মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ছালৰ সতেজতাৰ বাবে টোনিং-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ সতেজতাৰ বাবে টোনিং-

আমাৰ ছালৰ প্ৰাথমিক যতনৰ অন্যতম হৈছে টোনিং। ছাল ক্লীনজিং অৰ্থাত্ পৰিষ্কৰণৰ পাছতেই টোনিং কৰা হয়।

চমু বিৱৰণ

আমাৰ ছালৰ প্ৰাথমিক যতনৰ অন্যতম হৈছে টোনিং। ছাল ক্লীনজিং অৰ্থাত্ পৰিষ্কৰণৰ পাছতেই টোনিং কৰা হয়। ছাল ক্লীনজিং কৰাৰ সময়ত নোমৰ গুৰিৰ মুখ বহু সময়ত খোল খাই বহল হৈ যায়। ই অপেন প’ৰ্ছৰ সমস্যাৰ সৃষ্টি কৰে। টোনাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। টোনিং-এ ছালখন টোন আপ কৰে বাবে ছাল সতেজ আৰু অধিক যৌৱনদীপ্ত হৈ পৰে। বয়সৰ চাপ পৰা সমস্যা বহুখিনি কমাই ৰাখে। অত্যধিক তেলেতীয়া ছালত টোনাৰ ব্যৱহাৰ নকৰিলে সমস্যা অধিক হব পাৰে। নোমৰ গুৰিৰ মুখ বহল হৈ থাকিলে ছেবাম গ্ৰন্থিৰ পৰা প্ৰয়োজনতকৈ অধিক তেল নিঃসৰণ হৈ সমস্যা বৃদ্ধি কৰে। কেতিয়াও এলকহলযুক্ত টোনাৰ ব্যৱহাৰ কৰিব নালাগে।। ই ছালখনৰ বিভিন্ন দিশত ক্ষতি কৰে।

প্ৰাকৃতিক উপাদেনেৰে ঘৰতে তৈয়াৰ কৰিব পৰা টোনাৰৰ বিষয়ে

v  দুপাহ সুগন্ধি গোলাপৰ পাহি, এগিলাচ মিনাৰেল ৱাটাৰত এৰাতি তিয়াই ফ্ৰিজিং কৰিব। পিছদিনা, পৰিষ্কাৰকৈ হাত ধুই পাহিবোৰ আঙুলিৰে মোহাৰি পানীফিনি ভালদৰে ছেকি বটলত ভৰাই থব। প্ৰতিবাৰ মুখ ধোৱাৰ পাছত বিশেষকৈ পুৱা আৰু ৰাতি শোৱাৰ পূৰ্বে কপাহেৰে মুখৰ ছালত লগাব।

v  কুমলীয়া বন্ধা কবিৰ পাত মিহিকৈ কুটি এগিলাচ মিনাৰেল ৱাটাৰত সিজাই ঠাণ্ডা হোৱাৰ পাছত আঙুলিৰে মোহাৰি ছেকি লৈ পানীখিনিত এচিকুট কৰ্পূৰ মিহলাব। বটলত ভৰাই টোনাৰ হিচাপে ব্যৱহাৰ কৰিব।

v  এটুকুৰা সতেজ তৰমুজৰ ৰস আৰু এটা গোলনেমুৰ ৰস সমপৰিমাণৰ মিনাৰেল ৱাটাৰত মিহলাই ফ্ৰিজত থৈ টোনাৰ হিচাপে ব্যৱহাৰ কৰিব।

বিশেষ টোকাঃ প্ৰাকৃতিক উপাদানেৰে ঘৰতেই তৈয়াৰ কৰা সামগ্ৰী ফ্ৰিজত থব। দুদিনৰ বেছি একেখিনি সামগ্ৰী ব্যৱহাৰ নকৰিব। পুনৰ তৈয়াৰ কৰি লব। কাৰণ, সতেজ কেঁচা সামগ্ৰীত সোনকালে জীৱাণু সংক্ৰমণ হোৱাৰ আশংকা থাকে।

মালা মহন্ত ভূঞা

উত্সঃ অসমীয়া খবৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top