অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জেতুকা :

জেতুকাৰ বিষয়ে লিখা হৈছে ।

জেতুকা অবিহনে অসমীয়া সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰি। অসমীয়া নাৰীৰ সৌন্দৰ্যত অতীজৰে পৰা জেতুকাই গুৰুত্বপুৰ্ণ স্থান দখল কৰি আহিছে। ঔষধি গুণেৰে জেতুকা সমৃদ্ধ।

আঘাত উপশমত জেতুকাৰ প্ৰয়োগ -

জেতুকা ছালৰ সংক্ৰমণ ৰোধত ব্যৱহাৰ কৰিব পাৰি। ছালত হোৱা ফোঁহা, জুয়ে পোৰা আঘাত আদিত জেতুকাত থকা প্ৰাকৃতিক শীতলীকৰণ ব্যৱস্থাই ঔষধৰ কাম কৰে।  ছানবাৰ্নৰ চিকিৎসাত জেতুকা পাতৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

জ্বৰ উপশমত জেতুকা -

হেনা জ্বৰৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি। আয়ুৰ্বেদিক পৰম্পৰাত প্ৰখৰ জ্বৰত হেনা পিহি কপালত প্ৰলেপ দিলে শৰীৰৰ উত্তাপ হ্ৰাস হয়।

মুৰৰ বিষৰ চিকিৎসাত জেতুকা -

মুৰৰ বিষত জেতুকাৰ ৰস প্ৰয়োগ কৰিলে তাৎক্ষণিকভাৱে আৰাম পোৱা যায়। জেতুকাৰ ৰস প্ৰয়োগে ৰক্তপ্ৰৱাহ নিয়মীয়া কৰে আৰু মাইগ্ৰেন নিৰাময় কৰে।

জেতুকাৰ উপকাৰিতা -

চুলি ৰং কৰাত:

চুলিত জেতুকাৰ প্ৰয়োগে চুলিৰ গুৰি শক্তিশালী কৰে। জেতুকাৰ ৰং প্ৰয়োগে আন ৰঙৰ দৰে চুলিৰ ক্ষতিসাধন নকৰে। চুলি সৰা বন্ধ কৰাৰ লগতে চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু উফি নোহোৱা কৰে।

নখত জেতুকাৰ প্ৰয়োগ:

ব্যস্ততাৰ বাবে নখৰ যত্ন ল’বলৈ বহুতে সময় নাপায়। নখৰ গুৰিত বেক্টেৰিয়াৰ বাবে অতি সহজে সংক্ৰমণ হ’ব পাৰে। নখত জেতুকা বতি লগালে শক্তিশালী হোৱাৰ লগতে নখৰ সংক্ৰমণ ৰোধ কৰে। নখৰ চুকত বিষ হ’লেও জেতুকাৰ ৰস লগালে উপশম পোৱা যায়।

বয়সৰ চাপ পৰাত বাধা দিয়ে:

জেতুকাৰ ৰসত থকা তেলে ছালৰ পৰা বয়সৰ চাপ নোহোৱা কৰে। অবাঞ্চিত ভাগ আৰু ছাল শোতোৰা পৰাৰ ক্ষেত্ৰতো জেতুকাৰ ৰসে ভাল ফল দিয়ে।

উৎস: দেওবৰীয়া সুকন্যা

3.31578947368
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top