মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চৰ্দি ৰোধ কৰাৰ কেইটামান উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চৰ্দি ৰোধ কৰাৰ কেইটামান উপায়

চৰ্দি ৰোধ কৰাৰ কেইটামান উপায়ৰ বিষয়ে লিখা হৈছে ।

 

প্ৰায় সকলো মানুহেই বছৰত এবাৰ নহয় এবাৰ চৰ্দি ৰোগত ভোগে । শিশুৰ পৰা বৃদ্ধ কোনো বাদ নাযায় । চৰ্দি নিৰাময়ৰ বাবে নিৰ্দিষ্ট ঔষধ নাই । ই হ’ল ভাইৰাছজনিত ৰোগ । এই ৰোগত এণ্টিবায়টিকে কাম নকৰে । অৱশ্যে লক্ষণসমূহৰ পৰা কিছু উপশম দিব পৰা ঔষধ নথকা নহয় । চৰ্দি ৰোগৰ ভাইৰাছ কেইবাবিধো । গতিকে এবিধ ভাইৰাছে সংক্ৰমণ কৰিলে শৰীৰত যিৰোগ প্ৰতিৰোধী শক্তিৰ সৃষ্টি হয়, আনবিধ ভাইৰাছৰ ক্ষেত্ৰত সেয়া কাৰ্যকৰী নহয় । ফলত এজন ব্যক্তিয়েই বাৰম্বাৰ চৰ্দিত ভুগিব পাৰে । অৱশ্যে চৰ্দি ৰোধ কৰাৰ কেতবোৰ উপায় আছে । আমি সেই বিষয়ে চমুকৈ আলোচনা কৰিম ।

দিনটোত কেইবাবাৰো হাত ধোৱক -

চৰ্দি ৰোধ কৰাৰ এক ফলপ্ৰসূ উপায় হ’ল সঘনে হাত ধোৱা । তাৰ বাবে ঔষধিযুক্ত চাবোনৰ প্ৰয়োজন নাই, সাধাৰণ  চাবোন ব্যৱহাৰ কৰিলেই যথেষ্ট । অন্তত: ১৫ ছেকেণ্ড সময় হাত ধুব । চৰ্দি ৰোগীয়ে যেতিয়া হাঁচিয়ায় বা কাহে, তেতিয়া ভাইৰাছযুক্ত সৰু টোপালবোৰ পৰিৱেশত বিয়পি পৰে । বতাহৰ উপৰি বিভিন্ন আচবাবত সেই ভাইৰাছে স্থিতি লয় । তেনে আচবাব চুই নাক, চকু, মুখ আদি চুলে চৰ্দিৰ বীজাণু শৰীৰত প্ৰৱেশ কৰে আৰু চৰ্দি ৰোগৰ সৃষ্টি কৰে । সেইবাবে চৰ্দি ৰোগীয়ে মুখ, নাক ঢাকি হাঁচিয়াব বা কাহিব লাগে, যাতে ৰোগৰ বীজাণু বিয়পিব নোৱাৰে । গতিকে প্ৰদূষিত আচবাব চুলে হাত ধোৱাটো প্ৰয়োজনীয় । সম্প্ৰতি বহুতেই হাত ধোৱাৰ পৰিৱৰ্তে নিৰ্বীজীক দ্ৰব্য () ব্যৱহাৰ কৰে, কিন্তু এই ব্যৱস্থা সিমান ফলপ্ৰসূ নহয় ।

চৰ্দিৰ লক্ষণ হ্ৰাস কৰিব পৰা ঔষধৰ ব্যৱহাৰ -

চিকিৎসকসকলে ৰগৰ কৰি কয় যে ঔষধ ব্যৱহাৰ কৰিলেও চৰ্দি ভাল হ’বলৈ এসপ্তাহ সময় লাগে, কিন্তু ঔষধ ব্যৱহাৰ নকৰিলে সাদিন সময় লাগে । প্ৰকৃততে চৰ্দি তিনিৰ পৰা পাঁচদিনৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে নিৰাময় হয় । গতিকে ঔষধ ব্যৱহাৰ নকৰিলেও হয় । কিন্তু কেতবোৰ ঔষধে লক্ষণসমূহৰ পৰা সকাহ দিব পাৰে । লক্ষণসমূহ হ’ল- নাকেৰে পানী ওলোৱা, নাক বন্ধ হোৱা, জ্বৰ, গাৰ বিষ, ডিঙিৰ খচখচনি আদি । জ্বৰ আৰু গাৰ বিষৰ বাবে পেৰাছিটামল ব্যৱহাৰ কৰিব পাৰে । নাক বন্ধ হোৱাৰ ক্ষেত্ৰত আৰাম পাবলৈ জাইল’মেটাজলিন অথবা অক্সিমেটাজলিনযুক্ত ‘স্প্ৰে’ ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে দীৰ্ঘদিন ধৰি ‘স্প্ৰে’ ব্যৱহাৰ কৰিলে নাকৰ প্ৰদাহ হ’ব পাৰে । শিশুৰ ক্ষেত্ৰত পৰাপক্ষত ‘স্প্ৰে’ ব্যৱহাৰ নকৰাই ভাল । কিছু ক্ষেত্ৰত চৰ্দিৰ কাৰণ ‘এলাৰ্জি’ হ’ব পাৰে । এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ এণ্টি-হিষ্টামিনিক ঔষধ খাব । তদুপৰি এলাৰ্জি সৃষ্টিকাৰী ফুলৰ ৰেণু, সুগন্ধিযুক্ত দ্ৰব্য আৰু কেতবোৰ খাদ্যৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব । এণ্টিবায়টিক ব্যৱহাৰ নকৰিব । অৱশ্যে চৰ্দিৰ লগতে বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ এণ্টিবায়টিক ব্যৱহাৰ কৰিব পাৰে ।

পৰ্যাপ্ত জিৰণি লওক :-

জিৰণি লওক । পৰ্যাপ্ত টোপনিয়ে ভাল জিৰণিৰ সুবিধা দিয়ে । অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে পৰ্যাপ্ত টোপনি নোহোৱা ব্যক্তিৰ ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি হ্ৰাস পায় আৰু চৰ্দি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

দস্তা আৰু  ভিটামিন চি খাওক :-

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে দস্তাযুক্ত সম্পূৰক খাদ্য আৰু ঔষধ্ খালে চৰ্দিৰ নিৰাময়ত সহায়ক হয় । দস্তাযুক্ত লজেন্স আৰু টেবলেট উপলব্ধ হৈছে । দস্তা (zinc) চৰ্দিৰ ভাইৰাছৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হয় আৰু সোনকালে ৰোগমুক্ত হোৱাত সহায় কৰে । অধ্যয়নৰ পৰা এই কথাও জানিব পৰা গৈছে যে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ‘চি’ যুক্ত খাদ্য অথবা ভিটামিন ‘চি’ টেবলেট খালেও চৰ্দি সোনকালে নিৰাময় হয় ।

শীতকালত ঠাণ্ডাৰ পৰা মূৰ, ডিঙি আৰু ভৰি সুৰক্ষিত কৰি ৰাখক -

সাধাৰণতে শীতকালত মানুহে ঠাণ্ডাৰ প্ৰকোপৰ পৰা নিজকে ৰক্ষা কৰিবলৈ টুপি আৰু গলাবন্ধ ব্যৱহাৰ কৰে, কিন্তু ভৰি দুখন উমাল কৰি ৰখাত বিশেষ গুৰুত্ব নিদিয়ে । অধ্যয়নৰ পৰা দেখা গৈছে যে শীতকালৰ ঠাণ্ডাই এনেয়েও চৰ্দিৰ প্ৰৱণতা বৃদ্ধি কৰে, কিন্তু ভৰি উমাল কৰি নাৰাখিলে চৰ্দিৰ প্ৰৱণতা বৃদ্ধি পায় । গতিকে ভৰিত উমাল মোজা পিন্ধক । অধিক ঠাণ্ডা হ’লে ভৰি গৰম পানীত কিছু সময়ৰ বাবে ডুবাই ৰাখক ।

দৈ খাওক :-

বহুতেই চৰ্দি হ’লে দৈ খাবৱ নোখোজে, কিন্তু দৈত যথেষ্ট পৰিমাণৰ প্ৰবায়’টিক (Probiotic) থাকে । প্ৰবায়’টিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে আৰু চৰ্দিৰ প্ৰৱণতা হ্ৰাস কৰে ।

সেউজীয়া চাহ খাওক :-

সেউজীয়া চাহত এবিধ প্ৰ’টিন থাকে, যিয়ে চৰ্দি প্ৰতিৰোধ কৰিব পাৰে । প্ৰ’টিনবিধ হ’ল- এল-থিয়ানিন (L-theanine) । দিনে কেইবাবাৰো সেউজীয়া চাহ খাওক । চৰ্দিৰ পৰা আৰাম পাব ।

জুতি লগা গৰম খাদ্য খাওক :-

যদি ডিঙি খচখচায় আৰু কাহ হয়, তেনেহ’লে জুতি লগা গৰম চুপ (Soup) বা অন্য খাদ্য খাওক । আদাযুক্ত চাহ অথবা তপতোৱা মৌজোলত নেমু চেপি খালেও আৰাম পাব । কাহ হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ কাহৰ ঔষধ খাওক । কিন্তু ছবছৰৰ তলৰ শিশুক কাহৰ ঔষধ নুখুৱাব । এবছৰৰ তলৰ শিশুক মৌ খুৱাব নালাগে । আদা আৰু জালুকযুক্ত খাদ্য খালেও আৰাম পোৱা যায় ।

লেখক :- ডা:- জীৱন দত্ত বৰুৱা

উৎস :- দৈনিক জনমভূমি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top