মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জেতুকা আৰু ইয়াৰ ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জেতুকা আৰু ইয়াৰ ঔষধি গুণ

জেতুকা আৰু ইয়াৰ ঔষধি গুণ লিখা হৈছে

 

জেতুকা এবিধ সকলোৰে পৰিচিত উদ্ভিদ-

খ্রীষ্টপূর্ব দুহেজাৰ বছৰৰ আগৰ পৰাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু ঔষধি গছ হিচাপে জেতুকাৰ ব্যৱহাৰ হৈ আহিছে। জেতুকাই মানুহৰ দেহ-মন পুলকিত কৰি আনন্দ আৰু সৌন্দর্য বর্ধন কৰি আহিছে। ইয়াৰ ঔষধি গুণো অতি আশ্চর্যজনক আৰু চমৎকাৰ।

ভাৰতীয় বিভিন্ন ভাষাত জেতুকাৰ বিভিন্ন নাম আছে। ইংৰাজীত জেতুকাক হেন্না (Henna) বোলা হয়। ইয়াক অসমীয়াত— জেতুকা, সংস্কৃতত- মদায়নটিকা, হিন্দীত-মেহেন্দি, মাৰাঠীত মেহাদি। তেলেগুত-গৰান্টা, মালায়ালামত- মেটলান্সি বোলা হয়। ইয়াৰ বৈজ্ঞানিক নাম- লাউচনিয়া ইনাৰমিচ।

ভাৰতীয় জনসংস্কৃতিত জেতুকা ব্যৱহাৰ হৈ আহিছে বহু বছৰ পূৰ্বৰে পৰা। জেতুকাৰ ব্যৱহাৰ মহাৰাষ্ট্র, গুজৰাট, ৰাজস্থান, উত্তৰ প্রদেশত অতি বহুলভাৱে চলি আহিছে। মহাৰাষ্ট্ৰৰ নাৰীসকলে হাত-ভৰিৰ তলুৱাত, নখ আৰু কপালত, বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বনত জেতুকা ব্যৱহাৰ কৰা অপৰিহার্য বুলি ধৰে। সন্তান প্ৰসৱা নাৰীয়ে ৭, ৮ আৰু ৯ মাহত শৰীৰত জেতুকা ৰং ব্যৱহাৰ কৰে। গুজৰাট, ৰাজস্থান, পশ্চিম বংগ, অসম, ত্রিপুৰা আৰু বাংলাদেশৰ বহু মহিলাই জেতুকাৰ ৰঙেৰে হাত আৰু ভৰি বোলায়। বহু ৰাজস্থানী মহিলাই বিশেষকৈ দৰা-কইনাই মুখত জেতুকাৰ ৰং সনাটো অপৰিহাৰ্য বুলি ভাবে। কাশ্মীৰ, চিকিম আদি ঠাইৰ মহিলা আৰু ছোৱালীয়ে শাওন মাহত জেতুকাৰ বোলেৰে শৰীৰত নানা চিত্র অংকন কৰি শোভা বর্ধন কৰে|

অসমৰ লোক-সংস্কৃতিৰ প্রতীক ৰঙালী বিহুত পৰিয়ালৰ ল’ৰা-ছোৱালী, ডেকা-গাভৰুৱে অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি আহিছে৷ ৰঙালী বিহুৰ আগদিনা অর্থাৎ চ’ত মাহৰ দোমাহীৰ দিনা ৰাতি আহাৰ খোৱাৰ পিছত খুন্দি লোৱা জেতুকা হাত-ভৰিত বান্ধে।

জেতুকাক প্রসাধন হিচাপে ব্যৱহাৰ কৰাৰ নিয়ম ভাৰতবৰ্ষৰ প্রায় আটাইবোৰ ৰাজ্যৰ মানুহৰ মাজত প্রচলিত আছে। জেতুকাৰ কুমলীয়া পাত খুন্দি তাত কেহৰাজ, ডালিমৰ কুমলীয়া পাত, বৰং থেকেৰা, পাণৰ পিপলি, চূণ, কেঁচা হালধিৰ কেইটাপালমান ৰস আৰু চাহপাতৰ ৰস মিহলাই হাতৰ তলুৱাত গোটেই ৰাতিটো বা কেইঘণ্টামান বান্ধি ৰাখিলেই অতি ধুনীয়া ৰং উঠে।

জেতুকাৰ বনৌষধি গুণবোৰ

  • জেতুকা হাতৰ তলুৱাত বান্ধিলে হাতৰ ছালৰ খজুৱতি নাশ হয়। ছাল কুমতীয়ে নাখায়। তলুৱা নিমজ আৰু উজ্জ্বল হয়। ভৰিৰ তলুৱাত সানিলে তলুৱাৰ খৰ-খজুলি, আচিনাই আদি নহয়।
  • জেতুকা নখত ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়।
  • জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয়, চুলি ক’লা হয়, উফি নহয়, চুলিৰ বিভিন্ন ৰোগ ভাল হয়।
  • জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয়, ঘামচি নহয়।
  • ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়। ঘামচি হ’লে, ৰঙা হৈ বৰকৈ খজুৱালে জেতুকাৰ ৰস দুচামুচ, হালধিৰ ৰস এচামুচ মিহলাই এবাটি পানীত মিহলাই গা-ধুব লাগে। ঘামচি নাইকিয়া হ’ব আৰু আনুসংগিক লক্ষণবোৰ কমি যাব।
  • পায়োৰিয়া হৈ দাঁতৰ আলু ফুলি বিষ হ’লে জেতুকাৰ পাত ২৫০ মি:গ্ৰাম পানীত সিজাই পাঁচ গ্রাম, খয়েৰৰ লগত মিহলাই দাঁতত সানিলে ৰোগ আৰোগ্য হয়।
  • কাণ পকি পূঁজ ওলালে জেতুকাৰ পাতৰ ৰস দুটোপাল পৰিমাণে দিনে দুবাৰকে তিনি চাৰি দিন দিলে ৰোগ গুচে।
  • চকু নমা বা কনজাংটিভাইটিছ হ’লে জেতুকা পাত থেতালি সেই পাত পানীত অলপ সময় উতলাই চেঁচা হ’লে সেই পানীৰে চকু ধুব লাগে। দিনে দুই-তিনিবাৰ।
  • জণ্ডিচ হ’লে জেতুকা ফুলৰ ৰস দুই চামুচ উলিয়াই তাত দহ চামুচ উলিয়াই তাত দহ চামুচ চাউল ধোৱা পানী মিহলাই মিশ্ৰণটো দিনে এবাৰকৈ পাঁচ-ছয় দিন খালে ৰোগটো আৰোগ্য হয়।
  • শুক্রমেহ আৰোগ্য কৰিবলৈ জেতুকা পাতৰ ৰস এচামুচ, গৰুৰ গাখীৰ এচামুচ পৰিমাণে মিহলাই তাত দুচামুচ পৰিষ্কাৰ পানী দি দিনে এবাৰকৈ সাত দিন খাব লাগে।
  • জৰায়ু স্থানচ্যুত হ’লে জেতুকা পাতৰ ৰস দুচামুচকৈ দিনে এবাৰকৈ দহ-বাৰ দিন খাব লাগে।
  • কান্ধৰ বিষত জেতুকাৰ দুচামুচ ৰস উলিয়াই খাটি সৰিয়হৰ তেল আধা চামুচ মিহলাই মালিচ কৰিলে তিনি-চাৰি দিনৰ ভিতৰত বিষ কমি যায়।
  • শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকা পাতৰ ৰস পাঁচ চামুচ পৰিমাণে আধা বাল্টি পানীত মিশ্ৰণ কৰি গা-ধুব লাগে। পাঁচ-ছয় দিন পৰ্যন্ত এনেদৰে গা-ধুলে শৰীৰৰ দুৰ্গন্ধ, ঘাম আদি কমি যাব। বনৌষধি বিশেষজ্ঞ প্ৰয়াত গুণাৰাম খনিকৰ দেৱে এই মিশ্ৰণেৰে ‘দুৰ্গন্ধনাশক’ বড়ি তৈয়াৰ কৰি বহু লোকক আৰোগ্য কৰিছিল। তেওঁলোকৰ ঘাম আৰু শৰীৰৰ দুৰ্গন্ধ নাশ হৈছিল।
  • মুখৰ ভিতৰত ঘা হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়।
  • ৰাতি টোপনি নাহে, বহু ৰাতিলৈকে অস্বস্তিকৰ পৰিৱেশত থাকিব লাগে। তেনে অৱস্থাত জেতুকা পাতৰ ৰস মাত্ৰ এচামুচ উলিয়াই তাত আধা চামুচ মৌজোল মিহলাই কিছুদিন খোৱাৰ অভ্যাস কৰিলে সমস্যা আঁতৰ হয়। ৰাতি শুবলৈ যোৱাৰ সময়ত ব্যৱহাৰ কৰিব। দ্বিতীয়তে- বিছ খিলামান জেতুকাৰ পাত গাৰুৰ তলত থৈ দিলে একে কাম কৰে।
  • বহু মহিলা আৰু পুৰুষৰ ভৰিৰ পোৰণি, ভৰিৰ বিষ আদি সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। ভৰিত পোৰণিৰ লগতে ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিব লাগে। দিনে দুই-তিনিবাৰ পাঁচ-ছয় দিন।
  • মূত্র পাথৰি ৰোগত জেতুকা পাতৰ ৰস চাৰি-পাঁচ চামুচ পৰিমাণে দিনে এবাৰকৈ পোন্ধৰ দিন খাব লাগে।
  • মৃগীৰোগত জেতুকাৰ পাতৰ দুচামুচ ৰস এচামুচ গৰুৰ গাখীৰ মিহলাই দিনে এবাৰকৈ এসপ্তাহ কাল খুৱালে অসুখটো নিৰাময় হয়।
  • উচ্চ ৰক্তচাপত জেতুকাৰ পাতৰ ৰস কপালত সানিব লাগে আৰু পাত খুন্দি মূৰত ভৰণ দিলে ভাল হয়।
  • জেতুকাৰ পাতৰ ৰস আৰু শিলিখাৰ ৰস সম পৰিমাণে লৈ মূৰ ধুলে চুলিসৰা বন্ধ হয়।
  • মূৰৰ বিষত জেতুকা পাতৰ ৰস আধা চামুচ খালে বিষ কমে।
  • জেতুকা পাতৰ ৰস দিনে এবাৰকৈ পোন্ধৰদিন খালে তেজ পৰিষ্কাৰ হয়। পৰিমাণ দুচামুচ।

লিখক: ডা: উপেন দত্ত, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top