মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চি অʼ পি ডি প্ৰতিৰোধৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চি অʼ পি ডি প্ৰতিৰোধৰ উপায় :

চি অʼ পি ডি প্ৰতিৰোধৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনেৰী ডিজিজ(Chronic Obstructive Pulmonary Disease)- চমুকৈ চি অʼ পি ডি হ’ল এক প্ৰকাৰৰ শ্বাসনলীৰ প্ৰদান জনিত ৰোগ। এই ৰোগত আক্ৰান্ত হ’লে হাওঁফাওঁৰ কাৰ্যদক্ষতা কমি আহে। যথোচিত চিকিৎসা নকৰিলে শ্বাসনলী লাহে লাহে শীৰ্ণ হ’বলৈ ধৰে, ফলত সামান্য পৰিশ্ৰম কৰিলেই শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হ’বলৈ ধৰে।

চি অʼ পি ডিৰ প্ৰধান কাৰক হ’ল ধূমপান। বায়ু প্ৰদূষণ এই ৰোগৰ আন এটা কাৰক। পৰোক্ষ ধূমপানৰ ফলতো চি অʼ পি ডিৰ উদ্ৰেক হ’ব পাৰে। ধূমপানৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰা বিষাক্ত পদাৰ্থবোৰ শ্বাসনলী আৰু হাওঁফাওঁৰ মাৰাত্মক ক্ষতি সাধন কৰে আৰু ইয়াৰ ফলত অন্য অনেক ৰোগৰ লগতে চি অʼ পি ডিত আক্ৰান্ত হোৱাৰ আশংকাও যথেষ্ট বৃদ্ধি পায়।

হাঁপানি(Asthma) আৰু চি অʼ পি ডিৰ লক্ষণবোৰ আপাত দৃষ্টিত একে হ’লেও, এই দুবিধ সম্পূৰ্ণ ভিন্ন ৰোগ। হাঁপানি হ’ল এক প্ৰকাৰৰ এলাৰ্জি জনিত ৰোগ। কেৱল শীতকালতেই নহয়, অন্যান্য ঋতুতো এলাৰ্জি জনিত কাৰণত হাঁপানিৰ উদ্ৰেক হ’ব পাৰে। আনহাতে, শীতকালত অনেকেই শ্বাস কষ্টত ভোগে। পিছে শ্বাস কষতত আক্ৰান্ত হোৱা মানেই হাঁপানিত ভোগা বুলি ক’ব নোৱাৰি, শীতকালত চি অʼ পি ডি জনিত শ্বাস কষ্টৰ প্ৰকোপো বৃদ্ধি পায়। দীৰ্ঘদিন ধূমপান কৰি থকাৰ ফলত হাওঁফাওঁ ক্ষতিগ্ৰস্ত হয় আৰু ইয়াৰ ফলত ধূমপায়ীসকলে মাজে মাজে ভালদৰে উশাহ ল’ব নোৱাৰা হয়, শীতকালত এই সমস্যাৰ প্ৰকোপ বাঢ়ে- এয়া চি অ’ পি ডিৰ লক্ষণ।

শীতকালত বায়ু শীতল আৰু গধুৰ হয়। ফলত সেই সময়ত বিশুদ্ধ তথা সতেজ বায়ু দুষ্প্ৰাপ্য হৈ পৰে। ইয়াৰ লগতে সাম্প্ৰতিক কালত দ্ৰুতগতিত বাঢ়ি অহা বায়ু প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত শীতকালত বায়ুমণ্ডল তেনেই অস্বাস্থ্যকৰ হৈ পৰে। যান-বাহন আৰু কল-কাৰখানাৰ ধোঁৱা, বিভিন্ন জৈৱ-অজৈৱ পদাৰ্থ জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা ধোঁৱা আদিৰ সৈতে কুঁৱলী মিহলি হৈ, শীতকালত বায়ুমণ্ডল একপ্ৰকাৰ বিষময় হৈ পৰে। শীতকালত শীতল তথা গধুৰ বায়ু সহজে ওপৰলৈ উঠিব নোৱাৰে। ফলত অস্বাস্থ্যকৰ ধোঁৱা পৰিৱেশতেই থাকি যায়। এনে ধোঁৱা মিহলি বায়ু হাওঁফাওঁৰ বাবে মাৰাত্মক ক্ষতিকাৰক। ইয়াৰ পৰিপ্ৰেক্ষিতত শ্বাস কষ্টজনিত সমস্যা বৃদ্ধি পায়। এনে অৱস্থাত হাওঁফাওঁৰ বায়ু চলাচলৰ পথ সংকীৰ্ণ হৈ পৰে আৰু সেয়েহে হাওঁফাওঁৱে পৰ্যাপ্ত মাত্ৰাত অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে। উশাহ-নিশাহত কষ্ট হোৱাৰ লগতে চি চি শব্দ হয়।

উশাহত গ্ৰহণ কৰা বায়ু হাওঁফাওঁ পোৱাৰ পূৰ্বে নাকৰ ৰক্তবাহী নলীৰ সংস্পৰ্শত উষ্ণ আৰু আৰ্দ্ৰ হৈ পৰে, কিন্তু শীতকালত বায়ু উশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰাৰ পিছতো শীতল আৰু শুষ্ক হৈয়েই থাকে। স্বাভাৱিকতে সেই বায়ুৱে শৰীৰত সমস্যাৰ সৃষ্টি কৰে তথা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ উদ্ৰেক হোৱাৰ আশংকা আহি পৰে। তদুপৰি শীতকালত মিউকাছৰ বৰ্ধিত নিঃসৰণেও শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ প্ৰকোপ বৃদ্ধিত অৰিহণা যোগায়। শ্বাস গ্ৰহণৰ পথত মিউকাছৰ এটা স্তৰ থাকে- যি শৰীৰৰ বাবে অপ্ৰয়োজনীয় পদাৰ্থৰ কণিকাবোৰ শ্বাসৰ জৰিয়তে গ্ৰহণ কৰা বায়ুৰ সৈতে শৰীৰত প্ৰৱেশ কৰাটো প্ৰতিৰোধ কৰে। শীতল পৰিৱেশত এনে মিউকাছৰ স্তৰটো আপেক্ষিকভাৱে অধিক ডাঠ আৰু আঠালতীয়া হৈ পৰে। এই ডাঠ আৰু আঠালতীয়া মিউকাছৰ ফলত হাওঁফাওঁলৈ বায়ুৰ সঠিক সৰবৰাহৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হয়।

চি অʼ পি ডি প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী -

*ধূমপান পৰিত্যাগ কৰাটো অত্যন্ত জৰুৰী।

*বাহিৰৰ পৰিৱেশত মাস্ক ব্যৱহাৰ কৰিব লাগে।

*ব্যায়াম আৰু কাম-কাজ কৰি সক্ৰিয় হৈ থাকিব লাগে।

*বাস কৰা ঠাইৰ চাৰিওফাল পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে।

*প্ৰয়োজনীয় প্ৰতিষেধক আগতীয়াকৈ লৈ থ’ব লাগে।

*অসুস্থ মানুহৰ পৰা আঁতৰি থাকিব লাগে।

*ধোঁৱা আৰু ধূলিৰ পৰা নিজক আঁতৰাই ৰাখিব লাগে।

*হেণ্ডৱাশ্ব ব্যৱহাৰ কৰিব লাগে।

সমস্যা বৃদ্ধি হ’লে ল’বলগীয়া ব্যৱস্থাৱলী -

*ইনহেলাৰ ব্যৱহাৰ কৰিব লাগে।

*চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে।

*সমস্যাৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পালে তথা ৰোগীয়ে ইনহেলাৰ ব্যৱহাৰ কৰিব নোৱাৰিলে ইঞ্জেকচনৰ জৰিয়তে ৰোগীৰ চিকিৎসা কৰা হয়। চিকিৎসকৰ পৰামৰ্শ অবিহনে ইনহেলাৰ ব্যৱহাৰ নকৰাই ভাল, চিকিৎসকে যি ধৰণে ইনহেলাৰ ব্যৱহাৰ কৰিবলৈ দিয়ে, সেই ধৰণে ব্যৱহাৰ কৰিব লাগে।

লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

3.05882352941
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top