অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টোপনি কমিলে কি কৰিব?

টোপনি কমিলে কি কৰিব ?

১) প্ৰতিদিনে ৰাতি শুবলৈ যোৱাৰ সময় আৰু পুৱা শুই উঠাৰ সময় নিৰ্দিষ্ট কৰক ।

২) টোপনিৰ সমস্যা থকা মানুহে যেতিয়াই টোপনিৰ ভাব হয়, তেতিয়াই শুব লাগে ।

৩) টোপনি নহা অৱস্থাত অযথা টোপনি আহিবলৈ চেষ্টা কৰি থকা অনুচিত ।

৪) যিমানেই ব্যস্ততা নাথাকক, কোনো কাৰণতে শুবলৈ যোৱাৰ সময়ত অযথা চিন্তা কিছুমান মূৰত সুমুৱাই লৈ বিচনালৈ যোৱাৰ অভ্যাস ত্যাগ কৰক । আনকি বিছনাত শুই শুই পিছদিনাৰ পৰিকল্পনা নকৰিব । তাতকৈ পুৱাই উঠিয়েই বিচনাত বহি লৈ দিনটোৰ কৰিবলগীয়া কামখিনিৰ ৰুটিন এখন মনতে বনাই ল’ব ।

৫) নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰিব লাগে । শুবলৈ যোৱাৰ আগতে চাহ, কফি, তামোল আদি টোপনি ভাঙিব পৰা বস্তু খাব নালাগে । কোনো ৰাগিয়াল দ্ৰব্য টোপনি আনিবৰ বাবে গ্ৰহণ নকৰিব ।

৬) কোঠাৰ ভিতৰৰ লাইট টোপনি যোৱাৰ সময়ত বন্ধ কৰি ৰাখিব । এনে এটা পৰিৱেশ টোপনিৰ বাবে সৃষ্টি কৰি ল’ব যাতে আপোনাৰ চকুলৈ অপোনা আপুনি টোপনি নামি আহে ।

৭) টোপনিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ মতেহে গ্ৰহণ কৰিব ।

উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top