মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ছানস্ক্ৰীন ব্যৱহাৰত ল’বলগা সাৱধানতা
অংশিদাৰী

ছানস্ক্ৰীন ব্যৱহাৰত ল’বলগা সাৱধানতা

গ্ৰীষ্মকালত সাধাৰণতে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা

গ্ৰীষ্মকালত সাধাৰণতে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা দিবলৈ ছানস্ক্ৰীন ব্যৱহাৰ কৰা হয়| এই ছানস্ক্ৰীন ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰা উচিত| এই পৰামৰ্শ ছাল বিশেষজ্ঞৰ|

ছালৰ প্ৰকাৰ বিশ্লেষণ কৰিহে ছানস্ক্ৰীন ব্যৱহাৰ কৰা উচিত| পৰাপক্ষত ছাল বিশেষজ্ঞৰ সৈতে আলোচনা কৰিহে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব| যিসকল লোকৰ ছাল তৈলাক্ত, তেনে লোকে জেল বা স্প্ৰেযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব| শুকান ছালৰ গৰাকী সকলে লোচন বা ক্ৰীমযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব পাৰিলে সুফল পাব|

এই গ্ৰীষ্মত মেটযুক্ত ছানস্ক্ৰীন অধিক উপযোগী| মেটযুক্ত ছান্স্ক্ৰীন ব্যৱহাৰে ছালখন সতেজ কৰি ৰাখে| লগতে উজ্জ্বলতা প্ৰদান কৰে| এছ পি এফ যুক্ত ছানস্ক্ৰীনহে ব্যৱহাৰ কৰিব| এছ পি এফ ৩০ যুক্ত ছানস্ক্ৰীনে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ তাপ প্ৰতিৰোধ কৰাত সহায় কৰে|

উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ

3.04081632653
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top