বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ সৌন্দৰ্য হ্ৰাস পাবলৈ ধৰে। যৌৱন কাললৈকে মানুহৰ ছালখন কোমল কুঁহিপাতৰ দৰে নিমজ আৰু ধুনীয়া হৈ থাকে। কিন্তু চল্লিশৰ ডেওনা পাৰ হোৱাৰ লগে লগে মুখত বলিৰেখা পৰিবলৈ আৰম্ভ কৰে। এই সময়ত্ ছালৰ যত্ন নল’লে ছাল শোটোৰা-শোটোৰ হয়। কিন্তু কেইটামান প্ৰতিকাৰমুলক নিয়ম পালন কৰিলে বৃদ্ধ বয়সলৈকে ছালখন মিহি আৰু নিমজ কৰি ৰখাটো সম্ভৱ। ছাল সুন্দৰ হৈ থাকিলে মনো সুন্দৰ হৈ থাকে।
*ৰাতি শোওঁতে ওপৰমুৱাকৈ শুব লাগে। কাটি হৈ শুই গাৰুত এখন গালত বেছিকৈ হেঁচা দিলে বলিৰেখা পৰাত সহজ হয়। পৰীক্ষা কৰি এই কথা প্ৰমাণ হৈছে যে যিসকল লোকৰ মুখত ইতিমধ্যে বলিৰেখা পৰিছে, তেওঁলোকে নিয়মীয়াকৈ ওপৰমুৱাকৈ শুলে বলিৰেখা পৰা বহুখিনি হ্ৰাস পায়।
*ভিটামিন খোৱাৰ অভ্যাস কৰিব। ছালৰ কাৰণে উপযোগী ভিটামিন হ’ল ভিটামিন –বি কমপ্লেক্স। কুকুৰাৰ মঙহ, কণী, আটা আদিত ভিটামিন-বি কমপ্লেক্স বেছিকৈ পোৱা যায়। ছালখন সতেজ কৰি ৰাখিবলৈ এণ্টি-অক্সিডেণ্টযুক্ত আহাৰো যথেষ্ট পৰিমাণে খাব লাগে। তেনে খাদ্যৰ ভিতৰত পাতযুক্ত শাক-পাচলি, গাজৰ আৰু সতেজ ফল পৰে।
*পুৱাৰ ৰ’দ শৰীৰত লগাবলৈ চেষ্টা কৰিব। প্ৰতিদিনে ছালখন সামান্য হেঁচা দিহাতত ক্ৰীম বা পাউদাৰ লৈ কিছু সময় মালিচ কৰিব। একেদৰে মুখৰ মালিচো কৰিব। মুখৰ মালিচ কৰোতে তলৰ পৰা ওপৰলৈ মালিচ কৰিব। সাধাৰণতে পুৰুষৰ ছালখন সহজতে তললৈ ওলমি পৰে। ইয়াৰ কাৰণ হৈছে পুৰুষসকলে নিয়মীয়াকৈ দাঢ়ি কটাৰ অভ্যাস। এই সমস্যা নোহোৱা কৰিবৰ বাবে দাঢ়ি কটাৰ পিছত হাতত ক্ৰীম লৈ ছালখন ওপৰলৈ মালিচ কৰিব লাগে।
উৎস: জি এনআৰ চি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 2/29/2024