আপুনি চাকৰিজীৱি মহিলা অথবা ব্যস্ত গৃহিণী হ’ব পাৰে। ছালৰ যত্ন ল’বলৈ সময় নোহোৱা বাবে কেতিয়াবা হঠাতে কোনো পাৰ্টী, বিয়া আদিলৈ যাবলৈ ওলাই আপুনি সমস্যাত পৰে। তেনেক্ষেত্ৰত উজ্জ্বল ছাল এখন পাবলৈ হ’লে অনুকৰণ কৰক এইসমূহ উপায়:
১)নেমু ৰস:
নেমু ৰস মানৱ শৰীৰৰ বাবে আশীৰ্বাদস্বৰূপ। বছৰ বছৰ ধৰি নেমু ৰস ছাল-চুলিৰ যত্নত ব্যৱহাৰ হৈ আহিছে। ইয়াত ছাল ব্লিছ কৰিব পৰা উপাদানো থাকে। ছালৰ বাবে বিশুদ্ধ নেমু ৰস অতি উপকাৰী। গতিকে সমপৰিমাণৰ পানী আৰু নেমু ৰস মিশ্ৰণ কৰি কপাহেৰে মুখত লগাব। ১৫ মিনিট পিছত কুহুমীয়া পানীৰে মুখখন ধুব।
২)বিলাহী:
ছালবাৰ্ন আঁতৰাবলৈ বিলাহী ৰস ব্যৱহাৰ কৰক। বিলাহী ৰসে মৰা কোষ পৰিষ্কাৰ কৰে। ইয়াৰ বাবে প্ৰয়োজন ১-২ চামুচ বিলাহী, ২ চামুচ নেমু ৰস আৰু মাহ(মচুৰ, বুট)ৰ গুড়ি। এতিয়া গোটেইখিনি মিহলাই পেষ্ট বনাব। গা ধোৱাৰ পূৰ্বে সদায় এই পেক লগাব।
৩)গাখীৰ আৰু নেমু:
পানীত নেমু আৰু গাখীৰ মিহলাই লগাব। শুকুওৱাৰ ২০ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুব।
৪)চেনি আৰু নিমখ স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰি ছালৰ মৰা কোষ আঁতৰাব পাৰে। অধিক উপকাৰ লাভ কৰিবলৈ অ’টমিল মিহলাব পাৰে। তিতা ছালত লাহে লাহে গোলাকাৰকৈ মুখত ঘঁহি দিব।
লেখক: গৌতম বৰা(সুকন্যা)