মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জহকালি স্বাস্থ্যৱান হৈ থাকিবলৈ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জহকালি স্বাস্থ্যৱান হৈ থাকিবলৈ

 

জহ বুলিলেই আমি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হওঁ। সাধাৰণতে জাৰকালিৰ সময়ছোৱা আৰামেৰে কটোৱাৰ পিছত হঠাৎ যেতিয়া গৰম পৰিবলৈ ধৰে, আমাৰ শৰীৰে কেতিয়াবা গৰম সহ্য কৰিব নোৱাৰা হয়। ফলত বমি, চর্দি, জ্বৰ, কাহ, ভোক নলগা আদিৰ দ্বাৰা আমাৰ শৰীৰটো আক্রান্ত হয়। সেয়ে এনে বতৰৰ সৈতে শৰীৰটো খাপ খোৱাকৈ নিজকে প্রস্তুত কৰিবলগীয়া হয়। যাতে গোটেই সময়ছোৱা নিৰোগী হৈ থাকিব পৰা যায়।

  • এই বতৰত আমাৰ পিয়াহ বৃদ্ধি হয়, ফলত অধিক সংখ্যকে বজাৰত সহজতে উপলব্ধ ক’ল্ড ড্রিংকচ, জুচ,বীয়েৰ, আইচক্ৰীম, আইচ টি, ক’ল্ড কফি আদি সেৱন কৰে, যিয়ে অবাঞ্ছিত কেলৰিহে আমাৰ শৰীৰত যোগান ধৰে। এইবোৰৰ ঠাইত আমি পানী খোৱা উচিত। তাৰোপৰি ডাবৰ পানী, তৰমুজ আদিয়ে আমাৰ শৰীৰৰ সকলো লাগতিয়াল তত্ত্বসমূহ পূৰণ কৰে।
  • বর্তমান আমাৰ সকলোৰে জীৱন দ্রুত গতিত চলাব লগা হয়। সেয়ে ৰাতিপুৱা আহাৰ খুব ভালদৰে গ্ৰহণ কৰিব লাগে, কিন্তু অধিকসংখ্যকে এইক্ষেত্ৰত গুৰুত্ব নিদিয়া হেতুকে ভোক লগাৰ সময়ত প্রয়োজনতকৈ অধিক খোৱা আৰু অলাগতিয়াল খাদ্যসমূহ খোৱা হয়। সেয়ে উচ্চ ৰক্তচাপ, মধুমেহ, কলেষ্ট্ৰ’ৰেল আদিৰ দৰে সমস্যাত ভুগিবলগীয়া হয়। তাৰ বাবে ডিট’ক্সিফিকেচনৰ প্রয়োজন। সেয়ে জহকালি মাছ-মাংসতকৈ শাক-পাচলি, ফলমূল আদি খোৱা বেছি প্রয়োজন। আনহাতে ডিট’ক্সিফিকেচনৰ বাবে আঁহযুক্ত আহাৰ যেনে সতেজ ফলমূল, মূলা, ব্ৰক’লি আদি উপযুক্ত।
  • জহ মানেই এলাৰ্জি, ঘামচি, ছানবাৰ্ণ আদিৰ সমস্যা। সেয়ে পানী খোৱাৰ পৰিমাণ বঢ়াই দিব লাগে।
  • ৰাতিপুৱাৰ আহাৰ স্বাস্থ্যবৰ্দ্ধক হোৱাৰ উপৰিও পাতল হোৱা উচিত।
  • গোটেই দিনটোত পানীৰ সৈতে নেমু আৰু পদিনাৰ ৰস মিহলি কৰি খাব লাগে।
  • ৰাতিপুৱা ফুৰিবলৈ যোৱা আৰু স্নান কৰা কাৰ্য্যই গোটেই দিনটোলৈ সতেজ কৰি ৰাখে।
  • ল’ৰা-ছোৱালীক দৈ, গ্লুক’ন-ডি, খুৱাব লাগে।
  • জহত তিয়ঁহ আৰু মিহলি চালাড আহাৰৰ সৈতে খোৱা ভাল।

উৎস: অসমীয়া প্ৰতিদিন।

 

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top