অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চুলিৰ অকালপক্কতা -

চুলিৰ অকালপক্কতাৰ বিষয়ে লিখা হৈছে ।

 

চুলিৰ অকালপক্কতা বুলি ক’লে আমি সাধাৰণতে এটা নিৰ্দিষ্ট বয়সৰ আগতে চুলি পকি যোৱা পৰিঘটনাকে বুজোঁ। মানুহৰ প্ৰজাতি বা মহাদেশীয় অৱয়ব অনুসৰি এই সীমাটোও ভিনভিন ধৰা হৈছে। যেনে- ১)বগা ছালৰ ইউৰোপীয় মানুহৰ বাবে এই বয়স ২০ বছৰ ।

২)এছিয়াত বাস কৰা মানুহৰ বাবে ২৫ বছৰলৈ ঊৰ্ধ্বসীমা ধৰা হৈছে।

৩) আফ্ৰিকীয় মানুহৰ বাবে এই বয়স ৩০ বছৰ ধৰা হৈছে।

যিবিলাক মানুহৰ সুন্দৰ ছাল, সোণালী চুলি থাকে যেনে-

১) ককেছীয় মানুহবিলাকৰ বয়স বয়স ৩০ দশকৰ মধ্যভাগত চুলি পকিলে সেইটো স্বাভাৱিক বুলি ধৰা হয়।

২) যিবিলাক মানুহৰ ছাল বগা, চুলি মুগা বা ক’লা বৰণৰ যেনে-এছিয়া মহাদেশৰ মানুহবিলাকৰ বয়স ৩০ দশকৰ শেষৰফালে চুলি পকিলে তাক স্বাভাৱিক বুলি ধৰা হয়। আনহাতে, ক’লা ছাল আৰু চুলিযুক্ত আফ্ৰিকীয়বিলাকৰ বয়স চল্লিশৰ দশকৰ মধ্যভাগত চুলি পকিলে স্বাভাৱিক বুলি ধৰা হয়।

চুলি পকাৰ মুখ্য কাৰণ -

আমাৰ চুলিবিলাকৰ বৰণ ক’লা মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ দ্বাৰা হয় আৰু মেলানিনৰ উৎপত্তি মেলানোচাইট নামৰ কোষবিলাকৰ পৰা হয়। বয়সৰ লগে লগে মেলানিনৰ নি:সৰণ কমি যায়- যাৰ ফলত বুঢ়া বয়সত চুলিবিলাক স্বাভাৱিকভাৱে পকিবলৈ আৰম্ভ কৰে। কিন্তু যদি কিবা কাৰণত সময়ৰ আগতে মেলানিন নি:সৰণ বাধাগ্ৰস্ত হয় তেনেহ’লে চুলিবিলাক সময়ৰ আগতে পকিবলৈ আৰম্ভ কৰে।

চুলি বহুতো কাৰণত পকিব পাৰে যদিও তলত সচৰাচৰ দেখা কেইটামান কাৰণ উল্লেখ কৰা হ’ল-

বংশগত -

যদি মাক, দেউতাক, ভায়েক ইত্যাদি পৰিয়ালৰ কোনো সদস্যৰ চুলিৰ অকালপক্কতা থাকে তেনেহ’লে পৰিয়ালৰ অন্য সদস্যৰো কম বয়সতে চুলি পকিব পাৰে।

Auto Immune Disease : সাধাৰণতে কিছুমান Auto Immune Disease  যেনে-পাৰিনচিয়াছ এনিমিয়া, হাইপো বা হাইপাৰ থাইৰ’ডিজম, শ্বেতকুষ্ঠ (vitiligo) ইত্যাদি স্বাস্থ্যগত সমস্যাৰ বাবেও চুলিৰ অকালপক্কতা প্ৰায়েই দেখা যায়।

সময়ৰ আগতে দেখা দিয়া বুঢ়া বয়সৰ লক্ষণ -

কিছুমান অনাকাংক্ষিত ৰোগ যেনে- প্ৰোজেৰিয়া (progeria), পেঞ্জেৰিয়া (pangeria) ইত্যাদিৰ প্ৰভাৱত সময়ৰ আগতে মানুহ বুঢ়া হোৱা দেখা যায় আৰু ফলত চুলিও পকে। কিন্তু এনেকুৱা বেমাৰ খুব দুৰ্লভ হয়।

এলাৰ্জীৰ প্ৰতি প্ৰৱণতা থকা -

সঘনাই হোৱা হাওঁফাওঁৰ এলাৰ্জী (এজমা), চকুৰ এলাৰ্জী (allergic conjunctivis) , নাকত হোৱা এলাৰ্জী ( allergic rhinitis) ইত্যাদিৰো চুলিৰ অকালপক্কতা সমস্যাৰ লগত সম্বন্ধ থকা বুলি ভবা হয়।

পুষ্টি সম্বন্ধীয় কাৰণ -

খুব ভয়াৱহভাৱে বা লাহে লাহে বহুদিনৰ পৰা শৰীৰৰ পৰা প্ৰ’টিন , আইৰন, ফলিক এচিড, ভিটামিন বি-১২, তাম্ৰ (copper) ইত্যাদি খনিজ লৱণ ক্ষয় হৈ গৈ থাকিলেও চুলিৰ অকালপক্কতা হ’ব পাৰে। এয়া সাধাৰণতে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ ৰোগৰ বাবে হ’ব পাৰে। যেনে- Mal absorption syndrome, nephrosis, kwasiorker syndrome ইত্যাদি। গৱেষণাৰ পোৱা তথ্য অনুসৰি কেলছিয়াম, ভিটামিন ডি, ফেৰিটিন অত্যাদিৰ যথেষ্ট পৰিমাণে অভাৱ হ’লেও চুলিৰ অকালপক্কতা ৰোগ হয়। আনহাতে, অন্য এক গৱেষণা মতে, শৰীৰত তাম্ৰ (copper) ৰ অভাৱৰ ফলতো গড় হিচাপত ১৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ চুলি পকা দেখা যায়।

অত্যধিক মানসিক চাপ -

অত্যধিক মানসিক চাপৰ ফলতো চুলিৰ অকালপক্কতা দেখা যায়।

কিছুমান ঔষধৰ সেৱনৰ ফলত:

কিছুমান ঔষধ যেনে- ক্ল’ৰকুইন, ফেফেনচিন, ফ্ল’ৰোবিউটাৰোফেনন, ইণ্টাৰফ্লেৰন- আলফা ইত্যাদি ঔষধৰ সেৱনৰ ফলতো চুলিৰ অকালপক্কতা দেখা যায়।

কিছুমান স্বাস্থ্যজনিত সমস্যা:

কিছুমান স্বাস্থ্যজনিত সমস্যা বা বেমাৰৰ ফলতো চুলিৰ অকালপক্কতা দেখা যায়। যেনে- এইচ আই ভি সংক্ৰমণ, চিষ্টিক ফাইব্ৰছিছ, Hodgkins Lymphoma  ইত্যাদি।

ধুম্ৰপান আৰু ড্ৰাগছ সেৱনৰ ফলত:

বহুদিনীয়া পুৰণি ধুমপানৰ অভ্যাস আৰু নিচাযুক্ত ড্ৰাগছ সেৱনৰ ফলতো চুলিৰ অকালপক্কতা দেখা যায়।

পাৰিপাৰ্শ্বিকতাৰ বাবে হোৱা অনিষ্ট সাধন:

অত্যধিক প্ৰদুষণ, অতি বেঙুনীয়া ৰশ্মি, মুৰৰ ছালত হোৱা Auto Immune Disease  , চুলি ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থযুক্ত চেম্পু, ৰং ইত্যাদিৰ ফলতো চুলিৰ ৰং উৎপন্নকাৰী কোষসমুহৰ অনিষ্ট সাধন হৈ চুলি পকা আৰম্ভ হ’ব পাৰে।

চুলিৰ অকালপক্কতা বাধা দিয়াৰ কেইটামান উপায় -

বগা চুলিবিলাক সাধাৰণতে খহটা আৰু অনমনীয় হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰা খুব কঠিন। এবাৰ পকি বগা হোৱা চুলি কেতিয়াও ক’লা বনাব নোৱাৰি। পাৰি মাত্ৰ আৰু যাতে চুলি নপকে তাক বাধা দিব বা যিবিলাক নোমকুপৰ পৰা পকা চুলি উৎপন্ন হৈছে সেইবিলাকক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই আনিব, যাতে সেইবিলাকৰ পৰা পুনৰ মেলানিন সংশ্লেষণ হয়। তলত আগলৈ অকালপক্কতা ৰোধ কৰাৰ বাবে কেইটামান টিপছ উল্লেখ কৰা হ’ল-

১) কৃত্ৰিম পদ্ধতিৰে বা ইলেকট্ৰনিক মেচিনৰ সহায়ত কেতিয়াও চুলি শুকুৱাব নালাগে।

২) চুলি পোনাবলৈ গৰম ইষ্ট্ৰি ব্যৱহাৰ কৰিব নালাগে।

৩) চুলি কেতিয়াও কৃত্ৰিমভাৱে কেঁকেৰা-কেঁকুৰি বা ঢৌ খেলোৱা বনাব নালাগে।

৪) কৃত্ৰিমভাৱে চুলি কেতিয়াও পোনাব নালাগে। চুলি পোনাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমুহে পুনৰ চুলিৰ অনিষ্টসাধন কৰে। বিশেষকৈ এই ৰাসায়নিক পদাৰ্থসমুহ যেতিয়া মুৰৰ ছাল স্পৰ্শ কৰে- য’ত চুলিৰ ৰং প্ৰস্তুতকাৰী কোষসমুহ থাকে।

৫) কোনো স্পা বা বিউটী যিয়ে চুলি ক’লা কৰিম বুলি গেৰাণ্টী দিয়ে, তেনে স্পা বা বিউটী পাৰ্লাৰৰ কথা বিশ্বাস নকৰাই ভাল।

৬) অতি প্ৰখৰ ৰ’দ চুলিবিলাকত পৰিব নালাগে। কাৰণ সুৰ্যৰ ৰ’দত থকা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত চুলিৰ নোমকুপসমুহ অনিষ্ট হ’ব পাৰে।

৭) চুলিত ৰং কৰাৰ সময়ত সজাগ হ’ব লাগে: কেতিয়াবা পকা চুলি ঢাকিবলৈ চুলিত ৰং কৰিবলগীয়া হ’ব পাৰে। কিন্তু পকা চুলিত স্বাভাৱিক চুলিৰ নিচিনা সহজতে ৰং নধৰে। চুলিত ব্যৱহাৰ কৰা ৰংবিলাকে যাতে মুৰৰ ছাল স্পৰ্শ নকৰে আৰু সকলোখিনি চুলিতে সমভাৱে লাগে, তাৰ প্ৰতি নজৰ দিব লাগে।

৮) ৰাত্ৰজাগৰণ পৰিহাৰ কৰিব লাগে।

৯) অত্যধিক মানসিক চাপ পৰিহাৰ কৰিব লাগে।

চুলিৰ অকালপক্কতা ৰোধৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঘৰুৱা দিহা -

১) কেইটুকুৰামান আমলখি, অলপমান নাৰিকল তেলৰ লগত উতলাব লাগে মিশ্ৰণটোৰ বৰণ ক’লা নোহোৱালৈকে। এই মিশ্ৰণটো চুলিত লগাব পৰা যায়।

২) আদাৰ সৰু সৰু টুকুৰা বা গুড়ি দৈনিক মৌৰ লগত মিহলাই সেৱন কৰিলেও চুলিৰ অকালপক্কতা ৰোধত সহায় কৰে।

৩) নাৰিকলৰ তেল আৰু নেমুৰ ৰস চুলিৰ গুৰিত মালিচ কৰিলেও অকালপক্কতা ৰোধ কৰিব পৰা যায়।

৪) নাৰিকল তেলৰ লগত নৰসিংহৰ পাত উতলাই ল’ব লাগে, যেতিয়ালৈকে পাতখিনি ক’লা নপৰে। ইয়াক মুৰৰ ছাল আৰু চুলিত টনিক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ই চুলি সৰাৰ লগতে চুলিৰ অকালপক্কতা ৰোধত সহায় কৰে। নৰসিংহৰ পাতত থকা এবিধ ৰঞ্জক পদাৰ্থই চুলিৰ স্বাভাৱিক ৰং ঘুৰি অহাত সহায় কৰে। নৰসিংহৰ পাতক দৈৰ লগতো ব্যৱহাৰ কৰিব পৰা যায়।

৫) দুই চামুচ হেনাৰ চুৰণ, এক চামুচ দৈৰ ঘোল, এচামুচ মেথিৰ পেষ্ট, ৩ চামুচ কফি, ২ চামুচ তুলসী পাতৰ পেষ্ট আৰু তিনি চামুচ পদিনাৰ ৰস মিহলাই চুলিত লগাই তিনি ঘণ্টা পাছত চেম্পোৰে ধুই দিব লাগে। নিয়মিত এই মিশ্ৰণৰ ব্যৱহাৰ কৰিলেও চুলিৰ অকালপক্কতা ৰোধ কৰিব পৰা যায়।

৬) পিঁয়াজৰ ৰসো অকালপক্কতা ৰোধ কৰাৰ বাবে উপকাৰী হয়। নেমুৰ পানীৰে মুৰ ধুলেও অকালপক্কতা ৰোধত সহায়ক হয়।

৭) আমলখিৰ ৰস, আলমণ্ড তেল আৰু নেমুৰ ৰস এই মিশ্ৰণটোও ব্যৱহাৰ কৰিব পৰা যায়।

৮) কেইটুকুৰামান শুকান আমলখি কেইঘণ্টামানৰ বাবে পানীত তিয়াই ৰাখি ইয়াক উতলোৱা চাহপানী, এচামুচ ইউকেলিপটাছ তেলৰ লগত মিহলাই এটা লোহাৰ পাত্ৰত গোটেই ৰাতি ৰাখি এই মিশ্ৰণটো দৈ, নেমুৰ ৰস আৰু এটা কণীৰ লগত মিহলাই পুৱা চুলিত লগালেও সুফল পোৱা যায়। ইয়াক প্ৰতি পোন্ধৰ দিনৰ মুৰত এবাৰ ব্যৱহাৰ কৰিব পৰা যায়।

৯) দৈনিক আমলখিৰ ৰস সেৱন কৰিলেও চুলিৰ স্বাভাৱিক বৰণ ঘুৰি আহে।

চিকিৎসা -

চুলিৰ অকালপক্কতা কৰাৰ আগতে ইয়াৰ সঠিক কাৰণ জনাটো উচিত। তাৰ বাবে কেতিয়াবা আইৰন, ফলিক এচিড, ক’পাৰ, ভিটামিন বি-১২, থায়ৰয়ড, হ’ৰমন ইত্যাদি পৰীক্ষা কৰাৰ দৰকাৰ হ’ব পাৰে। যদি এনেকুৱা কোনো খনিজ পদাৰ্থ, ভিটামিন বা হ’ৰমনৰ বিসংগতি বা অভাৱ পৰিলক্ষিত হয়, তেন্তে সেই কাৰণটোৰ চিকিৎসা কৰাৰ প্ৰয়োজন হয়।

খাদ্য:

চুলিৰ অকালপক্কতা ৰোধ কৰাৰ ক্ষেত্ৰত খাদ্যবস্তুৰ যথেষ্ট অৰিহণা আছে। যথেষ্ট পৰিমাণে আইৰন, ভিটামিন এ, বি আৰু খনিজ পদাৰ্থ জিংক, ক’পাৰ ইত্যাদি যুক্ত খাদ্য সেৱন কৰিব লাগে। সেউজীয়া শাক-পাচলি, হালধীয়া ফল- মুল, ফুলকবি, কল, বিলাহী, দাইল, , দৈ, লিভাৰ ইত্যাদি সেৱন কৰিব লাগে। যথেষ্ট পৰিমাণে আইৰনযুক্ত খাদ্য সেৱন কৰিব লাগে। আয়’ডিনযুক্ত খাদ্য যেনে- কল, গাজৰ, মাছ ইত্যাদি সেৱন পৰিহাৰ কৰিব লাগে। এণ্টি-অক্সিডেণ্টযুক্ত খাদ্য খোৱা উচিত। বেছি চৰ্বিজাতীয়, মচলাযুক্ত খাদ্য সেৱন পৰিহাৰ কৰিব লাগে। যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে।

আয়ুৰ্বেদিক দৃষ্টিভংগী -

আয়ুৰ্বেদত ইয়াক পালিত্ব বেমাৰৰ লগত তুলনা কৰা হৈছে। ইয়াক পিত্তদোষ প্ৰকোপিত হৈ সৃষ্টি হোৱা বুলি কয়। সাধাৰণতে পিত্তদোষ প্ৰকোপক আহাৰ বিহাৰ মুখ্যত: তীক্ষন উষ্ণ মচলাযুক্ত খাদ্য সেৱন, বৰ্তমান সময়ত সমাজত দেখা দিয়া মানুহৰ উগ্ৰ মনোবৃত্তিমুলক আচৰণ, কথাই কথাই খ্ং উঠা স্বভাৱ ইত্যাদিৰ পৰিপ্ৰেক্ষিতত পিত্তদোষ প্ৰকোপিত হয় আৰু প্ৰকোপিত পিত্তদোষে বাত আৰু কফ দোষৰ লগ লাগি বিভিন্ন বেমাৰৰ লগতে চুলিৰ অকালপক্কতা ৰোগৰো সৃষ্টি কৰে। আয়ুৰ্বেদিক ঔষধ হিচাপে আমলখিৰ ৰসায়ন এচামুচ, এচামুচ মৌ আৰু আধা চামুচ ঘি মিহলাই দৈনিক সেৱন কৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰি চুলিত মহাভৃংগৰাজ তেল লগাব  পৰা যায়। ইয়াৰ লগত নিম্বাদি তেল আৰু বাহ্মী তেলো ব্যৱহাৰ কৰিব পৰা যায়।

লেখক: ডা: মুকুল শৰ্মা (দেওবৰীয়া সুকন্যা)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

2.88235294118
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top