মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জুয়ে পোৰা আঘাতৰ প্ৰাথমিক সাহায্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জুয়ে পোৰা আঘাতৰ প্ৰাথমিক সাহায্য

জুয়ে পোৰা আঘাতৰ প্ৰাথমিক সাহায্য লিখা হৈছে

 

জুয়ে পোৰা আঘাত এক ভয়াৱহ আঘাত। শতকৰা সত্তৰভাগ অগ্নিদগ্ধ হোৱা দুর্ঘটনা পাকঘৰতেই সংঘটিত হয় যদিও আজিকালি সন্ত্রাসবাদীৰ আক্রমণ, বোমা বিস্ফোৰণ, উৰাজাহাজ আৰু ৰে'লগাড়ীৰ দুৰ্ঘটনা আদি নানা ধৰণৰ দুর্যোগতো বহুতো লোক ঘৰৰ বাহিৰত অগ্নিদগ্ধ হোৱা দেখা যায়। এনেদৰে আঘাতপ্ৰাপ্ত ৰোগীক অতি ক্ষিপ্ৰতাৰে প্ৰাথমিক সাহায্য দান কৰি চিকিৎসালয়লৈ স্থানান্তৰ কৰা আৱশ্যক যদিও প্ৰাথমিক সাহায্যৰ বিষয়ে আমাৰ জনসাধাৰণৰ মাজত থকা বহুতো ভ্ৰান্ত ধাৰণাৰ বাবে প্ৰায়েই এই ক্ষেত্ৰত উপযুক্ত সাহায্য দিব পৰা নহয়। সেয়েহে আধুনিক বিজ্ঞানসন্মত প্ৰাথমিক সাহায্যৰ এক সম্যক ধাৰণা ইয়াত দিবলৈ চেষ্টা কৰা হৈছে।

এজন মানুহৰ গাত জুই লগা দেখিলে আমাৰ প্ৰথম কর্তব্য হ’ব জুইকুৰা নুমুওৱা৷ জুই লাগিলে মানুহে ভয় খাই দৌৰিবলৈ ধৰে। পিছে দৌৰিলে অক্সিজেন বেছিকৈ পাই জুইকুৰা বেছিকৈহে জ্বলি উঠে। সেয়েহে আপুনি জুই লগা দেখিলেই মানুহজনক ক’ব— ‘‘ৰ’ব নদৌৰিব, মাটিত পৰি দিয়ক আৰু বাগৰি যাওক।” এনে কৰিলে সাধাৰণতে অলপ জুই নুমাই যাব। জুই নুমুৱালে—জুই নুমাবলৈ পানী ঢালক।

জুই নুমাবলৈ পানী ঢলাৰ সুবিধা বহুতো-

 

  • পানী সহজলভ্য: সাধাৰণতে পানী পাকঘৰত থাকেই, য’ত আটাইতকৈ বেছি জুয়ে পোৰা দুৰ্ঘটনা সংঘটিত হয়।
  • পানী দূৰৰ পৰা ছটিয়াব পাৰি, গতিকে ছটিওৱা মানুহজনৰ গাত জুই লগাৰ সম্ভাৱনা নাই।
  • পানী পৰাৰ লগে লগে জুইকুৰা নুমাই যায় আৰু ঘাডোখৰো ঠাণ্ডা হয়।
  • জুই নলগা কাপোৰবোৰো পানী পৰি তিতি যোৱা বাবে জুই বিয়পিব নোৱাৰে।

জুই নুমুৱাবলৈ কম্বলেৰে নাঢাকিব

বহুতে জুই নুমাবলৈ কম্বল এখনেৰে ঢাকি দিব লাগে বুলি কয়। পিছে ইয়াৰ অসুবিধাবোৰ চাওকচোন—

 

  • কম্বলখন বিচাৰোঁতে সময় লাগিব| কাৰণ কোনেও কম্বল পাকঘৰত নাৰাখে।
  • কম্বলখন জুই লগা গাত মেৰাবলৈ যাওঁতে নিজৰ গাতে জুই লগাৰ সম্ভাৱনা থাকে।
  • কম্বলখন মেৰাই দিয়াৰ কিছুসময় পাছতহে জুই নুমাব। এইখিনি সময়তে জুয়ে বহুত দলৈকে পুৰিব।

জুই নুমাবলৈ পানী ঢালক

যদি বন্ধ কোঠাত জুই লাগে, জুইৰ ধোঁৱা নাকে-মুখে সোমোৱা সম্ভাৱনা বেছি। তেনে ক্ষেত্ৰত আঘাতপ্ৰাপ্তক মুকলিলৈ লৈ অনা যুগুত। তাৰ পাছত-

  • জুয়ে পোৰা ঘাত পোৰণিৰ উপশম নোহোৱালৈকে কেৱল পানী ঢালক। ঠাণ্ডা পানীৰ সলনি বৰফ লগোৱা উচিত নহয়। কিয়নো বৰফে তেজবাহী নলীবোৰ সংকোচন কৰি তেজ চলাচলত ব্যাঘাত জন্মায়। পানী ঢালিলে ঘাডোখৰ সোনকালে ঠাণ্ডা হয় আৰু পাছত ঘা সোনকালে শুকাই যায়। যদি হাত বা ভৰিত কমকৈ পোৰে, বাল্টি বা মগত পানী লৈ হাত বা ভৰি, পোৰণিৰ উপশম নোহোৱালৈকে জুবুৰিয়াই থৈ দিয়ক। চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ সময়তো ঘাৰ ওপৰত তিতা ডাঠ কাপোৰ এখন লগাই থৈ দিব পাৰে।
  • আধা পোৰা কাপোৰবোৰ খুলি পেলোৱাৰ আৱশ্যক নাই। কিয়নো, এইবোৰ ইতিমধ্যে তাপ পাই বীজাণুমুক্ত হৈছে।
  • পোৰা ঘাৰ ওপৰত কোনো  ধৰণৰ মলম বা প্ৰলেপ নলগাব। এইবোৰ লগালে উত্তাপ ওলাই যাব নোৱাৰে আৰু বেছি দলৈ অনিষ্ট কৰিব। তদুপৰি অপৰিষ্কাৰ হাতেৰে মলম লগালে বীজাণু সংক্ৰমণৰ ভয়ো নোহোৱা নহয়। বহুতো লোকে জুয়ে পোৰা ঘাত টুথপেষ্ট, আলু পিটিকা, ঘি, চিয়াঁহী আদি লগায়। এইবোৰে ঘাৰ অনিষ্টহে কৰে।  এনেধৰণৰ প্ৰলেপ লগোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।
  • যদি বমি নকৰে, ৰোগীক পানী খাবলৈ দিব পাৰে।

এই খিনি কৰাৰ পাছত ৰোগীক পলম নকৰাকৈ চিকিৎসালয়লৈ পঠিয়াব লাগে।

লিখক: ডা: ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, অসম বাণী।

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top