অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালে বিচাৰে কিছু বিশেষ ভিটামিন :

ছালে বিচাৰে কিছু বিশেষ ভিটামিন :

যিকোনো এগৰাকী ব্যক্তি, পুৰুষেই হওক বা মহিলা— তেওঁৰ সৌন্দর্য তথা ব্যক্তিত্ব ফুটি উঠাৰ ক্ষেত্ৰত শৰীৰৰ ছালখনৰ যথেষ্ট ভূমিকা আছে। বৰণ যিয়েই নহওক, ছালৰ মসৃণতাৰ মাজেৰেই ওলাই পৰে সকলো সৌন্দর্য। আনকি মেক্‌আপ কৰি সুন্দৰ দেখাটোও ছালখনৰ সুন্দৰতাৰ ওপৰতহে নিৰ্ভৰ কৰে। সেয়ে আমাৰ শৰীৰৰ ছালখনৰ যতন আমি নোলোৱাকৈ থাকিব নোৱাৰো। এখন সুন্দৰ ছালৰ বাহিৰা যতনৰ বাদেও প্রকৃততে ভিতৰুৱাভাৱে যতন লোৱা বা পোষণ কৰা অধিক প্রয়োজন। সেইবাবে আমাৰ খাদ্য এনেভাৱে খোৱা উচিত যি ছালৰ বাবে ভৰপূৰ ভিটামিন যোগাব পাৰে।

ভিটামিন ‘এ’

হালধীয়া ৰঙৰ ফল আৰু সেউজীয়া শাক, কণী, গাখীৰ আদি খালে এইবিধ ভিটামিন পোৱা যায়।

ভিটামিন ‘চি’

টেঙাজাতীয় ফল বা খাদ্য যেনে, নেমু, কমলা, বিলাহী, ব্ৰক'লি, কেঁচা জলকীয়া, ষ্ট্ৰ’বেৰী আদি “চি” ভিটামিনসমৃদ্ধ।

ভিটামিন ‘ডি’

মাছ, মাছৰ তেল আৰু গাখীৰত ইয়াৰ মাত্রা কিছু পৰিমাণে পোৱা যায়। সূৰ্যৰ ৰশ্মিতো ভিটামিন ডি থাকে। কিন্তু এক নির্দিষ্ট সময়ৰ বাবেহে ইয়াক গ্রহণ কৰিব লাগে।

ইয়াৰোপৰি শুকান ফল যেনে বাদাম, আখৰোট আদিৰ পৰা ছালে ভিটামিন গ্রহণ কৰিব পাৰে। কিন্তু কেৱল আকৌ খাদ্যই নহয়, নিয়মিত ব্যায়াম, টোপনি ৬ৰ পৰা ৮ ঘণ্টা পর্যন্ত, ধূমপান ত্যাগ, পানী তথা ফলৰ ৰস নিয়মিত যথেষ্ট পৰিমাণে খোৱাৰ অভ্যাস কৰিব লাগিব।

উপৰোক্ত নিয়ম মানি চলিলে ৰ’দ, ধূলি-মাকতি, বতাহ আদি একোৱে সৌন্দর্যক গ্রাস কৰিব নোৱাৰে।

ৎস: নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 10/30/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate