মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চুলি সুন্দৰ কৰাৰ কেইটিমান পদ্ধতি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চুলি সুন্দৰ কৰাৰ কেইটিমান পদ্ধতি:

 

চেহেৰাৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতচুলিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। দীঘল, ঘন আৰু সুস্থ চুলি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। কিন্তু পৰিৱৰ্তিত বতৰ, ধূলি আৰু মাটিৰ সম্পৰ্কৰ কাৰণে চুলিৰ ক্ষতি হ’ব পাৰে। কিছুমান প্ৰাকৃতিক প্ৰতিকূল পৰিৱেশৰ বাবে চুলি শুকান আৰু নিস্তেজ হৈ সৰিবলৈ ধৰে। তেতিয়া চুলিৰ সৌন্দৰ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন। ইয়াৰ বাবে আমি কিছুমান উপায়ৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো, যিবিলাকে আপোনাৰ চুলিক সুন্দৰ কৰি ৰাখিব পাৰে।

    চুলিৰ ৰিন্স কৰাক:

চুলিৰ শ্বেম্পু কৰাৰ পিছত টাৱেলেৰে ভালদৰে ঘাঁহক। ডাঙৰ দুই চামুচ দৈত ডাঙৰ দুই চামুচ মেয়োনিজ মিহলাই এই মিশ্ৰণটো চুলিত সানক। ১০-১২ মিনিটৰ পিছত চুলিৰ ৰিন্স কৰক। শেষত চুলি ঠাণ্ডা পানীৰে ৰিন্স কৰক।

    কণ্ডিচনাৰ কৰক:

শ্বেম্পু কৰাৰ পিছত এটা ফেটি লোৱা কণীত দুই ডাঙৰ চামুচ মেয়োনিজ মিহলাই চুলিত সানক। ফণীৰে এই মিশ্ৰণটি গোটেই মূৰতেই ভালদৰে বিয়পাই দিয়ক। ইয়াৰ পিছত শ্বাৱাৰ কেপ পিন্ধি ২০-৩০ মিনিট সময় সেইদৰে থাকক। তাৰ পিছত, কোনো কোমল শ্বেম্পুৰ দ্বাৰা চুলিখিনি ধোৱক। ই এক কাৰ্যক্ষম কণ্ডিচনাৰৰ কাম কৰাৰ লগতে চুলিক নমনীয় আৰু অতিৰিক্ত চমক প্ৰদান কৰে। যাৰ ফলত ফাটি যোৱা চুলি ভাল হয়।

    হেয়াৰ স্প্ৰে লগাওক:

উৰি থকা আৰু আউলি-বাউলি হোৱা চুলি ঠিক কৰিবলৈ হেয়াৰ ব্ৰাছত হেয়াৰ স্প্ৰে লগাওক। তাৰ পিছত চুলি ব্ৰাছ কৰক। ইয়াৰ দ্বাৰা চুলি ভালদৰে চেট হ’ব।

    চুলিত দৈ সানক:

মেহেন্দিত দুচামুচ শুকান আমলখিৰ গুড়ি আৰু চিকাকাই পাউডাৰ মিহলি কৰি গৰম গাখীৰত গুলি গোটেই ৰাতি তিয়াই ৰাখক। পিছদিনা এই মিশ্ৰণত দৈ মিহলাই চুলিত সানক। এইদৰে মাহত এবাৰ বা দুবাৰ কৰক। ইয়াৰ দ্বাৰা চুলি ঘন তথা সুস্থ হয়।

    জেলৰ ব্যৱহাৰ নকৰিব:

বহু সময়ত মানুহে চুলি চেট কৰিবলৈ জেল ব্যৱহাৰ কৰে। ইয়াৰ ফলত যদি আপোনাৰ চুলি প্ৰয়োজনতকৈ অধিক পাতল বা পোন হয়, তেন্তে জেলৰ প্ৰয়োগ নকৰাই ভাল।

    গৰম পানী ব্যৱহাৰ নকৰিব:

শীত কালত বহু লোকে গৰম পানীৰে চুলি ধোৱে, যিটো কথা ভাল নহয়। চুলি শ্বেম্পু কৰাৰ পিছত ঠাণ্ডা পানীৰে ধোৱক। যদি অধিক ঠাণ্ডা হয়, তেনেহ’লে পানী এনেদৰে গৰম কৰিব যাতে শীতলতা কিছু কমি যায়।

    সুন্দৰ হেয়াৰ ব্ৰাছ:

আপোনাৰ হেয়াৰ ব্ৰাছৰ গুণ যিমানেই ভাল হ’ব, সিমানেই আপোনাৰ চুলি সুস্থ হ’ব। বজাৰত কেইবাধৰণৰো হেয়াৰ ব্ৰাছ পোৱা যায়। আপুনি আপোনাৰ চুলিৰ বাবে ভাল গুণসম্পন্ন হেয়াৰ ব্ৰাছৰ বাছনি কৰিব পাৰে।

ভাল মানদণ্ডৰ ব্ৰাছে আপোনাৰ চুলি সৰিবলৈয়ে নিদিয়াৰ লগতে ই চুলিৰ প্ৰয়োজন অনুসৰি সুন্দৰো কৰি তোলে। এই কাৰণে, এটা ভাল্প হেয়াৰ ব্ৰাছৰ অতি প্ৰয়োজন।

    শ্বেম্পু আৰু কণ্ডিচনাৰ:

যিকোনো শ্বেম্পুৰে কাম হ’ল চুলিৰ আৱৰ্জনা বাহিৰ কৰা। কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল আপুনি আপোনাৰ চুলিৰ আৱশ্যকতা অনুসৰি শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰা।

আপোনাৰ চুলিৰ গুণ তথা প্ৰয়োজনীয়তা কি, তাৰ প্ৰতি মনোযোগ দি শ্বেম্পু বা কণ্ডিচনাৰ বাছনি কৰক। বজাৰত পাব পৰা সকলো ধৰণৰ শ্বেম্পু বা কণ্ডিচনাৰ ব্যৱহাৰ নকৰিব। কোনো সৌন্দৰ্য বিশেষজ্ঞ বা চুলিৰ চিকিৎসা কৰা বিশেষজ্ঞইও দিয়া পৰামৰ্শ অনুসৰি আপোনাৰ বাবে প্ৰয়োজনীয় শ্বেম্পু আৰু কণ্ডিচনাৰ কিনি আনি ব্যৱহাৰ কৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

2.88461538462
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top