অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানি থোৱা ভাল :

জানি থোৱা ভালৰ বিষয়ে লিখা হৈছে ।

 

১)শীতকালীন শাক-পাচলিৰ খেতিত নানাধৰণৰ কীট-পতংগই আক্ৰমণ কৰিব পাৰে । তেনে পোক-পতংগৰ পৰা সোনকালে শস্যডৰা মুক্ত কৰিবৰ বাবে ভালেমান কৃষকে মাৰাত্মক ৰাসায়নিক কীটনাশক দ্ৰব্য শস্যত প্ৰয়োগ কৰে । এনে ঔষধৰ ভয়ৱহতাৰ কথাজানিও অধিক লাভৱান হোৱাৰ আশাত কৃষকসকলে প্ৰয়োজনতকৈ অধিক মাত্ৰাত ঔষধ প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে । তেনে দৰৱ-পাতি প্ৰয়োগ কৰা শাক-পাচলি খোৱাৰ ফলত মানুহৰ মূৰ কামোৰণি, অসহ্য পেটৰ বিষ, দৃষ্টি শক্তি কমি যোৱা আদি বিভিন্ন বেমাৰ আৰু উপসৰ্গই দেখা দিব পাৰে । বিশেষকৈ বিষাক্ত দৰৱপাতিয়ে কণ কণ ল’ৰা-ছোৱালীৰ স্মৃতিশক্তি, দৃষ্টিশক্তি আদি হ্ৰাস কৰি তেওঁলোকৰ স্বাস্থ্যৰ অপূৰণীয় ক্ষতি সাধন কৰিব পাৰে । সেইবাবে তেনে ৰাসায়নিক কীটনাশক দ্ৰব্য শাক-পাচলিৰ খেতিত কেতিয়াও প্ৰয়োগ কৰা উচিত নহয় । প্ৰাকৃতিক পদ্ধতিৰে কীট-পতংগবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেহে কৃষি বিজ্ঞানীসকলে দিয়া দিহা-পৰামৰ্শমতে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব লাগে ।

২) বজাৰত কিনিবলৈ পোৱা সকলোবোৰ ৰাসায়নিক কীটনাশক দ্ৰব্যই কম-বেছি পৰিমাণে বিষাক্ত । যিবোৰ দৰৱৰ পাত্ৰত ৰঙা ৰঙৰ লেবেল লগোৱা থাকে সেইবোৰ দৰৱ অতিপাত বিষাক্ত । সেইদৰে হালধীয়া ৰঙৰ লেবেল লগোৱা ঔষধবোৰ তাতকৈ কম বিষাক্ত আৰু নীলা ৰঙৰ লেবেল লগোৱাবোৰ তাতোকৈ কম বিষাক্ত । কিছুমান ঔষধৰ পাত্ৰত সেউজীয়া ৰঙৰ ত্ৰিভূজ আকাৰৰ লেবেল লগোৱা থাকে আৰু সেইবোৰ আটাইতকৈ কম বিষাক্ত বুলি ঠাৱৰ কৰিব পাৰি । কেতিয়াবা ৰাসায়নিক কীটনাশক দ্ৰব্য ঔষধ প্ৰয়োগ কৰিব লগা হ’লে তেনেধৰণৰ কম বিষাক্ত দ্ৰব্যহে প্ৰয়োগ কৰা ভাল । ঔষধ ছটিওৱাৰ পিছত কমেও ১০ দিনলৈ সেই পথাৰৰ পৰা খাবলৈ বা বিক্ৰী কৰিবলৈ কেতিয়াও শাক-পাচলি সংগ্ৰহ কৰিব নালাগে ।

৩) সকলোবোৰ ৰাসায়নিক দৰৱ-পাতি একোটা নিৰ্দিষ্ট পৰিমাণত, সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে প্ৰয়োগ কৰিব লাগে । শস্যৰ পোক-পতংগ বা বেমাৰ-আজাৰবোৰ সোনকালে নিয়ন্ত্ৰণ হওক বুলি ভাবি অধিক মাত্ৰাত যধে মধে কোনো ঔষধ পাতি শস্যৰ পথাৰত প্ৰয়োগ কৰিব নেলাগে । প্ৰয়োজনকৈ অধিক মাত্ৰাত আৰু যিকোনো সময়তে পথাৰত দৰৱ পাতি প্ৰয়োগ কৰাৰ ফলত মাটি, পানী আৰু বায়ু প্ৰদূষিত হৈছে । জীৱ-জন্তু, পশু-পক্ষী আদি সু-স্বাস্থ্যৰে জীয়াই থাকিবলৈ হ’লে আমিও এটা সুস্থ পৰিৱেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব । শস্যৰ বীজ পথাৰত সিঁচাৰ আগতে নিৰ্ধাৰিত বীজাণুনাশকৰ দ্বাৰা বীজবোৰ শোধন কৰি ল’লে ভৱিষ্যতে ভালেমান বেমাৰৰ পৰা শস্যখিনি ৰক্ষা কৰিব পৰা যায় । আজিকালি বজাৰতো জৈৱিকভাৱে প্ৰস্তুত কৰা বহুতো কীট-নাশক আৰু বীজাণুনাশক ঔষধপাতি কিনিবলৈ পোৱা যায় । তেনে দৰৱ-পাতি প্ৰয়োগ কৰিবলৈয়ো সহজ আৰু খৰচো বেছি নহয় ।

৪) কীটনাশক দ্ৰব্য ভৰাই থোৱা পাত্ৰবোৰো সদায় আছুতীয়াকৈ আৰু নিৰাপদ স্থানত সংৰক্ষণ কৰিব লাগে । ঔষধ শেষ হোৱাৰ পিছত খালী পাত্ৰবোৰ কোনো কাৰণতে ঘৰৰ ভিতৰত সংৰক্ষণ কৰিব নালাগে । তেনে পাত্ৰ পুখুৰীত অথবা জীৱ-জন্তুৱে পানী খোৱা উৎসত ধুব নেলাগে । বহুবাৰ ধোৱাৰ পিছতো দৰৱৰ বিষাক্ত গুণ পাত্ৰবোৰত নাইকীয়া নহয় । সেইবাবে তেনে পাত্ৰত কেতিয়াও খোৱা বস্তু ভৰাই ৰাখিব নেলাগে । ঔষধ প্ৰয়োগ কৰাৰ পিছত খালী পাত্ৰবোৰ নিৰাপদ স্থানত দকৈ গাঁত খান্দি পুতি পেলোৱাই শ্ৰেয় ।

৫) কেতিয়াবা ভুলবশত: কীটনাশক দ্ৰব্য খাই মানুহৰ মৃত্যু হোৱাৰ বাতৰি শুনিবলৈ পোৱা যায় । তাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোধৰণৰ ৰাসায়নিক ঔষধ-পাতি ভিতৰত ৰখা উচিত নহয় । ফুৰাদন নামৰ এবিধ ঔষধ দেখিবলৈ চাহপাতৰ দৰে । সেইবোৰ দৰব ঘৰৰ ভিতৰত ৰাখিলে বহুতে চাহপাত বুলি ভাবিব পাৰে আৰু তাৰে চাহ খাই মৃত্যু মুখত পৰে । ঠিক তেনেকৈয়ে বনৰীয়া কাঠফুলা ভক্ষণ কৰিও মানুহৰ মৃত্যু হোৱাৰ বাতৰি প্ৰায়েই পোৱা যায় । তাৰ পৰা হাত সাৰিবলৈ খাদ্যৰ উপযোগী কাঠফুলাবোৰ চিনি পাব লাগিব । অন্যথা নিজৰ ঘৰৰ ভিতৰতে কাঠফুলাৰ খেতি কৰি নিজে খোৱাৰ উপৰি অতিৰিক্তখিনি বিক্ৰী কৰি দুপইচা উপাৰ্জনো কৰিব পৰা যায় ।

লেখক :- ড° কুমুদ চুতীয়া

উৎস :- দৈনিক জনমভূমি

 

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top