অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ পৰিচৰ্যা :

ছালৰ পৰিচৰ্যাৰ বিষয়ে লিখা হৈছে ।

 

ছালৰ পৰিচৰ্যা কৰিব লাগে ভিতৰৰ পৰা। অৰ্থাৎ ছালৰ স্থায়ী উজ্জ্বলতা আনিবলৈ আৰু সতেজতা ৰক্ষা কৰিবলৈ হ’লে সতেজ ফল, শাক-পাচলি বেছিকৈ খাব লাগে।

ছালৰ সুস্থতাৰ কাৰণে- ক্লিনজিং(ছাল পৰিষ্কাৰ কৰা), টোনিং(মুখৰ খোলা লোমকূপ বন্ধ কৰা) আৰু ময়শ্বাৰাইজিং(মুখৰ ছালৰ আৰ্দ্ৰতা ৰক্ষা) কৰা আদি ব্যৱস্থাবোৰ অতি জৰুৰী।

ক্লিনজিং -

আলু এটা কাটি লৈ পটাত বটি চেপি লৈ তাৰ ৰসখিনি উলিয়াই লওক। এই ৰসত এডোখৰ কপাহ তিয়াই ৰসখিনি মুখত সানক। কেইমিনিটমান ৰাখি পিছত মচি পেলাব। গাখীৰ আৰু সুমথিৰা টেঙাৰ ৰস এনেদৰে সানিও মুখখন পৰিষ্কাৰ কৰিব পাৰে। এটা তিয়ঁহ বাকলি গুচাই বটি উলিয়াই লোৱা ৰসো মুখত সানিব পাৰে। এই ৰস মুখত সানি ৫-৭ মিনিটৰ পিছত ধুই পেলাব। নেমুৰ ৰসত কপাহ তিয়াঁই মুখ পৰিষ্কাৰ কৰিব পাৰে।

টোনিং -

গোলাপ ফুলৰ পাপৰি, পদিনা, আমলখি আৰু তিয়ঁহ বটি মগু এটা বনাই মুখত সানি থওক। ১৫ মিনিটৰ পিছত সেইবোৰ ধুই পেলাওক। দৈৰ ঘোল মুখত কপাহেৰে সানিব পাৰে। তাৰোপৰি সম পৰিমাণৰ ভিনেগাৰ আৰু নেমুৰ ৰসো টোনাৰ হিচাপে মুখত সানিব পাৰে।

ময়শ্চাৰাইজিং -

মৌ, খেজুৰ, বন্ধা কবি, পদিনা আৰু তুলসীৰ পাত পানীত একেলগে উতলাই চেকি লৈ নিৰ্বাস প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰে বা সামূদ্ৰিক লৱণ গৰম পানীত দি ছালত ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি এটা কণীৰ বগা অংশ উলিয়াই, তাৰ লগত এমাচুচ মৌ ভালদৰে মিহলাই সমগ্ৰ মুখমণ্ডলত সানি আধাঘন্টা ৰাখি ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। এনেদৰে মুখ তথা ছালৰ উৎকৃষ্ট যত্ন লোৱা হয়। শৰীৰৰ দুৰ্গন্ধ দূৰ্ব কৰিবলৈ গোলাপ ফুলৰ পাপৰি কম পানীত উতলাই সেই পানী গা ধোঁৱা পানীত মিহলাই স্নান কৰিলে শৰীৰ ঠাণ্ডা থাকে আৰু শৰীৰৰ দুৰ্গন্ধ দূৰ হয়।

ছালখন সুন্দৰ কৰি ৰখাৰ কেইটিমান উপায় -

*আধাকাপ চেনিৰ লগত কেইটোপালমান সূৰ্যমুখী গুটিত তেল বা অলিভ অয়ল মিহলাই সেই মিশ্ৰণ সমগ্ৰ সাৰ ছালত সানি কিছুসময় শুকাবলৈ দিয়ক। শুকাই গ’লে ঘঁহি ঘঁহি উঠাই দি সামান্য গৰম পানীৰে গা ধুলে ছাল কোমল আৰু মসৃণ হ’ব।

*সামান্য গৰম পানীত এচামুচ শিলিখাৰ গুড়ি অথবা ত্ৰিফলাৰ গুড়ি মিহলাই প্ৰতিমাহে এবাৰকৈ একেৰাহে সাতদিন খুৱাওক।

*কুহুমীয়া গৰম পানী একাপত আধা চামুচ নিমপাত বটা গুলি লৈ দিনে এবাৰকৈ খাওক। এই ব্যৱস্থাৰে পেট আৰু ছাল পৰিষ্কাৰ কৰি ৰাখিব পাৰিব।

*হাতত কিলাকুটিত বহুতৰ ক’লা দাগ থাকে। সেই ঠাইত গোল নেমুৰ ৰস লগাই পাঁচ মিনিট ৰাখি তাৰ পিছত বেচন আৰু কেঁচা হালধি বটা আৰু গাখীৰৰ ৰস মিহলাই লগাই থাকিলে কিলাকুটিৰ ক’লা দাগ নিৰ্মূল হ’ব।

*বহুতো লোকৰ ছাল শুকান আৰু ছাল ফাটি গৈ দেখাত আপচু হয়। এনে হ’লে গা-ধোৱাৰ আগতে বেচন আৰু টেঙা দৈ একেলগে মিহলাই গোটেই গাতে সানি কিছুসময়ৰ পিছত ম্লান কৰিলে কিছুদিনৰ ভিতৰতেই ছালৰ কোমলতা আৰু মসৃণতা ঘূৰি আহিব।

*শৰীৰৰ ছাল কোচ নোখোৱা আৰু ওলমি নপাকৈ ৰাখিবলৈ হ’লে দুচামুচ ঔটেঙাৰ পাতৰ ৰস আধা চামুচ নিছিন্দ্ৰা আৰু চাৰিটা জালুকৰ গুড়ি আধা কাপ পানীত মিহলাই কিছুদিন খাই থাকক।

*এফোটা নহৰু বটি লওক আৰু এচামুচ কেঁচা আমলখিৰ ৰস একেলগে মিহলাই প্ৰতিদিনে এবাৰকৈ খাই থাকিলে ছালৰ লাৱণ্য চিৰদিন অটুট থাকিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.26315789474
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top