মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জুই-ধোঁৱা-ছাইৰে সম্পৃক্ত জীৱনবোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জুই-ধোঁৱা-ছাইৰে সম্পৃক্ত জীৱনবোৰ :

জুই-ধোঁৱা-ছাইৰে সম্পৃক্ত জীৱনবোৰৰ বিষয়ে লিখা হৈছে ।

 

শুকান গোবৰ, টায়াৰ, জাবৰ-জোঁথৰ, মৰা-ঠাৰি আদিৰ জৰিয়তে যিসকল মহিলাই ৰন্ধা-বঢ়া কৰে, সেইসকল মহিলাই নিজৰ অজানিতে নানাধৰণৰ অসুখত ভুগি থাকিবলগীয়া হয়। এই প্ৰজ্বলকসমূহ ধোঁৱা, প্ৰদূষণৰ অনন্য উৎস। ভাৰতবৰ্ষ এনে এখন দেশ য’ত প্ৰদূষণৰ বিভিন্ন উৎস থাকে। ফলত দেশখনৰ লক্ষ লক্ষ লোক নানাধৰণৰ ৰোগৰ সন্মুখীন হ’বলগীয়া হয়। বায়ু প্ৰদূষণ, জল প্ৰদূষণ, নলা-নৰ্দমাৰ প্ৰদূষণ, গেলা-পঁচা জাবৰৰ প্ৰয়োজনৰ লগতে আজিৰ সময়ত ধোঁৱা প্ৰদূষনো অত্যন্ত ক্ষতিকাৰক। সন্তানসম্ভৱা নাৰী আৰু কোলাৰ কেঁচুৱাটিৰ বাবে ধোঁৱা প্ৰদূষণ অতি বিপজ্জনক। ধোঁৱা প্ৰদূষনে মানুহৰ শৰীৰত নীৰৱ ঘাতকৰ দৰে কাম কৰে। এই ক্ষেত্ৰত আমেৰিকাৰ Chest Physician আৰু Humanitarian বঁটাৰে সন্মানিত বিশিষ্ট বিশেষজ্ঞ –Dr. oldopade-এ কৈছে- ‘ধোঁৱা প্ৰদূষণ কেৱল ৰান্ধনীগৰাকীৰ বাবেই অপকাৰী নহয়, পাকঘৰৰ আশে-পাশে থকা লোকসকলকো এই প্ৰদূষণে আক্ৰমণ কৰিব পাৰে’। বিশেষজ্ঞসকলৰ মতে, আন দেশৰ তুলনাত ভাৰতবৰ্ষত ধোঁৱা প্ৰদূষণৰ পৰিমাণ অনেক গুণে বেছি। অধিক সময় জুই-ধোঁৱাৰ মাজত বহি কেঁচা খৰি ফুৱাই কাম কৰি থকা মহিলাগৰাকীৰ লগতে দুগ্ধপোষা শিশুও ধোঁৱা প্ৰদূষণত আক্ৰান্ত হয়। কোনো সময়ত কৰ্মৰত মাতৃগৰাকীয়ে গম নোপোৱাকৈয়ে শিশুটিয়ে কোলাত শুই থকা অৱস্থাতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। বিশেষকৈ অভাৱ-অনাটনত জুৰুলা হোৱা দুখীয়া শ্ৰেণীৰ মানুহখিনি প্ৰদূষনত অধিক বিপদগ্ৰস্ত হয়। বেছিভাগেই জুই-ধোঁৱা আৰু ছাইৰ মাজতে জীৱন পাৰ কৰি নানাধৰণৰ অসুখত পৰে। কিন্তু অভাৱ-অনাটনৰ বাবে বিপদৰ পৰা মুক্তি পোৱাৰো কোনো উপায় বিচাৰি নাপায়। এই ক্ষেত্ৰত চিকিৎসক বিজ্ঞানী অল’পেড-এ কৈছে- ৰান্ধনিঘৰৰ ধোঁৱাৰে আৱৰা, বতাহ চলাচল নকৰা আন্ধাৰ অঞ্চলবোৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। হঠাৎ হৃদযন্ত্ৰ বন্ধ হোৱা, উশাহ-নিশাহত কষ্ট পোৱা, বুকু হেঁচা মাৰি ধৰা, ‘ষ্ট্ৰ’কত আক্ৰান্ত হোৱা, হঠাৎ মূৰ ঘূৰাই পৰা আদি অনিয়মবোৰ অনবৰতে জুই-ধোঁৱাৰ মাজত কাম কৰি থকা যিকোনো লোকৰ বাবে কাম কৰি থকা চিৰাচৰিত ঘটনা। তদুপৰি কোলাৰ কেঁচুৱাটিও এই অনিয়মৰ বলি হ’বলগীয়া হয়। কিন্তু শিক্ষা-দীক্ষাৰ পোহৰ নপৰা একোখন ঠাইত এই বিষয়বোৰত গুৰুত্ব দিব লাগে বুলি ভবা নহয়। সেইবাবেই তেনে ঠাইত সজাগতা বৃদ্ধি আঁচনিৰ প্ৰয়োজন’। এই কথা সত্য যে অজ্ঞতাৰ বাবেই আমাৰ দেশত অনেক লোকে অকালতে মৃত্যুক সাবটি লৈছে। এনে অৱস্থা লক্ষ্য কৰিয়েই বিশেষজ্ঞসকলে কৈছে, ‘যিসকল পুৰুষ-মহিলাই ৰন্ধন গেছৰ অভাৱত কেৰাছিন, খৰি, শুকান গোবৰ, মৰা ঠাৰি আদিৰ সহায়ত জুইত ৰন্ধা-বঢ়াৰ কাম কৰে, সেইসকল লোকৰ কাৰণে চৰকাৰেই হওক বা কোনো অনুষ্ঠানৰ তৰফৰ পৰাই হওক এই বিষয়ে সজাগতা বৃদ্ধিৰ ব্যৱস্থা কৰা উচিত। লগতে ৰন্ধনৰ ব্যৱস্থা কোনো আন্ধাৰ কুঠৰীত নকৰি মুকলিত আৰু সহজতে বতাহ চলাচল কৰিব পৰা ঠাইত স্থাপন কৰাৰ ব্যৱস্থাও কৰোৱা উচিত। এই বিষয়ে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা ৰাখিলে ভাল’। পিছে বিশেষজ্ঞসকলৰ এই বহুমূলীয়া ভাষাই সেই মানুহবোৰৰ কৰ্ণকুহৰ স্পৰ্শ নকৰেগৈ। দেখা গৈছে- ধোঁৱা প্ৰদূষণৰ ফলত কেৱল আঙুলিৰ মূৰত লেখিব পৰা দুই-চাৰিটা ৰোগেই নহয়, বিভিন্ন ৰোগ হ’ব পাৰে। এজমা, নিউম’নিয়া, কৰ্মশক্তি হ্ৰাস, ছাল সংকোচন, দৃষ্টিশক্তি কমি যোৱা, খাদ্যৰ প্ৰতি অনীহা আদিহে ধৰি অনেক ৰোগৰ উৎস ধোঁৱা। কিন্তু একেবোৰ দিশৰ প্ৰতি অনীহা আদিকে ধৰি অনেক ৰোগৰ উৎস ধোঁৱা। কিন্তু এনেবোৰ দিশৰ প্ৰতি জনসাধাৰণ আৰু চৰকাৰ কোনোৱেই সজাগ নহয়। ফলত এশ্ৰেণী মানুহ আজিৰ দিনতো প্ৰদূষণৰ মাজত আবদ্ধ হৈ ৰৈছে। দেশখনৰ বিভিন্ন কাৰখানা, চিকিৎসালয়, ৰেস্তোৰাঁ আদিও প্ৰদূষণৰ একো একোটা উৎস, য’ত বিষাক্ত, ক্ষয়ংকৰী অসংখ্য বীজাণু দিনৌ উৎপাদন হৈ আছে। কিন্তু বীজাণুৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ নিৰ্মূলৰ বাবে কোনো উপায় খৰতকীয়াকৈ লোৱাৰ চেষ্টা চকুত নপৰে। ১৯৭০ৰ দশকত পৰিৱেশ বিজ্ঞানীসকলে বায়ুমণ্ডলত ‘CFC’ অৰ্থাৎ ‘ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন’ ধৰা পেলাইছিল। এইবিধ কাৰ্বন ৰাসায়নিক যৌগ। ই বায়ুমণ্ডলৰ অ’জন স্তৰটোৰ বিস্তাৰ ক্ষতিসাধন কৰে। অ’জন স্তৰে পৃথিৱীৰ ক্ষতি-খুন নোহোৱাকৈ বাধা দি ৰাখে। কিন্তু সেই স্তৰটোৱেই এতিয়া প্ৰদূষনৰ আক্ৰমণৰ বলি হৈছে, যিটো সমগ্ৰ জীৱজগতৰ বাবে ভয়ংকৰ ঘটনা। মানৱ জাতি সজাগ নহ’লে হয়তো অচিৰেই এই পৃথিৱী ৰূপান্তৰ হ’ব এটা আন্ধাৰ গোলকলৈ।

এই কথা সত্য যে আমি মানৱ জাতিয়েই নিজৰ স্বাৰ্থৰ বাবে অনেক প্ৰদূষণৰ জন্ম দিছো। কিন্তু প্ৰদূষণৰ কবলত পৰি অসুস্থ, বিকলাংগ হ’বলগীয়া হোৱাতকৈ প্ৰদূষণ ৰোধ কৰি এখন সুস্থ সমাজ গঢ়ৰ্তহে আমি সকলো যত্নপৰ হোৱা উচিত। যিসকল লোক উপায়হীন, যিসকলে শিশাৰ পোহৰ পোৱা নাই, তেনে লোকলৈ চৰকাৰৰ ফালৰ পৰা সহায় আৰু পৰামৰ্শ আগবঢ়ালে সমাজৰ বাতাৱৰণে বহুখিনি সুষম হোৱাৰ সম্ভাৱনা আছে। বিদ্যুতৰ সংযোগ আৰু খোৱাপানীৰ ব্যৱস্থা নথকা দুৰ্গম ঠাইবোৰত এশ্ৰেণী লোকে কেনে দুখময় জীৱন পাৰ কৰিছে সেয়া অবৰ্ণনীয়। তেনে ঠাইত আজি একৈশ শ শতিকাতো বহু নিঃস্ব লোকে পুখুৰীৰ ঘোলা পানী খাবলগীয়া হৈছে। ৰন্ধন গেছ, বিদ্যুৎ আদিৰ সুবিধা নথকা বাবে জুই-ধোঁৱা-ছাইৰ মাজত নিজকে অৰ্পণ কৰিছে।

তেল-গেছৰ খনি থকা এইখন ভাৰতবৰ্ষতে আজিও লক্ষ লক্ষ দৰিদ্ৰ লোকে আন্ধাৰত ডুবি থাকিবলগীয়া হৈছে। এনে সমস্যাৰ সমাধান কেতিয়াবা হ’বনে? আজিও এশ্ৰেণী লোকে আদিম বৰ্ষৰ লোকৰ দৰে স্বাস্থ্য ৰক্ষাৰ কোনো নিয়ম পালন নকৰাকৈ জুই, ধোঁৱা, ছাইৰ মাজত জীৱন পাত কৰিছে। ইয়াৰ অৱসান ঘটিবনে? এখন উন্নত ৰাজ্যৰ বাবে এই বিষয়বোৰ চিন্তনীয়।

লেখিকা: মঞ্জু দত্তবৰুৱা(অসম বাণী)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top