মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জীৱন যৌৱনৰ সজীৱীকৰণৰ ৰহস্য ৰসায়ন চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱন যৌৱনৰ সজীৱীকৰণৰ ৰহস্য ৰসায়ন চিকিৎসা

জীৱন যৌৱনৰ সজীৱীকৰণৰ ৰহস্য ৰসায়ন চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

আমি সকলোৱে এটা নিৰোগী দেহেৰে সদায় এজন চফল ডেকা বা গাভৰুৰ দৰে জীৱন নিৰ্বাহ কৰিব বিচাৰো। একেদৰে ৰূপ লাৱণ্য অটুট ৰাখি চিৰ তৰুণ হৈ থকাৰ বাসনাও মনত পুহি ৰাখো। কিন্তু বয়সৰ লগে লগে আমাৰ দেহৰ কোষ আৰু কলা সমূহৰ স্বাভাৱিক গঠন আৰু কাৰ্যৰ পৰিবৰ্তন আহে আৰু লাহে লাহে দেহৰ কার্যক্ষমতা হ্ৰাস পাব ধৰে।

এনে সময়ত শৰীৰ, আত্মা আৰু মনৰ সন্তুলন ৰাখি নিৰোগী জীৱন যাপন কৰিবলৈ শৰীৰটোক নতুন উৰ্জাৰে পৰিপূৰ্ণ কৰাৰ প্ৰয়োজন হয়। সুস্থ শৰীৰটোক ৰোগৰ পৰা ৰক্ষা কৰি ৰখা আৰু ৰোগ হলে তাক নিৰাময় কৰা; এই দুটাই হল আয়ুৰ্বেদৰ মূল উদ্দেশ্য বা লক্ষ্য।

এটা নিৰোগী, সুস্থ দীৰ্ঘজীৱন পাবলৈ আয়ুৰ্বেদত ৰসায়ন চিকিৎসাৰ উল্লেখ কৰা হৈছে। বয়সৰ লগে লগে হোৱা শাৰীৰিক বাৰ্ধক্যজনিত পৰিবৰ্তন সমূহক বাধা দি শৰীৰৰ সৰ্বোত্তম উপাদান "ওজ"ক পুষ্টি প্ৰদান কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা; এয়াই প্ৰধানকৈ ৰসায়ন চিকিৎসাৰ মূল উদ্দেশ্য।

ৰসায়নৰ দ্বাৰা শৰীৰৰ প্ৰতিটো ধাতুৰ শ্ৰেষ্ঠতম পুষ্টি সাধন হয় আৰু ইয়ে সুস্বাস্থ্য তথা দীৰ্ঘজীৱন প্ৰাপ্তিত সহায় কৰে। কিছুমান নিৰ্দিষ্ট অহাৰ, বিহাৰ আৰু ঔষধি দ্ৰৱ্যৰ সহায়ত আমি ৰসায়নৰ সুফল সমূহ পাব পাৰোঁ।

সেইবুলি ৰসায়ন চিকিৎসাৰ দ্বাৰা অমৰত্ব প্ৰাপ্তি হব বুলি ভৱাটোও সমীচীন নহয়। ৰোগ আৰু বাৰ্ধক্যক বশ কৰি শেষমুহূৰ্তলৈকে নিজৰ দৈনন্দিন কাম সমূহ সুচাৰু ৰূপে চলাই যাব পৰাটোৱেই হল ৰসায়ন চিকিৎসাৰ সফলতা।

ৰসায়ন চিকিৎসাৰ প্ৰকাৰ -

উদ্দেশ্য, প্ৰয়োগ বিধি, ব্যৱহৃত উপাদান আদি বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি ৰসায়ন চিকিৎসাক কেইবাটাও প্ৰকাৰত ভাগ কৰা হৈছে। মূলতঃ এনে প্ৰকাৰবোৰ হল-

কাম্য ৰসায়ন:

শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য প্ৰাপ্তিৰ লগতে কোনো বিশেষ উদ্দেশ্য সিদ্ধিৰ বাবে এনে চিকিৎসা প্ৰয়োগ কৰা হয়।

উদাহৰণ স্বৰূপে-

  • প্ৰাণকাম্য ৰসায়ন(সৰ্বোত্তম প্ৰাণ বা জীৱন শক্তি লাভ কৰিবলৈ),
  • মেধা কাম্য ৰসায়ন(বুদ্ধি আৰু মেধা শক্তি বৃদ্ধি কৰিবলৈ),
  • শ্ৰী কাম্য ৰসায়ন(শৰীৰৰ ৰূপ বৰ্ণ বৃদ্ধি কৰিবলৈ) ইত্যাদি।

নৈমিত্তিক ৰসায়ন:

শৰীৰত ৰোগ সৃষ্টি কৰা কোনো এটা নিৰ্দিষ্ট কাৰকক প্ৰতিহত কৰিবলৈ বা সুস্থিৰ কৰিবলৈ এনে চিকিৎসা প্ৰয়োগ কৰা হয়।

কুটি প্ৰৱেশিক ৰসায়ন:

এনে পদ্ধতিত এক বিশেষ ধৰণৰ কোঠাৰ ভিতৰত কিছুমান নিৰ্দিষ্ট পদ্ধতিগত অনুশাসন আৰু নীতি নিয়মৰ(আহাৰ, বিহাৰ আদি) মাজেৰে দীঘলীয়া সময়ৰ বাবে(কমেও 30 দিন)ঔষধ প্ৰয়োগ কৰা হয়।

সাধাৰণতে এনে ধৰণৰ চিকিৎসা গ্ৰহণ কৰিবলৈ এজন মানুহ মানসিক ভাৱে ভালদৰে প্ৰস্তুত হোৱা দৰকাৰ যিহেতু এক দীঘলীয়া সময়ৰ বাবে চিকিৎসকীয় নিয়ম নীতিৰ মাজত আৰু বাহিৰৰ জগতৰ সৈতে নূন্যতম যোগাযোগৰে থাকিব লগা হয়।

বাতাতাপিক ৰসায়ন:

এই পদ্ধতিত কোনো বিশেষ নীতি নিয়ম অনুসৰণ নকৰাকৈ স্বাভাৱিক দৈনন্দিন কাম কাজৰ মাজতে প্ৰয়োজনীয় ৰসায়ন ঔষধ সেৱন কৰাব পাৰি।

তাৰোপৰি কুটি প্ৰৱেশিক ৰসায়নৰ দৰে ইয়াত পঞ্চকৰ্মৰ প্ৰয়োজন নাই। সেয়েহে চিকিৎসকৰ পৰামৰ্শ মতে সকলোৱে এনে ৰসায়ন সেৱন কৰিব পাৰে।

আনহাতে প্ৰয়োগ কৰা দ্ৰৱ্য অনুসৰি ৰসায়ন চিকিৎসাক ঔষধ ৰসায়ন(প্ৰস্তুত কৰা ঔষধ আৰু ঔষধি উদ্ভিদৰ ওপৰত ভিত্তি কৰি), আহাৰ ৰসায়ন(আহাৰ আৰু পুষ্টিবৰ্ধক দ্ৰৱ্যৰ ওপৰত ভিত্তি কৰি), আচাৰ ৰসায়ন(জীৱনশৈলী আৰু আচাৰ ব্যৱহাৰ আদিৰ ওপৰত ভিত্তি কৰি) আদি হিচাপেও ভাগ কৰা হৈছে।

গুৰুত্বপূৰ্ণ কথা এয়ে যে ৰসায়ন চিকিৎসাৰ পূৰ্ণ লাভ পাবলৈ চিকিৎসাৰ পূৰ্বে শোধন কৰ্ম(স্নেহন, স্বেদন, পঞ্চকৰ্ম আদি) কৰাটো অতি জৰুৰী।

ইয়াৰ ফলত শৰীৰ আৰু মনৰ অশুদ্ধি আঁতৰি ৰসায়ন চিকিৎসাত ব্যৱহৃত সকলো উপাদান গ্ৰহণ কৰিবলৈ শৰীৰটো সম্পূৰ্ণ ৰূপে প্ৰস্তুত হয়।

কিন্তু যদিহে মানুহ এজনে এনে শোধন কৰ্মৰ বাবে প্ৰস্তুত নহয় বা অপাৰগ হয়, তেন্তে শোধন কৰ্ম নকৰাকৈও ৰসায়ন চিকিৎসা গ্ৰহণ কৰিব পাৰে।

ৰসায়ন চিকিৎসাৰ লাভালাভ -

  • বুদ্ধি, মেধা শক্তি, স্মৃতি শক্তি, ইচ্ছা শক্তি, শাৰীৰিক বল, দেহৰ কান্তি, কণ্ঠৰ মধুৰতা আদি বৰ্ধন কৰাত ৰসায়ন চিকিৎসাই সহায় কৰে।
  • য়াৰ ফলত ৰক্ত, মাংস, মেদ, অস্থি আদি শাৰীৰিক ধাতু সমূহৰ পুষ্টি সাধন হয়। ফলত বয়সৰ বাবে হোৱা ক্ষয়জনিত পৰিবৰ্তন বোৰ হ্ৰাস পায় আৰু বাৰ্ধক্যজনিত বিভিন্ন ৰোগ, হাড় তথা গাঁঠিৰ বিষ আদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
  • ইয়াৰ প্ৰয়োগৰ ফলত ইন্দ্ৰিয় সমূহে সৰ্বোত্তম শক্তি লাভ কৰে।
  • ৰসায়ন চিকিৎসা প্ৰয়োগৰ ফলত শৰীৰৰ সূক্ষ্মতম কোষবিলাকৈও প্ৰাণ সঞ্চাৰ হয় আৰু দেহত চলি থকা সকলো ক্ৰিয়া অবিকৃত ভাৱে সুচাৰুৰূপে পৰিচালিত হৈ থাকে।
  • ইয়াৰ ফলত শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যঙ্গ তথা কোষৰপুষ্টি সাধন হয় বাবে সকলো সংস্থান(যেনে স্নায়ুতন্ত্ৰ, হৃৎপিণ্ড সম্বন্ধীয়, শ্বাস প্ৰশ্বাস সম্বন্ধীয় ইত্যাদি) সুস্থ সবল ভাৱে চলি থাকে।

সাধাৰণ ভাষাত আজিকালি সততে আলোচিত হোৱা -

  • এন্টি এজিং(antiaging action),
  • এন্টি অক্সিডেন্ট,
  • ইমিউন মোদলেটৰী(immune modulatory),
  • নিউৰোপ্ৰটেক্তিভ(neuroprotective action),
  • নিউত্রিটিভ(nutritive function) আদি ক্ৰিয়া সমূহৰ সুফল এই ৰসায়ন চিকিৎসাৰ পৰা পাব পাৰি।
  • এতিয়া সকলোৰে মনলৈ আহিব পৰা প্ৰশ্নটো হল আমি কেনেকৈ ৰসায়ন চিকিৎসাৰ সুফল লব পাৰিম বা ইয়াৰ বাবে কি কৰা উচিত?

ইয়াৰ বাবে আমি কেইটামান কথাত মনোযোগ দিব লাগিব।

সেইবোৰ হল -

আমি আহাৰ আৰু বিহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত। সদায় উপলব্ধ খাদ্য সমূহৰ মাজৰ পৰা শৰীৰৰ বাবে প্ৰয়োজনীয়বোৰকহে সঠিক পৰিমাণত গ্ৰহণ কৰা দৰকাৰ। কেৱল মাত্ৰ সোৱাদ আৰু লোভৰ বশৱৰ্তী হোৱা অনুচিত। লগতে নিয়মীয়া ভাবে কিছু হলেও ব্যায়াম, যোগাসন আৰু ধ্যান কৰা উচিত।

সমান্তৰাল ভাবে ৰসায়ন গুণ থকা কিছুমান দ্ৰৱ্য নিয়মিত ভাৱে সেৱন কৰা উচিত।

  • আমলখি,
  • শিলিখা,
  • ব্ৰাহ্মী শাক,
  • অশ্বগন্ধা,
  • মানিমুনি শাক,
  • গাখীৰ,
  • ঘী আদি এনে দ্ৰৱ্যৰ উদাহৰণ।

ৰসায়ন দ্ৰৱ্য হিচাপে আয়ুৰ্বেদত বিভিন্ন উপাদান লগ কৰি বহুতো ঔষধি দ্ৰৱ্য প্ৰয়োগ কৰা হয়।

  • আমলখি ৰসায়ন,
  • হৰিতকী ৰসায়ন,
  • পিপ্পলী ৰসায়ন,
  • ব্ৰাহ্ম ৰসায়ন,
  • শিলাজতু ৰসায়ন,
  • চ্যাৱনপ্ৰাশ আদি এনে কিছুমান উদাহৰণ।

এনেকুৱা দ্ৰৱ্য সমূহৰ কিছুমান কেৱল ঔষধীয় গছ গছনিৰ পৰা প্ৰস্তুত কৰাৰ বিপৰীতে কিছুমানত ৰস ঔষধি(পাৰদ আদি), খনিজ উপাদান আদিও প্ৰয়োগ কৰা হয়। সেয়েহে এনেবোৰ দ্ৰৱ্য চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহণ কৰা উচিত। তাৰোপৰি ৰসায়ন ঔষধ প্ৰয়োগ কৰোতে মানুহজনৰ বয়স, শৰীৰৰ ধাতু {ৰক্ত, মাংস(muscle) আদি}, ঔষধে ক্ৰিয়া কৰিবলগীয়া নিৰ্দিষ্ট অংশ বা সংস্থান( যেনে-স্নায়ুতন্ত্ৰ, শ্বাস প্ৰশ্বাস সম্বন্ধীয় অংশ আদি) ইত্যাদি বিষয় সমূহো চালিজাৰী চোৱা হয় আৰু সেই অনুসৰি প্ৰয়োজনীয় ঔষধ সেৱন কৰিব দিয়া হয়।

শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে লব পৰা এনে ৰসায়ন চিকিৎসাৰ দ্বাৰা নিজকে উদ্যমী আৰু তৰুণ কৰি ৰাখিবলৈ কেৱল সামান্য মনোযোগ, মনোবল আৰু চেষ্টাৰ প্ৰয়োজন।

লেখক: ডাঃ মৃণাল বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 9613747425

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top