মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চিৰ যৌৱন অটুট ৰখাৰ বাবে ২০টা ‘ছুপাৰ ফুড’:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিৰ যৌৱন অটুট ৰখাৰ বাবে ২০টা ‘ছুপাৰ ফুড’:

 

আমি দৈনন্দিন আহাৰৰূপে খাই থকা খাদ্যবোৰে আমাৰ দেহৰ বাবে প্ৰয়োজনীয় পুষ্টি উপাদানৰ যোগান পৰ্যাপ্ত পৰিমাণে অটুট ৰাখিব নোৱাৰে। শৰীৰৰ প্ৰয়োজনীয় পুষ্টি উপাদানৰ যোগান সঠিকভাৱে ৰাখিবৰ কাৰণে আমি কিছুমান খাদ্য দ্ৰব্য আমাৰ আহাৰত নিয়মীয়াকৈ ৰাখিব লাগে। কিন্তু সেই বুলি সদায় একে ধৰণৰ পুষ্টিযুক্ত খাদ্যকে খাই থাকিব নেলাগে।

কিন্তু ‘প্ৰতিদিনৰ খাদ্য পৰামৰ্শ’ মতে বিশেষজ্ঞসকলে কেইবিধমান খাদ্যদ্ৰব্য আমাৰ আহাৰত ৰখাৰ পৰামৰ্শ দিছে। সেইবিলাকৰ ভিতৰত চাৰিবিধ বা তাতকৈ অলপ বেছি, কেইবিধমান ফল বা কেইবিধমান বিশেষ পাচলি, আঠবিধমান খাদ্য শস্য বা তেনে দ্ৰব্যৰে প্ৰস্তুত কৰা খাদ্য, দহবিধমান মাংস বহিৰ্ভুত প্ৰোটিনৰ উৎস,(মাছ, মাংস বা কণীৰে প্ৰস্তুত কৰা নহয়), চাহ, তিল, নহৰু আদিও সামান্য পৰিমাণে থাকিব পাৰে।

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ খাদ্য তালিকা মাজে সময়ে সলনি কৰি থাকক আৰু বতৰৰ ফল আৰু পাচলি যিমান পাৰে সিমান গ্ৰহণ কৰক, যাতে এনে ধৰণৰ বৈচিত্ৰ্যপূৰ্ণ খাদ্যই আপোনাৰ খাদ্যৰ প্ৰতি ৰুচি একেই ৰাখে আৰু লগতে খাদ্যও তৃপ্তিদায়ক হয়। যদি আপুনি খাদ্য তালিকা এনেদৰে সলনি কৰি থাকিব পাৰে, তেনেহ’লে আপুনি স্বাস্থ্যবৰ্ধক খাদ্যৰ সন্ধানত দূৰ-দূৰণিলৈ গৈ থাকিব নেলাগে আৰু দীৰ্ঘায়ু হ’বৰ কাৰণে কিছুমান বিশেষ খাদ্যৰ সন্ধানক কৰি থাকিবও নেলাগে।

তলত আমি কেইবিধমান খাদ্য দ্ৰব্যৰ বিষয়ে থুল-মূল বৰ্ণনা দিছো আৰু এইবিলাক দ্ৰব্য বিচাৰি আপুনি দূৰলৈ যাব নেলাগে। আপোনাৰ ঘৰৰ ওচৰে-পাজৰে থকা হাট-বজাৰতে এই ফল-মূল আৰু পাচলিবোৰ বিচাৰি পাব। আপুনি ইচ্ছা কৰিলে ইয়াৰে কিছুমান পাচলি নিজৰ বাৰীতো খেতি কৰি উৎপাদন কৰি ল’ব পাৰে।

    গাজৰ:

গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে এদিন এৰি এদিনক দুটাকৈ গাজৰ খাই থাকিলে, শৰীৰে যথেষ্ট মাত্ৰাত ‘বিটা কেৰোটিন’ লাভ কৰে। এইবিধ উপাদান নিয়মীয়াকৈ পাই থাকিলে হৃদৰোগত ভুগি থকা লোকে ‘হাৰ্ট এটেক’ আৰু ষ্ট্ৰোক আদি ৰোগত ভোগাৰ আশংকা ৫০ শতাংশ কমি থাকে। এবাৰত দুটা মধ্যমীয়া আকাৰৰ গাজৰ খাব লাগে। গাজৰ কেঁচাকৈও চালাডৰূপে খাব পাৰি।

    বিলাহী বা ‘ষ্ট্ৰবেৰি’:

ফলাহাৰ আৰু উদ্ভিদজাত আহাৰৰ ওপৰত দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এটা কথা প্ৰমাণিত হৈছে যে, দীৰ্ঘায়ুৰ লগত এই দুবিধ খাদ্য দ্ৰব্যৰ বিশেষ সম্পৰ্ক আছে। বিলাহী বা চকমাটি সম্পৰ্কে আমাৰ দীৰ্ঘদিনীয়া গৱেষণা বা অধ্যয়নৰ যোগেদি এটা কথাৰ প্ৰমাণ পোৱা গৈছে যে বিলাহীত থকা ‘লাইকোপিন’ নামৰ এন্টিঅক্সিডেন্টবিধৰ কাৰণে শৰীৰে ‘চি’ ভিটামিনতকৈ বেছি শক্তি লাভ কৰে। এইবিধ উপাদানে দেহৰ ‘ৰোগ প্ৰতিৰোধ তন্ত্ৰ’ৰ কাৰ্য উন্নত কৰি তোলে। ফলত শৰীৰৰ ক্ষয়িঞ্চু ৰোগৰ প্ৰক্ৰিয়াক দুৰ্বল কৰি পেলায়।

বিলাহী কেঁচাকৈ খোৱাতকৈ পকিলেহে ইয়াত নিহিত উপাদানবোৰ পাব পাৰি। অৱশ্যে বিলাহী ভালদৰে পকিবলৈ ৰৈ থাকিলে বিলাহী গেলিব বা ভেঁকুৰ লাগিব পাৰে। বজাৰৰ পৰা কিনি অনা বা নিজৰ ঘৰত কৰা খেতিৰ পৰা সংগ্ৰহ কৰা বিলাহী পৰিষ্কাৰ পানীত ভালদৰে ধুই ল’লে তাত লাগি থকা ভেঁকুৰ আদি নাইকিয়া হয় আৰু তেনেদৰে ধুই লোৱা বিলাহীহে খোৱাৰ বাবে ব্যৱহাৰ কৰিব লাগে।

বিলাহী একোটা সামান্যভাৱে গেলিবলৈ আৰম্ভ কৰিলে তৎক্ষণাত বাকী ভাল বিলাহীবিলাকৰ পৰা আঁতৰাই পেলাই দিব লাগে। সতেজ আৰু নিৰোগী বিলাহী ব্যৱহাৰ কৰাটোহে শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। তেনেদৰে ষ্ট্ৰবেৰীতো ‘এলেজিক এচিড’ নামৰ এবিধ উপাদান পোৱা যায় আৰু এইবিধ উপাদান কেন্সাৰ প্ৰতিৰোধী গুণসম্পন্ন।

দৈনিক আহাৰত এটাকৈ সতেজ পকা বিলাহী বা আধা বাতি ষ্ট্ৰবেৰী থাকিব লাগে।

    পালেং শাক:

পালেং শাকত যথেষ্ট পৰিমাণে ভিটামিন-‘এ’, ‘চি’ আৰু ফলিক এচিড থাকে। ইয়াত কিছু পৰিমাণে ‘মেগনেছিয়ামো’ পোৱা যায়। মেগনেছিয়ামে কেন্সাৰ নিয়ন্ত্ৰণ কৰাত, ষ্ট্ৰোক আৰু হৃদৰোগ নিয়ন্ত্ৰণ কৰি ৰখাত বিশেষ ভূমিকা লয়। লগতে শৰীৰত ফ্ৰী ৰেডিকেলছৰ উৎপাদন হ্ৰাস কৰি ৰাখে আৰু অস্থিৰোগ অষ্টিঅ’পৰোচিছ নিয়ন্ত্ৰণতো সহায় কৰে।

‘কেন্সাৰ ট্ৰিটমেন্ট চেন্টাৰ অব আমেৰিকাৰ নিউট্ৰিচন বিভাগৰ উপাধ্যক্ষ পেট্ৰিক কুইলিৰ মতে পালেঙৰ ডাঠ সেউজীয়া ৰঙৰ পাতত ‘গ্লুটাথিয়ন’(Glutathione) নামৰ উপাদান এবিধ পোৱা যায়। এইবিধ উপাদানে আমাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ বাবে অতি উপযোগী এবিধ এনজাইম প্ৰস্তুতকৰণত সহায় কৰে। কেঁচা আৰু সতেজ পালেং শাকত গ্লুটাথিয়নৰ পৰিমাণ যথেষ্ট বেছি থাকে কিন্তু এই শাক বেছি সময় ধৰি সিজাই থাকিলে ইয়াৰ মাত্ৰা বহু পৰিমাণে কম হয়।

আমাৰ আহাৰত পাৰিলে প্ৰতিদিনে এবাটি সতেজ পালেং শাক ৰাখিব পাৰিলে ভাল।

    শুকান পকা জলকীয়া:

জলকীয়াৰ জলা গুণটোৰ কাৰণে এইবিধ খাদ্য দ্ৰব্যই আমাৰ জিভাত পোৰণিৰ অনুভূতি সৃষ্টি কৰে। জলকীয়াত থকা এবিধ অতি দৰকাৰী উপাদান ‘কেপচাইচিন’(Capsaicin) নামৰ এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপকাৰীতা যথেষ্ট বেছি। এইবিধ দ্ৰব্যই কেন্সাৰ সৃষ্টি কৰা কোষৰ বৃদ্ধি প্ৰতিৰোধ কৰে আৰু কফ নিঃসৰণত প্ৰাকৃতিকভাৱে সহায় কৰে। এইবিধ উপাদান থকাৰ বাবে জলকীয়াই বন্ধ নাক খোলাত সহায় কৰে। কফ নিৰ্গত কৰা আৰু বন্ধ নাক খোলাৰ বাবে জলকীয়াক প্ৰাকৃতিক এক্সপেক্টোৰেন্ট(Expectorant) আৰু ‘ডি-কনজেষ্টেণ্ট’(De-congestant) ৰূপে কাম কৰে।

জলকীয়াৰ শৰীৰৰ তেজ পাতল কৰি ৰখাৰ গুণ আছে বাবে মস্তিষ্কৰ ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পাৰে। জলকীয়াই শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰাও কমাই ৰাখিব পাৰে। কিছুমান গৱেষকৰ মতে শৰীৰৰ সুখ-অনুভূতি(Feel Good) সৃষ্টি কৰিব পৰা ৰাসায়নিক ‘এণ্ডোৰফিন’ নিঃসৰণতো ‘কেপচাইচিনে’ সহায় কৰে।

প্ৰতিদিনে মূল আহাৰত এটাকৈ পকা জলকীয়া সেৱন কৰিব পাৰিলে ভাল। যিসকলে পাকস্থলীৰ ‘আলচাৰ’ত ভুগি আছে, তেওঁলোকে জলকীয়া খোৱাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব।

    ব্ৰুকলি(Broccoli):

আমেৰিকাৰ ক’ল’ৰাডো ডায়েবেটিছ এছ’চিয়েচনৰ প্ৰবক্তা আৰু পুষ্টি বিশেষজ্ঞ মেলিণ্ডা মৰিছে প্ৰকাশ কৰিছে যে, ব্ৰুকলি এনে এবিধ পাচলি, য’ত ভিটামিন ‘চি’, বিটা কেৰোটিন আৰু যথেষ্ট পৰিমাণে খাদ্য আঁহ পোৱা যায়। ইয়াৰ উপৰি ইয়াত ‘চালফোৰাফেন’(Sulforaphane) নামৰ একপ্ৰকাৰৰ যৌগ পোৱা যায়। কেবালানিও গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি এইবিধ উপাদানে ‘ব্ৰেষ্ট টিউমাৰ’ৰ বৃদ্ধি প্ৰতিৰোধ কৰিব পাৰে। আমেৰিকাৰ ওটাহস্থিত ‘প্লেন্ট বায়োএক্টিভ ৰিছাৰ্চ ইনষ্টিটিউট’ৰ অধ্যক্ষ বানৱাইন জি. হিউজেছে প্ৰকাশ কৰিছে যে ব্ৰুক’লিৰ সৰু সৰু ফুলবিলাকত ‘চালফোৰাফেন’ৰ পৰিমাণ আটাইতকৈ বেছি থাকে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ছালফোৰাফেন অধিক মাত্ৰাত পাবৰ কাৰণে ব্ৰুকলি কেঁচাকৈয়ে পাৰিল খাব লাগে। কাৰণ এই পাচলিবিধ মাইক্ৰ’ৱেভ বা প্ৰেছাৰ কুকাৰত ৰান্ধিলেও এইবিধ প্ৰয়োজনীয় ৰাসায়নিক যৌগৰ ৫০ শতাংশই নষ্ট হয়। দীৰ্ঘদিন ধৰি ফ্ৰীজত সংৰক্ষণ কৰি ৰখা ব্ৰুক’লিত এইবিধ ‘চালফোৰাফেন’ৰ চিহ্নমাত্ৰও নাথাকে। সেয়ে যিমান পাৰি সতেজ ব্ৰুক’লিহে সংগ্ৰহ কৰি খাব।

অৱশ্যে আজিকালি প্ৰআয় সকলো ঠাইতে সকলো ধৰণৰ পাচলিৰ খেতিত প্ৰয়োজনতকৈ অধিক মাত্ৰাত ৰাসায়নিক কীটনাশক দ্ৰব্য আৰু অন্যান্য ৰোগ প্ৰতিৰোধী দ্ৰব্য পোনপটীয়াকৈ ব্যৱহাৰ কৰা হয়। তেনে দ্ৰব্য প্ৰয়োগ কৰা ব্ৰুক’লি কিন্তু কেঁচাই খাবলৈ চেষ্টা নকৰিব। প্ৰয়োগ কৰা বিষাক্ত ৰাসায়নিক দ্ৰব্যই আপোনাৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে।

দিনটোৰ আহাৰত ফুলসহ দুটা টুকুৰাই যথেষ্ট।

    মাশ্বৰুম:

চ’ত ব’হাগ মাহত আমাৰ বাৰী বা হাবিত নিজে নিজে গজি উঠা বিভিন্ন ধৰণৰ কাঠফুলাৰ বেছিভাগেই বিষাক্ত আৰু যি দুই-এটা খাদ্য উপযোগী প্ৰজাতি পোৱা যায়, সেইবিলাকত পুষ্টি উপাদান তেনেই কম পৰিমাণে থাকে। সেয়ে বনৰীয়া কাঠফুলা খাবলৈ চেষ্টা নকৰাই ভাল। ভালদৰে চিনি নোপোৱাকৈ বনৰীয়া কাঠফুলা খাব পৰা জাতৰ বুলি ভুলকৈ তুলি আনি খাই বছৰি বহু লোক খাদ্যৰ বিষক্ৰিয়াত ভোগে আৰু বহু লোকৰ মৃত্যু ঘটে।

কিন্তু কৃষি বিজ্ঞানীয়ে উদ্ভাৱন কৰা উন্নত প্ৰজাতিৰ কাঠফুলা(মাশ্বৰুম) যেনে- ছিটেক, ইলোকি, ঝুলিং আৰু ৰেছি আদি জাতৰ কাঠফুলা বজাৰত পেকেট কৰা অৱস্থাত পোৱা যায় আৰু তেনে ধৰণৰ কাঠফুলাত যথেষ্ট পৰিমাণে পোষক দ্ৰব্য থাকে। এই ধৰণৰ উন্নত জাতৰ কাঠফুলাত ‘এন্টি কেন্সাৰ’ আৰু এন্টি ভাইৰেল উপাদান পোৱা যায়।

আমাৰ দৈনিক আহাৰত এটা কাপৰ চাৰি ভাগৰ এভাগ পৰিমাণত শুকান ‘ছিটেক’ মাশ্বৰুম ৰাখিব পাৰিলে ভাল।

    অমিতা বা মাটিকঠাল:

কেৱল সতেজ আৰু কেঁচা অমিতা তথা পকা মাটিকঠালত এনে এবিধ গুৰুত্বপূৰ্ণ এনজাইম পোৱা যায়, যিবিধ এনজাইমে শৰীৰৰ মেটাবলিজম ক্ৰিয়াৰ গতি বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত অ’ট’ইমিউন ৰোগ, যেনে- এলাৰ্জি আৰু কেবাপ্ৰকাৰৰো কেন্সাৰ, তথা তান্ত্ৰিক ৰোগ প্ৰতিৰোধ কৰাত শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক সহায় কৰে। এই কথা কৈছে, বিশিষ্ট পুষ্টি বিশেষজ্ঞ ডাঃ কুইলিন কাই। প্ৰতিদিনে তিনিবাতিকৈ অমিতা বা এবাতিকৈ মাটিকঠাল খাই থাকিলে ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী হৈ থাকিব আৰু এনে ধৰণৰ ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰিব। মাটিকঠালতো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা গুণ আছে।

প্ৰতিদিনে এটা অমিতা আৰু এবাতি মাটিকঠাল খাব পাৰিলে ভাল।

    আম:

বতৰৰ ফল আমত যথেষ্ট পৰিমাণে কেৰোটিনয়ড থাকেত। কিন্তু ইয়াত এনজাইমৰ পৰিমাণ কম। আমত অন্য ফাইট’কেমিকেল বায়োফ্লেভনয়ড পূৰ্ণ মাত্ৰাত থাকে। বায়োফ্লেভনয়ডৰ বিশেষত্ব হ’ল- এইবিধ উপাদান থকাৰ বাবে গছত লাগি থকা অৱস্থাত সূৰ্যৰ পৰা পোনপটীয়াকৈ শক্তি আহৰণ কৰিব পাৰে। সেয়ে আমৰ বতৰত আম খাই থাকিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ অধিক শক্তিশালী হৈ উঠে। আমত কম পৰিমাণে হ’লেও ভিটামিন ‘চি’ আৰু ‘এন্টিঅক্সিডেন্ট’ থাকে।

দৈনিক অতি কমেও এটাকৈ আম খাব লাগে।

    নেমু টেঙা:

সতেজ, গোটা নেমু জাতীয় টেঙা ফলত প্ৰচুৰ মাত্ৰাত ভিটামিন ‘চি’ থাকে। এনেধৰণৰ ফলৰ ভিতৰত প্ৰথমে নাম হ’ব লাগিব- সুমথিৰা, মৌচম্বি আদি। শতাধিক গৱেষণা আৰু অধ্যয়নৰ পৰা প্ৰমাণিত হৈছে যে, ভিটামিন ‘চি’য়ে জৰায়ুমুখ, হাওঁফাওঁ, খাদ্যনলী আৰু পেটৰ কেন্সাৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে শৰীৰক সহায় কৰে। টেঙা জাতীয় ফলত বায়োফ্লেভনয়ড জাতীয় উপাদানো যথেষ্ট পৰিমাণে থাকে। কিন্তু ৰঙীণ বাকলিযুক্ত ফলৰ বাকলিৰ ভিতৰৰ বগা অংশ আৰু ফলৰ ৰসত এইবিধ দ্ৰব্য যথেষ্ট মাত্ৰাত পোৱা যায়। সেয়ে বজাৰত পোৱা সংৰক্ষিত অৱস্থাত পেকেট কৰি ৰখা ‘অৰেঞ্জ জুচ’ত বায়োফ্লেভনয়ডৰ পৰিমাণ বৰ কম থাকে বা নেথাকেই। কিছুমান টেঙা ফলৰ বাকলিৰ ৰঙীণ অংশত ‘লিমোনিন’ নামৰ বায়োফ্লেভনয়ড পোৱ যায়।

জানিব পৰা গৈছে যে, এইবিধ উপাদান কেন্সাৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ফাইটোকেমিকেল। বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে- এইবিধ ফাইটোকেমিকেলে জন্তুৰ শৰীৰত হোৱা কেন্সাৰ ৰোগো আৰোগ্য কৰিব পাৰে। কিন্তু বাকলিত ফাইটোকেলিকেল পোৱা যায় বুলিয়েই বাকলিৰে সৈতে আপুনি টেঙা ফল খাবলৈ চেষ্টা নকৰিব। কাৰণ খেতিয়কে এই ফল কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বিষাক্ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে। সেয়ে যিকোনো ফল খোৱাৰ আগতে ভালদৰে ধুই ল’ব।

প্ৰতিদিনে এটাকৈ ডাঙৰ সুমথিৰা বা তাৰ সমান অন্য টেঙা ফল খাব।

    খৰবুজ(Canteloupe):

আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটে চলোৱা এটা অধ্যয়নত প্ৰমাণ পোৱা গৈছে যে, মানুহৰ বাবে প্ৰতিদিনে বিটা কেৰোটিন ৫-৭ মিলিগ্ৰাম পৰিমাণত প্ৰয়োজন হয়। এই পৰিমাণৰ আধা খোৰাক প্ৰায় ২ মিলিগ্ৰাম, বিটা-কেৰোটিন এটা ডাঙৰ খৰবুজৰ চাৰি ভাগৰ এভাগ খালেই পোৱা গযায়। অধ্যয়নটোৰ পৰা পোৱা তথ্য অনুসৰি প্ৰতিদিনে শৰীৰৰ এই পৰিমাণৰ বিটা কেৰোটিনৰ খোৰাক শৰীৰত কেন্সাৰ কোষ বৃদ্ধিৰ প্ৰতিৰোধ আৰু হৃদৰোগৰ পৰা হাত সাৰি থাকিবৰ বাবে প্ৰয়োজন। খৰবুজত ভিটামিন ‘চি’ৰ পৰিমাণে যথেষ্ট বেছি।

প্ৰতিদিনে এজন প্ৰাপ্তবয়ষ্ক লোকে এটা খৰবুজৰ চাৰি ভাগৰ এভাগ পৰিমাণত খাব লাগে।

    খুবানী বা এপ্ৰিকট:

সতেজ খুবানীত বিটা কেৰোটিন, মধ্যমীয়া পৰিমাণত ভিটামিন ‘চি’ আৰু কিছু পৰিমাণে খাদ্য আঁহ থাকে। শুকান খুবানীত ‘চি’ ভিটামিন পোৱা নেযায়। ‘আনট্ৰিটেড’ শুকান খুৱানীত বিটা কেৰোটিনো লোপ পায়। নন-অৰ্গেনিক শুকান খুবানী আৰু অন্য শুকান ফলক চালফাৰ-ডাই-অক্সাইডেৰে ট্ৰিট কৰা হয়, যাতে সেইবিলাকত বিটা কেৰোটিনৰ মাত্ৰা সম পৰিমাণতে থাকি যায়। কিন্তু কিছুমান লোকৰ বাবে এই ট্ৰিটমেন্ট পদ্ধতিৰে প্ৰয়োগ কৰা ছালফাৰ-ডাই-অক্সাইডৰ সংস্পৰ্শ ৰাসায়নিক হাঁপানিৰ কাৰক হ’ব পাৰে। এই কথা প্ৰকাশ কৰিছে খুবানীৰ পুষ্টি তত্ত্বৰ ওপৰত অধ্যয়ন কৰা বিজ্ঞানীৰ দলে।

মানুহৰ খাদ্যৰূপে দৈনিক খুবানীৰ পৰিমাণ হ’ব লাগে- তিনিটা খুবানী ফল।

    কল:

কলত যথেষ্ট পৰিমাণে মেগনেচিয়াম পোৱা যায়। মেগনেচিয়ামে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত সহায় কৰে। ইয়াৰ উপৰি কলত পটাচিয়াম আৰু লাহে লাহে ব্যৱহাৰ হ’ব লগা সাধাৰণ শৰ্কৰাও(Sugar) যথেষ্ট পৰিমাণে থাকে। ইয়াত পেক্টিন নামৰ উপাদানবিধো যথেষ্ট পৰিমাণে পোৱা যায়। ই এবিধ দ্ৰবণীয় আঁহ(ফাইবাৰ)। পেকটিনে ৰক্ত শৰ্কৰাত ফ্ৰী ৰেডিকেলৰ মুক্ত সঞ্চালন প্ৰতিৰোধ কৰে।

প্ৰতিদিনে এজন প্ৰাপ্তবয়ষ্ক লোকে এটা মধ্যমীয়া আকাৰৰ পকা কল খাব পাৰিলে ভাল।

    নহৰু:

‘ফুড-ইয়ৰ মিৰাকল মেডিচিন’ নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক আৰু ফুড নিউট্ৰিচন বিশেষজ্ঞ জিন কাৰ্পাৰৰ মতে ‘সকলো ধৰণৰ এন্টিঅক্সিডেন্টৰ ভিতৰত আটাইতকৈ অধিক এন্টিঅক্সিডেন্ট পোৱা যায় নহৰুত’।

নহৰুৰ গুণৰ ওপৰত অসংখ্য অধ্যয়ন আৰু গৱেষণা সম্পন্ন কৰা হৈছে আৰু সেই অধ্যয়নবিলাকৰ যোগেদি লাভ কৰা তথ্যবিলাক সূক্ষ্মভাৱে বিশ্লেষণ কৰা হৈছে। সকলোবিলাক তথ্যই প্ৰমাণ কৰিছে যে- নহৰুৱে –মানুহৰ শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল হ্ৰাস কৰে।

লগতে ই উচ্চ ৰক্তচাপো বহুপৰিমাণে কমাই আনিব পাৰে। ইয়াত নিহিত থকা এন্টিবেক্ট্ৰিয়েল আৰু এন্টিভাইৰেল গুণো আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- নহৰুৰ কেন্সাৰগ্ৰস্ত কোষবিলাক ধ্বংস কৰিব পৰা আশ্চৰ্যজনক গুণ আছে। ইয়াৰ গুৰুত্ব এই কাৰণেই অনুভৱ কৰিব পাৰি যে, কেত্ন্সাৰ হৈ যোৱাৰ পিছতো ই কেন্সাৰ ৰোগীৰ কেন্সাৰ আক্ৰান্ত কোষবোৰ নিঃশেষ কৰে। সেয়ে প্ৰাচীন কালত নহৰুক ‘কায়াপলট’ অৰ্থাৎ ‘এন্টিএজিং’(বাৰ্ধক্য প্ৰতিৰোধী) বুলি কোৱা হৈছিল। বয়স বাঢ়িলেও যৌৱন পুনৰ ঘুৰাই পাবৰ কাৰণে প্ৰাচীন কালত নহৰু ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল।

নহৰুৰ পৰা পাব পৰা গুণবিলাক লাভ কৰিবৰ কাৰণে আটাইতকৈ ফলপ্ৰসূ উপায় হৈছে- ভজা নহৰু চাটনি কৰি খোৱা। চাটনি বনাবৰ কাৰণে বাকলিৰে সৈতে, জুইৰ আঙঠা বা তাৱা এখনৰ ওপৰত নহৰুৰ ফোটবোৰ দি ভাজি পেলাওক। তাৰ পিছত চাটনি বনাবলৈ পটাত বটি, তাত সামান্য পৰিমাণে মিঠাতেল দি সানি লওক। এই চাটনি মূল আহাৰৰ লগত খালে আহাৰৰ সোৱাদতো পাবই, লগতে কেঁচা নহৰুৰ অকটা গোন্ধটোও নাইকিয়া হ’ব।

প্ৰতিদিনে দুই-তিনিটা ফোটৰ চাটনি খাব।

    চাহ:

নিউয়াৰ্কস্থিত ‘আমেৰিকান হেলথ ফাউণ্ডেচন’ৰ জ্যেষ্ঠ সদস্য জন ভিজবাৰ্গাৰে মত প্ৰকাশ কৰিছে যে, দৈনিক পাঁচকাপ চাহ খালে দুই প্ৰকাৰৰ পাচলি খোৱাৰ সমান উপকাৰ হয়। খাদ্য বিশেষজ্ঞই দিয়া খাদ্যৰ পৰামৰ্শ মতে প্ৰয়োজনীয় আটাইবোৰ পুষ্টি উপাদান খাদ্যৰ যোগেদি পূৰণ কৰিব্জ নোৱাৰিলেও, দিনটোত সেৱন কৰা পাঁচ কাপ চাহে তাৰে আংশিক অভাৱ পূৰণ কৰিব পাৰে। এই পাঁচকাপ চাহৰ ভিতৰত অতি কমেও দুকাপ চাহ ‘গ্ৰীণ-টি’ হ’লে বহুখিনি পুষ্টি আৰু সূক্ষ্ম খনিজ উপাদানো পাব পাৰি।

চাহত পৰ্যাপ্ত মাত্ৰাত পলিফেনল নামৰ এন্টি-অক্সিডেণ্ট থাকে। ভালেমান গৱেষণাৰ ফলাফল বিশ্লেষণ কৰি দেখা গৈছে, ‘গ্ৰীণ’ আৰু ‘ব্লেক’ টি-দুয়োবিধ চাহতে হাৰ্ট ডিজিজ, ষ্ট্ৰোক আৰু কেন্সাৰৰ আশংকা হ্ৰাস কৰাৰ গুণ আছে। ইয়াৰ উপৰি কেইবাবিধমান বিশেষ প্ৰজাতিৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ কিছু পৰিমাণে ‘এণ্টাগ’নিষ্ট’ গুণো চাহত থাকে। মুঠ কথাত ক’বলৈ গ’লে ‘গ্ৰীণ’ আৰু ‘ব্লেক’ দুয়োবিধ চাহতে প্ৰায় একে ধৰণৰ গুণ কম-বেছি পৰিমাণে নিহিত থাকে।

দৈনিক আমি অতি কমেও যিকোনো ধৰণৰ চাহৰ একাপ হ’লেও খাব লাগে।

    বিন:

পুষ্টি বিশেষজ্ঞ মেলিণ্ডা মৰিছে কৈছে যে, যিহেতু এই পৃথিৱীত কোনো এবিধ অতি প্ৰয়োজনীয় খাদ্য দ্ৰব্য নাই, যিবিধ খাদ্য দ্ৰব্যই শৰীৰৰ বাবে প্ৰয়োজন হোৱা সকলো পোষক দ্ৰব্য প্ৰয়োজন অনুপাতে পূৰণ কৰিব পাৰে। কিন্তু যদি কোনোবাই আমাক মাত্ৰ এবিধহে খাদ্য দ্ৰব্য নিৰ্বাচন কৰিবলৈ কয়, তেনেহ’লে কেৱল মাত্ৰ এবিধ পাচলিহে বাছি উলিয়ালোহেঁতেন আৰু সেইবিধেই হৈছে ‘বিন’ অৰ্থাৎ মাহজাতীয় পাচলি। বিনত প্ৰোটিন আৰু ‘কমপ্লেক্সকাৰ্বোহাইড্ৰেট’ যথেষ্ট পৰিমাণে থাকে। ইয়াত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহো থাকে আৰু ইয়াৰ বাবেই ‘বিন’ খালে পেট ভৰা যেন অনুভৱ হয়। অন্য খাদ্যৰ তুলনাত ‘বিন’ সস্তাও আৰু খাবলৈকো ভাল।

চিকাগোত থকা ইচিনিয়াচ বিশ্ববিদ্যালয়ৰ ‘হিউমেন নিউট্ৰিচন আৰু ডায়েটিটিক্স বিভাগৰ অধ্যাপক ডাঃ ফাইলিচ ই, ব’ৱেনে প্ৰকাশ কৰিছে যে, বিনত ফাইটোকেমিকেল আৰু প্ৰোটিন ইনহিবিটৰ্ছ থাকে আৰু এইবিলাক উপাদানে মানুহক কেন্সাৰৰ পৰা ৰক্ষা কৰাত যথেষ্ট সহায়ক হয়।

প্ৰতিদিন আহাৰৰ লগত অতি কমেও একাপ পৰিমাণৰ ‘বিন’ খোৱা ভাল।

    চয়াবিন:

চয়াবিনৰ গাখীৰেৰে প্ৰস্তুত কৰা দৈ(টুফু), সতেজ চয়াবিন আৰু চয়া গাখীৰে শৰীৰৰ বেয়া কলেষ্টেৰল এল.ডি.এল.ৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ আশংকা কম হয়। আনকি চয়া গাখীৰ, দৈ বা চয়াবিন কম মাত্ৰাত খালেও ইয়াৰ উপকাৰ শৰীৰে লাভ কৰে। অধিকাংশ লোকে চয়াবিন প্ৰয়োজনতকৈ বেছি পৰিমাণেই খায়ু।

ইলিনিয়ছ বিশ্ববিদ্যালয়ৰ ‘ফুড এণ্ড নিউট্ৰিচন’ বিভাগৰ ডাঃ ছু.পোটাৰে কৈছে যে, চয়াবিন বেছি পৰিমাণে খালে অতি খৰতকীয়াকৈ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়। চয়াবিনত ফাইটো এষ্ট্ৰোজেনৰ পৰিমাণো যথেষ্ট বেছি থাকে। তাৰোপৰি ইয়াত এক প্ৰকাৰৰ বায়ো ফ্লেভ’নয়ড থাকে আৰু এইবিধ উপাদানে এষ্ট্ৰোজেনজনিত কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। বিভিন্ন অধ্যয়নৰ যোগেদি জানিব পৰা গৈছে যে যিসকল লোকে নিয়মীয়াকৈ চয়াবিন খাই থাকে, তেওঁলোকৰ মাজত প্ৰোষ্টেট, অন্ত্ৰ-হাওঁফাওঁ, মলাশয় আৰু অমাশয়ৰ কেন্সাৰত ভোগাৰ আশংকা হ্ৰাস পায় আৰু তেনে ধৰণৰ অংগত কেন্সাৰ প্ৰতিৰোধ হয়।

প্ৰতিদিনে আহাৰত ১৫০ গ্ৰাম চয়া গাখীৰৰ দৈ বা গাখীৰ, অথবা অন্য যিকোনো চয়াবিনৰ পৰা প্ৰস্তুত কৰা খাদ্যদ্ৰব্য খাব পাৰিলে ভাল।

    চালমন মাছ:

চালমন এবিধ সাগৰীয় মাছ। এই মাছ হৃদৰোগ প্ৰতিৰোধী বুলি পৃথিৱীৰ প্ৰায় সকলো দেশৰ মানুহে জানে। এই মাছত হৃদৰোগ প্ৰতিৰোধ কৰিব পৰা ‘ওমেগা-৩’ ফেটি এচিড’ যথেষ্ট পৰিমাণে থাকে। এইবিধ উপাদানৰ উপৰি এই মাছত কেলচিয়াম, মেগনেচিয়াম আৰু প্ৰায় সকলো ধৰণৰ প্ৰোটিন আৰু ভিটামিন-‘বি’ পোৱা যায়। এই মাছত থকা ভিটামিন-‘বি-৬’ হৃদৰোগ প্ৰতিৰোধ কৰাৰ বাবে এক শক্তিশালী উপাদান। এইবিধ দ্ৰব্যই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে।

তেনেদৰে স্নায়ুতন্ত্ৰক কৰ্মক্ষম কৰি ৰাখিব পাৰে। কেইবিধমান কেন্সাৰ ৰোগক প্ৰতিৰোধ কৰাতো এই উপাদানবিলাকে সহায় কৰে। চালমনক মাছত কেৰোটিনয়ডো পোৱা যায়। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পুষ্টি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু পুষ্টিবিজ্ঞানী চুচান এডামছে এই তথ্য আগবঢ়াইছে।

দৈনিক এজন ব্যক্তিয়ে ৪০ গ্ৰাম পৰিমাণৰ তিনি ডোখৰ চালমন মাছ খাব লাগে।

    তিচি গুটি:

তিচি গুটিৰ পুষ্টিগুণ সম্পৰ্কে অসংখ্য গৱেষণা আৰু তথ্য সংগ্ৰহৰ কাম সমগ্ৰ বিশ্বজুৰি বিভিন্ন দেশত বছৰ ধৰি চলি আছে। এই অধ্যয়নবিলাকৰ দ্বাৰা এটা কথা প্ৰমাণিত হৈছে যে, তিচি গুটিত ৫১ শতাংশ লিনোলেনিক এচিড থাকে। সেয়ে যিসকল লোক নিৰামিষভোজী আৰু একেবাৰে মাছ নেখায়, তেওঁলোকৰ শৰীৰত ওমেগা-৩ অয়লৰ অভাৱ হয়। তেওঁলোকে এইবিধ উপাদান পৰ্যাপ্ত মাত্ৰাত পাবৰ কাৰণে তিচি গুটি খাব পাৰে।

গৱেষকসকলৰ মতে চয়াবিনৰ দৰে তিচি গুটিতো ‘লিগনেন্স’(Lignans) নামৰ এবিধ উন্নত মানৰ ‘ফাইটো এষ্ট্ৰোজেন’ পোৱা যায়। এইবিলাক উপাদানে মহিলাৰ স্তন আৰু স্ত্ৰী-পুৰুষ উভয়ৰে অন্ত্ৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। তিচি গুটিৰ পৰা সৰ্বাধিক উপকাৰ পাবৰ কাৰণে এই গুটি বাকলিৰে সৈতে খাব লাগে।

প্ৰতিদিনে ডাঙৰ চামুচেৰে দুচামুচ তিচি গুটি খাব লাগে।

    ওট(Oats):

বিভিন্ন অধ্যয়নৰ পৰা প্ৰমাণিত হৈছে যে, ওটৰ ভূচিয়ে(Oat Bran) বেয়া কলেষ্টেৰলৰ(L.D.L.) মাত্ৰা আৰু উচ্চ ৰক্তচাপ কমাই ৰাখিব পাৰে। তাৰোপৰি ওট নিয়মীয়াকৈ সেৱন কৰি থাকিলে অন্ত্ৰৰ কেন্সাৰৰ পৰাও মুক্ত হৈ থাকিলে অন্ত্ৰৰ কেন্সাৰৰ পৰাও মুক্ত হৈ থাকিব পাৰি। ওটৰ গুড়িত দ্ৰৱণীয় আৰু আৰু অদ্ৰৱণীয় দুয়ো প্ৰকাৰৰ আঁহ পোৱা যায়। কিন্তু দ্ৰৱণীয় আঁহহে শৰীৰৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈছে।

প্ৰতিদিনে মধ্যমীয়া জোখৰ এবাতি ওটমিল খাব পাৰিলে ভাল।

    অংকুৰিত ঘেঁহু:

আধা কাপ অংকুৰিত ঘেঁহুত ২৪ গ্ৰাম প্ৰোটিন পোৱা যায়। ইয়াত ৰোগ বীজাণুৰ সৈতে যুঁজিবৰ কাৰণে শক্তি দিব পৰা পুষ্টি তত্ব, ভিটামিন-‘বি’, কেলচিয়াম আৰু মেগনেচিয়ামো পোৱা যায়। অংকুৰিত ঘেঁহুত থকা তেলত ভিটামিন-‘ই’ পৰ্যাপ্ত মাত্ৰাত পোৱা যায়।

এইবিধ ভিটামিনে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰি ৰাখিব পাৰে। তাৰোপৰি অংকুৰিত ঘেঁহুত থকা এণ্টিঅক্সিডেণ্টে চকুত চানি পৰা আৰু ধমনীবিলাক কঠোৰ কৰা ৰোগ(Atherosclerosis) হোৱাৰ পৰা বচাই ৰাখে।

 

প্ৰতিদিনে অংকুৰিত ঘেঁহু আধা কাপ পৰিমাণত ভালদৰে চোবাই খাব পাৰিলে ভাল।

লেখক: ডাঃ সত্যপাল গ্ৰোভাৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

 

 

 

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক