অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চৰ্বি কমাবলৈ কি খাব?

চৰ্বি কমাবলৈ কি খাব লিখা হৈছে

 

সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ প্ৰতি সজাগ লোকসকলে মেদবহুলতা বা শকত হোৱাৰ পৰা হাত সাৰিবলৈ অনেক উপায় অৱলম্বন কৰিবলৈ ধৰিছে। কাৰণ এটা সুন্দৰ শৰীৰ ফেশ্বনৰ প্ৰতীক হোৱাৰ উপৰিও সঠিক বা ক্ষীণকায় দেহত শকত দেহতকৈ বেমাৰ-আজাৰ কম হয়। সেয়ে সঠিক খাদ্য অভ্যাস তথা কিছু নির্বাচিত ব্যায়ামৰ দ্বাৰা আমাৰ শাৰীৰিক গঠন সঠিক ৰূপত ৰাখিবলৈ যত্ন কৰিব লাগে। ইয়াৰোপৰি আমি জানিব লাগিব কোনসমূহ খাদ্যৰ দ্বাৰা বা শাক-পাচলি বা ফলমূলে আমাৰ দেহত চর্বি হোৱাত বাধা প্ৰদানত সহায়ক হয়।

সাধাৰণতে শৰীৰত চর্বি নহ’বলৈ আমাৰ আহাৰ সন্তুলিত হোৱা প্রয়োজন তথা কিছু শাৰীৰিক শ্রমৰ অত্যন্ত দৰকাৰী। সাধাৰণতে শৰীৰত মেদ জমা হোৱাত বাধা প্রদান কৰা কেইবিধ সামগ্রী হ’ল—

(১) আপেল চিদাৰ ভিনেগাৰ—আহাৰ গ্ৰহণ কৰাৰ আগতে এক টেবুল চামুচ আপেল চিদাৰৰ সৈতে অকণমান পানী মিহলাই তাত অলপ নেমু চেপিব। সোৱাদ অনুযায়ী শুকান জলকীয়াৰ গুড়ি অলপো দিব পাৰে।

(২) আহাৰ খোৱাৰ পিছত এচামুচ চফ খাওক।

(৩) পাচলিৰ ভিতৰত ভেণ্ডিত থাকে অনেক ফেট বাৰ্ণিং উপাদান।

(৪) ৰাতিপুৱা চাহ খোৱাৰ আগতেই কেঁচা হালধি বটি অলপ পানী মিহলাই খাব পাৰে।

(৫) আমলখিৰ ৰসেও চর্বি জমা হোৱাত বাধা প্রদান কৰে।

(৬) ভাত খোৱাৰ আগতে ৫ বা ৬ ফুট নহৰু কেঁচাকৈ চোবাই খাওক।

(৭) আন ৰিফাইন তেলতকৈ নাৰিকল তেলত শাক-পাচলি আদি ৰান্ধিব পাৰে।

(৮) ডালচেনিত অনেক গুণ আছে, তাৰে ভিতৰত চর্বি কমোৱাতো সহায়ক। ফিক চাহ (গাখীৰ নোহোৱা)ত চেনি কমাই ডালচেনিৰ গুড়ি দিয়ক বা দৈ আদিতো দি খাব পাৰে।

(৯) তেঁতেলীৰ চৰ্বত বা তৰকাৰী আদিত তেঁতেলী দি খাব পাৰে।

(১০) পানীলাউৰ ৰস চর্বি কমোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক।

(১১) বিলাহী, তিয়হ বন্ধাকবি আদিত যথেষ্ট পানী থাকে। নেমু চেপি আহাৰ গ্ৰহণৰ আগতেই খাব লাগে।

(১২) ব্ৰ’কলি, মূলা, কমলা, জালুক, কিৱি ফল, পদিনা আদিয়ে চর্বি হোৱাত বাধা প্রদান কৰে।

বাঢ়ি অহা পেট কমাবলৈ

গ্ৰীণ টি

সাধাৰণ চাহৰ ঠাইত গ্রীণ টি গ্ৰহণৰ অভ্যাসৰ প্রয়োজন। একেলেথাৰিয়ে তিনিমাহ ধৰি গ্ৰহণ কৰি থকাৰ পিছতহে ইয়াৰ ফলাফল গম পোৱা যায়। দিনত তিনিবাৰ মান খাবলৈ যত্ন কৰিব লাগে। গ্রীণ টিয়ে মেটাবলিক ৰেট সঠিক কৰাৰ উপৰিও বাৰে বাৰে খাবলৈ মন নোযোৱা কৰে। তাৰোপৰি এণ্টি অক্সিডেন্ট প্রচুৰ পৰিমাণে পোৱা যায়।

কণী

কণীৰ বগা অংশত প্ৰ’টিন পোৱা যায়। হালধীয়া অংশত থাকে কার্বহাইড্রেট। যি শৰীৰত মেটাবলিজিম বঢ়োৱাত সহায়ক হৈ কেল’ৰি বার্ণ কৰে। আনহাতে কম পৰিমাণে কেলৰি নথকা নহয়। ৰাতিপুৱা আহাৰত এটা কণী গ্রহণ কৰিলে দিনটোত সোনকালে আন খাদ্য খাবলৈ মন নাযায়।

ব্ৰক’লি

আজিকালি অসমত যথেষ্ট ব্ৰ’কলিৰ খেতি কৰা হয়। খাবলৈ সোৱাদযুক্ত এই পাচলিয়ে শৰীৰত চর্বি জমা হোৱাত বাধা প্রদান কৰে।

বন্ধাকবি

যথেষ্ট এণ্টি অক্সিডেণ্ট আৰু ভিটামিন “চি” পোৱা যায়, যি ভাতৰ সলনি সৰহ পৰিমাণে খাব পাৰিলে ভাল।

ব্ৰাউন ৰাইচ

কম কেল'ৰিযুক্ত। ফাইবাৰ পোৱা যায়।

ইয়াৰোপৰি পেট কমোৱাৰ ক্ষেত্ৰত আন্দাও যথেষ্ট উপযোগী। একাপ পানীত এক ইঞ্চি আদা থেতেলিয়াই উতলাই তাত দহফুটা নেমুৰস দি সেইখিনি দিনটোত দুবাৰ খাই শেষ কৰক।

উৎস: নন্দিনী।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top