মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চিজাৰিয়ান অস্ত্ৰোপচাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিজাৰিয়ান অস্ত্ৰোপচাৰ

 

খুব কষ্ট কৰিব লগা হ’ল।প্ৰসুতিৰ মাক,বাপেক আৰু সম্পৰ্কীয় মানুহখিনিক বুজাওঁতেই এঘণ্টামান লাগিল।কোনোমতে অস্ত্ৰোপচাৰৰ বাবে সন্মতি নিদিয়ে।ইফালে মাক আৰু গৰ্ভস্থ সন্তানটিৰ অৱস্থা শোচনীয়।মাকৰ উচ্চ ৰক্তচাপ,ভৰি-গা-মুখ ফুলি গৈছে।গৰ্ভস্থ সন্তানটিৰ হৃদস্পন্দন কমি গৈ আছে।আন চিকিৎসালয়লৈ পঠিয়াই দিলেও বাটতে সন্তানটিৰ কি হয় ঠিক নাই।শেষত বহু চিন্তা কৰি আন ঠাইলৈ আন ঠাইলৈ লৈ যোৱাৰ বাবে পৰামৰ্শ আগবঢ়ালো। অস্ত্ৰোপচাৰ নকৰা ববএ মাক বা কেঁচুৱাটিৰ কিবা অঘটন হ’লে আমাৰেই দোষ হ’ব।আন ঠাইলৈ নিবলৈ কোৱাৰ লগে লগে তেওঁলোক কোৱাৰ লগে লগে তেওঁলোক অলপ নমনীয় হ’ল।ইয়াৰ মাজতে আশা কৰ্মী এগৰাকী আহি ওলাল।তেওঁক কথাটো বুজোৱাত তেৱেঁই মানুহখিনিক সন্মত কৰালে।অৱশেষত অস্ত্ৰোপচাৰৰ অনুমতি দিলে।লগে লগে অস্ত্ৰোপচাৰ আৰম্ভ হ’ল।মাক আৰু কেঁচুৱা দুয়োকে সুকলমে এসপ্তাহ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিলো।কেঁচুৱাটিয়ে মাকৰ পেটৰ ভিতৰত থাকোতে পাইখানা কৰা বাবে দুদিনমান চিকিৎসালয়ত বেছিকৈ থাকিব লগা হ’ল।এনেধৰণৰ পৰিস্থিতিৰ প্ৰায়ে এজন স্ত্ৰীৰোগ বিশেষজ্ঞ সন্মুখীন হয়।অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱৰ য’ত দৰকাৰ তাত গৃহস্থই অনুমতি নিদিয়ে বা দিয়াত পলম কৰে।কেতিয়াবা আকৌ সাধাৰণভাৱে স্বাভাৱিক প্ৰসৱৰ সম্ভাৱনা থাকিলেও চিজাৰিয়ান কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে।ক’ৰবাত ক’ৰবাত এইটোও শুনা যায় যে ডাক্তৰে এনেয়েও বহু চিজাৰিয়ান কৰে।মানুহৰ ভুল ধাৰণা দুৰ কৰাটো দুৰুহ কাম।সেয়েহে চিজাৰিয়ান কি,কিয় কৰা হয়,ইয়াৰ বেমেজালিসমুহ কি নিজে বুজি লোৱাৰ প্ৰয়োজন,বিশেষকৈ নিজৰ প্ৰসৱৰ আগেয়ে।‘চিজাৰিয়ান’ৰ নাম নুশুনা মানুহ কমেই ওলাব।প্ৰসৱ (ডেলিভাৰী)দুই ধৰণৰ।এবিধ সাধাৰণভাৱে হোৱা প্ৰসৱ (নৰ্মেল ডেলিভাৰী)আৰু আনবিধ অস্ত্ৰোপচাৰৰ সহায়ত কৰা প্ৰসৱ।ইয়াত মাকজনীৰ পেট,জৰায়ু কাটি সন্তানটি প্ৰসৱ কৰোৱা হয়।যেতিয়া মাকজনীয়ে সাধাৰণভাৱে প্ৰসৱ কৰিবলৈ অসমৰ্থ হয় বা গৰ্ভস্থ সন্তানটিৰ প্ৰতিকুল পৰিৱেশৰ বাবে সাধাৰণ প্ৰসৱত বাধা আহি পৰে,তেতিয়া অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱ কৰোৱা হয়।

চিজাৰিয়ান কাৰণসমুহ দুভাগত ভাগ কৰা হয়-

 

১/ এবছলিউট আৰু

২/ ৰিলেটিভ

এবছলিউট কাৰণ:

 

*প্লেচেণ্টা (ফুল)ই জৰায়ুৰ মুখখন সম্পুৰ্ণকৈ আৱৰি থাকিলে সাধাৰণ প্ৰসৱ অসম্ভৱ।

*মাকজনীৰ প্ৰসৱৰ পথ অতি ঠেক হ’লে।

*জৰায়ুৰ মুখত কৰ্কট ৰোগ হ’লে।

*জৰায়ুৰ মুখত টেমুনা (টিউমাৰ)থাকিলে চিজাৰিয়ানৰ গত্যন্তৰ নাই।

ৰিলেটিভ কাৰণ:

 

*গৰ্ভস্থ সন্তানটি মাকজনীৰ প্ৰসৱৰ পথতকৈ ডাঙৰ হ’লে।

* আগেয়ে চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰোৱাৰ ইতিহাস থাকিলে পুনৰ চিজাৰিয়ান কৰা হয়।এনে ক্ষেত্ৰত আগৰ চিলাই কৰা জৰায়ুৰ অংশ ফাটি যোৱাৰ আশংকাত পুনৰ চিজাৰিয়ান কৰা হয়।

* যদিহে গৰ্ভস্থ শিশুটিয়ে মাকৰ পেটত কষ্ট পোৱা আৰম্ভ হয়,তেতিয়াও শিশুটিৰ স্বাৰ্থত অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱ কৰোৱা হয়। হৃদস্পন্দন কমি গ’লে,শিশুটিৰ লৰচৰ কমি গ’লে,শিশুটিয়ে মাকৰ পেটৰ ভিতৰত কষ্ট পাই থকা বুজায়।

*প্ৰসৱ অতি দীঘলীয়া হ’লে অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱ কৰোৱা হয়।দীৰ্ঘ সময় জুৰি প্ৰসৱ বেদনাত ভুগি থকাৰ পিছতো সাধাৰণ প্ৰসৱ নহ’লে বা প্ৰসৱত জটিলতা আহি পৰিলে চিজাৰিয়ান কৰা হয়।প্ৰথম প্ৰসুতিৰ ক্ষেত্ৰত প্ৰসৱৰ সময় ১০-১২ ঘণ্টা,দ্বিতীয় বা ততোধিক সন্তান থকা প্ৰসুতিৰ ক্ষেত্ৰত প্ৰসৱৰ সময় ১০-১২ ঘণ্টা,দ্বিতীয় বা ততোধিক সন্তান থকা প্ৰসুতিৰ ক্ষেত্ৰত প্ৰসৱৰ সময় ৬ ঘণ্টা ধৰা হয়।

*গৰ্ভাৱস্থাৰ সময়ত হোৱা ৰক্তক্ষৰণ চিজাৰিয়ানৰ আন এক কাৰণ।প্লেচেণ্টা (ফুল)ই গৰ্ভাশয়ৰ তলৰ ফালে অৱস্থান ল’লে বা স্বাভাৱিক প্লেচেণ্টা,কিন্তু ৰক্তক্ষৰণ হৈছে-তেতিয়াও চিজাৰিয়ান কৰা হয়।

*গৰ্ভস্থ সন্তানটিৰ অৱস্থিতি অস্বাভাৱিক হ’লেও চিজাৰিয়ান কৰা হয়। উদাহৰণস্বৰুপে সন্তানটি পথালিকৈ থাকিলে,মুৰ ওপৰ কৰি থাকিলে,বেঁকা হৈ থাকিলে আদি। সাধাৰণ অৱস্থাত গৰ্ভস্থ সন্তানটি মুৰ তললৈ কৰি থাকে।

*মাকজনীৰ আগতে কেইবাবাৰো সন্তান নষ্ট হোৱাৰ ইতিহাস থাকিলেও চিজাৰিয়ান কৰা হয়।

*উচ্চ ৰক্তচাপত ভোগা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কোনো কোনো ক্ষেত্ৰত চিজাৰিয়ান কৰা হয়।উদাহৰণ স্বৰুপে ঔষধ ব্যৱহাৰ কৰিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে,উচ্চ ৰক্তচাপৰ লগতে গৰ্ভৱতী মহিলাগৰাকী ফিট হ’লে,মাকৰ জীৱন বচাবলৈ চিজাৰিয়ান কৰা হয়।(সাধাৰণ প্ৰসৱ সুদুৰপৰাহত হ’লে)প্ৰসৱৰ পিছতে উচ্চ ৰক্তচাপ কমি যায়।

*গৰ্ভৱতী মহিলাৰ বয়স,প্ৰথম প্ৰসুতিৰ ক্ষেত্ৰত ৩৫ ৰ ঊধৰ্বৰ হ’লেও সম্ভাব্য বিপসদমুহৰ কথা ভাবি চিজাৰিয়ান কৰা হয়।

* গৰ্ভৱতী মহিলাগৰাকীৰ হাৰ্টৰ অসুখ ,ডায়েবেটিছ আক্ৰান্ত হ’লেও চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰোৱা হয়।

বৃদ্ধিৰ কাৰণ:

 

  • গৰ্ভস্থ সন্তানটিৰ স্বাস্থ্যৰ বিষয়ে সচেতনতা বৃদ্ধি।আগৰ দিনত ৪-৫ টা সন্তানৰ ঠাইত আজি এটা বা দুটা সন্তানেই যথেষ্ট জ্ঞান কৰে প্ৰায়ভাগ স্ত্ৰী-পুৰুষে। সেয়েহে গৰ্ভস্থ সন্তানটিৰ সুস্বাস্থ্যৰ বাবে সচেতন মাক-বাপেকে চিজাৰিয়ান প্ৰথা বাছি লয়।

*মাকৰ সম্ভাব্য বিপদসমুহ আগতীয়াকৈ চিনাক্ত কৰি উলিয়াব পৰা হোৱাটোও চিজাৰিয়ানৰ পৰিসংখ্যা বৃদ্ধিৰ আন এক কাৰণ।

*এবাৰ চিজাৰিয়ান হ’লে পিছৰবাৰো চিজাৰিয়ান কৰাৰ প্ৰৱণতাৰ পৰিসংখ্যা বৃদ্ধিৰ অন্য এক কাৰণ।

*অতি কঠিন প্ৰসৱ মাক আৰু শিশুটিৰ স্বাৰ্থত বাদ দি অস্ত্ৰোপচাৰ কৰা বাবেও পৰিসংখ্যা বৃদ্ধি পাইছে।

*আগতে গৰ্ভস্থ সন্তান ওলোটাকৈ থাকিলেও সাধাৰণ প্ৰসৱৰ চেষ্টা কৰা হৈছিল।ফলত গৰ্ভস্থ সন্তানটিৰ মৃত্যু ঘটিছিল। আজিকালি সন্তান ওলোটাকৈ বা পথালিকৈ থাকিলে চিজাৰিয়ান কৰাটো লিখিত নিয়ম।

*আইনী ব্যৱস্থাৰ পৰা হাত সাৰিবলৈও বহুতে নিৰাপদ চিজাৰিয়ানৰ আশ্ৰয় লয়। সাধাৰণ প্ৰসৱ দীঘলীয়া ১০-১২ ঘণ্টা। এই সময়খিনিৰ ভিতৰত কেনেবাকৈ সন্তানটিৰ মৃত্যু ঘটিলে চিকিৎসা আইনৰ কাঠগৰাত থিয় হ’ব লাগিব। পৰিত্ৰাণ হিচাপে অস্ত্ৰোপচাৰ কৰি নিৰাপদ দুৰত্বত আশ্ৰয় লয়।

*বহুতো গৰ্ভৱতী মহিলাৰ ঘৰৰ মানুহে শুভ দিন,বাৰ চাই চিজাৰিয়ান কৰিবলৈ জোৰ দিয় দেখা যায়। পৰিসংখ্যা বৃদ্ধিৰ ইও এক কাৰণ।

*বহুতে ভাবে চিকিৎসকে অৰ্থৰ লোভত অযথা অস্ত্ৰোপচাৰ কৰে। ই কিমানদুৰ সত্য সেয়া বিচাৰ্য বিষয়। চিজাৰিয়ানৰ যিমানবোৰ বেমেজালি,আইনী মেৰপাক,অস্ত্ৰোপচাৰ কৰাৰ পৰা ঘৰলৈ যোৱালৈকে,তাৰ পিছতো প্ৰথম ডেৰ মাহত যিমানবোৰ বেমেজালিয়ে দেখা দি চিকিৎসকৰ টোপনি হৰণ কৰে,তেনে ক্ষেত্ৰত অনাহকত অস্ত্ৰোপচাৰ কথাষাৰ কিমান সত্য ভাবি চাবলগীয়া।

 

মাকজনীৰ ক্ষেত্ৰত দেখা দিব পৰা সমস্যাসমুহ:

 

প্ৰচুৰ ৰক্তক্ষৰণ:অস্ত্ৰোপচাৰৰ সময়ত বা তাৰ পিছত হোৱা ৰক্তক্ষৰণৰ বাবে মাকজনীক তেজ দিব লগা হ’ব পাৰে। প্ৰত্যেক অস্ত্ৰোপচাৰতে প্ৰায় ১ লিটাৰ তেজ লোকচান হয়। আগৰে পৰাই ৰক্তহীনতাত ভোগা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত অৱস্থা আৰু বেয়া হ’ব পাৰে।ৰক্তক্ষৰণৰ ফলত মহিলাগৰাকী মুৰ্ছা যাব পাৰে।কেতিয়াবা আনকি জৰায়ু গুচাই পেলাব লগা অৱস্থাৰো সৃষ্টি হয়।

 

সংজ্ঞাহীনকৰী ঔষধৰ পাৰ্শ্বক্ৰিয়া:

 

*ইনফেকচন

*খাদ্যনলীৰ অবষ্ট্ৰাকচন

*ৰক্তবাহী নলীত তেজ গোট মাৰি হোৱা বিপদ (থ্ৰ’ম্ব’ছিছ)

*চিলাই নুশুকোৱা আৰু ইনফেকচন

কোনো কোনো ক্ষেত্ৰত মহিলাগৰাকী মৃত্যুৰ মুখতো পৰিব পাৰে। মৃত্যুৰ হাৰ ০.৫ -০.৩ শতাংশ। মৃত্যুৰ কাৰণ হিচাপে প্ৰচুৰ ৰক্তক্ষৰণ, ইনফেকচন, সংজ্ঞাহৰণকাৰী ঔষধৰ পাৰ্শ্বক্ৰিয়া, হাওঁফাওঁৰ এম্ব’লিজম জগৰীয়া। জৰায়ুত থিতাপি লৈ থকা,সাধাৰণ অৱস্থাত নিষ্ক্ৰিয় কেতবোৰ অণুজীৱ অস্ত্ৰোপচাৰৰ পিছত সক্ৰিয় হৈ সোঁচৰণ কৰি মাকজনীৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।এনে ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ সকলো প্ৰচেষ্টাই বিফল হৈ সুস্থ হৈ থকা মহিলাগৰাকীক অস্ত্ৰোপচাৰৰ পিছতেই মৃত্যুৰ গৰাহলৈ ঠেলি দিব পাৰে।

 

নৱজাতকৰ ক্ষেত্ৰত দেখা দিয়া বেমেজালি:

 

*নৱজাতক শিশুৰ মৃত্যুৰ হাৰ সাধাৰণ প্ৰসৱৰ তুলনাত কেইবাগুণো বৃদ্ধি পায়। চিজাৰিয়ানৰ ক্ষেত্ৰত নৱজাতকৰ মৃত্যুৰ হাৰ ৫-১০ শতাংশ।ইয়াৰ কাৰণ হিচাপে কোৱা হয়।

*উশাহৰ অভাৱত মৃত্যু।

*অপৈণত হাওঁফাওঁ

*সোঁচৰণ আদি

*সময়তকৈ বহু আগেয়ে জন্ম হোৱা

*মগজুৰ ভিতৰত হোৱা ৰক্তক্ষৰণ।

সামৰণিত ইয়াকে ক’ব পাৰি যে সুস্থ-সবল শিশু এটিৰ জন্ম আৰু মাকৰ সুস্বাস্থ্যই প্ৰসৱৰ মুল লক্ষ্য। আগতে মাকৰ স্বাৰ্থৰ বাবে চিজাৰিয়ান কৰা হৈছিল। এতিয়া শিশু আৰু মাক দুয়োটাৰে স্বাৰ্থৰ বাবে চিজাৰিয়ান কৰা হয়। সুকলমে হ’লে চিজাৰিয়ান যিমান নিৰাপদ, কষ্টকৰ, স্বাভাৱিক প্ৰসৱ মাক আৰু শিশু দুয়োৰে বাবে সিমান বিপজ্জনকো হ’ব পাৰে। পৰিস্থিতি সাপেক্ষে কৰা মুল্যায়ন ,যি মাক-শিশু দুয়োৰে বাবে হিতকাৰী,সেয়াহে লক্ষ্য হোৱা উচিত।

 

লেখক: ডা: ৰাজীৱ লোচন শৰ্মা (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

3.09090909091
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top