মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চিৎ হৈ শোৱাটোৱে ব্ৰেইন ষ্ট্ৰোকৰ আৰোগ্যত সহায় নকৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিৎ হৈ শোৱাটোৱে ব্ৰেইন ষ্ট্ৰোকৰ আৰোগ্যত সহায় নকৰে

চিৎ হৈ শোৱাটোৱে ব্ৰেইন ষ্ট্ৰোকৰ আৰোগ্যত সহায় নকৰে

ব্ৰেইন ষ্ট্ৰোক হ'লে কি কৰিব-

 

কোনো ব্যক্তিৰ ‘ব্ৰেইনক ষ্ট্ৰোক’ হোৱাৰ পিছত ৰোগীক ওপৰলৈ মুখ কৰি বিছনাত দীঘল দি শোৱাই দিলে ৰোগীৰ মস্তিষ্কলৈ তেজৰ সঞ্চালন বৃদ্ধি হয় আৰু তাৰ ফলত ৰোগীৰ আৰোগ্যৰ প্ৰক্ৰিয়া ভাল বুলি সাধাৰণভাৱে বিশ্বাস কৰি অহা হৈছিল। কিন্তু শেহতীয়া এক অধ্যয়নে এই বিশ্বাস ভিত্তিহীন বুলি প্ৰমাণ কৰিছে।

২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ২০১৬ চনৰ নৱেম্বৰ মাহলৈ ইংলেণ্ড, অষ্ট্ৰেলিয়া, চীন, টাইৱান, ভাৰত, চিলি, ব্ৰাজিল আৰু কল’ম্বিয়া আদি দেশৰ মুঠ ১১৪ খন হাস্পতালৰ ১১,০৯৩ জন ৰোগীৰ ওপৰত চলোৱা অধ্যয়নত এই বিষয়ৰ ওপৰত আন কিছুমান তথ্যহে পোহৰলৈ আহিল। ভাৰতৰ ছখন ঠাইৰ ছখন ষ্ট্ৰোক চেন্টাৰৰ ৪৯৯ জন ৰোগীৰ ওপৰত এই অধ্যয়নটো চলোৱা হৈছিল। এই অধ্যয়নত অংশগ্ৰহণ কৰা অধিকাংশ ৰোগীৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ ষ্ট্ৰোক হৈ গৈছে আৰু এই ৰোগীসকল ৫৩ৰ পৰা ৮১ বছৰ বয়সৰ মাজৰ। এই ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰথম ২৪ ঘন্টাৰ ভিতৰত ওপৰলৈ মুখ কৰি চিৎ হৈ শুবলৈ বা মূৰটো ৩০° ডিগ্ৰীলৈ উঠাই শুবলৈ কোৱা হৈছিল। ৯০ দিনৰ পিছত এই ৰোগীসকল কিমান অকামিলা হৈছে বা এই সময়ছোৱাত কিমানজনৰ মৃত্যু ঘটিছে সেই কথা পৰ্যালোচনা কৰি চোৱা হৈছিল।

এবাৰ ষ্ট্ৰোক হৈ যোৱাৰ পিছত চিৎ হৈ শুই থকা বা ৩০° ডিগ্ৰী হেলনীয়াকৈ বহি থকাৰ ফলত আৰোগ্য হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্থক্য দেখা পোৱা নগ’ল। এই তথ্য ‘নিউ ইংলেণ্ড জাৰ্ণেল অব মেডিচিন’ নামৰ জাৰ্ণেলখনত প্ৰকাশ পাইছে।

আজি সমগ্ৰ বিশ্বতে ব্ৰেইন ষ্ট্ৰোক মানুহৰ অকাল মৃত্যু আৰু পংগুত্বৰ প্ৰধান কাৰণ-

 

ব্ৰেইন ষ্ট্ৰোকৰ ৰোগীক আৰোগ্য কৰিবৰ কাৰণে ওপৰলৈ মুখ কৰাই চিৎ হৈ শুৱাই দিয়া হয়। কিন্তু এই ব্যৱস্থাৰ ফলত ৰোগীৰ নিউমোনিয়া হোৱাৰ আশংকা বৃদ্ধি পায়। অষ্ট্ৰেলিয়াৰ ‘জৰ্জ ইনষ্টিটিউট ফৰ গ্লোবেল হেলথ’ৰ সাধাৰণতে হোৱা ষ্ট্ৰোকৰ(Acute Ischemia) ক্ষেত্ৰত ৰোগীৰ মূৰৰ অৱস্থানে আৰোগ্য লাভৰ ক্ষেত্ৰত কোনো ধৰণে সহায় নকৰে। ষ্ট্ৰোক হৈ যোৱাৰ পিছৰ ২৪ ঘন্টাত ৰোগীৰ প্ৰতি শুশ্ৰূষাহে ৰোগীক আৰোগ্য কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

ভাৰতবৰ্ষৰ দৰে কম আয়ৰ বা মধ্যমীয়া আয়ৰ দেশৰ ক্ষেত্ৰত ৰোগীৰ চিকিৎসা প্ৰদানৰ দিহা প্ৰস্তুতকৰণৰ বাবে এই ফলাফলবিলাকে যথেষ্ট সহায় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.95454545455
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top