মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চিৰযৌৱন অটুট ৰখাৰ কেইটিমান উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিৰযৌৱন অটুট ৰখাৰ কেইটিমান উপায়

চিৰযৌৱন অটুট ৰখাৰ কেইটিমান উপায়ৰ বিষয়ে লিখা হৈছে ।

 

মহিলাৰ সুস্বাস্থ্য ৰক্ষাৰ কাৰণে প্ৰয়োজন ভিটামিন -

সামাজিক কামত লাগি থকা মহিলাসকলে অনবৰতে ব্যস্ত হৈ থাকিব লাগে। এই মহিলাসকলে ঘৰৰ লগতে সামাজিক সমস্যাবিলাকৰ সমাধানৰ অৰ্থে যথেষ্ট পৰিশ্ৰম কৰিব লগা হয়।

চাকৰি কৰা মহিলাসকলেও অতি ব্যস্ততাৰে দিনবোৰ পাব কৰিব লগা হয়। এনে ধৰণৰ অতি ব্যৱস্তপূৰ্ণ জীৱন কটোৱা মহিলাসকলৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে মহিলাৰ বাবে প্ৰয়োজন হোৱা ভিটামিন আৰু খনিজ লৱণবিলাকৰ বিষয়ে জানি লওঁ আহকচোন।

ভিটামিন ‘বি-৬’:

এইবিধ ভিটামিনে টোপনি আৰু খাদ্য গ্ৰহণৰ ইচ্ছা, ভোক আদি নিয়ন্ত্ৰণ কৰে। স্নায়ুতন্ত্ৰ সুচাৰুৰূপে চলি থকাৰ বাবে ভিটামিন ‘বি-৬’ অত্যন্ত জৰুৰী। বীট আৰু কলত এইবিধ ভিটামিন পূৰা মাত্ৰাত পোৱা দেখা।

ভিটামিন ‘বি-১২’:

দৈ আৰু কণীত পৰ্যাপ্ত মাত্ৰাত এইবিধ ভিটামিন পোৱা যায়। এইবিধ ভিটামিনে শৰীৰৰ ক্লান্তি আৰু অলপ পৰিশ্ৰমতে লগা ভাগৰৰ পৰা বচাই ৰাখে।

মাংসতো এইবিধ ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়। সেয়ে আমিষভোজীসকলে এইবিধ ভিটামিনৰ অভাৱত ভুগিব লগা নহয়।

ভিটামিন ‘বি-৩’:

এইবিধ ভিটামিনে দাঁত, হাড় আৰু মাংসপেশী আদি শক্তিশালী কৰাত বিশেষ ভূমিকা লয়। তাৰোপৰি মহিলাৰ ব্ৰেষ্ট কেন্সাৰ আৰু জৰায়ু তথা জৰায়ু গ্ৰীবোৰ কেন্সাৰ প্ৰতিৰোধ কৰাতো এইবিধ ভিটামিনে বিশেষভাৱে সহায় কৰে।

ভিটামিন ‘চি’:

ভিটামিন ‘চি’য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ৰোগৰ সংক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰি থাকে।

কেৱল সেয়াই নহয়, ভিটামিন ‘চি’ৰ যোগান শৰীৰত নিয়মীয়াকৈ থাকিলে মানুহৰ চুলি আৰু দাঁত আদি মজবুত হৈ থাকে, ছালখন সতেজ আৰু কমনীয় হৈ থাকে, লগতে ব্যক্তিজনৰ মুখমণ্ডলত এক উজ্জ্বলতা ফুটি উঠে।

খনিজ লৱণ:

ভিটামিনৰ সমস্যাই মানুহৰ শৰীৰত খনিজ লৱণ সূক্ষ্ম পৰিমাণত লাগে। এই লক্ষণবিলাক আমি খোৱা সাধাৰণ খাদ্যৰ পৰাই আমি পাই থাকো।

তথাপি কেতিয়াবা কিবা কাৰণত কোনোবা এবিধ খনিজ লৱণ কমি গ’লে আমাৰ শৰীৰত কিছুমান লক্ষণ প্ৰকাশ পায়।

সেই লক্ষণ দেখা পালে অনতিপলমে চিকিৎসকক দেখুৱাব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে প্ৰয়োজন সাপেক্ষে তেজ পৰীক্ষা কৰোৱাই পৰামৰ্শ ক্ৰমে খনিজ লৱণৰ ছাপ্লিমেন্ট সেৱন কৰিব লাগে।

বিশেষভাৱে মহিলাৰ কাৰণে আয়ৰণ আৰু কেলচিয়ামৰ অভাৱ হয়। সেয়ে এনেধৰণৰ খনিজ লৱণৰ অভাৱ হৈছে নেকি, মাজে সময়ে পৰীক্ষা কৰাই থাকিব লাগে।

আয়ৰণ:

শৰীৰত তেজ স্বাভাৱিক মাত্ৰাত অটুট ৰখাৰ কাৰণে আয়ৰণম দৰকাৰ হয়। আয়ৰণেই শৰীৰত তেজৰ অভাৱ দূৰ কৰি, দেহটো সুস্থ-সবল কৰি ৰখাত সহায় কৰে।

লগতে এই আইৰণ বা লৌহ খনিজ লৱণে শৰীৰটোক প্ৰয়োজনীয় শক্তিও প্ৰদান কৰে।

কেলচিয়াম:

শৰীৰৰ হাড় আৰু দাঁতবোৰ শক্তিশালী কৰি ৰাখিবলৈ হ’লে কেলচিয়ামৰ যোগান অটুট ৰাখিবই লাগিব। কেলচিয়াম খনিজ লৱণ অবিহনে শৰীৰৰ ব্লাড প্ৰেছাৰো অনিয়ন্তিত হৈ যাব পাৰে।

উচ্চ ৰক্তচাপৰ ভুগি থকা লোকে সেয়ে কেলচিয়াম প্ৰধান নিমখ বেছিকৈ খোৱাটো নহয়। কেলচিয়াম সীমিত মাত্ৰাত শৰীৰত থকাটো দাঁত আৰু নখ মজবুত হৈ থাকে।

ফলিক এচিড:

মহিলাৰ পিছ বয়সত দেখা দিয়া ব্ৰেষ্ট কেন্সাৰৰ সম্ভাৱনা কমাই ৰাখে ফলিক এচিডে। কিশোৰীসকলৰ বাঢ়ন্ত অৱস্থাত শৰীৰত আয়ৰণ আদি খনিজ দ্ৰব্যৰ অভাৱ ঘটে।

সেয়ে এই অৱস্থাত কিশোৰীসকলৰ ফলিক এচিড ওপৰঞ্চিকৈ খুৱাব লাগে। ফলিক এচিডে শৰীৰত তেজৰ অভাৱ পূৰণতো বিশেষভাৱে সহায় কৰে। সেউজীয়া শাক-পাত যেনে-

*পালেং শাক,

*লাই,

*লফা,

*জিলমিল(ভটুৱা),

*দাইল আদিৰে ফলিক এচিডৰ অভাৱ পূৰণ কৰিব পাৰি।

এন্টি অক্সিডেন্ট:

এন্টি অক্সিডেন্ট নামৰ উপাদানবিধ আমি সচৰাচৰ খাই থকা কিছুমান খাদ্যত পোৱা যায়। এইবিধ উপাদানে মানুহৰ শৰীৰত ভিটামিন বা খনিজ লৱণৰ দৰে উপকাৰী দ্ৰব্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে যদিও পৰোক্ষভাৱে শৰীৰটো নিৰোগী কৰি ৰখাত সহায় কৰে।

বিশেষভাৱে মহিলাসকলৰ উদ্বেগ প্ৰশমন কৰাত এন্টি অক্সিডেন্টে বিশেষ ভূমিকা লয়। লগতে বয়সৰ লগে লগে ছাল শোটোৰা পৰা, ছাল, চুলি আদি শুকাই যোৱাৰ প্ৰক্ৰিয়াতো বাধা দি দীৰ্ঘদিনলৈ শৰীৰক বয়সৰ চাপৰ পৰা ৰক্ষা কৰি থাকে।

 

প্ৰতিদিনে পুৱাতে এই কাম কৰিলে যুৱাৱস্থা ঘূৰাই পাব:

প্ৰতিদিনে পুৱা এই কামটো কৰাৰ অভ্যাস কৰক আৰু নিজকে কুৰি বছৰীয়া যুৱকলৈ ৰূপান্তৰিত কৰক।

আজিকালি অতি কৰ্মব্যৱস্ততাৰ বাবে প্ৰদূষণযুক্ত পৰিৱেশত ঘূৰা-ফুৰি কৰি লগা হয় আৰু তাৰ ফলত আপোনাৰ শাৰীৰিক সৌন্দৰ্য দ্ৰুত গতিত লোপ পাবলৈ ধৰে। আজি আমি আপোনাৰ বাবে এনে দুটিমান দিহা দিব খুজিছো।

এই দিহা অনুশীলন কৰিলে আপোনাৰ সৌন্দৰ্য অটুট থাকিব আৰু বয়সো কম যেন দেখাব।

*পুৱা সকলো কামৰ আগতে এচামুচ নাৰিকল তেল লৈ সৰ্বশৰীৰৰ ছালত সানক আৰু দুই-তিনিমিনিট সময় ধৰি মালিচ কৰক। নাৰিকল তেলত থকা ভিটামিন ‘ই’ আপোনাৰ ছালে শোষণ কৰি ল’ব।

পাঁচ মিনিটমান পিছত এখন পৰিষ্কাৰ কপাহী কাপোৰ বা গামোচা গৰম পানীত তিয়াই চেপি লওক। এতিয়া এইখন কাপোৰেৰে গাটো ঢাকি লওক। এই ব্যৱস্থাৰ ফলত গাত লাগি থকা নাৰিকল তেলৰ অৱশিষ্ট পুষ্টি দ্ৰব্য গাৰ ছালে শুহি ল’ব।

এক মিনিট পিছত শুকান কাপোৰ এখনেৰে গাটো মচি পেলাওক। এই ব্যৱস্থাৰ জৰিয়তে আপোনাৰ শৰীৰৰ ছালৰ সকলো সমস্যাই দূৰ হ’ব।

 

চুলি সৰা ৰোধ কৰাৰ ঘৰুৱা উপায় -

আজিকালি প্ৰায় সকলো লোকৰে অকালতে চুলি সৰি যোৱাটো এটা সাধাৰণ সমস্যাত পৰিণত হৈছে। বহুতো কম বয়সীয়া যুৱকো চুলি সৰি টপা হোৱা দেখা গৈছে।

কিন্তু আপুনি কেইটিমান ঘৰুৱা উপায় অৱলম্বন কৰি সহজেই এই সমস্যাৰ সমাধান কৰিব পাৰে আৰু মূৰত সম্পূৰ্ণকৈ ঢাকি চ্যলি গজাব পাৰে।

*শুকান আৰু পাতল হৈ পৰা চুলিত নাৰিকল তেলৰ লগত এলোভেৰাৰ(চালকুঁৱৰী) পাতৰ পৰা উলিয়াই লোৱা সতেজ ৰস(বিজলুৱা ৰস) মিহলাই লওক।

লগতে তাত কেইটোপালমান নেমুৰ ৰসো মিহলাই ল’ব পাৰে। এই মিশ্ৰণ চুলিত সানি কিছু সময় ধৰি মূৰটো মালিচ কৰক। এঘন্টাৰ পিছত মূৰটো ধূই পেলাওক।

এলোভেৰাৰ পাতৰ ৰসত পি এইচৰ মাত্ৰা স্বাভাৱিক অনুপাতত থকা বাবে এই ৰসে চুলিৰ আৰ্দ্ৰ্তা সঠিকভাৱে ৰাখে। এলোভেৰাৰ ৰস সকলো প্ৰকাৰৰ চুলিৰ কাৰণে উপকাৰী।

যদি আপোনাৰ চুলি শুকান আৰু নিষ্প্ৰাণ যেন লাগিছে, তেনেহ’লে এলোভেৰা জেলৰ লগত নাৰিকল তেল মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি বটলত ভৰাই ৰাখক আৰু প্ৰতিদিনে পুৱাই এই মিশ্ৰণ চুলিৰ গুৰিলৈকে সানি কিছু সময় মালিচ কৰক আৰু ১৫ মিনিট সময়ৰ পিছত ধুই পেলাওক।

এই ব্যৱস্থা কৰিলে আপোনাৰ চুলি সৰা বন্ধ হ’ব, উফি নাইকিয়া হ’ব, চুলিৰ শুকানভাৱ নাইকিয়া হ’ব আৰু মূৰত হোৱা খজুৱতিও নাইকিয়া হ’ব।

 

চুলি পকা বন্ধ কৰাৰ ঘৰুৱা উপায় -

চুলিকোচা পকি সম্পূৰ্ন বগা হৈ পৰিলে কাকো ভাল নেলাগে। কিছু বয়স বৃদ্ধিৰ লগে লগে চুলি পকাটো এটা প্ৰাকৃতিক ঘটনা আৰু এই বিপদৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় বিচাৰি পোৱা নেযায়।

কিন্তু সাময়িকভাৱৰ বগা চুলি ক’লা কৰাৰ কাৰণে বজাৰত ভালেকেইবিধ কলপ ওলাইছে। এই কলপ ব্যৱহাৰ কৰি বহুতে চুলি ক’লা কৰি লয়। কিন্তু এই কলপ দিয়া ক’লা বা আন যিকোনো ৰং দীৰ্ঘস্থায়ী নহয়। প্ৰতিমাহে এই কলপ সানি থাকিব লগা হয়।

কিন্তু আজি এই লেখাটোত দিয়া পৰামৰ্শ মানি চলিলে আপোনাৰ পকি বগা হৈ যোৱা চুলি কম সময়ৰ ভিতৰতে ক’লা হৈ পৰিব আৰু এই ৰং চিৰস্থায়ী হৈ ৰয়।

এই ঘৰুৱা উপায়টোৰ কাৰণে আপুনি খাঁটি নাৰিকল তেল ২০০ মিঃলিঃ সংগ্ৰহ কৰিব লাগিব। লগতে প্ৰায় ১ কিলোগ্ৰাম মান নৰসিংহৰ পাত সংগ্ৰহ কৰি ভালদৰে ধুই ছাঁত শুকুৱাই গুড়ি কৰি লওক।

এই গুড়িৰ চাৰি ভাগৰ এভাগ সংগ্ৰহ কৰি ৰখা নাৰিকল তেলত মিহলাই লওক। এদিনৰ পিছত এই তেল মিহি কাপোৰেৰে চেকি লৈ লাহে লাহে মূৰত প্ৰতিডাল চুলিৰ গুৰিলৈকে বিয়পি যোৱাকৈ সানক। লগে লগে চুলিবোৰ ক’লা নহ’লেও কেইদিনমান ব্যৱহাৰ কৰিলে ক’লা হ’ব।

 

তেনেই কম খৰচতে আপোনাৰ ছালৰ ৰং বগা কৰিব পাৰে:

দুবিধ মাত্ৰ দ্ৰব্য সংগ্ৰহ কৰি নিয়ম মতে ব্যৱহাৰ কৰি থাকিলে আপুনি নিজৰ ছালখন বগা কৰি তুলিব পাৰে। এই দুবিধ দ্ৰব্যই তেনেই কম দামী।

কিন্তু কম দামী হ’ল বুলিয়েই আপুনি অৱহেলা নকৰিব। এই দুবিধ দ্ৰব্যৰ ব্যৱহাৰ কৰি চাওকচোন।

এই দুবিধ হৈছে ১০০ গ্ৰাম গোলাপ জলৰ এটি বটল আৰু এলোভেৰা জেলৰ এটা বটল। যদি আপুনি সঁচাকৈয়ে বগা হ’ব খুজিছে, তেনেহ’লে এই দুয়োবিধ দ্ৰব্য একেলগে ভালদৰে মিহলাই লওক।

এৰিয়া এই পেষ্ট আগবেলাৰ ভিতৰতে মুখ আৰু শৰীৰৰ ওলাই থকা অংশৰ ছালত সানি থওক। ছালত এই পেষ্ট শুকাই গ’লে ঠাণ্ডা পানীৰে ধুই পেলাওক।

এই মিশ্ৰণ একেৰাহে ১৫ দিন ব্যৱহাৰ কৰিলে দেখিব আপোনাৰ মুখৰ ৰং সলনি হৈছে আৰু আপুনি বগা হৈ পৰিছে।

আজিকালি পৰিৱেশ ইমানেই দূষিত হৈ পৰিছে যে, তাৰ কু-প্ৰভাৱ আমাৰ ছালত পৰিবলৈ লৈছে। পৰিৱেশৰ প্ৰদূষণে মুখৰ চেহেৰা আৰু গাৰ ছালৰ যথেষ্ট ক্ষতি কৰিছে।

কেমিকেলযুক্ত প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ কৰিলে কিছু সময়ৰ কাৰণে আপোনাৰ ছালখনৰ ৰং বগা হ’ব পাৰে, কিন্তু পিছলৈ ছালখনৰ ওপৰত এই সামগ্ৰীবিলাকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হ’ব পাৰে আৰু তাৰ ফলত ছালখন পূৰ্বতকৈ বেয়াহে হৈ পৰিব পাৰে।

আজি আমি আপোনাক এটি ঘৰুৱা দিহাৰ বিষয়ে ক’বলৈ ওলাইছো। এই দিহা মানি চলিলে আপোনাৰ ছালখন বগা আৰু উজ্জ্বল হৈ পৰিব।

এই দিহাটোৰ বাবে আপোনাক হোৱাটনিং মাটি সংগ্ৰহ কৰি লওক। এই মাটি আপুনি গুড়ি অৱস্থাতো পাব পাৰে।

এই মাটিত পূৰা মাত্ৰাত-

*মেগনেচিয়াম,

*চিলিকা,

*আয়ৰণ আৰু

*কেলচিয়াম থাকে।

এইবিলাক উপাদানে ছালৰ বিভিন্ন দূৰ কৰাত সহায় কৰে। নিজৰ মুখ আৰু গাৰ ছালখন বগা, মসৃণ আৰু উজ্জ্বল কৰিবৰ কাৰণে এবাটি স্কিন হোৱাটনিং পাউডাৰ লওক। এতিয়া ইয়াৰ লগত অলপমান গোলাপজল ঢালি ভালদৰে মিহলাই লওক।

এতিয়া এই মিশ্ৰণ নিজৰ মুখমণ্ডল আৰু শৰীৰৰ ওলাই থকা অংশবিলাকত সানি লৈ আধা ঘন্টা সময় ৰৈ দিয়ক।

পিছত ঠাণ্ডা পানীৰে এই মিশ্ৰণ সানি থোৱা অংশবোৰ ধুই পেলাওক। সপ্তাহত এবাৰকৈ এই মিশ্ৰণ ব্যৱহাৰ কৰিলে আপোনাৰ গাৰ ছাল বগা আৰু উজ্জ্বল হৈ উঠিব।

প্ৰতিজন মানুহেই নিজৰ চেহেৰাটো সুন্দৰ আৰু বগা কৰি ৰাখিব বিচাৰে। সেই উদ্দেশ্যে প্ৰতিদিনে তেওঁলোকেব বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী আৰু ক্ৰীম আদি ব্যৱহাৰ কৰে।

বহুতে আকৌ নিজে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ উপৰি বিউটি পাৰ্লাৰলৈ গৈ বিভিন্ন দামী দ্ৰব্যৰে ফেচিয়েল আৰু মাছাজ(মালিচ) আদি কৰোৱায়।

এইবিলাক কৰিবলৈ যাওঁতে তেওঁলোকে যথেষ্ট টকা-পইচা খৰচ কৰিব লগা হয়। যদি আপুনিও আপোনাৰ ছালখন বগা আৰু উজ্জ্বল, মসৃণ কৰিব খুজিছে তেনেহ’লে ইমানবোৰ টকা-পইচা খৰচ কৰাৰ সলনি দুই চাৰিবিধ সামগ্ৰী কিনি আনি ঘৰতে সহজতে আপোনাৰ মুখ আৰু গাৰ ছালখন বগা, কমনীয় কৰি তুলিব পাৰে।

*এই উপায় কাৰ্যকৰী কৰিবলৈ আপুনি ১০০ মিঃলিঃ বাদাম তেল আৰু ভিটামিন ‘ই’ কেপচুল সংগ্ৰহ কৰি লওক। বাদাম তেলত ছালৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপকাৰী উপাদান থাকে।

আপুনি ৰাতি শোৱাৰ আগতে এচামুচ বাদাম তেল এটা কাপত লৈ তাতে ভিটামিন ‘ই’ কেপচুল এটা ভাঙি ভিতৰৰ তৰল দ্ৰব্যখিনি উলিয়াই বাদাম তেলৰ লগত ভালদৰে মিলহাই লওক।

এতিয়া এই মিশ্ৰণটো মুখমণ্ডলত লগাই তাৰে মুখখন তলৰ পৰা ওপৰলৈ মালিচ কৰক। ৰাতিটো মুখত এই মিশ্ৰণ সানি থোৱা অৱস্থাতে ৰাখি থওক।

পুৱা শুই উঠি পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক। এই উপায় একেৰাহে সাতদিন কৰিলে মুখৰ ছালখন বগা হৈ উঠা দেখিব। মাজতে এমাহমান কৰাৰ পিছত আপোনাৰ চেহেৰা বগা উজ্জ্বল আৰু ধুনীয়া হৈ উঠা দেখিবলৈ।

 

ডায়েবেটিছৰ পৰা বাচি থাকিবলৈ -

আখৰোট এনে এবিধ শুকান ফল, যি ফল প্ৰায় সকলো লোকেই দেখিছে। বহুতে এই ফলবিধ খায়ো চাইছে।

আন শুকান ফলতকৈ আখৰোটৰ দাম যথেষ্ট বেছি আৰু সকলো শুকান ফলৰ দোকানত এইবিধ ফল পোৱাও নেযায়। পালেও বৰ কম পৰিমাণত পোৱা যায়।

অৱশ্যে অন্য ফলৰ দৰে এইবিধ শুকান ফল বৰ বেছিকৈ খোৱাও নহয়। কিন্তু এইবিধ শুকান ফল খোৱাৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব।

কেইবাটাও গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, আখৰোট খাই থকা লোকসকলৰ ডায়েবেটিছৰ আশংকা বহুগুণে কমি থাকে।

যি ব্যক্তিয়ে দিনে মাত্ৰ ৩ চামুচ(১৫ গ্ৰাম) আখৰোট খাই থাকে, তেনে লোকৰ মাজত ডায়েবেটিছৰ আশংকা ৪৭ শতাংশ পৰ্যন্ত কম হোৱাৰ প্ৰমাণ পোৱা গৈছে।

আখৰোট নোখোৱা অন্য ব্যক্তিৰ মাজত এই আশংকা যথেষ্ট মাত্ৰাত বৃদ্ধি পায়। আখৰোট সেৱন কৰি থাকিলে হৃদৰোগৰ পৰাও বাচি থাকিব পাৰি আৰু আমাৰ শৰীৰক যথেষ্ট মাত্ৰাত পুষ্টি দ্ৰব্যৰ যোগান ধৰে লগতে শাৰীৰিক শক্তিও বৃদ্ধি কৰে। আখৰোট খাই থকা লোকসকল সুস্থ আৰু সবল হৈ থাকে।

আজিকালি সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগটো এটা বৃহৎ সমস্যা ৰূপে দেখা দিছে। ভাৰতত এতিয়া পৃথিৱীৰ অন্য ৰাষ্ট্ৰতকৈ বহু বেছি সংখ্যক লোক ডায়েবেটিছত ভুগিবলৈ লৈছে।

অহা ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক ডায়েবেটিছ ৰোগী হ’বলৈ ভাৰতত। এই ৰোগৰ পৰা নিস্তাৰ পাবলৈ আৰু বাচি থাকিবলৈ মানুহে বিবিধ চিকিৎসাৰ আশ্ৰয় লৈছে।

কিন্তু এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আখৰোট সেৱন আটাইতকৈ সহজ আৰু কম খৰচী চিকিৎসা হ’ব।

দিনে অতি কমেও তিনিৰ পৰা চাৰি চামুচ আখৰোট খাই থাকিব লাগে। তেনে কৰিলে ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰিব।

 

চূণ ব্যৱহাৰ কৰি ৭০ বিধ ৰোগ দূৰ কৰক:

আপোনালোক সকলোৱে চূণ কি বস্তু জানে। কিন্তু চূণৰ ব্যৱহাৰ তামোলৰ লগত খোৱা পাণত কৰা হয় আৰু চুপাৰিৰে সৈতে খোৱা পাণ, জৰ্দা পাণ আদিতো চূণ প্ৰয়োগ কৰা হয়।

কিছু বছৰ আগলৈকে চূণেৰে ঘৰৰ বেৰবিলাক ৰং কৰা হৈছিল আৰু এবাৰ চূণ সানি দিয়াৰ পিছত প্ৰায় এবছৰলৈকে বেৰবোৰ উজ্জ্বল বগা হৈ আছিল।

এনেদৰে চূণ সনা বেৰত মহ-মাখিয়ে আশ্ৰয় ল’ব নোৱাৰিছিল। কিন্তু আজিকালি বেৰত চূণ সনাৰ কাম কমি আহিল আৰু চূণৰ সলনি অন্য ভালেমান ৰং ওলাল আৰু আজিকালি এনে ধৰণৰ ৰঙেৰেই ঘৰৰ বেৰবিলাক ৰঙীন কৰি তোলা হয়। অন্য কৃত্ৰিম ৰঙতকৈ চূণ তুলনামূলকভাৱে সস্তীয়া।

আজিকালি বছৰ বছৰ ধৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি থকা খেতিৰ মাটিৰ অম্লীয় গুণ নাইকিয়া কৰিবৰ বাবে খেতিৰ পথাৰত চূণ মিহলোৱা হয়।

তুলনামূলকভাৱে সস্তীয়া এইবিধ দ্ৰব্যৰ ঔষধীয় গুণো যথেষ্ট বেছি। এইবিধ দ্ৰব্যই প্ৰায় ৭০ বিধ ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰে।

চূণত যথেষ্ট পৰিমাণে কেলচিয়াম পোৱা যায় আৰু এইবিধ উপাদানে আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ লগতে শৰীৰৰ বিভিন্ন তন্ত্ৰৰ উপকাৰ সাধন কৰে।

*কুহিয়াৰৰ ৰসৰ লগত সামান্য পৰিমাণে চূণ মিহলাই খালে জণ্ডিচৰ দৰে ৰোগ সোনকালে নিৰাময় হয়। কুহিয়াৰৰ ৰস পুৰুষৰ কাৰণেও উপকাৰী। চূণ মিহলোৱা কুহিয়াৰৰ ৰস কেইবিধমান খালে বীৰ্যত শুক্ৰাণু কম থকা পুৰুষৰ এই সমস্যা দূৰ হয়।

*বিদ্যাৰ্থীসকলৰ কাৰণেও চূণ উপকাৰী। দাইলৰ লগত সামান্য পৰিমাণে চূণ মিহলাই এসপ্তাহমান খাই থাকিলে স্মৰণ শক্তি বৃদ্ধি পায়। যিসকল ব্যক্তিৰ মগজুৰ ক্ষমতা দুৰ্বল, তেওঁলোকেও এই মিশ্ৰণ খাই থাকিলে মগজুৰ ক্ষমতা বাঢ়ে।

*মুখৰ ভিতৰত ঘা হৈ থাকিলে চূণ গলোৱা পানীৰে মুখ কুলকুলি কৰিলে মুখৰ ঘা শুকায়।

 

শিঙি আৰু মাগুৰ মাছৰ পুষ্টি গুণ -

আমিষ ভোজীসকলে যদি কম কেলৰিযুক্ত আহাৰ খাবলৈ বিচাৰে, তেনেহ’লে শিঙি আৰু মাগুৰ মাছ খাবলৈ লওক।

শিঙি আৰু মাগুৰ মাছত প্ৰোটিন, ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান মজুত থাকে। এই দুবিধ মাছ খাই থাকিলে শৰীৰৰ মাংসপেশী শক্তিশালী হয় আৰু পেশী গঠন হোৱাতো সহায় কৰে। মুঠতে এই দুবিধ মাছ সকলো লোকৰ বাবে উপকাৰী।

ৰোগ আৰোগ্যৰ পিছত দুৰ্বল হৈ থকা লোকক এই মাছ নিয়মীয়াকৈ খুৱাই থাকিলে অনতিপলমে সুস্থতা ঘূৰি আহে।

১)মানসিক উদ্বিগ্নতা কৰে:

এই দুয়োবিধ মাছতে ওমেগা-৩ ফেটি এচিজ পোৱা যায় আৰু তাৰ ফলত কলেষ্টেৰলৰ পৰিমাণ শৰীৰত কম হয়।

এই দুবিধ মাছ মহিলাসকলৰ বাবেও যথেষ্ট উপকাৰী। মহিলাসকলে সাধাৰণতে সামান্য মানসিক চাপ পালেই উদ্বিগ্নতা আৰু শাৰীৰিক কষ্টত ভোগে।

কিন্তু শিঙি আৰু মাগুৰ মাছ খাই থাকিলে এনে ধৰণৰ বিকাৰৰ পৰা বাচি থাকিব পাৰে।

২)হাড়বিলাক শক্তিশালী কৰে:

এই দুবিধ মাছত প্ৰোটিন, ফছফৰাচ, মেগনেচিয়াম আৰু কেলচিয়ামৰ দৰে পুষ্টি দ্ৰব্য সম্পূৰ্ণ মাত্ৰাত থাকে।

এনেবিলাক উপাদানে আমাৰ হাড় যথেষ্ট শক্তিশালী কৰি তুলিব পাৰে। এই দুবিধ মাছ সপ্তাহত দুবাৰকৈ খাই থাকিব পাৰিলে হাড়ৰ দুৰ্বলতা দূৰ হয়।

৩)ছাল শোটোৰা পৰাৰ পৰা বচায়:

বয়স বৃদ্ধিৰ লগে লগে আৰু বাহিৰৰ ৰ’দত ঘূৰা পকা কৰিলে মানুহৰ ছাল শোটোৰা পৰে আৰু মুখৰ ছালতো বলি ৰেখা পৰে।

বেছি মানসিক উদ্বিগ্নতাত ভুগি থাকিলেও ছালত তাৰ প্ৰভাৱ পৰে। যদি আপুনি আহাৰত শিঙি আৰু মাগুৰ মাছ খাই থাকে, তেনেহ’লে আপোনাৰ ছাল নিমজ আৰু উজ্জ্বল হৈ থাকিব আৰু ছালৰ দাগো আঁতৰিব।

 

মুৰ্গিৰ মাংস বেছিকৈ নাখাব:

আজিকালি আমিষভোজীসকলৰ মাজত মুৰ্গি মাংস বেচ জনপ্ৰিয় হৈ পৰিছে। আমিষ ভোজী অধিকাংশ লোকৰে প্ৰিয় খাদ্য এই মুৰ্গিৰ মাংস। বিশেষভাৱে শিশু-চেমনীয়া তথা যুৱক-যুৱতীসকলৰ মাজত এইবিধ মাংস অধিক প্ৰিয় হৈ পৰিছে।

কিন্তু আপুনি জানেনে যে অতি মাত্ৰাত এইবিধ মাংস খাই থাকিলে আমাৰ শৰীৰত ভালেখিনি অপকাৰ হ’ব পাৰে।

সকলো ধৰণৰ মাংসৰ পৰাই আমাৰ শৰীৰে এনাৰ্জি পায়। তেনেদৰে মুৰ্গিৰ মাংসৰ পৰাও আমাৰ শৰীৰে যথেষ্ট শক্তি লাভ কৰিব পাৰে। কিন্তু অধিক মাত্ৰাত এইবিধ মাংস খাই থাকিলে আমাৰ শৰীৰৰ যথেষ্ট অপকাৰ হয়।

বেছি পৰিমাণৰ মাংসই আমাৰ পেটত পোৰণিৰ উদ্ৰেক ঘটাব পাৰে। যদি আপুনি আপোনাৰ পছন্দমতে মুৰ্গিৰ মাংস খায়, তেনেহ’লে কম পৰিমাণে খাব, যাতে আপোনাৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

 

এচামুচ চফ গুটি খোৱাৰ পিছত কুহুমীয়া পানী এগিলাছ খাওক:

এনেয়ে চফ গুটি মানুহৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। চফ গুটি নিয়মীয়াকৈ খাই থাকিলে শৰীৰে যথেষ্ট পৰিমাণে পুষ্টি দ্ৰব্য লাভ কৰে আৰু শৰীৰৰ ভালেমান সমস্যা দূৰ হয়।

চফ গুটিৰ উপকাৰিতা:

১)ৰাতি আহাৰ খোৱাৰ পিছত এচামুচ চফ গুটি চোবাই খাই দহ-পোন্ধৰ মিনিটৰ পিছত কুহুমীয়া গৰম পানী এগিলাছ খাওক।

এই ব্যৱস্থাৰ ফলত শৰীৰে এমোনো এচিড, ভিটামিন ‘এ’, ভিটামিন ‘বি’ কমপ্লেক্স, ভিটামিন ‘চি’ আৰু ভিটামিন ‘ডি’ৰ দৰে ভালেমান পুষ্টি উপাদান লাভ কৰিব। ফলত পাচন ক্ৰিয়া ভাল হ’ব।

২)ৰাতি আহাৰ খোৱাৰ পিছত এচামুচ চফ গুটি অকণমান মিচিৰিৰ সৈতে চোবাই খালে পাচন তন্ত্ৰ সুস্থ হৈ থাকে আৰু আপোনাৰ চকুযোৰো শক্তিশালী কৰি ৰাখিব।

দৃষ্টিশক্তি ভালে থাকিব। লগতে কোষ্ঠবদ্ধতা, বদহজম, এচিডিটি আদি সমস্যাও দূৰ হ’ব। চফ গুটিয়ে পেটৰ আন ভালেফমান সমস্যাও দূৰ কৰিব পাৰে।

 

ছাগলীৰ মাংস কোনে খাব পাৰে -

আমিষ ভোজন কৰা লোকসকলে ছাগলীৰ মাংস খাই বৰ ভাল পায়। ছাগলীৰ মাংস, বিশেষভাৱে পঠাৰ মাংসৰ এক বিশিষ্ট সোৱাদ আছে আৰু এইবিধ মাংসই শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে। স্বাস্থ্যও ভালে ৰাখে।

ছাগলীৰ মাংস ভিটামিন ‘বি-১২’ৰ এটা ভাল উৎস। ছাগলীৰ মাংসত থকা ভিটামিন ‘বি-১২’এ আপোনাৰ স্নায়ুতন্ত্ৰক সুস্থ কৰি ৰাখে আৰু স্নায়ুবিলাক শক্তিশালী কৰি ৰাখে।

ছালগীৰ মাংস জিংকৰো এটি ভাল উৎস। এইবিধ মাংস খাই থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু তাৰ ফলত শৰীৰত ৰোগ বীজাণুৱে সহজতে আক্ৰমণ কৰিব নোৱাৰে। দীৰ্ঘদিন ধৰি এওঁলোক সুস্থ হৈ থাকে।

ছালগীৰ মাংস প্ৰোটিনৰো এক উৎকৃষ্ট উৎস। শৰীৰৰ পেশীবোৰ শক্তিশালী কৰি গঠন কৰাৰ কাৰণে প্ৰোটিন বৰ প্ৰয়োজনীয় উপাদান। যিসকল লোকে নিজৰ শৰীৰটো সুদৌল আৰু শক্তিশালী কৰি গাঢ় কৰি তুলিব বিচাৰে, তেওঁলোকে ছাগলীৰ মাংস খাব লাগে।

কিন্তু যিসকল লোকৰ শৰীৰত কলেষ্টেৰলৰ(বেয়া কলেষ্টেৰল LDL) পৰিমাণ বেছি আছে আৰু যাৰ শৰীৰত অবাঞ্চিতভাৱে মেদবহুতা আছে, তেনে লোকে ছাগলীৰ মাংস খাব নেলাগে। উচ্চ ৰক্তচাপত ভুগি থকা লোকেও ছাগলীৰ মাংস খোৱাটো বেয়া।

উৎস: নিয়মীয়া বাৰ্তা

 

 

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক