মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চুলিৰ সৌন্দৰ্য্য আৰু ছেম্পুৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চুলিৰ সৌন্দৰ্য্য আৰু ছেম্পুৰ ব্যৱহাৰ

চুলিৰ সৌন্দৰ্য্য আৰু ছেম্পুৰ ব্যৱহাৰ

একোছা ঘন, দীঘল, ক’লা চুলিৰ গৰাকী সকওৰে বাবে ঈৰ্ষণীয়। চুলিকোছাক লৈ বহুতো কবিয়ে সময়ে সময়ে বিভিন্ন মনোগ্ৰাহী কবিতাৰ সৃষ্টি কৰি আহিছে। একোছা সুন্দৰ আৰু স্বাস্থ্যবান চুলিয়ে মানুহৰ সৌন্দৰ্য্যৰ মাত্ৰা অনন্য কৰি তোলে। এগৰাকী নাৰীৰ পৰিপূৰ্ণ সৌন্দৰ্য তথা ব্যক্তিত্ব বিকাশত চুলিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে চুলিৰ নিয়মিত পৰিচৰ্য্যা কৰাটো নিতান্ত প্ৰয়োজনীয়। চুলিৰ স্বাস্থ্য মানুহৰ দৈহিক আৰু ছালৰ স্বাস্থ্যৰ লগত ওত:প্ৰোতভাৱে জড়িত। ঘৰুৱাভাৱে বা অন্য অৰ্থত অতি সাধাৰণভাৱে চুলিৰ পৰিচৰ্য্যা কৰা বুলিলে প্ৰধানকৈ চুলিত তেল মালিচ কৰা, চুলি ছেম্পু কৰা আৰু ধোৱাৰ পাছত চুলিকোছা ভালদৰে শুকোৱাকে বুজিব পাৰি।

ছেম্পুৱে চুলিৰ পৰা অতিৰিক্ত তেল, ধূলি, উফি, প্ৰদূষণৰ পৰা সৃষ্টি হোৱা লেতেৰা মলি যিবোৰ চুলিৰ গুৰিত জমা হৈ থাকে, আদি আঁতৰাই চুলিকোছাক সুস্বাস্থ্য প্ৰদান কৰে। আজিকালি বহুতো ছেম্পুত কণ্ডিচনাৰ মিহলি হৈ থাকে, যিয়ে চুলিকোছাক মাৰ্জিত আৰু ষ্টাইলিছ কৰি তোলে।

১৮০০ শতিকাৰ মাজভাগৰ পৰাই ছেম্পুৰ ব্যৱহাৰ আৰম্ভ হোৱা বুলি ধাৰণা কৰিব পাৰি। ইয়াৰ আগলৈ চুলি ভালদৰে মালিচ কৰাকে ছেম্পু বুলি কোৱা হৈছিল, যাক আজিকালি নতুন প্ৰজন্মৰ ভাষাত ‘চাম্পি’ বুলি জনা যায়। ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ঔষধি যেনে, আমলখি, চিকাকাই, ৰিঠা আদিৰে ছেম্পু কৰা হৈছিল। সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত উপন্যাস ‘দেওলাংখুই’ত লেখিকা ৰীতা চৌধুৰীদেৱে পুৰণি অসমীয়া সমাজৰ প্ৰচলিত থকা ৰূপচৰ্চাৰ এক সুন্দৰ বিৱৰণ দাঙি ধৰিছে। উপন্যাসখনত উল্লেখ কৰা অনুসৰি তেতিয়াৰ সময়ত চুলি ধোৱাৰ বাবে মহিলাসকলে মণিছালৰ গুটি, ঔৰ বীজ, মাহ, বাঁহগাজৰ ছাইৰ পৰা প্ৰস্তুত কৰা খাৰ আদি ব্যৱহাৰ কৰিছিল আৰু ধোৱাৰ পিছত চুলিত সুগন্ধিৰ বাবে ধূপ জ্বলাই তাৰ ধোঁৱা লগাইছিল। তেনেদৰে নৰ্থ আমেৰিকা, ইণ্ডোনেছিয়া আদি দেশসমূহতো বিভিন্ন প্ৰাকৃতিক উপাদানেৰে ছেম্পু কৰা হৈছিল। ১৮০০ শতিকাৰ মাজভাগত চুলি ধুবলৈ ছেম্পু হিচাবে সাধাৰণ চাবোন ব্যৱহাৰ কৰা হৈছিল; কিন্তু ব্যৱহাৰৰ ফলত চুলিৰ ৰুক্ষতা সমস্যাৰ সৃষ্টি হৈছিল। ইংৰাজ হেয়াৰ ষ্টাইলিষ্টসকলে ডাঢ়ি খুৰাবলৈ ব্যৱহাৰ কৰা চাবোন পানীত উতলাই লৈ তাত ঔষধিযুক্ত বন-দৰব মিহলাই ছেম্পু প্ৰস্তুত কৰিছিল, যিয়ে চুলিক গুৰিৰ পৰা চাফা কৰাৰ লগতে চুলি উজ্জ্বল আৰু সুগন্ধিযুক্ত কৰিছিল। প্ৰকৃততে ১৯০০ চনৰ পৰা ব্যৱসায়িকভিত্তিত ছেম্পু পোৱা গৈছিল। ১৯১৪ চনত এখন আমেৰিকান মেগাজিনত পোনপ্ৰথমবাৰৰ বাবে এবিধ ছেম্পুৰ বিজ্ঞানপন দেখা গৈছিল। ছেম্পুবিধৰ নাম আছিল কেনথ্ৰোক্স ছেম্পু।

আজিকালি আমি ব্যৱহাৰ কৰা বা বজাৰত উপলব্ধ ছেম্পুসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে হাৰ্বেল আৰু আনটো ছিন্থেটিক ছেম্পু। আয়ুৰ্বেদিক পদ্ধতিত ঔষধি গছেৰে তৈয়াৰ কৰা ছেম্পুক হাৰ্বেল, আনহাতে ৰাসায়নিক পদ্ধতিত প্ৰস্তুত কৰা ছেম্পুক ছিন্থেটিক ছেম্পু বুলি কোৱা হয়। ইয়াৰ উপৰিও চুলিৰ বিভিন্ন সমস্যা যেনে, উফি, চুলি সৰা, ওকণি, ৰুক্ষ চুলি আদিৰ ওপৰত নজৰ ৰাখি বিভিন্ন কোম্পানীয়ে পৃথক পৃথক ছেম্পু তৈয়াৰ কৰি উলিয়াইছে। শিশুসকলৰ অতিকে কোমল চুলিৰ বাবে আজিকালি বজাৰত বিভিন্ন বেবী ছেম্পু উভৈনদঈ হৈছে। ছিন্থেটিক ছেম্পুত Sodium Lauryl Sulfate, cocamidropropayl betaine, sodium chloride, প্ৰিজাৰ্ভেটিভ আৰু আন প্ৰয়োজনীয় সুগন্ধি থাকে। এই দ্ৰব্যসমূহৰ ব্যৱহাৰে প্ৰদূষণৰ পৰা হ’ব পৰা প্ৰত্যক্ষ ক্ষতিৰ পৰা চুলিকোছাক ৰক্ষা কৰে, চুলি কোমল আৰু মজবুত কৰে, সুগন্ধিযুক্ত কৰে আৰু পানীৰ সংস্পৰ্শত অহাৰ লগে লগে কোমল ফেনৰ সৃষ্টি কৰে, যাৰ ফলত চুলিত থকা লেতেৰা ধুই নিয়াত সহায় কৰে।

সচৰাচৰ আমি ছেম্পু, ক্ৰীম বা জে’ল আকৃতিত দেখিবলৈ পাওঁ। ইয়াক পানীৰ সহায়ত চুলিত ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ উপৰিও পাউদাৰৰ নিচিনা গুড়ি অৱস্থাতো ছেম্পু পোৱা যায়। এনে গুড়ি ছেম্পুবিধ চুলিত ছটিয়াই ঘনাই ব্ৰাছ কৰিলে চুলি চাফা হয়। ইয়াত পানীৰ প্ৰয়োজন নহয়। সাধাৰণতে চিনেমাৰ তাৰকা, মডেল, ঠাণ্ডা ঠাইত বাস কৰা লোক, পানীৰ অভাৱ থকা ঠাইৰ লোক ইত্যাদি বিভিন্ন ব্যক্তিয়ে সময়, সুযোগ আৰু পৰিৱেশৰ প্ৰভাৱৰ ফলত এনে ছেম্পু ব্যৱহাৰ কৰিব লগা হয়।

শুকান চুলিৰ বাবে ছেম্পু আৰু ছেম্পু কৰাৰ নিয়মাৱলী

  • চুলি শুকান হোৱাৰ লগতে মূৰৰ ছালো শুকান হয়। সেয়েহে শুকান চুলিৰ গৰাকীসকলে সদায় মইশ্বৰাইজাৰযুক্ত ছেম্পু ব্যৱহাৰ কৰিব লাগে।
  • চুলি ছেম্পু কৰাৰ পিছত সদায় কণ্ডিচনাৰ ব্যৱহাৰৰ অভ্যাস গঢ়ি তুলিব লাগে।
  • গৰম পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে, কিয়নো গৰম পানীয়ে চুলিৰ শুস্কতা বৃদ্ধি কৰে।
  • চুলি ছেম্পু কৰাৰ পিছত সাধাৰণভাৱে শুকাবলৈ দিব লাগে। চুলিত ব্ল’ড্ৰাই কৰিব নালাগে।
  • শুকান চুলিৰ বাবে ছেম্পু কিনাৰ সময়ত ছেম্পুবিধৰ ‘ইন্‌গ্ৰেডিয়েন্ট’ চাই ল’ব লাগে।
  • এপ্ৰিক’ট, এল’ভেৰা, পদিনা, আলমোণ্ড আদি থকা ছেম্পু ব্যৱহাৰ কৰিলে চুলিৰ ৰুক্ষতা হ্ৰাস হয়।

তেলেতীয়া চুলিৰ বাবে ছেম্পু আৰু ইয়াৰ ব্যৱহাৰ

প্ৰকৃততে তেলেতীয়া ছালৰ গৰাকীসকলৰ চুলিও তেলেতীয়া হোৱা দেখা যায়। ছালৰ পৰা নি:সৰণ হোৱা ছেবামে ছালখনক তেলেতীয়া কৰি ৰাখে, তেল মূৰৰ ছালৰ পৰা চুলিলৈ বিয়পি আহে, ফলত চুলি তেলেতীয়া হয়। এনে চুলি অনবৰতে ভিজা আৰু সেমেকা দেখায়। সাধাৰণতে দেখা যায় যে চিধা চুলিত মূৰৰ ছালৰ পৰা তেল কেঁকোৰা চুলিতকৈ বেছি সোনকালে বিয়পি পৰে। সেয়েহে কোনো ব্যক্তিৰ যদি চুলি কেঁকোৰা হয় আৰু যদিহে তেওঁৰ ছাল তেলেতীয়া হয় তথাপিও তেওঁৰ চুলি তেলেতীয়া বুলি সহজে ধৰিব নোৱাৰি।

তেলেতীয়া চুলিত ছেম্পু কৰোঁতে কেতবোৰ কথা মন কৰিবলগীয়া হয়

  • চুলিৰ গুৰিত আৰু মূৰৰ ছালত ভালদৰে ছেম্পু কৰিব লাগে; কিয়নো ছালত তেলৰ পৰিমাণ কমি আহিলেই চুলিৰ তেলেতীয়া ভাবো দূৰ হয়।
  • তেলেতীয়া চুলিত কণ্ডিচনাৰযুক্ত ছেম্পু ব্যৱহাৰ কৰিব নালাগে।
  • ঘনাই মূৰ আৰু চুলি ধুব লাগে। দৈনিক  সম্ভৱ নহ’লেও এদিনৰ মূৰে মূৰে চুলি ধুব লাগে।
  • তেলেতীয়া চুলিত বেছিকৈ তেল মালিচ কৰিব নালাগে। কৰিলেও তেলবিধ গৰম কৰি চুলিত মালিচ কৰা উচিত।
  • এনে ধৰণৰ চুলিত উন্নতমানৰ ছেম্পু ব্যৱহাৰ কৰিব লাগে, য’ত আমলখি, ৰিঠা, চিকাকাই, নেমু আদিৰ গুণাগুণ থাকে।

আজিকালি বজাৰত দেশী বিদেশী বিভিন্ন ছেম্পু পোৱা যায়। কোনবোৰ যদি বজাৰত সহজে উপলব্ধ তেন্তে কোনোবোৰ আকৌ চেইন মাৰ্কেটিঙৰ সহায়ত আমি লাভ কৰিব পাৰোঁ। কিন্তু ছেম্পু বজাৰত যিমানেই নাহক কিয় সমস্যাটো কিন্তু একেদৰেই থাকে। প্ৰকৃততে সৰহ সংখ্যক লোকে বিজ্ঞানপন চাই বা আনৰ পৰামৰ্শ লৈ ছেম্পু ক্ৰয় কৰা দেখা যায়। কিন্তু এনেবোৰ ছেম্পুৱে আমাক প্ৰকৃততে সন্তুষ্টি দিব পাৰিছে জানো? এগৰাকী পূৰ্ণবয়স্ক মহিলাক যদি আমি তেওঁ ব্যৱহাৰ কৰা ছেম্পুবিধৰ বিষয়ে সোধোঁ তেনেহ’লে তেওঁ একেষাৰে এবিধৰ নাম ক’ব নোৱাৰে। এটা সমীক্ষাত পোৱা গৈছিল যে, প্ৰতি দহগৰাকী মহিলাৰ ভিতৰত সাতগৰাকীয়ে এতিয়ালৈকে কেইবাবিধো ছেম্পু ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। কাৰণ এটাই-ছেম্পুবিধক লৈ সন্তুষ্টিৰ অভাৱ। তথাপিও আমি ইয়াক ব্যৱহাৰ কৰিবই লাগিব; কাৰণ ইয়াৰ বিকল্প নাই।

কিন্তু যদিহে আমি অকণমান সময় উলিয়াব পাৰো তেনেহ’লে ঘৰতে পোৱা সহজলভ্য দ্ৰব্যৰ সহায়ত আমি ছেম্পু তৈয়াৰ কৰি ল’ব পাৰোঁ। ঘৰত সহজতে পোৱা দ্ৰব্য যেনে-‘টি-বেগ’, কেষ্টাইল চাবোন (যি চাবোনত জলফাই তেল, পদিনা তেল, ৰ’জমেৰী, ইউকেলিপটাছ বা অন্য ঔষধিৰ লগতে ছডিয়াম হাইড্ৰ’ক্সাইড নিহিত হৈ থাকে) নাৰ্জিফুল, নেমুটেঙা, কণী, জলফাই তেল, ফ্লুইট ভিনেগাৰ, গ্লিচাৰিণ, এলোভেৰা জে’ল ইত্যাদি ব্যৱহাৰ কৰি নিজৰ ছেম্পু তৈয়াৰ কৰি ল’ব পাৰোঁ। তলত তেনে কেইবিধমান ছেম্পুৰ বিষয়ে আলোচনা কৰা হৈছে।

ঘৰতে ছেম্পু তৈয়াৰ কৰক

এক প্ৰাকৃতিক তথা হাৰ্বেল ছেম্পু তৈয়াৰ কৰিবলৈ প্ৰথমে প্ৰয়োজন হ’ব এক কাপৰ চাৰিভাগৰ এভাগ পানী, দুই চামুচ সূৰুযমুখী ফুলৰ তেল। এতিয়া পানীখিনি উতলাই লৈ তাত চাবোনৰ গুড়িখিনি দি ভালদৰে উতলাব লাগে। পানীখিনিত চাবোনখিনি ভালদৰে দ্ৰবীভূত হোৱাৰ পিছত তাত সূৰুযমুখী ফুলৰ তেল মিহলাই মিশ্ৰণটো ভালদৰে মিশ্ৰিত কৰি এটা সাঁফৰ টান বটলত ভৰাই থ’ব লাগে। ব্যৱহাৰ কৰাৰ আগতে বটলটো ভালদৰে জোকাৰি ল’ব লাগে। এনেকৈ তৈয়াৰ কৰা ছেম্পুত কোনো ধৰণৰ কেমিকেল নাথাকে। চাবোনে চুলিক গুৰিৰ পৰা চাফা কৰাৰ লগতে সূৰুযমুখীৰ তেলৰ প্ৰভাৱত চুলিকোছা কোমল হৈ থাকিব। সুগন্ধিৰ বাবে ইউকেলিপটাছৰ তেল বা পদিনাৰ তেল আদি ব্যৱহাৰ কৰিব পাৰে।

এগ ছেম্পু

একেদৰে আমি কণীযুক্ত বা এগ ছেম্পু তৈয়াৰ কৰি ল’ব পাৰোঁ। ইয়াৰ বাবে প্ৰয়োজন হ’ব এটা কণী, এচামুচ জলফাই তেল, এচামুচ নেমুৰ ৰস, এক টেবুল চামুচ কেষ্টাইল চাবোনৰ গুড়ি, আধা কাপ চাহ গছৰ তেল। সুগন্ধিৰ বাবে তুলসী, পদিনা ইত্যাদি ঔষধি গছৰ তেল ব্যৱহাৰ কৰিব পাৰে। আটাইবোৰ সামগ্ৰী এটা পাত্ৰত ভালদৰে মিহলি কৰি ল’ব লাগে। মিশ্ৰণটো গাঢ় হ’লে ইয়াক বটলত ভৰাই সাঁফৰ টানকৈ মাৰি ফ্ৰিজত থৈ দিব লাগে। ব্যৱহাৰ কৰাৰ আগেয়ে ইয়ক উলিয়াই লৈ ঈষৎ গৰম পানী মিহলি কৰি লৈ ব্যৱহাৰ কৰিব লাগে। এইবিধ ছেম্পু আপুনি এসপ্তাহলৈ ব্যৱহাৰ কৰিব পাৰে। এনেদৰে ঘৰতে তৈয়াৰ কৰা ছেম্পুৱে আপোনাৰ চুলিৰ কোনো ধৰণৰ ক্ষতি নকৰে বৰঞ্চ আপোনাৰ চুলিকোছাক মোলায়েম আৰু চিকচিকিয়া কৰি তুলিব।

লেখিকা: কৰবী বেজবৰুৱা।

3.0243902439
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top