চাহ এবিধ জনপ্ৰিয় পানীয় হোৱাৰ উপৰিও ৰুপ চৰ্চাতো ইয়াৰ বহুল প্ৰয়োগ কৰা হয়। আয়ুৰ্বেদ শাস্ত্ৰতো চাহেৰে ৰুপচৰ্চা কৰাৰ কথা উল্লেখ আছে। অৱশ্যে ৰুপচৰ্চাত আমি খোৱা চাহপাতৰ শুকান গুৰিতকৈ কেঁচাপাতহে বেছি উপকাৰী। পিছে এনে কেঁচাপাত সকলোৰে বাবে সুলভ নহয়। সেয়ে ৰুপ চৰ্চাত গ্ৰীণ টি বেছি ব্যৱহাৰ কৰা হয়। আমি যিবোৰ চাহ খাওঁ, সেই চাহ প্ৰচেচ কৰিহে ৰুপ চৰ্চাত ব্যৱহাৰ কৰা হয় আৰু লগতে বিভিন্ন ধৰনৰ ৰাসায়নিক পদাৰ্থৰ বিশেষ প্ৰয়োগ নহয়।
চাহত যিবোৰ উপকাৰী উপাদান আছে সেইবোৰ চুলি আৰু ছালৰ বাবে প্ৰয়োজনীয়। চাহৰ প্ৰধান গুণ হ’ল ই এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। চাহত থকা ফ্লেবোনয়েড নামৰ এণ্টিঅক্সিডেণ্ট চুলিৰ বাবে খুব উপকাৰী। তদুপৰি চাহত থকা বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু পটাচিয়াম, মেঙ্গানিজ, জিঙ্ক আদি খনিজ পদাৰ্থই শৰীৰৰ বয়সজনিত ক্ষয়-ক্ষতি ৰোধ কৰে।
চাহৰ গুণাগুণ বীজৰ ভিতৰত বেছি থাকে। তদুপৰি চাহ বীজৰ পৰা তৈয়াৰ কৰা তেল ৰুপচৰ্চাত অত্যন্ত কাৰ্যকৰী। মুখৰ দাগ বা আন সমস্যা আঁতৰাৱলৈ প্ৰসাধন বিশেষজ্ঞসকলে টি-ফেচিয়েল পদ্ধতি অৱলম্বন কৰে। এইবিধ ফেচিয়েলত বিভিন্ন ধৰণৰ ফলৰ সৈতে চাহ বীজৰ তেল ব্যৱহাৰ কৰা হয়। চকুৰ তলৰ ক’লা দাগ আঁতৰাবলৈ চাহপাত কাপোৰত টোপোলা বান্ধি দুই মিনিট সময় গৰম পানীত ডুবাই ঠাণ্ডা কৰি চকুৰ ওপৰত থোৱা হয়। চকুৰ গুড়ি ফুলি গ’লেও টি-পেড ব্যৱহাৰ কৰা হয়। শীতকালত চকু-মুখ শুকান হৈ পৰিলে চাহৰ লিকাৰ মুখত লগালে শুকান ভাব দূৰ হয়। ব্ৰণৰ চিকিৎসাতো চাহৰ লিকাৰ উপকাৰী। চিবেচিয়াচ গ্ৰন্থিৰ অতিৰিক্ত ক্ষৰণ আৰু তাৰ ওপৰত ধূলি-মাকতি জমা হৈ ব্ৰণৰ সৃষ্টি কৰে। ক্ষৰণৰ সময়ত ছালৰ কোষৰ প্ৰসাৰণ ঘটে। চাহৰ লিকাৰে ইয়াক সঙ্কুচিত কৰিব পাৰে। প্ৰথমতে মুখখন ধুই চাহৰ লিকাৰত কপাহ তিয়াই লৈ কপাহখিনিৰে ব্ৰণৰ মুখ চেপি ৰখা হয়।তাৰ পিছত এটা বিশেষভাৱে তৈয়াৰী পেক মুখত সনা হয়। পেকটো হ’ল- আঠ বা দহটামান তুলসঈপাত ভালকৈ ধুই দুচামুচ চাহৰ লিকাৰৰ সৈতে মিহলাই বটি এচিকুট কৰ্পুৰ মিহলাই ল’ব লাগে। দহ-বাৰদিনমান এনেদৰে যত্ন ল’লে ভাল ফল পোৱা যায়।
চুলি শুকান আৰু ৰুক্ষ হৈ উজ্জ্ব্লতা হেৰুৱালে চেম্পু কৰাৰ পিছত চাহৰ লিকাৰেৰে মূৰ ধুলে চুলি চক্চকীয়া হৈ পৰে। এনে লিকাৰত এটি নেমুৰ ৰস মিহলাই ল’লে বেছি উপকাৰ পোৱা যায়।ততাতৈয়াকৈ ক’ৰবালৈ সাজি-কাচি যাবলৈ যদিহে মূৰত চেম্পু কৰাৰ সময় নাথাকে তেন্তে আন এক উপায়েৰে চুলি উজ্জ্বলতা আনিব পৰা যায়। একাপ চাহৰ লিকাৰত এচামুচ মৌ আৰু ১০/১৫ ফোটা নেমুৰ ৰস মিহলাই মূৰত লগাই ড্ৰায়াৰৰ সহায়ত শুকুৱাই চেট কৰি ল’ব পৰা যায়। কোনো ধৰণৰ অসুখ অবিহনে যদিহে প্ৰচণ্ডভাৱে চুলিসৰিবলৈ লয়, চাহ বীজৰ তেলেৰে প্ৰসাধন বিশেষজ্ঞৰ সহায়ত ক্লিনিকেল ট্ৰিটমেণ্ট কৰাব পৰা যাব।
চুলি ৰ্ং কৰাৰ ক্ষেত্ৰতো চাহৰ লিকাৰৰ ভূমিকা আছে। গোটেই চুলিখিনিত ৰ্ং কৰিবলৈ বিচৰাসকলে কেমিকেল ৰঙৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ চাহৰ লিকাৰত ভাল কোম্পানীৰ হেনা বা মেহেন্দি মিহলাই এটা কণী বা নেমুৰ ৰস বা টেঙা দৈ(চুলিৰ প্ৰকৃতি অনুযায়ী) মিহলাই দুঘণ্টামান মূৰত লগাই ধুই পেলালে সুন্দৰ ৰঙচুৱা হৈ পৰে।
পুৰুষ-মহিলা উভয়ৰে ৰুপাচৰ্চাত চাহৰ ভূমিকা একেধৰণৰ। পিচে চিগাৰেটৰ বাবে ক’লা হোৱা ঔষধ কোনো ধৰণৰ প্ৰসাধনে ৰোধ কৰিব নোৱাৰে। সেয়ে চিগাৰেটৰ নিচাক চাহৰ নিচালৈ পৰিৱৰ্তিত কৰি ল’ব পাৰিলে ভাল। চিগাৰেটৰ সলনি দিনে চাৰিকাপ গ্ৰীণ-টি লিকাৰ খালে হাৰ্ট এটেকৰ সম্ভাৱনা কমাৰ লগে লগে ওঁঠ ৰঙা হৈ থাকিব।
যিসকলে কোনোধৰণৰ প্ৰসাধন নকৰে বা ঘৰ বাহিৰৰ কাম-কাজ লৈ সদা ব্যস্ত থাকে, তেনেলোকে মুখ ধোৱাৰ কামটো সাধাৰণ পানীৰে নকৰি চাহৰ লিকাৰ ঘৰৰ তাপমাত্ৰাৰ সমান কৰি সেই লিকাৰেৰে মুখ ধুলে অনেক উপকাৰ পাব।
শেষত প্ৰয়োজনীয় উল্লেখনীয় কথাটো হ’ল চাহপাতৰ লিকাৰেৰে কৰা ৰুপচৰ্চাত অৱশ্যে গ্ৰীণ-টি ব্যৱহাৰ কৰিব লাগিব আৰু যিহেতু ই কোনো মেজিক নহয় সেয়ে ফল পাবলৈ হ’লে ধৈৰ্য ধৰিব লাগিব।
অলকানন্দা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
চাহ কি আৰু কিয়?