মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চৰ্বিযুক্ত আহাৰৰ অপকাৰিতাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চৰ্বিযুক্ত আহাৰৰ অপকাৰিতাঃ

চৰ্বিযুক্ত আহাৰৰ অপকাৰিতাৰ বিষয়ে লিখা হৈছে

 

খাদ্যত থকা চৰ্বিয়েই হ’ল কেলৰি শক্তিৰ মূল উৎস। কাৰ্ব’হাইড্ৰেট আৰু প্ৰ’টিনৰো কেলৰি শক্তি ভিন ভিন।

চৰ্বিযুক্ত খাদ্য খাবলৈ সুস্বাদু আৰু সুগন্ধি হয়। কেতবোৰ চৰ্বি বাঢ়ি অহা শিশুৰ বাবে অত্যন্ত প্ৰয়োজন। কিন্তু উচ্চ চৰ্বিযুক্ত খাদ্যই মানুহক মেদবহুলতাৰ কবলত পেলায় আৰু লাহে লাহে শৰীৰত কেতবোৰ ৰোগৰ আৱিৰ্ভাৱ হয়। তেনে ৰোগসমূহ হ’ল- এথাৰ’স্কেলৰ’ছিছ, হাৰ্টৰ বিভিন্ন অসুখ আৰু ভিন্ন জাতৰ কেঞ্চাৰ।

অধিক পৰিমাণৰ চৰ্বি আৰু তেল খাদ্যত থাকিলে স্বাস্থ্যৰ ক্ষতি কৰে। এনে খাদ্য বাদ দিলেও শৰীৰত পুষ্টিৰ অভাৱ ঘটে। তদুপৰি মাছ, মাছৰ তেল, ভেজিটেবল তেল আৰু সম্পূৰ্ণ চৰ্বিযুক্ত ডেইৰী প্ৰডাক্টৰ চৰ্বিৰ উপৰি চৰ্বিত দ্ৰবীভূত ভিটামিন ‘এ’, ‘ডি’, ‘ই’ আৰু ‘কে’ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

চৰ্বিত দ্ৰবীভূত ভিটামিন, বিটা কেৰ’টিন শোষণ কৰিবলৈ দেহক প্ৰতিদিনে ২৫ গ্ৰাম চৰ্বিৰ প্ৰয়োজন। বিটা কেৰ’টিন (সেউজীয়া শাক-পাচলি, কমলা ৰঙৰ পাচলি, কমলা আৰু হালধীয়া ৰঙৰ ফল) ভিটামিন ‘এ’লৈ পৰিৱৰ্তিত হয়।

ডেইৰী প্ৰডাক্টৰ পৰা চৰ্বি আঁতৰাই দিলে খাদ্যত ভিটামিন ‘এ’ৰ পৰিমাণ হ্ৰাস পায় ? কম চৰ্বিযুক্ত দৈ, স্কিমড্-মিল্ক আৰু ক’টেজ চীজত ভিটামিন ‘এ’ৰ পৰিমাণ নিম্ন। কিন্তু মাৰ্গেৰিনৰ লগত ভিটামিন যোগ দিলে পুষ্টি দ্ৰব্যৰ গুণাগুণ বৃদ্ধি পায়।

চৰ্বি ফেটী এচিডেৰে গঠিত। দুই ধৰণৰ ফেটী এচিড হ’ল- সংপৃক্ত আৰু অসংপৃক্ত। অ’মেগা- ৬ ফেটী এচিড ভেজিটেবল তেলত থাকে, যেনে- অলিভ অইল আৰু ছানফ্লাৱাৰ তেল। আনহাতে অ’মেগা- ৩ ফেটী এচিড ছয়াবিন তেল, আখৰোট তেল আৰু মেকাৰেল, ছালমন, ছাৰডিন আদি মাছত পোৱা যায়।

দেহৰ কোষ গঠন আৰু হৰম’ন সদৃশ পদাৰ্থ আইক’ছেনয়ডছ গঠনৰ বাবে অ’মেগা- ৬ ফেটী এচিডৰ প্ৰয়োজন আৰু এনে পদাৰ্থই দেহৰ ৰক্তপ্ৰৱাহ আৰু ইনফ্লেমেশ্বন নিয়ন্ত্ৰণ কৰে। অ’মেগা- ৬ ফেটী এচিডৰ অভাৱত শিশুৰ বৰ্ধন প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। সেইদৰে বয়সস্থ লোকৰ ছালৰ সমস্যা হয়, ৰক্ত গোট মাৰে আৰু দেহৰ প্ৰতিৰক্ষণ ক্ষমতাত বিজুতি ঘটে।

এগৰাকী বয়সস্থ লোকৰ বাবে নিতৌ ৪ গ্ৰাম অ’মেগা- ৬ ফেটী এচিডৰ (দুই চাহ চামুচ) ছানফ্লাৱাৰ তেল অথবা এক হাতভৰ্তি আখৰোট প্ৰয়োজন, যিয়ে হাৰ্টৰ ৰোগক বাধা দিয়ে। যদি নিতৌ ২৫ গ্ৰাম অ’মেগা- ৬ ফেটী এচিড গ্ৰহণ কৰে স্বাস্থ্যৰ বাবে হানিকাৰক। কাৰণ এই সময়ত ফ্ৰি-ৰেডিকেলৰ সংখ্যা বৃদ্ধি পায়। এক বা দুই চাহ চামুচ ৰেপছিডৰ তেল অথবা আখৰোটে মগজুৰ গঠন, চকুৰ ৰেটিনা সুস্থভাৱে ৰাখে। অ’মেগা- ৬ ফেটী এচিডে ইনফ্লেমেশ্বন কমায়, হাৰ্ট ৰোগ, ছৰিয়াছিছ আৰু আৰ্থাইটিছ ৰোগ নিৰ্মূল কৰিব পাৰে।

গৱেষকৰ মতে, প্ৰাণীৰ চৰ্বি কম পৰিমাণে খালে আৰু অলিভ অইল বেছি পৰিমাণে গ্ৰহণ কৰিলে হাৰ্টৰ ৰোগ কিছু পৰিমাণে কমায় আৰু বেছিকৈ তেল থকা মাছ বা মাছৰ তেল খালে স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। তদুপৰি কলন কেঞ্চাৰকো প্ৰতিহত কৰাৰ ক্ষমতা থাকে।

(উৎসঃ আমাৰ অসম, ড পবিত্ৰ কুমাৰ পাটোৱাৰী, ফোনঃ ৯৪৩৫৩-০৮৮১৬)।

3.06896551724
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top