মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চাহে আমাৰ স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহে আমাৰ স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়

চাহে আমাৰ স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়, সেই বিষয়ে লিখা হৈছে ।

প্ৰায় পাঁচ হাজাৰ বছৰ আগতে চীন দেশত চাহৰ আৱিষ্কাৰ হয়। অসমত ১৮২৩ চনত প্ৰথম চাহগছ আৱিষ্কাৰ হয় আৰু ১৮৩৫ চনত শদিয়াত চাহ খেতি আৰম্ভ হয়। শুনিবলৈ আচৰিত যেন লাগিলেও সত্য কথা এয়ে যে, কেইশমান বছৰ আগলৈকে চাহ কেৱল পোৱা গৈছিল ঔষধৰ দোকানতহে। ইয়াৰ আগতে বৌদ্ধ ভিক্ষুসকলে চাহক ঔষধৰ মৰ্যাদা দিছিল।

হাজাৰ বছৰ আগতে চীনা বৌদ্ধ সন্ন্যাসীসকলে দীৰ্ঘকালীন যোগ সাধনাৰ সময়ত চাহ পান কৰাৰ প্ৰথা প্ৰচলিত আছিল। ইয়াৰ পিছত বৌদ্ধধৰ্ম যিমান প্ৰসাৰিত হয়, চাহৰ ব্যৱহাৰো সিমানে বাঢ়িবলৈ লয়।

ভাৰতত পানীয় হিচাপে পানীৰ পিছতে চাহৰ স্থান। চাহ খালে শৰীৰ সতেজ হৈ উঠে বাবে সকলো ধৰণৰ মানুহৰ মাজত চাহ জনপ্ৰিয়। কেইবছৰমান আগলৈকে চাহ আছিল নিতান্ত নিচাৰ বস্তু। কিন্তু বৰ্তমান চাহ সম্পৰ্কে আগৰ ধাৰণা সলনি হৈছে।

চাহ সম্পৰ্কে হোৱা গৱেষণাই সম্প্ৰতি নিত্য নতুন তথ্য উদঙাই দিছে। আগতে ধাৰণা আছিল চাহ খালে-

  • গাৰ ৰং ক’লা হয়,
  • ছাল কৰ্কশ হয়,
  • লিভাৰ বেয়া হয়। কিন্তু এই ধাৰণাবোৰৰ কোনোটোৰে চাহৰ লগত যোগাযোগ নাই।

কাৰণ চাহে পোনপটীয়াকৈ উল্লিখিত কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে। যেনে- ছালৰ ৰং নিৰ্ভৰ কৰে মেলানোচাইটৰ ওপৰত। চাহে কোনো ধৰণে মেলানোচাইটৰ সক্ৰিয়তাক প্ৰভাৱিত কৰিব নোৱাৰে।

চাহে লিভাৰৰ ওপৰতো তেনেধৰণে কোনো প্ৰভাৱ নেপেলায়। কিন্তু দীৰ্ঘদিন অতিৰিক্ত চাহপান কৰাসকলে কোষ্ঠ কাঠিন্যত ভোগে। টোপনিও কম হয়। যাৰ বাবে ছালৰ মসৃণতা হ্ৰাস পাব পাৰে।

গৱেষণাৰ পৰা জনা যায় যে চাহত ফ্লাভোনয়েড এবিধ এন্টি অক্সিডেন্ট। আমাৰ শৰীৰৰ ফ্ৰি ৰেডিকেল বা মুক্ত অক্সিজেনঘটিত যিবোৰ ক্ষয় ৰোগ, সেইবোৰ ৰোধ কৰে চাহত থকা কেৰোটিনয়ড, ফ্লেভোনয়েড, পলিফেনলিক আদি উপাদানে।

ফ্ৰি ৰেডিকেল ডেমেজৰ বাবে বাৰ্ধক্যজনিত নানা ৰোগ, হাৰ্টৰ ৰোগ আদি হয়। শৰীৰত বয়সৰ চাপ পৰে। এন্টি অক্সিডেন্ট এনে এবিধ প্ৰাকৃতিক যৌগ যিয়ে শৰীৰক নানা ভাৱে ৰক্ষা কৰে।

গাজৰ,

বন্ধাকবি,

  • আঙুৰ,
  • আপেলতকৈ চাহত বেছি পৰিমাণে এন্টি অক্সিডেন্ট থাকে। পৰীক্ষাত প্ৰমাণিত হৈছে যে, চাহে দেহৰ কিছুমান অংগত হোৱাৰ টিউমাৰ বা কেন্সাৰ ৰোধ কৰিব পাৰে।

ইয়াৰ উপৰিও চাহত বেচ কিছু ভিটামিন, প্ৰায় পোন্ধৰটা এমিনো এচিড আৰু দুটা অত্যন্ত দৰকাৰী খনিজ উপাদান আছে। শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিবলৈ ভিটামিন চি, কোষ-প্ৰাচীৰৰ সুৰক্ষাৰ বাবে ফলিক এচিড, হাড়ৰ বৃদ্ধিৰ বাবে মেঙ্গানিজ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক ৰাখিবলৈ পটাচিয়ামৰ দৰে উপাদান চাহত যথেষ্ট পৰিমাণে পোৱা যায়।

পটাচিয়ামে তেজত ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি আমাৰ ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে। চাহত কিছু পৰিমাণে জিংকো আছে- যিটো  শৰীৰৰ বৃদ্ধিৰ বাবে দৰকাৰী।

চাহত থকা কেফিনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ উজ্জীৱিত কৰে। সেয়ে চাহ খালে টোপনি ভাগে, ম্ন আৰু শৰীৰৰ অৱসাদ দূৰ হয়।

পোনপটীয়াকৈ গছৰ পৰা তুলি অনা চাহগছৰ পাত সকলোতকৈ উপকাৰী। কিন্তু আমাৰ ইয়াত এনেদৰে চাহপাত বিক্ৰী নহয়।

ইয়াৰ পৰিৱৰ্তে গ্ৰীন লিভ ব্যৱহাৰ কৰিব পাৰি। সেয়াও পোৱা নগ’লে বজাৰত প্ৰচলিত ক’লা চাহ খাব পাৰি। ইয়াতো ফ্লাভোনায়ড নামৰ এন্টি-অক্সিডেন্ট ৬১ শতাংশ আছে।

চাহ খোৱাটো ভাল নে বেয়া -

চাহ খালে শৰীৰ কিছুপৰিমাণে তজবজীয়া হৈ উঠে। ইয়াৰ কাৰণ হ’ল চাহত থলা থিয়োব্ৰোমিন, থিয়োফাইলিন আৰু কেফিন আদি উপাদান। ইয়াৰ ভিতৰত কেফিনেই প্ৰধান। কম মাত্ৰাত কেফিনে আমাৰ স্নায়ুবোৰক মনক ফূৰ্তি প্ৰদান কৰে।

কিন্তু বেছি মাত্ৰাত ই শৰীৰৰ ক্ষতি কৰে। চাহপাতৰ পৰা প্ৰায় ৮০ শতাংশ কেফিন চাহৰ পানীত মিলি যায়। যদি কোনোৱে গড়ে প্ৰতিদিনে তিনিকাপকৈ চাহ খায়, তেন্তে প্ৰায় ১৫০ মিলিগ্ৰামৰ সমান কেফিন শৰীৰত প্ৰৱেশ কৰে। এই পৰিমাণৰ কেফিনৰ বাবে উদ্বেগৰ কাৰণ নাই।

চাহপাত টেনিনৰ এক বৃহৎ উৎস। এক কাপ চাহৰ পৰা প্ৰায় ১৫০ মিলিগ্ৰাম টেনিন পোৱা যায়। খাদ্যগুণৰ পৰা চাবলৈ গ’লে টেনিন আমাৰ স্বাস্থ্যৰ বাবে মুঠেও প্ৰয়োজনীয় নহয়।

টেনিনে শৰীৰৰ আয়ৰণৰ দৰে গুৰুত্বপূৰ্ণ খনিজ শোষণত বাধা দিয়ে। ওপৰঞ্চিভাৱে টেনিন পাকস্থলীত গৈ টেনিক এচিডলৈ ৰূপান্তৰিত হয়।

সেয়ে যিসকল লোকে অম্বল বা ক্ষুধামান্দ্যত(Acidity) ভুগিছে, তেনেলোকে চাহ বা কফি পৰিহাৰ কৰা ভাল।

সম্প্ৰতি ভাৰতৰ এক গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্যৰ পৰা চাহ সম্পৰ্কে আমাৰ মনৰ ভ্ৰান্ত ধাৰণা কিছুমান দূৰ কৰিব পাৰি।

  • চাহ খালে আমাৰ ব্লাড প্ৰেচাৰ কম ৰখাত সহায় কৰে। চাহত থকা গামা এমিনো বিউটৰিক এচিড যৌগৰ বাবে এনে হয়।
  • প্ৰতিদিনে গ্ৰীন-টি খোৱা মানুহৰ মাজত পাকস্থলীৰ কেন্সাৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা কম।
  • বেছি পৰিমাণে চাহ খোৱাৰ বাবে গেচট্ৰিক আলচাৰ নহয়, বৰঞ্চ এনে আলচাৰ কমোৱাতহে সহায় কৰে।
  • চাহ খালে ডায়েৰিয়া প্ৰশমিত হয়।
  • চাহত থকা কেটিচিন নামৰ পলিফেনল যৌগই ইনফ্লুয়েঞ্জা আৰু কলেৰা ৰোধ কৰে।

প্ৰতিদিনে ৰাতিপুৱা কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাই চাহ খালেও শিশুক চাহ খাবলৈ দিয়া নহয়। অৱশ্যে বিদেশত শিশুৱেও ৰাতিপুৱাটো আৰম্ভ কৰে ডাঙৰ কাপৰ চাহৰ শোহা মাৰি। শিশুৱে চাহ খাব লাগে নে নালাগে এই বিতৰ্ক আজিও অব্যাহত।

পিছে বিভিন্ন পৰীক্ষালব্ধ ফলৰ পৰা দেখা গৈছে যে, ভাৰতৰ প্ৰায় ৫০ ভাগ শিশু অপুষ্টিজনিত ৰক্তাল্পতাৰ চিকাৰ। নিয়মিত গাখীৰ, চেনি আৰু চাহৰ সম্বন্বিত গুণাগুণেৰে চাহ পান কৰালে এই সমস্যা দূৰ হ’ব পাৰে।

পাঁচ বছৰৰ তলৰ শিশুৰ লেক্টোজ ইনটলাৰেন্সৰ দৰে সমস্যা খুব কম থাকে বাবে গাখীৰ মিহলোৱা চাহ দিব পাৰি। কিন্তু চাহত থকা কেফিনে শিশুক উত্তেজিত কৰা, ভোক নষ্ট হোৱা আদি সমস্যা সৃষ্টি কৰিব পাৰে।

বংশগত প্ৰবণতা হিচাপে যি পৰিয়ালত গেচ, অম্বল বা স্থূলতাৰ সমস্যা আছে তেনে পৰিয়ালৰ শিশুক চাহ খাবলৈ নিদিয়াই ভাল।

চাহ বনাম কফি -

কিছুমান চাহ আৰু কিছুমানে কফি পছন্দ কৰে। গাখীৰ, চেনি মহলাই একাপ কফি খালে-

  • প্ৰোটিন,
  • ফেট,
  • কাৰ্বোহাইড্ৰেটৰ উপৰিও ভিটামিন-এ,
  • ৰিবোফ্লেভিন,
  • কেলচিয়াম আৰু
  • ফছফৰাছ পাব পাৰে।

চাহৰ দৰে কফিত থকা কেফিনে মস্তিষ্কত উদ্দীপনা জগায়। কিন্তু দুচামুচ গুৰি কফি এগিলাচ গৰমপানী বা গৰম গাখীৰত মিহলাই খালে ৬০ৰ পৰা ১২০ মিঃগ্ৰাঃ কেফিন পোৱা যায়। আনহাতে এক চাহ চামুচ চাহপাত একাপ গৰমপানীত পাঁচ মিনিট তিয়াই চেকি লৈ পান কৰিলে ৩০ৰ পৰা ৯০ মিঃগ্ৰাঃ কেফিন পোৱা যায়।

আনহাতে আমি লক্ষ্য নকৰা আন এটি বস্তু হ’ল ক’লডড্ৰিংকচ আৰু চকলেট বাৰ। ২০০ মিঃগ্ৰাঃ ক’লডড্ৰিংকচত অন্ততঃ ৪০ মিঃগ্ৰাঃ আৰু এটি সৰু চকলেট বাৰত ২৫ মিঃগ্ৰাঃ কেফিন পোৱা যায়।

কফি পানৰ উপকাৰিতা অৰু অপকাৰিতা -

কফিত কেফিনৰ উপস্থিতিৰ বাবে পৰিমিত মাত্ৰাত অৰ্থাৎ দিনত দুবাৰকৈ খালে কৰা উপকাৰিতাবোৰ হ’ল-

  • মূৰৰ বিষ বা মাইগ্ৰেন দূৰ হয়।
  • হাঁপানি আৰু শ্বাসকষ্টত সাময়িক আৰাম পোৱা যায়।
  • বাতৰ বিষত আৰামদায়ক।
  • পাকস্থলী আৰু অন্ত্ৰৰ সঞ্চালন স্বাভাৱিক ৰাখে।
  • মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ বিষত ক’লা কফিৰ কুলকুলি কৰিলে সাময়িক আৰাম পোৱা যায়।
  • বমি, অমাশয় আদি ৰোগত পাতল আৰু কমপৰিমাণৰ কফি লাভদায়ক।

আনহাতে অতিৰিক্ত মাত্ৰাত কফি গ্ৰহণৰ ফলত শৰীৰৰ ওপৰত কেফিনৰ ক্ষতিকাৰ প্ৰভাৱ পৰে-

  • কেফিনে হৃৎপিণ্ড আৰু নাড়ীৰ গতি বৃদ্ধি কৰি ৰক্তচাপ বঢ়াব পাৰে।
  • এড্ৰিনেল গ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি কৰি তেজত কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়।
  • অতিৰিক্ত চেনি আৰু গাখীৰৰ সহযোগত কফি সেৱনৰ ফলত কেলৰি আৰু ফেট বৃদ্ধি কৰি স্থূলতাৰ সমস্যাই দেখা দিব পাৰে।
  • বেছি মাত্ৰাত কফি সেৱনৰ ফলত টেনিনে হজমত ব্যাঘাত ঘটায়, কেফিনে গেচট্ৰাইটিচ আৰু পেপটিক আলচাৰ সৃষ্টি কৰিব পাৰে।

দীৰ্ঘদিন ধৰি তিনিকাপৰ বেছি কফি খোৱা লোকসকলৰ ক্ৰমোজোমৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে। আনকি গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত নিয়মিত কফি খালে বিকলাঙ্গ শিশুৰ জন্ম হ’ব পাৰে।

কফিত থকা অতিৰিক্ত কেফিনৰ বাবে নিচা ভাল পোৱাসকলক অন্যান্য নুইচাত আসক্ত কৰি তোলাৰ সম্ভাৱনা থাকে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে। গতিকে ক’ব পাৰি চাহতকৈ কফি উপকাৰী নহয়।

ব্লেক টি আৰু গ্ৰীণ টি:

ব্লেক আৰু গ্ৰীণ টিৰ পাৰ্থক্য কেৱল চাহপাত তৈয়াৰ কৰাৰ পদ্ধতিত। গ্ৰীণ টি জালৰ ওপৰত মেলি দি জলীয় বাষ্পত অলপ শুকুৱাই যন্ত্ৰৰ সহায়ত পাৰ্চিং, ৰোলিং আৰু একেবাৰে শেষত ড্ৰাই কৰা হয়। ইয়াক ফাৰ্মেন্টেচন কৰা নহয়।

সেয়ে ইয়াৰ সোৱাদ অন্যধৰণৰ আৰু শতকৰা এশভাগ কেলৰি মুক্ত। গ্ৰীণ টি ছালৰ সমস্যা আৰু কেন্সাৰ প্ৰতিহত কৰাত অধিক মাত্ৰাত সক্ষম। ই বীজাণুনাশক। ব্লেক টিও প্ৰথমে আচ্ছাদনীৰ তলত বতাহত শুকুৱাই ৰোলিং কৰা হয়।

তাৰ পিছত ফাৰ্মেন্টেচন কৰি বিক্ৰিয়া ঘটাই সোৱাদ আৰু সুগন্ধ অনা হয়। ইয়াৰ পিছত শুকুৱাই ব্লেক টি তৈয়াৰ হয়। দেখাত ব্লেক টিৰ উপকাৰিতা বেছি যেন লাগিলেও পানীয় তৈয়াৰ কৰাৰ পদ্ধতিটোৰ বাবেহে তেনে লাগে।

কাৰণ ব্লেক টিত অতিৰিক্তভাৱে চেনি, গাখীৰ মিশ্ৰণ কৰা হয়। তাৰ বাহিৰে দুয়োটাই এন্টিঅক্সিডেন্ট গুণসম্পন্ন আৰু আন উপকাৰী উপাদান একে মাত্ৰাৰ।

বিদেশৰ বিশেষকৈ চীন, জাপান আৰু ইউৰোপ মহাদেশৰ মানুহে গ্ৰীণ টি খোৱাত অভ্যস্ত। আমাৰ দেশত কাশ্মীৰী লোকসকলৰ মাজত এই চাহ জনপ্ৰিয়।

কেনেদৰে তৈয়াৰ কৰিব -

চাহ গাখীৰ চেনি দি খাব নে নিদিয়াকৈ খাব, শুদা লিকাৰ নে নেমু দিয়া চাহ খাব, এইটো প্ৰত্যেকৰে নিজা মতে আৰু নিজা ৰুচিৰ কথা। চেনি দিয়া চাহ মানেই ক্ষতিকৰ নহয়। চেনিৰ পৰা যায়। পিছে এগৰাকী অতিৰিক্ত ওজনৰ ব্যক্তিয়ে নিশ্চয় চেনি নিদিয়া চাহ খোৱা ভাল।

ঠিক তেনেকৈ চাহত গাখীৰ মিহলালে অতিৰিক্ত প্ৰোটিন পোৱা যায়। কিন্তু এনেধৰণে প্ৰোটিন সৰবৰাহৰ প্ৰয়োজন নাথাকিলে ফিকা চাহ(লিকাৰ-টি) খোৱা ভাল। তদুপৰি আলচাৰ বা অম্বলৰ সমস্যাত ভোগাসকলে গাখীৰ দিয়া চাহ খোৱা অপকাৰী।

নেমু দিয়া চাহত নেমু আৰু চাহ দুয়োটাৰে উপকাৰ পোৱা যায়। নেমুৰ চাইট্ৰিক এচিড চাহৰ টেনিনৰ সৈতে বিক্ৰিয়া ঘটি কাপৰ তলত থিতাপি লয় আৰু তলিৰ খিনি বাদ দি এনে চাহ খোৱা উপকাৰী। মুঠতে ক’বলৈ গ’লে গাখীৰ চাহতকৈ লিকাৰ-টি অপেক্ষাকৃতভাৱে ভাল।

চাহ তৈয়াৰ কৰা পদ্ধতি নিৰ্ভুল হোৱা দৰকাৰ। উতলোৱা চাহ অতি ক্ষতিকাৰক। সেয়ে চাহ তৈয়াৰ কৰাৰ পদ্ধতি জনা উচিত। প্ৰথমতে পানী উতলাৰ পিছত চাহপাত দি চেকি লৈ গাখীৰ আৰু চেনি দিয়া উচিত।

গৰম চাহ কেতিয়াও প্লাষ্টিকৰ কাপ বা গিলাচত খোৱা উচিত নহয়। চীনামাটি বা মাটিৰ কাপ উপযোগী।

কোনো কোনো লোকে হঠাৎ চাহ বেয়া বুলি মাজ বয়সত চাহ খোৱা বন্ধ কৰে। ইয়াৰ বাবে –

  • মূৰৰ বিষ,
  • মেজাজ খিঙখিঙীয়া,
  • কামত এলাহ আদি উইড্ৰয়েল ছিনদ্ৰমে দেখা দিয়ে।

চাহ বিশেষকৈ গ্ৰীণ টিৰ স্কিন কেন্সাৰ প্ৰতিহত কৰাৰ ক্ষমতা আছে বুলি প্ৰমাণিত হৈছে। গ্ৰীণ টিত থকা কেথেমিন ৰসায়নে মানৱ শৰীৰৰ কেন্সাৰৰ সৈতে জড়িত উৎসেচকবোৰ বহুখিনি নিষ্ক্ৰিয় কৰি পেলায়। ছালবাৰ্ণৰ পৰা হোৱা ছালৰ কেন্সাৰত গ্ৰীণ পৰিমিত মাত্ৰাৰ লিকাৰ টি নিঃসন্দেহে শৰীৰৰ বাবে উপকাৰী।

লেখক: হেমন্ত ৰাজখোৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top