টেঙা বুলি কলেই মুখলৈ পানী আহে।খাদ্যত টেঙা থাকিলে অকণমান ভাত বেছিকৈ খাব পাৰি। ঠিক তেনেদৰে পেট ফুলিলে বা বদহজম হলে সদায় খাৰ খাবলৈ মন যায়। অন্য প্ৰান্তৰ তুলনাত অসমৰ মানুহে খাৰ বেছিকৈ খায়। কথাতেই কয় খাৰ খোৱা অসমীয়া।
আমি খোৱা আটাইবোৰ খাদ্যই শৰীৰৰ ভিতৰত গৈ এচিড অৰ্থাৎ টেঙা নতুবা এলকালী অৰ্থাৎ খাৰলৈ ৰূপান্তৰীত হয়। যিকোনো তৰলৰ pH যেতিয়া ৭ হয় তেন্তে ইয়াক nutral অৰ্থাৎ এচিডিকো নহয় এলকালীও নহয়। যাৰ কোনো বিশেষ সোৱাদ নাথাকে।উদাহৰণ স্বৰূপে পানী। যেতিয়া pH ৭ তকৈ কমি যায় তেতিয়া তৰল পদাৰ্থ খিনি আম্লিক অৰ্থাৎ এচিডিক হৈ পৰে আৰু যেতিয়া ৭ ততকৈ বেছি হয় তেন্তে খাৰ অৰ্থাৎ এলকালী লৈ ৰূপান্তৰীত হয়। আমাৰ ৰক্তৰ pH ৭.৩৫-৭.৪৫ ৰ ভিতৰত থাকে যি সামান্য খাৰিয় হয়। আমাৰ শৰীৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এই pH ত সুচাৰু ৰূপে চলে। pH ইয়াতকৈ কমি গলে এচিদ'ছিছ আৰু বাঢ়ি গলে এলকালচিচ বুলি কোৱা হয়। এই দুয়োটা অৱস্থা ই স্বাস্থ্যৰ বাবে হানি কাৰক । এই দুয়োটা অৱস্থা মূলতঃ নিৰ্ভৰশীল আমাৰ খাদ্যৰ ওপৰত।
১)দাঁত আৰু দাঁতৰ আলুৰ ক্ষতি হব পাৰে।বেছি দিনলৈ এই প্ৰক্ৰিয়া চলি থাকিলে দাঁতবোৰ অকালতে সৰি যাব পাৰে।
২)শৰীৰৰ জলীয়াংশ এচিডিক হলে ,এই এচিডিটি কমাবলৈ কেলচিয়ামে চেষ্টা কৰে। কেলচিয়াম সমূহ হাড় বোৰৰ পৰা ওলাই আহে যাৰ ফলত হাড়বোৰ ঠুনুনা হয়। ইয়াক osteomalasia বা osteoporosis বুলিও কোৱা হয়।এনে পৰিস্থিতিত হাড় বোৰ ভাঙি যাব পাৰে।
৩)টেঙা টেঙা উগাৰ অৰ্থাৎ এচিডিটি হব পাৰে। বুকু জ্বলা পোৰা কৰা, পেট ফুলি থকা, খাদ্য নাখালেও পেট ভৰি থকা, পাইখানা খোলোছা নোহোৱা আদি লক্ষণ পেটৰ এচিডিটিৰ কাৰণে হব পাৰে।
৪)তেজত এচিডৰ পৰিমাণ বাঢ়ি গলে উশাহ নিশাহত ব্যাঘাত জন্মিব পাৰে। সময়ত ঘনাই ঘনাই উশাহ লব লগাত পৰে।
৫)পেচাব জ্বলা পোৰা কৰিব।
৬)বৃক্কত পাথৰ (kidney stone) সৃষ্টি হয়।
৭)মূৰৰ বিষ, কঁকালৰ বিষ তথা মাংসপেশীৰ বিষ হব পাৰে।
৮)ঘনাই ঘনাই চৰ্দি কাহ হৈ থকা।
৯)অনবৰতে ভাগৰ ভাগৰ অনুভৱ কৰা। ইত্যাদি
কোনবোৰ খাদ্য এচিডক হয়:
১)মদ
২)ভাত,আতা ,ময়দা
৩)কণী
৪)মাংস, মাছ
৫)বাদাম, আখৰোট, পেষ্টা
৬)গাখীৰ তথা গাখীৰেৰে বনোৱা যি কোনো খাদ্য।
৭)যিকোনো process food বা টিনৰ খাদ্য।
৮)ব্ৰেড
৯)oats
১০)artificial sweetner ইত্যাদি।
এচিড সৃষ্টি কৰা এনেনবোৰ খাদ্য অত্যাধিক সেৱন কৰিলে হানিকৰক হয়। সেয়েহে উক্ত খাদ্য সমূহৰ লগত খাৰীয় দ্ৰৱ্য অন্তৰ্ভুক্ত কৰিব লাগে কিয়নো উক্ত খাদ্য সমূহো আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। প্ৰয়োজন মাথো যুক্তিপূৰ্বক উপযোগ।
খাৰীয় দ্ৰৱ্য:
আমাৰ শৰীৰত বহুতো এচিড উদ্ভৱ হয়। উদাহৰণ স্বৰূপে পেটৰ হাইড্ৰ ক্লৰিক এচিড, মাংশপেশীৰ পৰা লেক্টিক এচিড আদি ।সেয়েহে শৰীৰত খাৰৰ পৰিমাণ বেছি হব নোৱাৰে। এই এচিড সমূহে খাৰতা কমাই ৰাখে। অনুসন্ধানত দেখা গৈছে যে ৰক্তৰ pH যেতিয়া খাৰীয় হৈ থাকে তেনে ৰোগীৰ ডায়েবেটিজ, হাই ব্লাড প্ৰেচাৰ, কেন্সাৰ , কিডনিৰ পাথৰ, হাড় ঠুনুকা হোৱা প্ৰভৃতি ৰোগৰ সম্ভৱনা কম দেখা যায়। আমাৰ অসমৰ বড়ো সম্প্ৰদায়ৰ লোক সকলৰ মাজত হাইব্লাড প্রেচাৰৰ ৰোগীৰ সংখ্যা তেনেই কম। ইয়াৰ প্ৰধান কাৰণ খাৰ সেৱন।
১)খাৰিয় আহাৰ খালে হাড়বোৰ মজবুত হয়। দাঁত মজবুত হয়। লগতে শৰীৰৰ মেগনেছিয়াম আৰু কেলচিয়ামৰ সামঞ্জস্যতা বজাই ৰাখে। ভিটামিন ডি ৰ শোষণত সহায় কৰে।
২)পেটত হোৱা এচিডিটি বা গেষ্ট্ৰিক ৰোগৰ উপশম হয়। যাৰ ফলত হজম শক্তি বাঢ়ে। পাইখানা খোলোচা হয়।
৩)খাৰিয় আহাৰ হাই ব্লাড প্ৰেচাৰ থকা ৰোগীৰ কাৰণে মহৌষধ। এচিডিক আহাৰ সেৱন কৰিলে প্ৰেচাৰ বঢ়াৰ সম্ভাৱনা অধিক। খাৰিয় আহাৰে এনে সম্ভাৱনা বহু দূৰ কৰে।
৪)আমাৰ শৰীৰৰ বৰ্ধনত মুখ্য ভূমিকা লোৱা growth hormone ৰ নিঃসৰণ এচিডিক আহাৰ সেৱন কৰিলে কমি যায়। যাৰ ফলত কোষ সমূহৰ প্ৰাকৃতিক কৰ্মত ব্যাঘত জন্মে। খাৰিয় আহাৰে এই হৰমনৰ নিঃসৰণ যথাযথ হোৱাত সহায় কৰে।
৫)শৰীৰত খাৰিয় আহাৰে তেজৰ ভিতৰত তেজ গোট মৰাত ব্যাঘাত জন্মায় যাৰ ফলত ৰক্ত নলিকাৰে আৰামেৰে তেজৰ চলাচল হয়। cholesterol, tryglyceride প্ৰভৃতি চৰ্বি অলগলীয়াল ভাৱে বৃদ্ধিত বাধা জন্মায়। এচিডিক আহাৰ খালে ইয়াৰ বিপৰীত হয়।
৫)পুৰণি মূৰৰ বিষ,কঁকালৰ বিষ,গাৰ বিষ আদিৰ মুখ্য কাৰণ হৈছে আমাৰ শৰীৰৰ ভিতৰত inflamation নামৰ এক প্ৰক্ৰিয়া চলি থকা কাৰণে। খাৰিয় আহাৰ খালে এনে প্ৰক্ৰিয়া বন্ধ হৈ কোষসমূহ সুস্থ হৈ পৰে।
৬)শৰীৰৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৭)মেদ বাহুল্য নাশ হয়। কিয়নো মেদ নাশকাৰী তত্ত্বৰ বৃদ্ধি কৰে এনেবোৰ খাদ্যই। সেয়েহে খাৰিয় আহাৰ খালে শৰীৰৰ ওজন সম পৰিমাণত থাকে।
১)শাক পাচলী-
*পালেং শাক,
*আদা,
*নহৰু,
*গাজৰ,
*ৰঙা বীত,
*জলকীয়া,
*নেমু টেঙা,
*নহৰু,
*ফুলকবি,
*বন্ধা কবি,
*বিন,
*তিয়ঁহ,
*ব্রকলি,
*মিঠা আলু,
*পদিনা,
*ধনীয়া পাত,
*ৰঙালাও,
*পানীলাও,
*বিলাহী,
*মটৰ,
*মূলা, স্কোৱাছ ইত্যাদি।
২)ফল:
*কঠাল,
*নাৰিকল,
*ডালিম,
*মাধুৰীয়াম,
*অমিতা ইত্যাদি।
৩)চয়াবিন
(তলত আম্লিক আৰু খাৰিয় আহাৰৰ তালিকা দিয়া হ'ল। চাই লব পাৰে)
এটা কথা উল্লেখ কৰিব লাগিব যে ওপৰত উল্লেখিত এচিডিক আহাৰ সমূহৰ আমাৰ শৰীৰৰ গঠনত যথেষ্ঠ ভূমিকা আছে। যেনে মাছ, মাংস, কণী, বাদাম, আখৰোত আদি। কিন্তু আমাৰ বৰ্তমান জীৱন শৈলীত এনেবোৰ খাদ্য অত্যাধিক সেৱন কৰাৰ প্ৰৱণতা বাঢ়িছে। ব্ৰইলাৰ মুৰ্গীৰ প্ৰদূৰ্ভাৱত ঘৰে ঘৰে প্ৰায় প্ৰতিসাজতে মাংস খোৱাৰ প্ৰৱণতা বাঢ়িছে। বিয়া সবাহটো এনেবোৰ খাদ্যৰ প্ৰয়োভৰা বেছি।মাহত দুখনকৈ বিবাহৰ খাদ্য খালে আমাৰ শৰীৰত pH যথেষ্ট নিম্নগামী হয়। যাৰ ফলত বিভিন্ন ৰোগত ভোগা দেখা যায়। তদুপৰি আজিৰ উঠি অহা নব প্ৰজন্মই এনেবোৰ খাদ্যত অধিক মনোনিবেশ কৰিছে যিয়ে ভৱিষ্যতলৈ অশনি সঙ্কেত বহন কৰিছে। অভিভাৱক হিচাবে আপুনি সঠিক পন্থা লোৱা দৰকাৰ। তলত উল্লেখ কৰা দিহা সমূহ মানি চলিলে ৰোগমুক্ত জীৱন কটোৱাত সহায় কৰিব।
১)নিতৌ যথেষ্ট শাক পাচলী আৰু ফলমূল খাওক।
২)কেচা শাক বা চালাড খালে উপকাৰ বেছি হয়। যদি কেঁচাই খোৱা অসুবিধা তেন্তে সামান্য উহাই খাব পাৰে নতুবা সামান্য তেল মছলা দি খাব পাৰে।
৩)মাছ ,মাংস, কণী সদায় নাখাব। তিনিওবিধৰ যি কোনো এবিধ এদিনৰ মূৰে মূৰে খাব। লগতে যিদিনাখন এনে খাদ্য খাব সিদিনা কেঁচা শাক পাচলী আৰু ফল খাব নাপাহৰিব। এনে কৰিলে এচিদৰ উৎপাদন কমিব।
৪)যথা সম্ভৱ মদ্য পান নকৰাই ভাল।
৫)যিকোনো খাদ্য খালে যেতিয়া পেটত এচিডিটি অনুভৱ কৰে আপুনি জানি লব যে আপোনাৰ তেজটো এচিডৰ পৰিমাণ বাঢ়িবলৈ গৈ আছে।
৬)মাছ , মাংস নাখালে শৰীৰ দুৰ্বল হব এনে মনোবৃত্তি পৰিত্যাগ কৰক।
৭)খাবলৈ বহোতে সদায় পৰ্য্যবেক্ষণ কৰক আপুনি আম্লিক নে খাৰিয় আহাৰ বেছি খাই আছে।
লেখক: ডাঃ অনুপ বৈশ্য
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং-8638211711