অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলিৰ সুৰক্ষাত ল’বলগীয়া যতন :

চুলিৰ সুৰক্ষাত ল’বলগীয়া যতন :

সাধাৰণতে বহু লোকে চুলিৰ ষ্টাইলিঙৰ ক্ষেত্ৰত অধিক সময়ৰ লগতে অত্যধিক অৰ্থও ব্যয় কৰা দেখা যায়। পিচে চুলিৰ সঠিক যতন বা সুৰক্ষা লোৱাৰ ক্ষেত্ৰত বহুতৰে ভবাৰ অৱকাশ নাথাকে। গতিকে সঁচা অৰ্থত চুলিকোছাৰ ষ্টাইলিং কৰাৰ বিপৰীতে সঠিক যতন লোৱাতহে গুৰুত্ব দিয়া উচিত। যিহেতু চুলিৰ প্ৰকাৰ বা গঠন বিন্যাস মানুহ ভেদে বেলেগ বেলেগ। সেয়েহে চুলিৰ গঠন আৰু ইয়াৰ স্বাস্থ্য অনুসৰি যতন লোৱাৰ ধৰণো সুকীয়া। সাধাৰণতে অধিকাংশ মানুহে কৰা এটা সাধাৰণ ভুলৰ কথাই কওঁ টি ভি বিজ্ঞাপনত দেখিয়ে হওক, ট্ৰেণ্ড অনুসৰিয়ে হওক নতুবা বন্ধুবৰ্গই আদৰি লোৱা যতনৰ ভিত্তিতে, একেদৰে নিজৰ চুলিকোছাৰ ক্ষেত্ৰতো তেনে যতন বা ষ্টাইলকে আদৰি লয়। আচলতে এয়া কৰা অনুচিত। সি যি কি নহওক, প্ৰত্যেক মানুহে নিজৰ নিজৰ চুলিৰ প্ৰকাৰ ভেদে চুলিৰ সবল স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে ল’বলগীয়া সাধাৰণ যতন হ’ল এনেধৰণৰ- প্ৰত্যেক চুলিতে ময়শ্বাৰাইজিঙৰ প্ৰয়োজন হয়। বৰ্তমান সঘনে কৰা চুলিৰ ষ্টাইল, ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আৰু ধূলি-বালি লগাৰ ফলত চুলি ৰুক্ষ হ’বলৈ ধৰে। এনেক্ষেত্ৰত চুলিত প্ৰাকৃতিক ময়শ্বাৰাইজাৰ থকাটো নিতান্তই প্ৰয়োজনীয়। ইয়াৰ বাবে চুলি ধোৱাৰ পিচত নিয়মিত কণ্ডিচনাৰ কৰা দৰকাৰ। চুলিৰ সঠিক যতনৰ বাবে উৎকৃষ্ট ময়শ্বাৰাইজিং ট্ৰিটমেণ্ট হ’ল- ‘প্ৰিকণ্ডিচনিং’। এই প্ৰিকণ্ডিচনিং কৰিবলৈ হ’ লে চুলি ধুৱাৰ পাঁচ মিনিটৰ আগত মিঠাতেল অথবা যিকোনো চুলিত ঘঁহা তেল লগাব পাৰে। ই অতি প্ৰাকৃতিক আৰু চুলিৰ বাবে যথেষ্ট উপযোগী। দ্বিতীয়তে সদায় চুলি পৰিষ্কাৰ কৰি ৰখা উচিত। চুলি পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে চুলিৰ গুৰিৰ কোষসমূহৰ শ্বাস-প্ৰশ্বাসত সুবিধা হয় আৰু চুলিৰ গুৰি সবল হৈ ৰয়। সেয়েহে নিয়মিত আপুনি যদিৰে মুখ ধোৱে, একেদৰে সদায় চুলি আৰু মূৰৰ তালু পৰিষ্কাৰ কৰি ধোৱক। চুলিত ষ্টাইল কৰোঁতে অত্যধিক ৰাসায়নিক সামগ্ৰী, বৈদ্যুতিক সৰঞ্জাম ব্যৱহাৰ কৰা হয়। ই চুলিৰ স্বাস্থ্যৰ বাবে যথেষ্ট হানিকাৰক। যদিহে এইসমূহ সামগ্ৰী ব্যৱহাৰ কৰে, তেন্তে নিয়মিত প্ৰিকণ্ডিচনিং কৰক। এনে বৈদ্যুতিক সৰঞ্জামসমূহ ব্যৱহাৰ কৰোতে সদায় কম তাৰতম্যত ব্যৱহাৰ কৰা উচিত। চুলিৰ ষ্টাইলিং সামগ্ৰী বা ৰাসায়নিক সামগ্ৰী কেতিয়াও চুলিৰ তালুত নলগাব, কেৱল চুলিতহে লগাব। ষ্টাইলিং সামগ্ৰী লগাই শুই নাযাব। ই চুলি শুকান আৰু ৰুক্ষ কৰে। এইসমূহৰ উপৰি স্বাস্থ্যসন্মত খাদ্যয়ো চুলি স্বাস্থ্যৱান কৰি ৰখাত বিশেষ সহায় কৰে। আপোনাৰ স্বাস্থ্য যদি সুস্থ হৈ থাকে, তেন্তে চুলিও সবল হৈ ৰ’ব। পৰাপক্ষত জাংক ফুড পৰিহাৰ কৰক। একোছা স্বাস্থ্যসন্মত চুলি লাভ কৰিবলৈ এনেদৰে চুলিৰ যতন লৈ চাওকচোন। নিশ্চয় উপকৃত হ’ব।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate