অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টিটেনাছ প্ৰতিৰোধঃ

টিটেনাছ প্ৰতিৰোধ কেনেকৈ কৰা হয়-

 

ক্লষ্টিডিয়াম টিটেনাই নামৰ গ্ৰাম পজিটিভ বেক্টেৰিয়াটোৱে টিটেনাছ বা ধনুষ্টংকাৰ ৰোগ সৃষ্টি কৰে। এইবিধ বেক্টেৰিয়া দুই ধৰণে পোৱা যায়। স্প’ৰ বা জীৱবীজ আৰু সক্ৰিয় কোষ। সক্ৰিয় কোষবোৰে বংশবৃদ্ধি কৰিব পাৰে। স্প’ৰ বা জীৱবীজবোৰ মূলতঃ মাটি, ধূলি, জন্তুৰ মল অথবা বিভিন্ন সঁজুলি আদিত লাগি থাকিব পাৰে। এই স্প’ৰ বা জীৱবীজবোৰ অতি কষ্টসহিষ্ণু বাবে বহু বছৰলৈ জীয়াই থাকিব পাৰে। অত্যধিক উত্তাপো এইবোৰে সহ্য কৰিব পাৰে বাবে ইহঁত সহজতে ধ্বংস নহয়। আনকি গৰম কৰিলেও সঁজুলিত লাগি থকা এই স্প’ৰবোৰ ধ্বংস নহ’ব পাৰে। মানুহৰ দেহত থকা ঘা অথবা কটা অংশত এই বেক্টেৰিয়াবিধৰ স্প’ৰ বা জীৱবীজবোৰ লগাৰ পাছতে এইবোৰ অংকুৰিত হৈ সক্ৰিয় বেক্টেৰিয়া কোষলৈ পৰিণত হৈ বংশ বৃদ্ধি কৰে। যিকোনো ধৰণৰ ক্ষত বা ফুটা অংশৰে (যেনে- নখৰ আঁচোৰ, কাঠ-বাঁহৰ চোঁছে আঁচোৰা, হুলে বিন্ধা, ছাল এৰি যোৱা, ফোঁহা, পোকে কামোৰা, পোৰা আদি ধৰণৰ ছালৰ যিকোনো কটা অংশ) মানুহৰ দেহত এই স্প’ৰ বা জীৱবীজ সোমাব পাৰে। ইয়াৰ উপৰি অস্ত্ৰোপচাৰ আৰু প্ৰসৱৰ সময়ত নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ) সেৱন (বেজীৰে ড্ৰাগছ গ্ৰহণ কৰা অংশ) কৰাৰ সময়তো সঁজুলিবোৰত যদি এই স্প’ৰ লাগি থকা তেন্তে এই স্প’ৰ বা জীৱবীজবিধ টিটেনাছ প্ৰতিষেধক নোলোৱা বা পৰৱৰ্তী টিটেনাছ প্ৰতিষেধক বুষ্টাৰ ড’জ নোলোৱা মানুহৰ শৰীৰত সোমাব পাৰে। সক্ৰিয় বেক্টেৰিয়াৰ কোষবোৰে টিটান’লাইচিন আৰু টিটান’স্পাছমিন নামৰ দুবিধ বিষাক্ত দ্ৰব্য (একজটক্সিন) নিস্তাৰিত কৰে। টিটান’লাইচিনৰ কাৰ্যকাৰিতাৰ বিষয়ে সম্পূৰ্ণকৈ এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু টিটান’স্পাছমিনে মানুহৰ মাংসপেশীবোৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাই টিটেনাছ ৰোগ সৃষ্টি কৰে।

টিটেনাছ ৰোগ সাধাৰণতে চাৰি ধৰণে দেখা দিব পাৰে-

 

  • সাৰ্বজনীন টিটেনাছে দেহৰ কংকাল সম্বন্ধীয় সকলো মাংসপেশীকে ক্ষতি কৰিব পাৰে। চাৰিও ধৰণৰ টিটেনাছৰ ভিতৰত এইবিধ টিটেনাছ সাধাৰণতে বেছিকৈ হোৱা দেখা যায় আৰু ই বৰ তীব্ৰ ৰূপ ধাৰণ কৰে। এইবিধ টিটেনাছ হোৱা ব্যক্তিয়ে প্ৰথমে খিংখিঙীয়া ভাব, মাংসপেশী টানি ধৰা, মাংসপেশীৰ বিষ, দুৰ্বলতা, খাদ্য গিলোতে অসুবিধা হোৱা আদি লক্ষণ দেখায়। চবোৱা কাৰ্যত ব্যৱহাৰ হোৱা কোৱাৰি, মাংসপেশীবোৰৰ শিৰামূৰি ধৰাৰ ফলত ট্ৰিছমাছ বা মুখৰ কোৱাৰি লৰাব নোৱাৰা অৱস্থা হয়। শৰীৰৰ আন আন মাংসপেশীৰ শিৰামূৰি ধৰাটো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে। লাহে লাহে পিঠিখন বেঁকা ভাঁজ লোৱা ধৰণৰ হ’ব পাৰে। ইয়াৰ ফলত হাড় ভঙাৰ লগতে জোৰাবোৰ এৰি যোৱাৰ সম্ভাৱনা থাকে। কণ্ঠনলী আৰু শ্বাস-প্ৰশ্বাসৰ লগত জড়িত মাংসপেশীৰ শিৰামূৰি ধৰি এনে ৰোগীৰ অৱস্থা সাংঘাটিকভাৱে জটিল হৈ পৰে আৰু ৰোগী মৃত্যুমুখত পৰা দেখা যায়।
  • স্থানীয় টিটেনাছে সংক্ৰমিত হোৱা ঘা ডোখৰৰ ওচৰে-পাজৰে থকা মাংসপেশীবোৰৰ ক্ষতি কৰে।
  • চেফালিক টিটেনাছে প্ৰাথমিকভাৱে মূৰ বা কাণত সংক্ৰমণ হোৱাৰ পাছত দ্ৰুতগতিত (এদিন বা দুদিনৰ ভিতৰত) মুখমণ্ডলৰ এটা বা একাধিক টিছ্যুক ক্ষতি কৰে। এইবিধ টিটেনাছৰ বেলিকা দাঁতৰ কোৱাৰি লৰাব নোৱাৰা হোৱাৰ উপৰি মুখমণ্ডলৰ কমেও এবিধ মাংসপেশী দুৰ্বল হৈ পৰে। ইয়াৰ ভিতৰত তিনি ভাগৰ দুই অংশৰ ক্ষেত্ৰত সাৰ্বজনীন টিটেনাছলৈ পৰিৱৰ্তিত হয়।
  • নৱজাতক টিটেনাছ সাৰ্বজনীন টিটেনাছৰ দৰেই। কেৱল এই ধৰণৰ টিটেনাছ এমাহতকৈ কম বয়সৰ কেঁচুৱাৰ মাজত দেখা যায়। এনে ক্ষেত্ৰত কেঁচুৱা অনবৰতে অস্থিৰ হৈ থাকে। ভালদৰে গাখীৰ শুহিব নোৱাৰে আৰু গিলোতেও কষ্ট পায়। উন্নত দেশবোৰত এই ৰোগ বিৰল।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

3.08
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top