মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তিবৰ্ধক ব্যায়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তিবৰ্ধক ব্যায়াম

ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তিবৰ্ধক ব্যায়ামৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

সাৱধানতা:

 

আঁঠুৰ বিষ থাকিলে নকৰিব। হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ৰোগ থাকিলে খুব লাহে লাহে কৰিব। মূৰ ঘূৰালে বা বেছি ভাগৰ লাগিলে নকৰিব।

উপকাৰ:

 

*ব্যায়ামটোৱে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ(৫ৰ পৰা ২৫ বছৰ বয়সৰ) স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। ইয়াৰ বাহিৰেও যিকোনো বয়সৰ ব্যক্তিৰ স্মৃতিশক্তিৰ বিকাশ সাধন কৰি দীৰ্ঘস্থায়ী কৰে।

*নাকৰ ৰোগ যেনে ছাইনাছাইটিছ, নাকেৰে তেজ ওলোৱা, উশাহ ল’লে নাকত কষ্ট পোৱা আদি ৰোগ নিৰাময় কৰে।

*মগজু গধূৰ লগা, টোপনি কম বা বেছি হোৱা, গা দুৰ্বল লগা, দিনটোৰ প্ৰায়বোৰ সময়তে ভাগৰ আৰু টোপনিৰ ভাৱ অনুভৱ হোৱা, কথা আৰু বস্তু বা ঘটনাবোৰ সঘনাই পাহৰা, বহু সময় চিন্তা-ভাবনা কৰিও মনত পেলাব নোৱাৰা আদি সমস্যাবোৰ দূৰ হয়।

*মানসিক ৰোগ(দু-চিন্তা, উদ্বিগ্নতা, খং আদি) আৰু মৃগী ৰোগ নিৰাময় কৰে।

*বুকুৰ গঠন সুঠাম কৰে, ভৰি আৰু কঁকাল সবল হয়।

*হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সবল আৰু শক্তিশালী হয়।

সময়:

 

পুৱা(খালীপেটত) ৫-৩০ বাৰ অভ্যাস কৰিব আৰু আবেলি বা সন্ধিয়া(আহাৰ খোৱাৰ ৪ ঘন্টা পিছত) ৫-১৫ বাৰ কৰিব।

পদ্ধতি:

 

*প্ৰথমে মেৰুদণ্ড পোন কৰি সমস্থিতিত থিয় হওক। ভৰি দুখনৰ মাজত ১-২ ফুটমান ফাঁক ৰাখক(কান্ধৰ সমান জোখত)।

*এতিয়া বাওঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলীৰে সোঁকাণৰ লটিত চেপি ধৰক। একেদৰে সোঁহাতেৰে বাওঁকাণৰ লটিত চেপি ধৰক। মাজে মাজে লটিটো জোৰকৈ চেপি দি পুনৰ এৰি দিব।

উশাহ-নিশাহৰ পদ্ধতি:

 

দীঘলকৈ নিশাহ এৰি চকীত বহাৰ দৰে তললৈ নামি যাওক। এই অৱস্থানৰ কলাফুল, আঁঠু আৰু উৰু পৰস্পৰ লম্বভাৱে ৰাখিব। এইদৰে ৫ ছেকেণ্ডমান সময় থকাৰ পিছত দীঘলীয়া উশাহ লৈ শৰীৰ পোন কৰি বহাৰ পৰা উঠি আহি আগৰ দৰে থিয় হওক।

উশাহ-নিশাহৰ পদ্ধতি-২:

 

(পদ্ধতিটো প্ৰথমটোৰ বিপৰীত) দীঘলকৈ উশাহ লৈ চকীত বহাৰ দৰে তললৈ নামি যাওক। এই অৱস্থানত কলাফুল, আঁঠু আৰু উৰু পৰস্পৰ লম্বভাৱে ৰাখিব। এইদৰে ৫ ছেকেণ্ডমান সময় থকাৰ পিছত দীঘলীয়া নিশাহ এৰি শৰীৰ পোন কৰি বহাৰ পৰা উঠি আহি আগৰ দৰে থিয় হওক।

মাত্ৰা:

 

প্ৰক্ৰিয়াটো প্ৰথম অৱস্থাত লাহে লাহে অভ্যাস কৰিব। আৰম্ভণিত ৫ বাৰ তাৰ পিছত বঢ়াই গৈ থাকিব ৩০ বাৰলৈ। প্ৰতিদিন নিম্নতম ১০ বাৰ কৰিব।

(বিঃদ্ৰঃ উশাহ-নিশাহৰ পদ্ধতি ১ বা ২ যিকোনো এটা পদ্ধতি অভ্যাস কৰিলেই হ’ব। নাইবা নিজৰ সুবিধা অনুযায়ী দুয়োটাই কৰিব পাৰে।)

লেখক: ৰংমন ৰংদৈ(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top