অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ যতন :

ছালৰ যতনৰ বিষয়ে লিখা হৈছে ।

 

সকলোৱে এই পৃথিৱীত ধুনীয়া হৈ জীয়াই থাকিব বিচাৰে।

প্ৰত্যেকে এখন উজ্জ্বল ছাল, সুন্দৰ ক’লা দীঘলীয়া চুলিটাৰি আৰু সুন্দৰ নখৰ গৰাকী হৈ থকাটো বিচাৰে।

সেইবাবে সুন্দৰকৈ থাকিব বিচাৰিলে ইয়াৰ পৰিচৰ্যা বিশেষকৈ দৰকাৰী।

কেৱল যে এই অংগকেইবিধৰ যত্ন লোৱাটোৱেই দৰকাৰী তেনে নহয়, সেহৰ প্ৰত্যেকটোৰ অংগ যত্ন লোৱাটো আমাৰ বাবে অত্যন্তই আৱশ্যক।

কাৰণ অসমীয়াত এষাৰ কথা আছে- ‘দেহায়ে বেহা’।

অৰ্থাৎ যদি আমাৰ শৰীৰ সুস্থ নাথাকে, তেনেহ’লে দৈনিক পৰিশ্ৰম কৰি বেহা কৰাৰ কোনো অৰ্থ নাথাকে।

গতিকে আমাৰ শৰীৰটো আমি শিশুৰ দৰে মৰম আৰু যত্ন লোৱাটো খুব আৱশ্যক।

আমাৰ দেহত ছালখন এক স্পৰ্শকাতৰ আৰু অপৰিহাৰ্য অংগ। আন অংগৰ দৰে ছালৰ যত্ন কমেও ৩০ বছৰ বয়স পাৰ হোৱাৰ পিছৰে পৰা বিশেষকৈ যত্ন ল’ব লাগে।

কেৱল ছালৰ কথাই নহয়, ছালৰ পৰা নখলৈ যত্ন লোৱাটো খুব প্ৰয়োজনীয়।

এতিয়া প্ৰশ্ন হয়- আমি কেৱল বাহ্যিকভাৱে ছালৰ পৰিচৰ্যা কৰিম নে আভ্যন্তৰীণভাৱেও ছালৰ যত্ন ল’ম?

আমি ছালৰ পৰিচৰ্যাত আভ্যন্তৰীণ অৰ্থাৎ সুস্থ খাদ্য সেৱন কৰিব লাগে, যাতে ছালৰ স্থায়ী উজ্জ্বলতা আৰু সতেজতা ৰক্ষা হয়।

আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ হৈছে আমাৰ ছালখন।

আমাৰ ছালখনে আমাক বীজাণুৰ পৰা ৰক্ষা কৰে আৰু শৰীৰৰ চাপ নিয়ন্ত্ৰণ আৰু শীতল, উষ্ণতা আদি ছালৰ দ্বাৰা অনুভৱ হয়।

আমাৰ ছালত এক বিশেষ কোষ থাকে, যাক আমি মেলানোচাইটিছ কোষ বুলি জানো আৰু ইয়াৰ দ্বাৰা মেলানিন উৎপন্ন হয়, যিয়ে আমাৰ ছালৰ ৰং নিয়ন্ত্ৰণ কৰে।

আমি সকলোৱে জানো যে প্ৰত্যেকজন ব্যক্তিৰ ছাল বেলেগ বেলেগ হয়। কিছুসংখ্যক ব্যক্তিৰ শুকান ছাল, কিছুসংখ্যকৰ তেলেতীয়া ছাল আৰু কিছু সংখ্যকৰ মিশ্ৰণ ছাল হয়। খুব কমসংখ্যকৰ স্পৰ্শকাতৰ ছাল থাকে।

আমি সদায় মনত ৰখাটো উচিত যে প্ৰত্যেক ছালৰ বিবিধা অনুসৰি ছালৰ যত্ন লোৱাটো খুব আৱশ্যক।

তলত উল্লেখ কৰা বিধিসমূহ অৱলম্বন কৰিলে ছাল সতেজ আৰু সুন্দৰ হৈ থাকে।

১)ছালৰ সতেজতা আৰু উজ্জ্বলতা বঢ়াবৰ বাবে অতি কমেও ২.৫ ৰ পৰা ৩ লিটাৰ পানী নিতৌ খোৱাটো প্ৰয়োজন।

২)ফল-মূল, কেঁচা শাল-পাচলিৰ চালাড, ফলৰ ৰস আৰু ডাবৰ পানী নিয়মিত খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ছাল ভালে থাকে।

নিতৌ আলমখি খালে ছালৰ উজ্জ্বলতা, ৰং আৰু সতেজতা বৃদ্ধি পায়।

৩)ৰাতি ২-৩ চামুচ ত্ৰিফলা গুড়ি ১ গিলাচ কুহুমীয়া পানীত মিহলাই খাব লাগে যাতে পিছদিনা শৌচ খোলোচা হয়, কাৰণ ছালৰ বিভিন্ন সমস্যা শৌচ-প্ৰস্ৰাৱ খোলোচা নহ’লেও হয়।

৪)কেঁচা হালধিৰ লগত ক’লা তুলসীৰ পাত, বেচন আৰু মৌৰ মিশ্ৰণ বনাই ১৫ মিনিট লগাই পানীৰে ধুই দিলে যিকোনো কাৰণত হোৱা ক’লা দাগ কমি যায়।

অৱশ্যে যিসকলৰ শুকান ছাল তেওঁলোকে বেচনৰ পৰিৱৰ্তে গাখীৰৰ চামনি ব্যৱহাৰ কৰিব পাৰে।

৫)নেমুৰ ৰসৰ লগত তিয়ঁহৰ ৰস মিহলাই ছালখন ভালকৈ পৰিষ্কাৰ কৰি হালধি, মচুৰ দাইল, গাখীৰ আৰু ছালকুৱৰীৰে বনোৱা লেপন নিতৌ এবাৰকৈ লগালে তেলেতীয়া ছালত হোৱা শালমইনাৰ উপশম হয়।

৬)তিয়ঁহ চকলিয়াই চকু, গাল, মুখ আৰু ডিঙিত ব্যৱহাৰ কৰিলে দাগ দূৰ হয়, ছাল শোটোৰা নপৰে, মুখৰ শুকান ভাব আঁতৰে আৰু শালমইনাৰ পৰা উপশম হয়।

৭)ছালকুৱৰী কাটি তাৰ ভিতৰত থকা জেলী জাতীয় অংশখিনি উলিয়াই মুখত নিতৌ এবাৰকৈ ঘঁহিলে মুখখন মিহি হয় আৰু ৰ’দে পোৰাৰ পৰা সুফল লাভ কৰে, লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।

৮)দৈ, চন্দন, কমলাৰ ৰস মিহলাই নিতৌ এবাৰকৈ লগালে ছালৰ ৰং আৰু উজ্জ্বলতা বৃদ্ধি হয়।

৯)আলু, তিয়ঁহ পিচি সেইখিনি চকুৰ পতা দুখনত নিতৌ এবাৰকৈ লগালে চকুৰ তলৰ ক’লা দাগ নোহোৱা হয়।

আলু আৰু তিয়ঁহ চকলিয়াই চকুৰ পতাত লগালেও উপশম পায়।

১০)বেচনৰ লগত দৈ, হালধি আৰু চালকুৱৰীৰ লেপন বনাই নিতৌ ১০ মিনিট সম্পূৰ্ণ গাত লেপন লগালে ছাল পৰিষ্কাৰ, উজ্জ্বল আৰু সতেজ হয়।

১১)বিলাহীৰ ৰস তেলেতীয়া ছালৰ বাবে খুব লাভদায়ক।

নিতৌ এবাৰকৈ বিলাহীৰ ৰস লগালে মুখৰ তেলেতীয়া ভাব আঁতৰে।

১২)অমিতা(পকা) আৰু পকা ফল অলপ মৌৰ লগত মিহি কৰি সপ্তাহত দুবাৰকৈ লগালে মুখত ক’লা দাগ, বয়সৰ চাপ আদি কমায় ৰাখে।

১৩)চাউলৰ গুড়ি, মৌ আৰু বেচন একেলগে মিশ্ৰণ বনাই সপ্তাহত দুবাৰকৈ মুখত আৰু গাত ঘঁহিলে হোৱাইট হেদছ সমস্যাৰ পৰা উপশম পায়।

১৪)পদিনা পাতৰ লগত অলপ কৰ্পুৰ পিচি মিশ্ৰণ বনাই নিতৌ এবাৰকৈ গাত ঘঁহিলে গৰমৰ দিনত ছালত হোৱা ঘামচি, শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰা উপশম পায়।

ওপৰত উল্লেখ কৰা বিধিসমূহ প্ৰত্যেক ছালৰ গৰাকীয়ে ব্যৱহাৰ কৰিব পাৰে, কেৱল স্পৰ্শকাতৰ ছালৰ গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰাটো আৱশ্যক।

লেখিকা: ডাঃ কৰবী হাজৰিকা চৌধুৰী(নিয়মীয়া বাৰ্তা)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top