মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / টোপনি বা নিদ্ৰাৰ বিষয়ে যৎকিঞ্চিৎ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টোপনি বা নিদ্ৰাৰ বিষয়ে যৎকিঞ্চিৎ :

টোপনি বা নিদ্ৰাৰ বিষয়ে যৎকিঞ্চিৎ বিষয়ে সাধাৰণ আলোচনা কৰা হৈছে

 

এই লিখনিত টোপনিৰ বিষয়ে সাধাৰণ আলোচনা কৰা হৈছে। গতিকে পৌৰাণিক আয়ুৰ্বেদিকৰ, নিদ্ৰাৰ বিষয়ে থকা ব্যাখ্যা বা মডাৰ্ণ চিকিৎসা বিজ্ঞানৰ ভাষাতো খৰচি মাৰি আলোচনা কৰিব বিচৰা নাই। মাত্ৰ সাধাৰণ মানুহক টোপনিৰ বিষয়ে জনাবহে বিচাৰিছো, ভুল ত্ৰুটী মাৰ্জ্জনা কৰিব।
বর্তমান পৃথিবীত বিশেষকৈ ভোগপ্রবণ মানুহৰ মাজত সুখনিদ্ৰাৰ অভাব আজি এটা অন্যতম স্বাস্থ্য সমস্যা। এটা সমীক্ষাত দেখা গৈছে , শতকৰা প্ৰায় ২০ জন প্রাপ্তবয়স্ক মানুহ ৰাতি সুনিদ্রাৰ অভাবত দিনত স্বাভাবিক কাজকর্মত অসুবিধা ভোগ কৰে যি মানসিক সুস্থতাৰ প্রতিবন্ধক হব পাৰে ।
দেখা যায় যে শিশুৰ জন্মৰ পিছৰ পৰা দিনে প্রায় ২০/২২ ঘণ্টা টোপনি মাৰে। বয়স বাঢ়ি অহাৰ লগে লগে টোপনিৰ সময়ো কমি আহে । বেছিভাগ প্রাপ্তবয়স্ক মানুহে দৈনিক প্রায় ৭/৮ ঘণ্টা শুব লাগে । অবশ্যে মধ্যাহ্ন ভোজনৰ পিছত এক আধা ঘণ্টা বিশ্রাম বা Midday nap এই সময়ৰ অন্তর্গত।

আমি সকলোৱে গোটেই ৰাতি একেভাবে শুই নাথাকো। বিজ্ঞানীসকলে ইলেকট্রো এনচেফালোগ্রাম (EEG), ইলেকট্রা-অকুলোগ্রাম (EOG) যন্ত্ৰৰ সহায়ত পলিচমনোগ্রাফ (Polysomnograph) কৰি দেখিছে যে, গুণগত বিচাৰৰ ফালৰ পৰা গোটেই ৰাতি হোৱা টোপনি মোটামুটি দুইভাগত ভাগ কৰা হয়। (১) অক্ষিগোলকৰ দ্রুত কম্পন (Rapid eye Movement বা REM) যুক্ত টোপনি । আৰু (২) অক্ষিগোলকৰ মৃদু কম্পন (Non rapid eye movement বা NREM) যুক্ত টোপনি ।

প্ৰথমটো অর্থাৎ REM ধৰণৰ টোপনি এক ঘণ্টা টোপনিৰ পিছত ‍আৰম্ভ হয় আৰু ষাঠিৰ পৰা নব্বৈ মিনিট স্থায়ী হয় আৰু বৃত্তাকাৰে ৰাতিৰ ভিতৰত চাৰি পাঁচবাৰ ঘুৰি আহে। NREM ধৰণৰ টোপনি কিন্তু প্রথমৰ পৰাই আৰম্ভ হয়। এইদৰে NREM আৰু REM জাতীয় টোপনি এটাৰ পাছত এটা ঘুৰি ঘুৰি আহে , ইয়াক বোলা হয় “Ultradian Sleep Cycle”. NREM ধৰণৰ টোপনিক কোৱা হয় Slow wave sleep, ইয়াৰ আকৌ চাৰিটা স্তৰ (Phase) আছে। আমি সেই আলোচনাৰ মাজলৈ নাযাও। বেছি বয়সত এই ধৰণৰ টোপনিৰ সময় বহু কমি আহে , বহুক্ষেত্ৰত একেবাৰেই নাথাকে ,এনেকুৱা ও হব পাৰে । আমি যেতিয়া ৰাতি সপোন দেখি থাকো REM টোপনি হৈ থাকে।

অনিদ্রা কাক বোলে ?

 

সুস্বাস্থ্য ৰক্ষাৰ বাবে টোপনি আমাৰ শৰীৰৰ বাবে এটি অতি প্রয়োজনীয় কাম । টোপনিয়ে যে মাত্ৰ আমাৰে অবসাদ আৰু ক্লান্তি দূৰ কৰে তেনে নহয় । টোপনিয়ে শৰীৰৰ সমস্ত জৈব কাজকর্মে নিয়ন্ত্ৰণ কৰে আৰু মস্তিষ্কৰ কোষবিলাকক বিশ্রাম দি পিছৰ দিনৰ কাজকর্মৰ উদ্যম আৰু উৎসাহ ‍‌ যোগান ধৰে । গতিকে দেখা গৈছে যে টোপনিৰ অভাবত বা টোপনি ক্ষণস্থায়ী হলে সিয়েই শাৰীৰিক আৰু মানসিক অসুস্থতাৰ কাৰণ হব পাৰে । এই কাৰণে অনিদ্রা, বিশেষকৈ ই যেতিয়া দীর্ঘস্থায়ী হয় তেতিয়া সেইটো ব্যক্তিগত সমস্যা আৰু উদ্বেগৰ কাৰণ হৈ পৰে, তেতিয়া অনিদ্রা (INSOMNIA)-ক অসুখ বুলি প্রাধান্য দিয়া হয় আৰু জৰুৰী চিকিৎসাৰ প্রয়োজন হয়। কোনো কোনো ক্ষেত্ৰত হতাশজনিত অনিদ্রাৰ মূল ‍ইমানেই গভীৰ হৈ পৰে যে ৰোগী মানসিক ভাৰসাম্যতা হেৰুৱাই আত্মহননৰ পথ বাচি লয়। সাধাৰণ অৰ্থত এজন মানুহৰ স্বাভাবিক যিমানখিনি টোপনি দৰকাৰ তাৰ কম হলে যেতিয়া শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি হয় তেন্তে তাকে অনিদ্রাজনিত অসুস্থতা (INSOMNIA) বোলা হয়। তদুপৰি সাময়িক কোনো পৰিবেশ পৰিবৰ্তন জনিত কাৰণে দুই -তিনি দিনৰ বাবে টোপনিৰ ব্যাঘাত হোৱা প্রায় সকলোৰে হব পাৰে ।

কি ধৰণৰ অনিদ্রা হব পাৰে ?


১. বহুত মানুহ আছে , যি শয্যা গ্রহণ কৰাৰ পিছতেই টোপনি নাহে , তেওলোকৰ প্রথম অৱস্থাত টোপনি আহিবই নোখোজে , বহুসময় বিচনাত বাগৰি থকাৰ পিছত টোপনি আহে (Sleep onset insomnia)।

২. আকৌ প্রথমৰ পৰা টোপনি আহিলেও দুই -এক ঘণ্টাৰ পিছত টোপনি ভাগি যায়। তাৰপাছত আৰু টোপনি নহা হয়। (Sleep maintenance insomnia)

৩. তৃতীয়তে দেখা যায়, মাজৰাতিৰ পিছত টোপনি ভাগি, তাৰপাছত আৰু সাৰে থাকে, অনেক চেষ্টা কৰিও আৰু টোপনি যাব নোৱাৰে (Sleep offset insomnia)

৪. আকৌ কেতিয়াবা গাঢ় নিদ্রা নহলেও এটা খুব সাধাৰণ , তন্দ্রাৰ নিচিনা আচ্ছন্ন ভাব প্রায় গোটেই ৰাতি থাকে। এই ধৰণৰ ‘টোপনি ’ হলে গোটেই দিনটোৰ পৰিশ্ৰমৰ ক্লান্তিভাব দূৰ নহয় ফলত স্বাভাবিক নিদ্ৰাৰ উপকাৰিতাও পোৱা নাযায় (Non restorative Sleep)

৫. আগতেই কোৱা হৈছে , পৰিবেশগত কাৰণে বা সাময়িক দুশ্চিন্তাৰ বাবে বা যিয়ে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ আহে তেওঁলোকৰ ৩/৪ দিনৰ কাৰণে (Jet lag) টোপনি নোহোৱাকৈ থকা এটা সাধাৰণ ঘটনা (Transient insomnia)।

৬. বহু সময়ত কোনো গুৰুতৰ বিপদ বা অস্ত্ৰোপচাৰৰ পিছত কেইদিনমান, তিনি সপ্তাহমান সময়ৰ বাবে অনিদ্রা হব পাৰে । একে বোলা হয় হ্ৰস্বম্যাদী অনিদ্রা (Short term insomnia)।

৭.যেতিয়া কোনোবাই মাহৰ পিছত মাহ বা বছৰৰ পিছত বছৰ ধৰি অনিদ্রাৰ বাবে কষ্ট পাই (Long term insomnia বা chronic insomnia ) তেতিয়া তেওঁৰ স্বাস্থ্যহানি আৰু পিছদিনাৰ কর্মকুশলতা বিঘ্নিত হোৱাৰ কাৰণ হয়।

কি কি কাৰণে অনিদ্রা হব পাৰে ?


১. বহুক্ষেত্ৰত টোপনি নোহোৱাৰ সঠিক কাৰণ জানা নাযায়। কোনো কোনো ক্ষেত্রত বহুবিধ সৰু সৰু কাৰণ থাকিলেও , কোনো এটাই উল্লেখযোগ্য প্রধান কাৰণ নহয়, এই অবস্থাকে Primary Insomnia বোলা হয়।

২. কেতিয়াবা দেখা যায় সাময়িক মানসিক উদ্বেগ বা উত্তেজনাৰ কাৰণে টোপনিৰ ব্যাঘাত জন্মে । তেওলোকৰ শুব গৈও টোপনি অহা দেৰি হয়। খুব অকণমান শব্দটেই টোপনি ভাগি যায় বা অসময়ত আনকি দিনটো টোপনি ধৰে। ইয়াৰ নাম Psychophysiologic insomnia ।

৩. পৰিবেশগত কাৰণে অনিদ্রা।
যেতিয়া হোটেল, হস্পিতাল বা অন্য কোনো নতুন ঠাইত শুব লগীয়া হয়। বা নিকট কোনো আত্মীয়ৰ অসুস্থতা বা মৃত্যু ঘটে তেতিয়া অনিদ্রাৰ অভিজ্ঞতা আমাৰ প্রায় সকলোৰেই কেতিয়াবা নহয় কেতিয়াবা হৈছে ।

৪. খুব উচ্চতাত থাকাৰ বাবে শ্বাসকষ্টৰ কাৰণে প্রথম প্রথম কিছুদিনৰ বাবে সুনিদ্রা নহয় , বাৰে বাৰে টোপনি ভাগি যায় (High Altitude- insomnia)।

৫. মাত্ৰ আমাৰ দেশতেই নহয়, গোটেই পৃথিবীতে শতকৰা আশিভাগ ‍ ক্ষেত্ৰতেই মানসিক ৰোগ হৈছে অনিদ্রাৰ অন্যতম প্রধান কাৰণ । প্ৰধানতঃ মানসিক অবসাদ (mental depression) বা নিৰাশা আৰু বিভিন্ন ধৰনৰ ভয়ৰ ‍ পৰা অনিদ্রাৰ সূত্রপাত হয়। এইক্ষেত্ৰত সকলো ধৰনৰ অনিদ্রাই হব পাৰে । কেতিয়াবা টোপনি আহিবই নিবিচাৰে , আকৌ অলপ টোপনিৰ পিছত গোটেই ৰাতি বা শেষৰাতি জাগি থকা নিত্যনৈমিত্তিক ঘটনা হৈ পৰে ।

৬. ইয়াৰোপৰি আছে দু‍‍শ্চিন্তাজনিত উদ্বেগ (Anxiety Tension) ম্যানিয়া (Mania) স্কিজোফ্রেনিয়া (Schizophrenia) মদ্যপানৰ পার্শ্ব প্রতিক্রিয়া, স্মৃ‍‌তি বিভ্রম (Dementia) আৰু মৃগীৰোগৰ(Epilepsy) নিচিনা বিভিন্ন ৰকমৰ মানসিক অসুখ।

৭. এক ধৰনৰ অসুখত ৰোগী গোটেই ৰাতি ভৰিৰ অস্থিৰতা আৰু অসাৰত্ব (Restless Leg Syndrome) অনুভব কৰে । ভৰিৰ মাংসপেশী টানি ধৰা (Leg Cramps) এটা খুব সাধাৰণ কাৰণ ।

৮, যিবিলাকৰ হাঁপানি (Asthma) বা হাৰ্টৰ অপটুতা (Cardiacfailure) জনিত অসুখ আছে তেওলোকৰ প্রায়ে অলপমান টোপনিৰ পিছত শ্বাসকষ্টৰ ফলত (Cardiac Asthma ) সাৰ পাই উঠে আৰু প্রায় গোটেই ৰাতি এটা গাৰু কোলাত লৈ বহি থাকে , আৰু টোপনি আহিব নোখোজে ।

৯. ডায়েবেটিছ ৰোগী বা বয়স্ক পুৰুষৰ প্রস্টেট গ্ল্যান্ডৰ (Prostate Gland) অসুখ থাকিলে , ৰাতি তিনি -চাৰিবাৰ উঠি টয়লেটলৈ যাব লগা হয়, ফলত স্বাভাবিক টোপনি নহয় ।

১০. কিছুমান মানুহ আছে যিয়ে ৰাতি দুঃস্বপ্ন দেখি বা ভয় পাই চিঞৰি উঠে (Night mare)। কিছুমান কম বয়সীয়া লৰা ছোৱালীৰ এক অদ্ভুত ধৰণৰ অসুখ হয়। সিহঁতে মাজৰাতি টোপনিতে উদ্দেশ্যবিহীনভাবে খোজ কাঢ়িবলৈ আৰম্ভ কৰে (Sleep walking) যাৰ বাবে টোপনি ব্যাঘাত হয়।

১১. বহুসময়ত ৰাতি মাজে মাজে শ্বাস বন্ধ (Sleep apnoea) হোৱাৰ নিচিনা হৈ অনিদ্রা হয়।

১২. এজনে টোপনিত নাক গর্জন (Snoring) কৰি থাকিলে অানজনৰ টোপনি ব্যাঘাত হোৱাৰ অভিজ্ঞতা আমাৰ প্রায় কম বেছি পৰিমাণে সকলোৰেই আছে।

১৩. বিভিন্ন ধৰনৰ শাৰীৰিক অসুস্থতা যেনে বাত, ব্যাধি, হাড়ভঙা (Fracture), Spondylosis কিডনি অথবা পিত্তস্থলীৰ অসুখ, Colic pain, Gastric ulcer, Migraine-আদিৰ নিচিনা অসুখত অনিদ্রা এটা প্রধান উপসর্গ।

১৪. বিভিন্ন ধৰনৰ ঔষধ, স্টেৰয়েড আৰু যাৰ মদ্যপানৰ নিচা আছে তেওঁ হঠাৎ মদ্যপান বন্ধ কৰা , ধূমপান কৰা অনিদ্রাৰ অন্যতম কাৰণ ।

১৫. চাহ, কফি, আৰু কোলা জাতীয় পানীয়ত Caffeine থকাৰ ফলত অনিদ্রা হয়। দেখা যায় যে দিনে তিনিৰ পৰা পাঁচ কাপ চাহ বা কফি খালে , সাত বা আঠ ঘণ্টাৰ পিছতো টোপনি নাহে , টোপনি আহিলেও গভীৰ নহয় আৰু অলপতে টোপনি ভাগি যায়।

১৬. বজাৰত বিভিন্ন ধৰনৰ টোপনিৰ ঔষধ (Sleeping Pill) এতিয়া সহজলভ্য হোৱাৰ বাবে বহুতেই নভবা নিচিন্তাকৈ সেইবোৰ ব্যবহাৰ কৰে, পিছলৈ সেয়া নিয়মিত অভ্যাসত পৰিণত হয়। এইবোৰ ঔষধৰ পার্শ্বপ্রতিক্রিয়া বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণ হয় যিবোৰ কাৰো কাম্য নহয় ।

অনিদ্রাৰ পৰা ৰেহাই পাবলৈ কেইটামান উপদেশ -


১. বহুৰাতিলৈ TV চোৱা বন্ধ কৰা ভাল ।

২. সোনকালে শুই পৰক আৰু ৰাতিপুৱা খুব সোনকালে শয্যা ত্যাগ কৰি সাধাৰণ ব্যায়াম কিছুমান কৰক। যোগ ব্যায়াম অনিদ্ৰাৰ বাবে বহু উপকাৰী ।

৩. ৰাতি বেছি আহাৰ কৰিব নালাগে । মদ্যপান বা ধূমপান বৰ্জন কৰক ।

৪. সন্ধ্যাৰ পিছত চাহ, কফি বা কোলা জাতীয় পানীয় নোখোৱাই ভাল ।

৫. মনক সকলো সময়তে দু:শ্চিন্তা মুক্ত কৰি সুস্থ ৰখাৰ চেষ্টা কৰক।

৬, কোনো কাৰণতেই ঋণাত্মক চিন্তা মনলৈ আহিব দিব নালাগে আৰু অন্যৰ দোষ বিচাৰিবলৈ চেষ্টা কৰিব নালাগে ।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী , ফোন নং- 9864242002

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.85714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top