মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ছালৰ উজ্জ্বলতাৰ বাবে আদাৰ মাস্ক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ উজ্জ্বলতাৰ বাবে আদাৰ মাস্ক :

ছালৰ উজ্জ্বলতাৰ বাবে আদাৰ মাস্কৰ বিষয়ে লিখা হৈছে ।

 

আদাৰ ঔষধি গুণৰ কথা সৰ্বজনবিদিত। ছাল আৰু চুলিৰ সৌন্দৰ্যৰ বাবেও আদা অতীজৰে পৰা ব্যৱহৃত হৈ আহিছে। ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ভালেমান বিউটি প্ৰডাক্টতো আদাৰ ৰস ব্যৱহাৰ কৰা হয়। আপুনি ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ পোনে পোনে আদাৰ ৰস ব্যৱহাৰ কৰিব পাৰে।

১) প্ৰায় ৪০ টা এণ্টি অক্সিডেণ্ট কম্পাউণ্ড থকা আদাৰ আছে এণ্টি এজিং গুণ। আদাৰ ৰসে বলিৰেখা নিৰ্মূল কৰি বয়সৰ ছাপ আঁতৰায়।

২) আদাৰ টোনিং প্ৰপাৰটি থকাৰ বাবে আদাৰ ৰসে নিমিষতে ছালখন উজ্জ্বল কৰি তুলিব পাৰে।

আদাৰ Mask ৰ বাবে আপোনাৰ প্ৰয়োজন হ’ব-

১) দুটুকুৰা ৰুকি লোৱা আদাৰ ৰস, মৌজোল দুচামুচ আৰু এচামুচ নেমুৰস। মিশ্ৰণটো আধাঘণ্টাৰ বাবে ফ্ৰিজত থওক আৰু পৰিষ্কাৰ কৰি লোৱা ছালত লগাওক। আধাঘণ্টাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। অথবা এচামুচ আদাৰ ৰস, দুচামুচ গোলাপজল আৰু আধা চামুচ মৌ। মিশ্ৰণটি লগে লগে মুখত লগাব পাৰে। ২০ মিনিট পিছত ধুই পেলাব। এই মিশ্ৰণটি চুলিৰ বাবেও ব্যৱহাৰ কৰিব পাৰে।

৩) বয়স বৃদ্ধিৰ গতি লেহেমীয়া কৰিবলৈ খাওক আদাৰ চাহ। আদাত থকা gingerol নামৰ এণ্টি অক্সিডেণ্টে ক’লাজেন ধ্বংস প্ৰতিৰোধ কৰি ছালৰ স্থিতিস্থাপকতা ৰক্ষা কৰে।

উৎস: নন্দিনী

2.71428571429
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top