মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জুয়ে পোৰা আঘাতৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জুয়ে পোৰা আঘাতৰ চিকিৎসা

জুয়ে পোৰা আঘাতৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে

চিকিৎসা বিজ্ঞানত প্ৰতিদিনেই শেহতীয়া সংযোজন হৈ আছে। এই সংযোজন মানৱ সমাজলৈ শুভবাৰ্তা কঢ়িয়াই আনিছে। ফলত মানুহৰ আয়ুস বৃদ্ধি পাইছে। বিভিন্ন ৰোগত ৰোগীৰ মৃত্যুৰ হাৰ কমিছে। এই প্ৰভাৱ জুয়ে পোৰা ব্যৱস্থাটো হৈছে। সম্প্ৰতি জুয়ে পোৰা চিকিৎসা সাধাৰণ মানুহে বুজিব পৰা হৈছে, যাৰ পৰা বীজাণু সংক্ৰমণৰ পৰিমাণ কমি গৈছে। ৰোগীক বিভিন্ন উন্নত মানৰ ঔষধ প্ৰয়োগ কৰাৰ লগতে আহাৰ গ্ৰহণৰ ওপৰতো সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। তলত জুয়ে পোৰা চিকিৎসাৰ বিষয়ে আলোকপাত কৰা হৈছে-

পোৰা ছালৰ বিকল্প আৱিষ্কাৰ:

 

আমাৰ শৰীৰক সুৰক্ষা প্ৰদান কৰে আমাৰ ছালখনে। কিন্তু জুয়ে পুৰিলে এই সুৰক্ষা নোহোৱা হয়। ফলত ৰোগীৰ বিলাই-বিপত্তি হয়। সম্প্ৰতি চিকিৎসা ব্যৱস্থাত বিকল্প ছাল ব্যৱহাৰ কৰা পদ্ধতি উপলব্ধ হৈছে। পোৰা ছালৰ প্ৰকৃত আৰু স্থায়ী বিকল্প হ’ল ৰোগীৰ শৰীৰৰ সুস্থ অংশৰ পৰা ছাল কাটি আনি লগোৱা। শৰীৰৰ বেছিভাগ অংশই পুৰি যোৱা ৰোগীৰ ক্ষেত্ৰত এই চিকিৎসা সম্ভৱ নহয়। তেতিয়াই বিকল্প আৱৰণ ব্যৱহাৰ কৰা হয়। এই আৱৰণসমূহে জ্বলা ঘাত লাগি থাকি ১০-১৫ দিনত ৰোগীজনক সংকটপূৰ্ণ সময়ছোৱাত বীজাণু সংক্ৰমণ ৰোধ কৰি আৰু শৰীৰৰ পৰা পানীভাগ ওলাই যোৱাত বাধা প্ৰদান কৰি ৰোগীক সুস্থো কৰি তোলাত সহায় কৰে।

দ্ৰুত অস্ত্ৰোপচাৰ পদ্ধতি:

 

বেছিকৈ পোৰা অংশ কাটি তাত শৰীৰৰ আন অংশৰ ছাল আনি লগোৱাটো প্ৰায় চাৰি দশকমানৰ আগৰে পৰাই চলি আছে। কিন্তু এনে অস্ত্ৰোপচাৰ কৰিবলৈ ৰোগীক সংজ্ঞাহীন কৰিব লাগে। ঘা ডোখৰতো বীজাণুৰ সংক্ৰমণ হ’ব নালাগিব। কেতিয়াবা এইখিনি সময়তে বীজাণু সংক্ৰমণ হৈ ৰোগী মৃত্যুমুখত পৰে। বৰ্তমান সংজ্ঞাহীনৰ অত্যাধুনিক ব্যৱস্থাত পোৰা ঘাৰ মৃত কোষবোৰ আঁতৰাবলৈ সহজ হৈছে। অগ্নিদগ্ধ হোৱাৰ ৪৮ ঘন্টাৰ পৰা ৭২ ঘন্টাৰ ভিতৰতে কৰা এনে অস্ত্ৰোপচাৰৰ ফলত ৰোগীৰ ঘা বীজাণুৰ দ্বাৰা আক্ৰমিত হোৱাৰ সম্ভাৱনা কমি যায়। অন্যহতে ঘা ডোখৰ সোনকালে শুকাই যোৱাৰ ফলত ৰোগীয়ে চিকিৎসালয়ত কটাবলগীয়া সময়ো কমি যায়। অৱশ্যে এনে অস্ত্ৰোপচাৰৰ বাবে যথেষ্ট পৰিমাণৰ ৰক্তদানৰ প্ৰয়োজন হয়।

পুষ্টিকৰ আহাৰ:

 

জুয়ে পোৰা ৰোগীৰ শৰীৰত প্ৰ’টিনজাতীয় পদাৰ্থসমূহ বিনষ্ট হোৱাৰ বাবে মাংসপেশীবোৰ শুকাই যায় আৰু ৰোগী শক্তিহীন হৈ পৰে। এওঁলোকক যথেষ্ট প্ৰ’টিন আৰু শক্তিযুক্ত আহাৰৰ প্ৰয়োজন। আজিকালি বজাৰত এনেধৰণৰ আহাৰ উপলব্ধ হৈছে। এইবোৰৰ প্ৰয়োগ আৱশ্যকীয়। তদুপৰি শৰীৰৰ ভিতৰত প্ৰ’টিনজাতীয় পদাৰ্থ উৎপন্ন কৰিবলৈ হিউমেন গ্ৰ’থ হৰম’ন, অক্সানড্ৰোলন আদি বহুতো দৰব প্ৰয়োগ কৰিবলৈ লোৱা হৈছে।

দলগত চিকিৎসা পদ্ধতি:

 

জুয়ে পোৰা ৰোগীৰ চিকিৎসা কেৱল এজন চিকিৎসকৰ দ্বাৰা সম্ভৱ নহয়। ইয়াৰ বাবে বহু ৰোগী মৃত্যুমুখত পৰে। সেয়ে আধুনিক চিকিৎসা বিজ্ঞানত জুয়ে পোৰা ৰোগীক সুস্থ কৰি তোলাৰ বাবে ৰোগীৰ সকলোবোৰ দিশ চোৱা-চিতা কৰিবলৈ বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ আৱশ্যকতাৰ কথা স্বীকাৰ কৰিছে। সেয়েহে সকলো আধুনিক বাৰ্ন ইউনিটতে বাৰ্ন বিশেষজ্ঞ, ভেষজ বিশেষজ্ঞ, সংজ্ঞাহৰণ বিশেষজ্ঞ চিকিৎসক, নাৰ্ছ, মনোৰোগ বিশেষজ্ঞ, ফিজিঅ’ থেৰাপিষ্ট, চিকিৎসা-সমাজকৰ্মী আৰু অকুপেচনেল থেৰাপিষ্টৰ আৱশ্যক।

বিকল্প আৱৰণসমূহ তলত উল্লেখ কৰা হ’ল-

 

আলুৰ বাকলিৰ বেণ্ডেজ:

জ্বলা ঘাত বেণ্ডেজ কৰিবলৈ সাধাৰণতে ভেছলিন মলম লগাই বেণ্ডেজেৰে ঘা ঢাকি দিয়া হয়। পিছে এনে বেণ্ডেজ এৰোৱাৰ সময়ত ৰোগীয়ে বৰ কষ্ট পায়। ঘাত লাগি নধৰা, সহজলভ্য বেণ্ডেজৰ সন্ধান বহুদিনৰে পৰা কৰা হৈছিল। আশীৰ দশকত এনে এবিধ বেণ্ডেজৰ আৱিষ্কাৰ কৰে মুম্বাইৰ প্লাষ্টিক আৰু বাৰ্ন ছাৰ্জন ডাঃ মনোহৰ কেছৱানীয়ে। এয়ে হ’ল আলুৰ বাকলিৰ বেণ্ডেজ। সিজোৱা আলুৰ পৰা এৰুৱাই লোৱা বাকলি অকণো ফাঁক নথকাকৈ লিপিত খুৱাই লগাই দি এই বেণ্ডেজ তৈয়াৰ কৰা হয়। অটোক্লেভ কৰি বীজাণুমুক্ত এই বেণ্ডেজ পানীত তিয়াই লৈ ভিতৰফালে ছিলভাৰ ছালফাডায়াজিন মলম সানি পোনে পোনে জ্বলা ঘাত লগাই দিয়া হয়। এই বেণ্ডেজে ঘাৰ পৰা পানী ওলাই যাবলৈ নিদিয়ে বাবে ঘা ডোখৰ আৰ্দ্ৰ হৈ থাকে আৰু সেইবাবে এই বেণ্ডেজ ঘাত লাগি নধৰে। ফলত বেণ্ডেজ সলনি কৰাৰ সময়ত ৰোগীয়ে অকণো কষ্ট নাপায়। এই বেণ্ডেজ প্ৰতিদিনে সলনি কৰিব লাগে।

প্ৰতিদিনে সলনি কৰিব নলগা পোৰা ছালৰ বিকল্প হিচাপে অস্থায়ী বা স্থায়ী আৱৰণৰ সন্ধানো বহুদিনৰ পৰা কৰা হৈছিল। সৌভাগ্যক্ৰমে গৱেষণাৰ ফলস্বৰূপে আজিকালি এনেধৰণৰ বিভিন্ন আৱৰণ উন্নত দেশসমূহত সহজলভ্য হৈছে। এনেধৰণৰ কিছুমান আৱৰণৰ বিষয়ে তলত দিয়া হ’ল:

এমনিঅ’টিক মেমব্ৰেন:

শিশুৰ জন্মৰ পিছত ওলাই অহা ফুলকনৰ ওপৰত থকা পাতল আৱৰণখন উলিয়াই বীজাণুমুক্ত কৰি পোৰা ঘাত ঢাকি দিয়া হয়। এই ঢাকনি ঘাত ৬-৭ দিন লাগি থাকে আৰু ঘা শুকোৱাত সহায় কৰে।

অইন মানুহৰ ছাল:

অইন মানুহৰ(সাধাৰণতে আত্মীয় লোকৰ) পৰা কাটি অনা ছাল পোৰা ঘাত লগাই দিয়া হয়। পিছে এনে ছাল স্থায়ীভাৱে লাগি নধৰে। কিয়নো, এই ছাল ৰোগীৰ শৰীৰত বিদেশী হোৱা বাবে ই শৰীৰত প্ৰতিৰোধী কণা তৈয়াৰ কৰে আৰু সেইবাবে ৮-১০ দিনত ই বৰ্জিত হয়। পিছে লাগি থকা এইকেইদিনতে বীজাণু সংক্ৰমণ আৰু পানীভাগৰ নিৰ্গমণ বন্ধ কৰি ৰোগীৰ সংকটজনক সময়খিনি পাৰ কৰাই দিয়ে। শিশুৰ ক্ষেত্ৰত যেতিয়া নিজৰ শৰীৰত সুস্থ ছালৰ অভাৱ হয়, নিকট আত্মীয়, যেনে- মাক-দেউতাক বা ভাই ভনীয়েকৰ পৰা কাটি অনা ছাল ঘাত আৱৰণ হিচাপে ব্যৱহাৰ কৰি সুফল পোৱা গৈছে।

অন্য প্ৰাণীৰ ছাল:

অন্য ইতৰ প্ৰাণীৰ ছালো আজিকালি পোৰা ঘাত আৱৰণ হিচাপে ব্যৱহাৰ কৰা হয়। গৰু, গাহৰি, ভেকুলী আদিৰ ছাল কাটি আনি পোৰা ঘাৰ অস্থায়ী আৱৰণ হিচাপে ব্যৱহাৰ কৰি সুফল পোৱা যায়। এইবোৰ সহজলভ্য আৰু বিজ্ঞানাগাৰত এনে ছাল সংৰক্ষণ কৰি থৈ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি।

কৃত্ৰিম আৱৰণসমূহ:

ছালৰ লগত মিল থকা এই কেইবাবিধো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি আজিকালি বহুতো কৃত্ৰিম আৱৰণ তৈয়াৰ কৰা হৈছে। কিছুমান আৱৰণৰ দুই বা তিনি তৰপ হৈ থাকে। এটা তৰপত জৈৱিক আৱৰণ আৰু আনটো তৰপত বীজাণুনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। জৈৱিক তৰপটো ছালত থাকি যায় আৰু আনটো তৰপৰ পৰা ঘা ডোখৰত অনবৰতে বীজাণুনাশক দ্ৰব্য নিগৰিত হৈ বীজাণুৰ সংক্ৰমণ ৰোধ কৰে। এনে আৱৰণসমূহ পৰিষ্কাৰ ঘাত ব্যৱহাৰ কৰা হয়। পিছে এইবোৰ অতি ব্যয়বহুল আৰু আমাৰ দেশত এতিয়াও সহজলভ্য নহয়। বাইঅ’ব্ৰেন, এক্টিকোট, ছিলভাৰলন আদি হ’ল কিছুমান কৃত্ৰিম আৱৰণৰ নাম।

বিজ্ঞানাগাৰত তৈয়াৰী সম্প্ৰসাৰিত ছাল:

 

ছালৰ বেছিভাগ অংশই জ্বলি যোৱা ৰোগীৰ বাবে বিজ্ঞানাগাৰত তৈয়াৰী সম্প্ৰসাৰিত ছাল এক অবিস্মৰণীয় উপহাৰ। এনে ৰোগীৰ জ্বলা ঘা ঢাকিবলৈ নিজৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ সুস্থ ছাল নাথাকে। যি অলপ ঠাই নোপোৰাকৈ থাকে তাৰ পৰা এটা অতি সৰু ছালৰ টুকুৰা কাটি উলিয়াই বিজ্ঞানাগাৰাত এক উপযুক্ত মাধ্যমত কালচাৰ কৰা হয়। সেইটুকুৰা ছালত থকা কোষবোৰ লাহে লাহে ভাগ হৈ হৈ এক ডাঙৰ ছালৰ ৰূপ ধৰে। এখন চেঃ ১*১ মিঃ আকাৰৰ ছাল তিনি সপ্তাহৰ পিছত সম্প্ৰসাৰিত হৈ গোটেই গাটো ঢাকিব পৰা ছাল এখনলৈ ৰূপান্তৰিত হয়। সেই সম্প্ৰসাৰিত ছালখন তেতিয়া একোজন ৰোগীৰ ঘাৰ ওপৰত আৱৰণ হিচাপে ঢাকি দিয়া হয়। যিহেতু সম্প্ৰসাৰিত ছালখন একেজন মানুহৰ অংশ, ই কেতিয়াও বৰ্জিত নহয়। এই ছালৰ আৱিষ্কাৰ হোৱাৰ পৰা উন্নত দেশসমূহত শতকৰা ৯৫-১০০ ভাগ পোৰা ৰোগীকো বচাব পৰা হৈছেগৈ। অৱশ্যে আমাৰ দেশত সম্প্ৰসাৰিত ছালৰ ব্যৱহাৰ এতিয়াও হোৱা নাই।

সম্প্ৰসাৰিত ছালখন পিছে স্বাভাৱিক ছালৰ দৰে ডাঠ নহয়। ইয়াত কেৱল ছালৰ বাহিৰৰ তৰপত থকা কোষবোৰহে থাকে। ছালৰ ভিতৰৰ ডাৰ্মিচ, ঘৰ্মগ্ৰন্থি, নোমৰ গুৰি আদি এনে ছালত নাথাকে। সেয়ে এনে ছাল অতি পাতল হয়। পিছে এই অসুবিধা আঁতৰ কৰিবলৈ ছালৰ ভিতৰত তৰপৰ কালচাৰো এতিয়া বিজ্ঞানাগাৰত কৰিবলৈ লৈছে। দুয়োটা তৰপ জ্বলা ঘাত লগোৱাৰ পিছত ছালখন স্বাভাৱিক ছালৰ দৰে নিজম আৰু ডাঠ হয়।

ইনটিগ্ৰা:

এইবিধ নতুনকৈ আৱিষ্কৃত জৈৱিক আৰু কৃত্ৰিম আৱৰণ এতিয়া অতি বহুলভাৱে জুয়ে পোৰা ঘাত ব্যৱহাৰ হ’বলৈ ধৰিছে। দুতৰপীয়া এই আৱৰণৰ ভিতৰভাগত থকা জৈৱিক তৰপটোৱে পিছলৈ ডাৰ্মিচৰ কাম কৰে আৰু বাহিৰৰ কৃত্ৰিম তৰপটো অস্থায়ীভাৱে থাকে। পিছত ইয়াক আঁতৰাই সম্প্ৰসাৰিত ছাল ব্যৱহাৰ কৰিব পাৰি। এইবিধ নতুন আৱৰণৰ আৱিষ্কাৰ হোৱাৰ পিছৰ পৰা জুয়ে পোৰা ঘাৰ চিকিৎসাৰ প্ৰভূত উন্নতি সাধন হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে এইবিধ আৱৰণ এতিয়াও আমাৰ দেশত সহজলভ্য হৈ উঠা নাই।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ মৃণাল দাস)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top