৰোতাজনৰ টোপনিত ব্যাঘাত হ’ব পাৰে।

*কেন্সাৰৰ আশংকা:বহুতৰ আকৌ চাহ গৰমে গৰমে খোৱাৰ অভ্যাস থাকে।সামান্য ঠাণ্ডা হ’লেই এইসকল লোকে চাহ খাব নোৱাৰে।কিন্তু অধিক গৰম চাহ খালে মুখ,খাদ্যনলীৰ পৰা পেটলৈকে সমগ্ৰ পাচন তন্ত্ৰৰ আৱৰণি বিনষ্ট হ’ব পাৰে।পিছলৈ এই গৰম চাহ খোৱাৰ অভ্যাসৰ ফলতে ডিঙি বা খাদ্যনলীত কেন্সাৰ হোৱাৰ আশংকা থাকে।

পেটৰ অসুখ:চাহত অন্যান্য উপাদানৰ লগতে টেনিন আৰু টায়েলিন নামৰ দুটি অপকাৰী উপাদান থাকে।এই দুবিধ উপাদানে মানুহৰ পাচন শক্তি হ্ৰাস কৰে।তাৰোপৰি চাহত গাখীৰ মিহলাই খালে গেচ আৰু কোষ্ঠকাঠিন্যৰ দৰে উপসৰ্গই দেখা দিব পাৰে।

লেখক:হেমন্ত ৰাজখোৱা, (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top