অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চুলি সংৰোপণ

চুলি সংৰোপণৰ বিষয়ে লিখা হৈছে

 

চুলি সৰিলে বহুক্ষেত্ৰত বিশেষ চিকিৎসা আৰু যত্নৰে নতুনকৈ চুলি গজাবও পৰা যায়। অৱশ্যে বহুতৰ আকৌ সময়, সুবিধা আদিৰ বাবে ই সম্ভৱ নহয়গৈ। এনেক্ষেত্ৰত চুলি সৰি কম বয়সতে তপা হ’ব লগা হয়। এনে সমস্যাত আজিৰ নতুন প্রযুক্তিৰ যুগত নতুন পদ্ধতিৰে হেয়াৰ ট্ৰেন্সপ্লান্ট (Hair Transplant) বা চুলি সংৰোপন কৰাব পৰা যায়। এনে পদ্ধতিত চুলিৰ ছালত (Scalp)ত কৃত্রিম চুলি লগোৱা হয়। কিন্তু এই হেয়াৰ ট্ৰেন্সপ্লাণ্টনো কি ?

হেয়াৰ ট্রেন্সপ্লান্টাচন হৈছে শৈল্য চিকিৎসাৰ দ্বাৰা (Surgery) চুলি থকা ঠাইৰ পৰা (Donor Site) চুলি নথকা ঠাই এটুকুৰালৈ (Recipient Site) চুলিৰ কেশছিদ্ৰভ্ৰূণ (Hair Follicle) স্নানান্তৰিত কৰা। পুৰুষৰ তপা হোৱা সমস্যাৰ বাবে প্রধানতঃ ব্যৱহাৰ কৰা হয় যদিও নাৰীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। সাধাৰণতে মূৰৰ পিছফালৰ পৰা কেশভ্ৰূণ আনি সন্মুখৰ তপা অংশত ৰোপণ কৰা হয়। বহুক্ষেত্ৰত বুকুৰ, কাষলতি ইত্যাদি স্থানৰ পৰাও চুলিভ্ৰূণ লৈ যায়, যেনেদৰে ফেচলিফ্‌ট বা কচ্‌মেটিক চার্জাৰীত কৰা হয়। বহুতে হেয়াৰ ট্রেন্সপ্লাণ্ট আৰু স্কীন গ্রাফটিঙৰ (Skin Grafting) ৰ মাজত পার্থক্য বুজি নেপায়, দুয়োটা একেই বুলি ভাবে। দৰাচলতে হেয়াৰ ট্রেন্সপ্লাণ্টত কেশভ্ৰূণ স্থানান্তৰ কৰা হয় আৰু স্কীন গ্রাফটিঙত এপিডাৰমিচ আৰু ডাৰমিচ তৰপেৰে সৈতে চুলি সদায় ১ৰ পৰা ৪ ডাললৈ এটা কুঞ্জত বা থোপাকৈ গজে (Group)। সেয়ে চুলি সংৰোপণ কৰালে চুলি থোপাকৈ গজি স্বাভাৱিক ধৰণৰ চুলিৰ দৰে হৈ পৰে। ইয়াক দুই ধৰণেৰে কৰা হয় — Follicular Unit Transplantation (FUT) আৰু Follicular Unit Extraction (FUE).

বিধি

প্রথমে শৈল্য চিকিৎসকজনে ব্যক্তি জনৰ চুলিৰ ধৰণ, চুলিৰ গুড়ি, তেখেতৰ চুলি অহাৰ সম্ভাৱনাৰ বিষয়ে কিছু বিতংভাৱে পৰীক্ষা কৰাই লয়। মূৰত চুলিৰ ঘনত্ব, চুলি গজৰ গতি ভালদৰে পৰীক্ষা কৰি লয়—যাতে নতুনকৈ সংৰোপণ কৰা চুলিখিনিয়ে কিমান দিনত ভাল ফলাফল দেখুৱাব ক’ব পৰা যায়। লগতে ৰোগীজনৰ তেজ, থাইৰয়ড, শৰ্কৰা (Sugar Count), হাৰ্টৰ বিতং পৰীক্ষা কৰাই লয়। এই প্রক্রিয়াক PreOperative assessment & planning বুলি কোৱা হয়।

হাভেষ্টিং (Harvesting): এইক্ষেত্ৰত শৈল্য চিকিৎসাৰ প্রয়োজন। ইয়াৰ বাবে সামান্য (Mild Anasthesia/Seation) ব্যৱহাৰ কৰা হয়। চুলিখিনি ভালদৰে শ্বেম্পু কৰি লোৱা হয় আৰু বীজাণুনাশক (Anti Bacterial) ব্যৱহাৰ কৰা হয়, যাতে কোনো ধৰণৰ সংক্রমণ নহয়। কেবাধৰণৰ বিধি ব্যৱহাৰ কৰি এগৰাকী শৈল্য চিকিৎসকে কেশভ্ৰূণৰ তৰপ উঠাই আনে। যেনে—

(ক) স্ট্রাইপ হাৰ্ভেষ্টিং

(খ) ফলিকুলাৰ ইউনিট এক্সট্রেক্‌চন

(গ) ফলিকুলাৰ ইউনিট ট্রেন্সপ্লাণ্ট

(ঘ) ৰবটিক হেয়াৰ ৰেষ্ট'ৰেচন।

চুলি সংৰোপণ কৰা হয়

এনড্র’জেনিক এলপেছিয়া (Androgenic Alopecia) অর্থাৎ চুলি সৰি তপা হ’লে।

চেলাউৰিৰ নোম নোহোৱা হ’লে কৰা হয়। আৰু সন্মুখৰ চুলি আগুৱাবলৈ কৰা হয়।

শৈল্য চিকিৎসা নোহোৱাকৈ কৰিব পৰা যায়, যদিহে কিবা কাৰণত শৈল্য চিকিৎসাৰ বাবে প্রস্তুত নহয়। তেনেক্ষেত্ৰত সম্পূর্ণ ছালৰ দৰে পাতল ছাল এখন থকা চুলিৰ তৰপ মূৰৰ ছালত লগাই আঠা লগাই দিয়া হয়। সময়ত চুলি গজি আহে।

চিকিৎসাৰ পিছৰ যতন

চিকিৎসাৰ স্থান কিছুদিনলৈ বেণ্ডেজ কৰি ৰখা হয়। এই বেণ্ডেজ আৰু এণ্টিছেপ্টিক তথা দৰৱ নিয়মিত সলনি কৰি থাকিব লাগে। স্পর্শকাতৰ স্থানখিনি কিছুদিনলৈ ঢাকি ৰাখিব লাগে, বিশেষকৈ ৰ’দৰ প্ৰখৰ ৰশ্মিৰ পৰা। দুদিনৰ মূৰত শ্বেম্পু কৰা প্রয়োজন, অতি সাৱধানতাৰে। শ্বেম্পু কৰাটো খুবেই প্ৰয়োজন, অন্যথা শুকান ছালৰ ফলত নতুনকৈ ৰোপণ কৰা চুলিৰ গুড়ি বন্ধ হৈ নতুন চুলিখিনি সৰাই দিব পাৰে। বিশেষকৈ প্রথম ৭-১০ দিনলৈ দৈনিক শ্বেম্পু কৰাটো অত্যন্ত আৱশ্যক।

প্রথম ১০ দিনত নতুন চুলিখিনি সৰি যাব। হয়তো স্থানান্তৰিত কৰাৰ বাবে এনে হয়। ২-৩ মাহৰ পিছত আকৌ চুলি গজিবলৈ আৰম্ভ হ’ব। ৰোগীজনৰ চুলি স্বাভাৱিকভাৱে গজিবলৈ ল’ব আৰু ৬-৯ মাহৰ ভিতৰত ঘন আৰু স্বাভাৱিক হৈ পৰিব। চুলি অন্য স্থানৰ পৰা সৰিব পাৰে, কিন্তু ভাল যত্ন ল’লে চুলি আৰু নসৰে। এই সময়ছোৱাত সৌন্দৰ্য চৰ্চাৰ প্ৰয়োজনীয় আহি পৰে।

পার্শ্ব প্রতিক্রিয়া

'Shockloss’ বা হঠাৎ স্থানান্তৰিত কৰাৰ ফলত চুলি সৰিব পাৰে, অৱশ্যে ই সাময়িক। পুনৰ গজি আহিব। চুলিৰ ভ্ৰূণ অনা ডনাৰ ছাইটডোখৰত কটাৰ ডাঠ চিহ্ন থাকি যায়। ওচৰৰ চুলিবোৰ সৰিবলৈ ধৰে, যাৰ ফলত এই স্থানসমূহত কৰাবলগীয়া হয়। চুলিৰ বৃদ্ধি স্বাভাৱিক নহয়, বেছি দীঘলো নহয়।

বৰ্তমান Stemcells আৰু Dermal Applicant cells ৰ আৱিষ্কাৰ হৈছে। ভৱিষ্যতে শৈল্য চিকিৎসা নোহোৱাকৈও চুলি গজাব পৰা বিধি খুউব সোনকালে আৰম্ভ হ’ব। তেতিয়া এনে ধৰণৰ কাৰ্য নকৰোৱাকৈ তপা মূৰত চুলি গজাব পৰা যাব।

লেখিকা: মধুমিতা শইকীয়া, সাদিন।

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top