মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চিকিৎসাৰ ক্ষেত্ৰত পৰিহাৰ কৰিবলগীয়া কেইটিমান কথাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিকিৎসাৰ ক্ষেত্ৰত পৰিহাৰ কৰিবলগীয়া কেইটিমান কথাঃ

চিকিৎসাৰ ক্ষেত্ৰত পৰিহাৰ কৰিবলগীয়া কেইটিমান কথাৰ বিষয়ে লিখা হৈছে


সম্প্ৰতি আধুনিক চিকিৎসা সেৱা অত্যন্ত ব্যয়বহুল হৈছে-


গতিকে অনাহকত যিকোনো দৰবৰ ব্যৱহাৰ বা নিৰ্ণায়ক পৰীক্ষা নকৰাকৈ থাকিলে নিজৰ তথা দেশৰ আৰ্থিক লাভ হব। আপুনি নিম্নোলিখিত কথাকেইটা মনত ৰাখিব।

-কঁকালৰ বিষ হলেই এক্স-ৰে নকৰাব। এনে বিষ সাধাৰণতে কেইসপ্তাহমানৰ ভিতৰতে কমি যায়। তদুপৰি এক্স-ৰে কৰা মানে চিকিৎসা কৰা নুবুজায়। এয়া নিৰ্ণায়ক পৰীক্ষা। কঁকালৰ বিষত এক্স-ৰে কৰিলে সাধাৰণতে বিশেষ একো পোৱা নাযায়। গতিকে শৰীৰক অনাহকত তেজষ্ক্ৰিয়তাৰ দ্বাৰা প্ৰভাৱিত কৰা উচিত নহয়। অৱশ্যে যদিহে ছয় সপ্তাহৰ পাছতো বিষ ভাল নহয়, বিষ হঠাতে বৃদ্ধি হয় অথবা বিষৰ লগতে অন্য লক্ষণো দেখা যায় তেতিয়া এক্স-ৰে কৰিব লাগিব।

- ছাইনচাইটিছ হলেই এণ্টিবায়টিক দৰব নাখাব। অন্ততঃ ১০ দিনলৈ সাধাৰণতে ছাইনচাইটিছৰ কাৰক বেক্টেৰিয়া নহয়। তৎসত্ত্বেও চিকিৎসকসকলে এণ্টিবায়টিক দৰবৰ নিদানপত্ৰ দিয়া দেখা যায়। মনত ৰাখিব এণ্টিবায়টিকৰ সংক্ৰমণ হলেহে এণ্টিবায়টিকে কাম কৰিব, অন্যাথা অনাহকত এই দৰব খোৱা হব।

-সাধাৰণতে ২১ বছৰ বয়সৰ ওপৰৰ মহিলাক পেপ্ স্মিয়েৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হয়। এই পৰীক্ষাৰ দ্বাৰা জৰায়ুমুখৰ কেঞ্চাৰৰ সম্ভাৱনা চিনাক্ত কৰিব পাৰি। কিন্তু যিসকল মহিলাৰ সম্পূৰ্ণ জৰায়ু অস্ত্ৰোপচাৰ কৰি উলিয়াই পেলোৱা হৈছে, তেওঁলোকে পেপ্ স্মিয়েৰ পৰীক্ষা কৰাৰ কোনো অৰ্থ নাই। বহু চিকিৎসকে এই দিশটোৰ প্ৰতি গুৰুত্ব নিদি সকলো মহিলাক পৰীক্ষাটো কৰাৰ পৰামৰ্শ দিয়ে। জৰায়ু নথকা মহিলাই এই কথা চিকিৎসকক সোঁৱৰাই দিয়া উচিত।


শিশুৰ আহাৰঃ


৯ বছৰমান বয়সলৈ লৰা আৰু ছোৱালীৰ পুষ্টিগত আৱশ্যকীয়তা প্ৰায় একে থাকে। ইয়াৰ পাছত কিছুমান পুষ্টিদ্ৰব্যৰ ক্ষেত্ৰত কিছু সালসলনিৰ আৱশ্যক হয়।

কেলৰী আৰু প্ৰটিনঃ

কেলৰীৰ আৱশ্যকতা এই বয়সত লাহে লাহে বৃদ্ধি হয়। ছোৱালীৰ ক্ষেত্ৰত ৭-১২ বছৰলৈ এই আৱশ্যকতা প্ৰায় একেই থাকে। লৰাৰ ক্ষেত্ৰত ৭-৯ বছৰৰ পৰা ১০-১২ বছৰ বয়সলৈ পুষ্টিগত আৱশ্যকীয়তা কিছু বৃদ্ধি পায়। আনহাতে ছোৱালীৰ ক্ষেত্ৰত ১০-১২ বছৰ বয়সত প্ৰটিনৰ প্ৰয়োজনীয়তা লৰাৰ তুলনাত অধিক হয়। কাৰণ এই বয়সত ছোৱালীৰ কন্যাকাল প্ৰাপ্তিৰ সময় সমাগত হয়। এই সময়ত বয়সভেদে লৰা-ছোৱালীৰ কেলৰী আৰু আন কেতবোৰ পুষ্টিদ্ৰব্যৰ দৈনিক আৱশ্যকতা সংক্ষেপে তলত দিয়া হল-

শ্ৰেণী

বয়স

শৰীৰৰ ওজন (কেজি)

কেলৰী

প্ৰটিন

স্নেহদ্ৰব্য

কেলছিয়াম মিঃগ্ৰাঃ

আইৰন

মিঃগ্ৰাঃ

ভিটামিন-এ

মাইক্ৰগ্ৰাম

শিশু

৭-৯ বছৰ

২৫.২

১৯২৫

৪১

১৫

৪০০

২৫

৬০০

ৰা

১০-১২ বছৰ

৩৩.৫

২১৫০

৫৩

১৫

৬০০

২৮

৬০০

ছোৱালী

১০-১২ বছৰ

৩৫.০

১৯৫০

৫৫

১৫

৬০০

২০

৬০০

খনিজ লৱণঃ


প্ৰাপ্তবয়স্ক লোকতকৈ ১০-১২ বছৰৰ শিশুৰ কেলছিয়ামৰ আৱশ্যকতা অধিক হয়। কাৰণ এই সময়ত হাড়ৰ বৃদ্ধিৰ বাবে অধিক কেলছিয়ামৰ আৱশ্যক হয়। আনহাতে লৰাৰ ক্ষেত্ৰত শৰীৰত তেজৰ ঘনত্ব বৃদ্ধি পোৱাৰ বাবে লৌহ পদাৰ্থৰ আৱশ্যকতা বৃদ্ধি পায়। ছোৱালীৰ ক্ষেত্ৰত ১০-১২ বছৰ বয়সত লৌহ পদাৰ্থৰ আৱশ্যকতা কম হোৱাৰ কাৰণ হল, এই সময়ত ছোৱালীৰ শৰীৰৰ লৌহ পদাৰ্থ শোষণৰ ক্ষমতা অধিক হয় (৫ শতাংশ) যি ক্ষমতা ৭-৯ বছৰ বয়সত কম (৩ শতাংশ) থাকে।

এটি স্কুলীয়া শিশুৰ বাবে ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰ হল অতি জৰুৰী কাৰণ পুৱাৰ আহাৰৰ পাছতেই শিশুটি স্কুলৰ ৰুটিনত ব্যস্ত হব লগা হয়। পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে যিসকল স্কুলীয়া শিশুৱে পুৱাৰ আহাৰ ভালদৰে নাখায় তেওঁলোকৰ স্কুলীয়া শিক্ষা বা আন কাৰ্যত যোগদান আন শিশুতকৈ দুৰ্বল হয়। অৱশ্যে আজিকালি চৰকাৰী স্কুলৰ মধ্যাহ্ন ভোজনৰ জৰিয়তে শিশুৱে কিছু পুষ্টি আহৰণ কৰিব পাৰে। স্কুলীয়া শিশুৱে লগৰীয়াৰ লগত স্কুলৰ টিফিন খোৱাৰ সময়ত আন আন লৰা-ছোৱালীক দেখি বা টিফিন ভগাই খাওঁতে নতুন নতুন খাদ্যাভ্যাস গঢ় লৈ উঠে। আজিকালি টেলিভিছনৰ জৰিয়তেও শিশুসকল নতুন খাদ্যৰ লগত পৰিচিত হয়। এইক্ষেত্ৰত শিশুটিৰ সঠিক খাদ্যাভ্যাস গঢ়ি তোলাত পিতৃ-মাতৃৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে শিশুটিৰ পচন্দ-অপচন্দৰ প্ৰতি লক্ষ্য ৰাখি নতুন নতুন প্ৰণালীৰে পুষ্টিকৰ আহাৰ তৈয়াৰ কৰি শিশুটিক দিব লাগে আৰু মাজে মাজে শিশুটিকো নিজৰ পচন্দৰ আহাৰ তৈয়াৰ কৰাত জড়িত কৰিব লাগে।

(উৎসঃ খবৰ)।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top