মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ছালৰ প্ৰাকৃতিক সুন্দৰতা অটুট ৰখাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ প্ৰাকৃতিক সুন্দৰতা অটুট ৰখাৰ উপায়

ছালৰ প্ৰাকৃতিক সুন্দৰতা অটুট ৰখাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

১) সুন্দৰ, সতেজ ছালৰ বাবে কেইটামান ভিটামিনৰ প্ৰয়োজন হয় । এইসমূহ ভিটামিনৰ ভিতৰত ভিটামিন ডি আৰু ই অন্যতম । উল্লেখযোগ্য যে সতেজ ছালৰ বাবে ভিটামিন ডি অপৰিহাৰ্য । পুৱা সূৰ্যৰ কিৰণৰ পৰা ভিটামিন ডি লাভ কৰা যায় । ইপিনে ভিটামিন হয়ে ছালৰ ধূলি-বালিৰ পৰা সুৰক্ষা প্ৰদান কৰে । ইয়াৰ সহায়ত ছালৰ কোষ নিষ্কাশন হয় আৰু ছাল ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে । মাছ, অলিভ অইল আদিত ভিটামিন ইৰ গুণাগুণ নিহিত থাকে । এইসমূহ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত ।

২) যিসকলৰ ছাল শুকান, তেওঁলোকে যদি নিয়মিত কুহুমীয়া পানীৰে গা ধোৱে, তেনে লোকৰ ছালত পানীৰ পৰিমাণ কমি যোৱাৰ লগতে শৰীৰত মজুত থকা পৰ্যাপ্ত তেল নি:সৰণ হয় । ইপিনে গা ধোওঁতে যদি বডি স্ক্ৰাব ব্যৱহাৰ কৰে, তেন্তে অতি জোৰেৰে ঘঁহি ঘঁহি নুধুব । এই স্ক্ৰাব অতি আলফুলকৈ ব্যৱহাৰ কৰিব ।

৩) ছালখন পৰিষ্কাৰ কৰা অথবা ছালৰ পৰা মৃতকোষ নিৰ্মূলৰ পিচত ছালখনে কোমলতা বিচাৰে । এনেক্ষেত্ৰত গা ধোৱাৰ পিচত ছালখন ময়শ্ব কৰাটো অতি আৱশ্যকীয় । ইয়াৰ বাবে এল’ভেৰা, চিয়াবাটাৰৰ দৰে প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী ময়শ্বৰাইজাৰ বা ব’ডি লোচন ব্যৱহাৰ কৰাটো যথেষ্ট উপযোগী। তদুপৰি এনে ময়শ্বাৰাইজাৰ বা ব’ডি লোচনত যদি অ’মেগা ফেটি এচিড, এণ্টি অক্সিডেণ্ট বা ভিটামিন আদি নিহিত থাকে, তেন্তে ই ছালৰ বাবে আৰু অধিক উপযোগী হ’ব পাৰে ।

৪) আপুনি নিয়মিত গা ধোৱে, লগতে দিনটোত কেইবাবাৰো ফে’চৱাশ্বেৰে ছাল পৰিষ্কাৰ কৰে । তৎসত্ত্বেও কিন্তু ই যথেষ্ট নহয় । কাৰণ ছালৰ প্ৰকাৰ অনুসৰি আপুনি কিছুমান দিশত ধ্যান ৰখা উচিত ।

৫) ঘৰৰ পৰা আপুনি যেতিয়া বাহিৰলৈ ওলাই যায়, তেতিয়া ধূলি-বালি, প্ৰদূষিত বায়ু আৰু সূৰ্যৰ কিৰণৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ দ্বাৰা ছালৰ যথেষ্ট ক্ষতি হয় । সেয়েহে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত ছালত ছানস্ক্ৰীন লগোৱাটো অতি আৱশ্যকীয় । মন কৰিবলগীয়া যে আপোনাৰ ছালখনৰ সুন্দৰতা যদি অটুট ৰাখিব বিচাৰে, তেন্তে ধূমপান কৰাৰ অভ্যাস ত্যাগ কৰক।

উৎস :- দেওবৰীয়া সম্ভাৰ

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top