মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / টোপনি: সুস্বাস্থ্য ৰক্ষাৰ বাবে অপৰিহাৰ্য:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টোপনি: সুস্বাস্থ্য ৰক্ষাৰ বাবে অপৰিহাৰ্য:

 

‘Sleep well to improve overall well being’

এটি বহু প্ৰচলিত নিচুকণি গীত আছে-

‘আমাৰে মইনা শুৱ এ, বাৰীতে বগৰী ৰুব এ।

বাৰীৰে বগৰী পকি সৰিব, মইনাই বুটলি খাব’।

সেইদৰে মাতৃয়ে সাধু কৈ মইনাক শুৱাওঁতে কেতিয়াবা শুব নুখুজিলে ভয় খুৱায় এই বুলি যে- কাণখোৱা আহিব, শো-মইনা। নিটোল টোপনি যে মানৱ জীৱনৰ বাবে অপৰিহাৰ্য, এই কথা সৰ্বজনবিদিত।

কেঁচুৱা অৱস্থাৰ পৰা সাত-আঠ বছৰলৈকে শিশুৱে দিন-ৰাতি মিলাই বাৰ ঘন্টামান শুবই লাগে।

বৰ্তমান চিকিৎসা শাস্ত্ৰমতে বয়সস্থসকলেও কমেও ছয়-সাত ঘন্টা শুব লাগে। শৰীৰৰ ভাগৰ পলুৱালৈকে নহয়, মন অৰ্থাৎ মগজুৰ সুস্থতাৰ বাবেও টোপনি অপৰিহাৰ্য।

টোপনিত চেতন মন অচেতন হ’লেও অৱচেতন মনে ক্ৰিয়া কৰি থাকে। তেতিয়া মানুহে সপোন দেখে। চিগমণ্ড-ফ্ৰয়েডৰ মতে সপোন দেখাটো সুস্থ মগজুৰহে লক্ষণ। সপোনৰ সেন্দুৰীয়া আলিয়েদি(Golden Road) খোজকঢ়া ভাল। গাঢ় টোপনিত অৱশ্যে সপোন নেদেখে। ই মৃত্যুৰ দৰে এক শীতল অৱস্থা।

সপোন দেখাটো মানৱ জীৱনৰ প্ৰাকৃতিক অৱস্থা। বহুতে ভাবে সপোনত দেখা ঘটনা জীৱনত বাস্তৱ ক্ষেত্ৰত ফলিয়ায়। বিখ্যাত ইংৰাজ কবি কলডৰিজে বোলে কুবলাই খান কবিতাটো সপোনত দেখি লিখিছিল। বানৰ জীয়াৰী ঊষাই সপোনতে কৃষ্ণৰ নাতি অনিৰুদ্ধক দেখি স্বামীৰূপে বৰণ কৰিছিল। এইবোৰ মিছা যদিও সত্য হ’ব পাৰে।

টোপনি নহাটো সু-স্বাস্থ্যৰ লক্ষণ নহয়। দিনত পৰিশ্ৰম কৰাৰ পিছত ৰাতি টোপনি অহাটো নিতান্ত পৰিশ্ৰম কৰা লোকৰ টোপনি নহাটো বেমাৰৰ লক্ষণ। মানসিক পৰিশ্ৰম কৰিলেও টোপনিৰ আৱশ্যক। মানসিক পৰিশ্ৰম কৰা লোকৰ শাৰীৰিক পৰিশ্ৰমৰো দৰকাৰ।

আমাৰ এষাৰ কথা আছে- ‘কোনো মৰে মঙহৰ ভাৰে, কোনো মৰে হাড়ে হাড়ে’। অত্যধিক চৰ্বিযুক্ত আহাৰ খালে শৰীৰত মেদ জমা হয়। তেতিয়াও টোপনিত ব্যাঘাত হয়। আহাৰ কমাই খাই শীৰ্ণকায় হৈ দুৰিবল হ’লেও টোপনি নাহিব পাৰে। তেতিয়া ই বেমাৰত পৰিণত হ’ব।

চিকিৎসা শাস্ত্ৰ মতে টোপনি নহা ৰোগক অৰ্থাৎ অৱস্থাক ‘ইনচমনিয়া’(Insomnia) বোলে। এই অৱস্থাত ৰাতি একেবাৰে টোপনি নাহিব পাৰে। এতিয়ালৈকে এই অৱস্থাৰ চিকিৎসাৰ ঔষধ ওলোৱা নাই। একেৰাহে বহু ৰাতি টোপনি নাহিলে মানুহ হতাশ হয়। তেতিয়া নিজৰ মৃত্যু নিজে মাতি অনা অৱস্থাও হয়।

স্বাস্থ্য পৰীক্ষা কৰোৱাটো নিতান্ত আৱশ্যক। বিশেষকৈ মধুমেহ, ৰক্তচাপ, হৃদয়ৰ অসুখ, ষ্ট্ৰোক আৰু ওজন কমাটো টোপনি নহাৰ মূল কাৰণ হ’ব পাৰে।

টোপনি নাহিলে জীৱনশৈলী(Life Style) সলনি কৰি নীতি-নিয়ম মানিব লাগে। ৰাতি শোৱাৰ সময় সাল-সলনি কৰিব নালাগে। নিশাৰ আগভাগত শোৱাৰ অভ্যাস কৰিব লাগে। ৰাতি পাতল আহাৰ খোৱা ভাল। অতিৰিক্ত মছলাযুক্ত আহাৰ, পানীয়(কফি বা চাহ), মাদক দ্ৰব্য, মদ, ড্ৰাগছ, পিল খোৱাৰ অভ্যাস ত্যাগ কৰা উচিত। টোপনি অহাৰ টেবলেট খাই টোপনিৰ অভ্যাস কৰিলে পিছলৈ ই কাম নকৰা হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(প্ৰিয়েন্দ্ৰ তামুলী)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top