অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱনৰ সুধা তুলসী গছ

জীৱনৰ সুধা তুলসী গছ

পৰিচয়

অনাদিকালৰ পৰা ভাৰতীয় সভ্যতাত তুলসী গছক পৰম্পৰাগতভাৱে পৱিত্ৰ আৰু অপৰিহাৰ্য বুলি গণ্য কৰি অহা হৈছে| পুৰাণত উল্লেখ কৰা মতে, সমুদ্ৰমন্থনৰ সময়ত দেৱলোকৰ চিকিৎসক ধন্বন্তৰীয়ে এহাতে অমৃতৰ পাত্ৰ লৈ সাগৰৰ পৰা আৱিৰ্ভাৱ হোৱাৰ সময়ত আনন্দতে তেওঁৰ চকুৰ পৰা চকুপানী ওলায়|এই আনন্দাশ্ৰুৰ প্ৰথমটো টোপাল হাতত থকা অমৃতত পৰে আৰু তাৰ পৰাই তুলসী গছৰ জন্ম হয় বুলি প্ৰবাদ আছে|আমি অসমীয়াসকলেও পৰম্পৰাগতভাৱে বিশ্বাস কৰি আহিছোঁ যে ঘৰৰ মংগল আৰু শ্ৰীবৃদ্ধিৰ বাবে চোতালত তুলসী গছ থাকিবই লাগে আৰু সেয়ে প্ৰতি বছৰে কাতি বিহুৰ দিনাখন চোতালত তুলসী গছ ৰুই আহিছোঁহক| প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত তুলসীক ‘জীৱনৰ সুধা’ আখ্যাৰে মানুহৰ জীৱনায়ুস বৃদ্ধি কৰে বুলি কোৱা হৈছে| অমৃতৰ পৰা তুলসীৰ জন্ম হোৱা প্ৰবাদৰ দ্বাৰাও তুলসীৰ মৃত্যুক দূৰ কৰিব পৰা অৰ্থাৎ দীৰ্ঘজীৱনদায়িনী ক্ষমতাৰ কথাকে নিশ্চয় প্ৰতীকী ৰুপত বুজোৱা হৈছে| ‘চৰক সংহিতা’ত তুলসী গছৰ উল্লেখ আছে|

বিৱৰণ আৰু উপকাৰিতা

তুলসী গছৰ বৈজ্ঞানিক নাম ‘Ocimum tenuiflorum’| ভাৰতীয় উপমহাদেশৰ থলুৱা এইবিধ উদ্ভিদ দক্ষিণ-পূৱ এছিয়াৰ সমগ্ৰ ট্ৰ’পিক অঞ্চলতে উপলব্ধ| দুই ফুটলৈ ওখ হোৱা ই লেমিয়াচী পৰিয়াল এক গোন্ধযুক্ত উদ্ভিদ| তুলসীত থকা কিছুমান ৰাসায়নিক উপাদান এনেধৰণৰ- অলিয়েন’লিক এচিড, আৰ্ছ’লিক এচিড, ৰোজমেৰিনিক এচিড, ইউজিনল, কাৰ্ভাক্ৰল, লিনালল, বিটা এলিমেন, জাৰ্মক্ৰিন আদি| এই ৰাসায়নিক উপাদানসমুহে মানুহৰ শৰীৰ তন্ত্ৰৰ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে আৰু এইসমূহৰ বেছিভাগ প্ৰভাৱেই আমাৰ বাবে উপকাৰী থল সাব্যস্ত হৈছে| অলিয়েন’লিক অম্ল ই যকৃতক সুৰক্ষা দিয়াৰ উপৰি টিউমাৰ প্ৰতিৰোধী আৰু ভাইৰাছ প্ৰতিৰোধীগুণ থকাৰ কথা, বিশেষকৈ মাৰাত্মক এইচ আই ভি আৰু হেপাটাইটিছ চি ভাইৰাছ প্ৰতিৰোধী গুণ কিছু পৰিমাণে থকাৰ কথা পোহৰলৈ আহিছে| অৱশ্যে নিগনিৰ ক্ষেত্ৰত কৰা গৱেষণাত এইবিধ ৰাসায়নিকে মতা নিগনিৰ শুক্ৰাণু নিষ্ক্ৰিয় কৰাৰ কথা প্ৰমাণিত হৈছে| প্ৰাৰম্ভিক গৱেষণাৰ তথ্য মতে, আৰ্ছলিক অম্লৰ কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতা আছে| শৰীৰৰ মাংসপেশী আৰু মুগা চৰ্বিৰ পৰিমাণ বঢ়াই বগা চৰ্বি কমোৱাৰ ফলত ইয়াৰদ্বাৰা মেদবহুলতা ৰোধ কৰিব পৰাৰ সম্ভাৱনা আছে| তেজৰ অকামিলা বিকাৰগ্ৰস্ত ৰঙা ৰক্ত কণিকা সমুহ নিষ্কাষণতো ই সহায়ক বুলি কোৱা হৈছে| অৱশ্যে এইবিধ ৰাসায়নিক দ্ৰব্যৰ মানুহৰ শৰীৰৰ ওপৰত এতিয়াও পৰীক্ষা কৰা হোৱা নাই|

তুলসীত থকা আন এবিধ ৰাসায়নিক দ্ৰব্য হ’ল ৰোজমেৰিনিক অম্ল| ইয়াৰ প্ৰতিজাৰক আৰু উদ্বিগ্নতাশক গুণ প্ৰমাণিত হৈছে| শৰীৰৰ বিভিন্ন বিক্ৰিয়াত জাৰন ক্ষমতা সম্পন্ন মুক্ত ৰেডিকেল কিছুমানৰ উৎপত্তি হয়|মুক্ত ৰেডিকেলে শৰীৰ গঠনকাৰী কোষসমুহৰ ক্ষতিসাধন কৰে| ৰোজমেৰিনিক অম্লৰ প্ৰতিজাৰক গুণৰ ফলত এই মুক্ত ৰেডিকেল সমুহ নিষ্ক্ৰিয় হয় আৰু কোষবোৰ সম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা পৰে, তেনেদৰে কোষৰ আয়ুস বৃদ্ধি হয়| আয়ুৰ্বেদত উল্লেখিত তুলসীৰ মানুহৰ জীৱনায়ুস বৰ্দ্ধন কৰা গুণৰ বিজ্ঞানসন্মত বাখ্যা আদি এনেদৰে পাওঁ| নিগনিৰ ওপৰত হোৱা পৰীক্ষাত এইবিধ ৰাসায়নিকৰ জাপানী এনকেফেলাইটিছ প্ৰতিৰোধ ক্ষমতাৰো উমান পোৱা গৈছে| ইউজিন’ল আন এবিধ ৰাসায়নিক যাৰ এণ্টিছেপ্তিক গুণ আছে| সুগন্ধী দ্ৰব্য প্ৰস্তুততো ইয়াক ব্যৱহাৰ কৰা হয়| জিংক ধাতুৰ সৈতে ইউজিন’ল লগ লগাই প্ৰস্তুত কৰা জিংক অক্সাইড ইউজিন’ল দন্ত চিকিৎসাত ব্যৱহাৰ হৈ আহিছে| এই ৰাসায়নিক বিধৰ অৱশ্যে মানৱ স্বাস্থ্যত বিৰুপ ক্ৰিয়াও নথকা নহয়| ই যকৃতৰ ক্ষতি কৰাৰ লগতে অধিক মাত্ৰাত সেৱন কৰিলে মূৰ্চা যোৱা, পনীয় শৌচ, বমিভাৱ, বুকুৰ ঢিপঢিপনি আদি বিৰুপ ক্ৰিয়াৰ মুখামুখি হ’ব লাগিব পাৰে| তুলসীত থকা অইন এবিধ ৰাসায়নিক কাৰ্ভাক্ৰেলে কিছুমান অনিষ্টকাৰী বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ বা নিয়ন্ত্ৰণ কৰি কিছুমান ৰোগৰ পৰা আমাক সুৰক্ষা দিব পাৰে| কাৰ্বাক্ৰ’ল এ নিয়ন্ত্ৰণ কৰিব পৰা এনে এবিধ বেক্টেৰিয়া হ’ল ‘ই ক’লাই’| যিয়ে নেকি গেষ্ট্ৰ’এণ্টেৰাইটিছ, প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ, নৱজাতকৰ মেনিনজাইটিছৰ দৰে মাৰাত্মক ৰোগ কৰিব পাৰে| এইবিধ ৰাসায়নিকে প্ৰতিৰোধ কৰিব পৰা অইন এবিধ বেক্টেৰিয়া হ’ল বেচিলাছ ছিৰিয়াছ, যিয়ে নেকি মানুহৰ খাদ্যৰ বিষক্ৰিয়া ঘটাব পাৰে| ইয়াৰ সুস্বাদু গুণো আছে| পিছত ব্যৱহাৰৰ বাবে সঞ্চয় কৰা বিভিন্ন খাদ্যবস্তুত সেয়ে কাৰ্ভাক্ৰ’ল যোগ দিয়া হয়| কাৰ্ভাক্ৰ’লে নিয়ন্ত্ৰণ কৰিব পৰা অন্যতম বেক্টেৰিয়া ছিউড’ম’নাছ অৰুজিনোছা| এই শ্ৰেণীৰ বেক্টেৰিয়াই বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা ব্যক্তিৰ ক্ষেত্ৰত শ্বাসতন্ত্ৰৰ সংক্ৰমণ, প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ, পোৰা আঘাত বা অন্য আঘাতৰ সংক্ৰমণ কৰাব পাৰে|ভাৰতীয় বিজ্ঞানী সুপ্ৰিয় ৱাডেকাৰৰ গৱেষণাৰ তথ্য মতে, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ বিনাশত কাৰ্ভাক্ৰ’লে সক্ৰিয় ভুমিকা গ্ৰহণ কৰিব পাৰে| ইয়াৰ পীড়ানাশক গুণৰ কথাও উল্লেখিত হৈছে| তুলসীত থকা অইন এবিধ ৰাসায়নিক দ্ৰব্য লিনালোঅ’ল এ ভিটামিন ই সংশ্লেষণত সহায় কৰে আৰু পত্ংগ দুৰ কাৰী গুণযুক্ত| ইয়াৰ সুগন্ধি গুণৰ বাবে চাবোন, ছেম্পু আদি প্ৰস্তুততো ইয়াক ব্যৱহাৰ কৰা হয়| Beta-Caryophyllene প্ৰদাহ নাশক, উদ্বিগ্নতা নাশক, হতাশাগ্ৰস্থতা দূৰীকাৰক হোৱাৰ লগতে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি দূৰীকৰণতো সহায় কৰে| অইন এবিধ ৰাসায়নিক Beta-Elemene এ কৰ্কট ৰোগৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতাৰ অধিকাৰী বুলি চীন দেশত কৰা এক গৱেষণাত প্ৰকাশ পাইছে| জাৰ্মাক্ৰিনৰো কিছু পৰিমাণে বীজাণুনাশক আৰু পতংগদূৰীকাৰক গুণ থকা বুলি চৰ্চা হৈছে|

তুলসীত উপলব্ধ ৰাসায়নিক যৌগসমুহৰ বিভিন্ন ক্ৰিয়াসমুহৰ ভিতৰত যকৃতৰ সুৰক্ষা, কৰ্কট প্ৰতিৰোধ, ভাইৰাছ প্ৰতিৰোধ, মেদবহুলতা হ্ৰাস, ৰক্ত নিষ্কাসন, প্ৰতিজাৰণ, প্ৰতিজৈৱিক, খাদ্যপ্ৰাণ সংশ্লেষণ, প্ৰদাহ নাশ, উদ্বিগ্নতা আৰু হতাশাগ্ৰস্থতা নাশ, মাদক দ্ৰব্যৰ আসক্তি দূৰীকৰণ বা পতংগ দূৰীকৰণ আদি ক্ষেত্ৰত থকা প্ৰভাৱী গুণে মানুহৰ জীৱনায়ুসত যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰে আৰু নিজা নিজা ধৰণে মানুহৰ আয়ুস বৃদ্ধিত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৰিহণা যোগায়| আধুনিক পৰীক্ষা-নিৰীক্ষাই প্ৰমাণ কৰা তথা অনাদি কালৰে পৰা মানৱ জাতিয়ে প্ৰত্যক্ষ কৰি অহা তুলসীৰ এনেবোৰ গুণৰ বাবে পৰম্পৰাগত ভাৱে তুলসী গছক আধ্যাত্মিক ধাৰণা এটা সংযোগ কৰাই সৰ্বসাধাৰণে যাতে সদায় ওচৰতে পোৱাকৈ সংৰক্ষণ কৰে, তাৰেই সামাজিক ব্যৱস্থা এটা হয়তো কৰা হৈছিল| ভাৰতৰ লক্ষ্ণৌস্থিত ‘কেন্দ্ৰীয় ঔষধি আৰু গোন্ধযুক্ত উদ্ভিদ অনুষ্ঠান’ আৰু বাংগালুৰুস্থিত ‘জাতীয় জৈৱ বিজ্ঞান কেন্দ্ৰ’ ত তুলসী গছ বিষয়ত অধ্যয়ন আৰু গৱেষণা হৈছে| অনস্বীকাৰ্য যে কিছুমান কথা বৈজ্ঞানিকভাৱে সন্দেহাতীত ৰুপত প্ৰতিষ্ঠা হোৱাৰ বাবে এইক্ষেত্ৰত আৰু অধিক গৱেষণাৰ থল আছে|

লেখক:- ডা: ৰমেন কুমাৰ কাকতি

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate