মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ট্ৰাইক্ল’ছেন :কিমান উপকাৰী,কিমান অপকাৰী?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ট্ৰাইক্ল’ছেন :কিমান উপকাৰী,কিমান অপকাৰী?

 

আমি ব্যৱহাৰ কৰা বিভিন্ন বস্তুৰ সৈতে জড়িত কিছুমান ৰাসায়নিক পদাৰ্থ পাছৰ কালত বৈজ্ঞানিক অধ্যয়নৰদ্বাৰা অপকাৰী বুলি প্ৰমাণিত হোৱা দেখা যায়।তেনে এবিধ ৰাসায়নিক পদাৰ্থ হ’ল ট্ৰাইক্ল’ছেন বা চমুকৈ টিছিএছ (triclosan;TCS)। ট্ৰাইক্ল’ছেন এবিধ বেক্টেৰিয়াৰোধী (antibacterial)আৰু ভেঁকুৰৰোধী  (antifungal)পদাৰ্থ।শেহতীয়াকৈ ,অৰিগন ষ্টেট ইউনিভাৰ্ছিটিৰ গৱেষকসকলে এটা অধ্যয়নৰ দ্বাৰা প্ৰমাণ কৰিছে যে টুথপেষ্টত বেক্টেৰিয়ানাশক হিচাপে প্ৰয়োগ কৰা এই ট্ৰাইক্ল’ছেন প্ৰাণীৰ খাদ্যনলীত থকা আমাৰ দেহৰ বাবে উপকাৰী বেক্টেৰিয়াবোৰো ধ্বংস কৰে।বিজ্ঞানীসকলে জেব্ৰামাছৰ (zebrafish)ওপৰত অধ্যয়ন চলাই এই সিদ্ধান্তত উপনীত হৈছে।তেওঁলোকৰ মতে ,জেব্ৰামাছ হ’ল প্ৰাণীৰ দেহত বেক্টেৰিয়াৰোধী ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন চলোৱাৰ উপযোগী এটা গুৰুত্বপুৰ্ণ জন্তু আৰ্হি বা এনিমেল মডেল।

খাদ্যনলীৰ হিতকাৰী বেক্টেৰিয়াই মানুহৰ স্বাস্থ্যৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়াত ভাগ লয়।ইহঁতে মানৱ দেহত ৰোগজনক অণুজীৱৰ প্ৰৱেশ আৰু বৃদ্ধিত বাধা দিয়ে,দেহৰ ৰোগ-প্ৰতিৰোধী তন্ত্ৰ সবল কৰে,আৰু ক্ষুদ্ৰমাত্ৰিক পুষ্টিদ্ৰব্যৰ উৎপাদনত অৰিহণা যোগায়।এইবিধ অণুজীৱকুলৰ ক্ষতি সাধন হ’লে মানৱ দেহত বহুমুত্ৰ ৰোগ,হৃদৰোগ,আৰ্থ্ৰাইটিছ আদি ৰোগ আৰু পুষ্টিহীনতাৰ সৃষ্টি হ’ব পাৰে । ট্ৰাইক্ল’ছেন এনেবোৰ ৰোগৰ সৃষ্টিৰ বাবে আংশিকভাৱে দায়ী,কিয়নো বিভিন্ন সামগ্ৰীত ব্যৱহৃত এই ৰাসায়নিক যৌগটো দেহৰ ছাল আৰু খাদ্যনলীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰে।মানৱ দেহৰ পৰা নিৰ্গত হোৱা মল-মুত্ৰ আৰু স্তন-দুগ্ব ইয়াৰ উপস্থিতি ধৰা পৰে।বিজ্ঞানীসকলৰ অন্যান্য অধ্যয়নত ট্ৰাইক্ল’ছেন  মাছ আৰু এন্দুৰৰ দেহত অন্ত:ক্ষৰণ গ্ৰন্থিৰ (endocrine glands)ক্ৰিয়াকলাপত বিসংগতি ঘটায়,কলিজাৰ টিউমাৰ সৃষ্টিত সহায় কৰে,আৰু প্ৰদাহজনিত বিংগতিত অৰিহণা যোগায় বুলি প্ৰমাণ পোৱা গৈছে।

আমি ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ টুথপেষ্ট ,চাবোন ,হাত ধোৱা জুলীয়া চাবোন,ছেম্পু,দুৰ্গন্ধনাশক আদি প্ৰসাধন দ্ৰব্য, অপমাৰ্জক (detergent),মাউথৱাছ,প্লাষ্টিক ,পেষ্টনাশক,সংৰক্ষক দ্ৰব্য ,পেইণ্ট,ল’ৰাছোৱালীৰ পুতলা-খেলনা ,কাপোৰ ,আচবাব ,পাকঘৰৰ সঁজুলি আৰু চিকিৎসালয়ৰ সঁজুলি পৰিষ্কৰণ কাৰ্য আদি বিভিন্ন ক্ষেত্ৰত ট্ৰাইক্ল’ছেন ব্যৱহাৰ কৰা হয়।১৯৬৪ চনত ট্ৰাইক্ল’ছেন  ছুইডেনৰ ছিবা-গেইগি নামৰ প্ৰতিষ্ঠানটোৱে পেটেণ্ট কৰাইছিল,আৰু ১৯৬৮ চনত এই যৌগটো স্বাস্থ্যৰ বাবে নিৰাপদ বুলি প্ৰমাণিত হৈছিল,আৰু ১৯৬৯ চনৰপৰা ইয়াক পেষ্টনাশক হিচাপে ব্যৱহাৰ কৰা হৈছিল।১৯৭০ চনৰ দশকৰ আৰম্ভণিৰপৰা গোটেই পৃথিৱীতে ট্ৰাইক্ল’ছেন চিকিৎসালয়সমুহত পৰিষ্কৰণ কাৰ্যত ব্যাপকভাৱে ব্যৱহাৰ হ’বলৈ ধৰে।২০০০ চনলৈকে প্ৰায় ৭৫ শতাংশ জুলীয়া চাবোন আৰু ২৯ শতাংশ গোটা চাবোনত ট্ৰাইক্ল’ছেন আৰু ইয়াৰ লগৰে আন এটা বেক্টেৰিয়াৰোধী পদাৰ্থ ট্ৰাইক্ল’কাৰ্বেন triclocarban;TCC)ব্যৱহাৰ কৰা হয়।২০১৪ চনৰ তথ্যমতে মানুহে ব্যৱহাৰ কৰা দুহেজাৰতকৈও বেছি সামগ্ৰীত এই পদাৰ্থ দুবিধ ব্যৱহাৰ কৰা হয়।

ট্ৰাইক্ল’ছেন এবিধ জৈৱ যৌগ।ই এবিধ ফিনলৰ নিচিনা গন্ধবিশিষ্ট গুড়ি কঠিন পদাৰ্থ।পলিক্ল’ৰ’ফিনল শ্ৰেণীৰ এই পদাৰ্থটোৰ আন্তৰ্জাতিক ৰাসায়নিক নাম ৫-ক্ল’ৰ’-২-(২,৪-ডাইক্ল’ৰ’ফিন’ক্সি)ফিনল [5 Chloro-2-(2,4-dichlorophenoxy) phenol]।ইয়াৰ ৰাসায়নিক সংকেত  C12 H7 C13 O2 আৰু গলনাংক ৫৫-৫৭ ডিগ্ৰি ছেলছিয়াছ।এই পদাৰ্থটোক ছিএইচ-৩৫৬৫ (CH-3565),লেক্সল-৩০০ (Lexol 300),ইৰ্গাছান ডিপি ৩০০ (Irgasan DP 300),আৰু ষ্টাৰ জেক (Ster-Zac)আদি নামেৰেও জনা যায়।ই পানীত সামান্যভাৱে দ্ৰৱণীয়,কিন্তু ইথানল,মিথানল,ডাইইথাইল ইথাৰ আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দৰে তীব্ৰ ক্ষাৰত দ্ৰৱণীয়।২,৪ –ডাইক্ল’ৰ’ফিনল নামৰ যৌগৰপৰা ট্ৰাইক্ল’ছেন উৎপাদন কৰা হয়।

বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত ট্ৰাইক্ল’ছেনৰ প্ৰভাৱ সম্পৰ্কে শেহতীয়া অধ্যয়নৰপৰা এই পদাৰ্থটো স্বাস্থ্য আৰু পৰিৱেশ উভয়ৰে বাবে অনুকুল নহয় বুলি প্ৰমাণিত হৈছে।তেনে এটা অধ্যয়ন আৰম্ভণিতে উল্লেখ কৰা হৈছে।ট্ৰাইক্ল’ছেনে জন্তুৰ দৰে হৰম’নৰ নিয়মীয়া ক্ৰিয়াকলাপত বাধাৰ সৃষ্টি কৰে।ই এণ্টিবায়’টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ বিকাশত সহায় কৰিব পাৰে।ই প্ৰাণীৰ অসংক্ৰাম্য তন্ত্ৰৰ বাবে ক্ষতিকাৰক।মানুহে ট্ৰাইক্ল’ছেন থকা কোনো বস্তু ব্যৱহাৰ কৰিলে পদাৰ্থটোৰ সামান্য এটা অংশ ছাল আৰু মুখেদি শৰীৰত প্ৰৱেশ কৰিব পাৰে।২০০৮ চনত আমেৰিকাত কৰা এটা অধ্যয়নত প্ৰায় ৭৫ শতাংশ শিশু আৰু প্ৰাপ্তবয়স্কৰ দেহত প্ৰৱেশ কৰা ট্ৰাইক্ল’ছেন তেওঁলোকৰ প্ৰস্ৰাৱত ধৰা পৰিছিল।এই পদাৰ্থবিধৰপৰা মানুহৰ খাদ্য এলাৰ্জি হোৱাৰ আশংকা থাকে।কলৰাডো বিশ্ববিদ্যালয় আৰু কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত কৰা অধ্যয়নত ট্ৰাইক্ল’ছেনে প্ৰাণীৰ হৃৎপিণ্ড আৰু কংকালৰ পেশীৰ কাৰ্যত বাধাৰ সৃষ্টি কৰে বুলি জনা গৈছে।ই এন্দুৰৰ থাইৰয়ড গ্ৰন্থিৰ কাৰ্যত বাধা দিলেও টুথপেষ্টত থকা  ট্ৰাইক্ল’ছেনে মানুহৰ থাইৰয়ডৰ ক্ৰিয়াকলাপত প্ৰভাৱ পেলোৱাৰ প্ৰমাণ পোৱা হোৱা নাই।‘কেমিকেল ৰিছাৰ্চ ইন  টক্সিক’লজি’ নামৰ আলোচনীত প্ৰকাশ পোৱা তথ্য  অনুসৰি , ট্ৰাইক্ল’ছেনে প্ৰাণীৰ দেহত  কেনছাৰ কোষৰ বৃদ্ধি ঘটাত সহায় কৰে।

এটা কথা গুৰুত্বপুৰ্ণ যে ট্ৰাইক্ল’ছেন ব্যৱহাৰ কৰা ভালেমান সামগ্ৰীৰ বাবে ই অপৰিহাৰ্য নহয়।টুথপেষ্টত থকা ট্ৰাইক্ল’ছেনে দন্তমুল  প্ৰদাহ (gingivitis)হোৱাত বাধা দিয়ে।কিন্তু ,আমেৰিকাৰ ‘খাদ্য আৰু ঔষধ প্ৰশাসন’বা এফডিএৰ (FDA)মতে ,ৰোগ হোৱাত বাধা দিয়াত নাইবা কিছুমান ৰোগ বিয়পাত বাধা দিয়াৰ ক্ষেত্ৰত সাধাৰণ পানী আৰু চাবোনৰ তুলনাত বেক্টেৰিয়াৰোধী চাবোন আৰু গাধোৱা উপকৰণ অধিক কাৰ্যকৰী নহয়।তদুপৰি , ট্ৰাইক্ল’ছেন দীৰ্ঘ দিনৰ বাবে দৈনিক  ব্যৱহাৰ কৰাটো কিমান নিৰাপদ,তাৰো কোনো নিশ্চয়তা নাই।

ট্ৰাইক্ল’ছেনে মানুহৰ স্বাস্থ্যৰ উপৰিও আমাৰ পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলায়।আমাৰ ব্যক্তিগত ব্যৱহাৰৰ সামগ্ৰীবোৰত ট্ৰাইক্ল’ছেনৰ উপস্থিতি দীৰ্ঘস্থায়ী নহয়।কিন্তু সেই বস্তুবোৰ ব্যৱহাৰ কৰাৰ পাছত প্ৰায় ৯৭ -৯৮ শতাংশ ট্ৰাইক্ল’ছেন সেইবোৰৰ পৰা  এৰাই নলাৰে গৈ জলাশয়ত জমা হয়,আৰু পানী প্ৰদুষিত কৰে।আমেৰিকাৰ জিঅ’লজিকেল ছাৰ্ভেই ১৯৯৯-২০০০ চনত বিভিন্ন নদী আৰু নিজৰাৰ পানীত ৫৭.৬ শতাংশ  ট্ৰাইক্ল’ছেন চিনাক্ত কৰিছিল।এই পদাৰ্থই পানীত থকা শেলাই আৰু বিভিন্ন অণুজীৱৰ ক্ষতি সাধন কৰে।

ট্ৰাইক্ল’ছেনৰ অপকাৰী প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বিভিন্ন দেশে ইয়াৰ প্ৰয়োগ নিয়ন্ত্ৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।মিনেছ’টা চৰকাৰে ২০১৪ চনৰ মে’ মাহত   ট্ৰাইক্ল’ছেনযুক্ত সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধকৰণ বিল গ্ৰহণ কৰিছিল,আৰু এই সম্পৰ্কীয় আইনখন ২০১৭ চনৰ পহিলা জানুৱাৰিৰ পৰা বলবৎ কৰাৰ কথা।যোৱা ৬ ছেপ্টেম্বৰত (২০১৬)খাদ্য আৰু ঔষধ প্ৰশাসনে(এফডিএ)ট্ৰাইক্ল’ছেন আৰু ট্ৰাইক্ল’কাৰ্বেনেকে ধৰি ১৯ বিধ মুক্তভাৱে বিক্ৰী হোৱা (over –the –counter)বীজাণুনাশক দ্ৰব্য নিৰাপদ নহয় বুলি নিষেধাজ্ঞ ঘোষণা কৰিছে।

বৰ্তমান বহুতো উৎপাদক প্ৰতিষ্ঠানে তেওঁলোকৰ উৎপাদিত সামগ্ৰীবোৰৰ পৰা ট্ৰাইক্ল’ছেন অপসাৰিত কৰিছে।গতিকে আমি তেনেকুৱা বস্তু কিনোতে বস্তুটোত ট্ৰাইক্ল’ছেন আছেনে নাই তাক চাই লোৱাটো বাঞ্জনীয়।

বিজ্ঞান-প্ৰযুক্তিৰ নতুন খবৰ

 

কেনছাৰ চিনাক্তকৰণত ফেটীসাপৰ বিষৰ প্ৰয়োগ

ৰাছিয়া আৰু ভাৰতৰ দুদল গৱেষকে ফেটীসাপৰ বিষ প্ৰয়োগ কৰি কোৱাণ্টাম ডট পদ্ধতিৰ সহায়ত কেনছাৰৰ টিউমাৰ চিনাক্ত কৰাৰ এটা অভিনৱ কৌশল উদ্ভাৱন কৰিছে।এই পদ্ধতিত অসমৰ তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ মস্কোৰ ‘নেশ্যনেল ইউনিভাছিৰ্টি অৱ ছাইন্স এণ্ড টেকন’লজি মিছিছ’ৰ (NUST MISIS)বিজ্ঞানীসকলে ফেটীসাপৰ মাৰাত্মক বিষত থকা আলফা-নিউৰ’টক্সিন (alpha-neurotoxin)নামৰ পদাৰ্থৰ লগত কেডমিয়াম ছেলেনাইডৰ প্ৰতিপ্ৰভ নেন’নলিকা (cadmium selenide fluorescent nanoparticles) সংযোগ কৰিছে।প্ৰতিপ্ৰভ কেডমিয়াম ছেলেনাইডক কোৱাণ্টাম ডট (quantum dots)বোলা হয়।এই পদাৰ্থটোৱে কেনছাৰ টিউমাৰৰ চৌপাশৰ সীমা অতি স্পষ্ট কৰি তোলে কাৰণে ইয়াৰ প্ৰতিবিম্বও অতিশয় স্পষ্ট হয়।সেয়ে,কেনছাৰৰ শল্যচিকিৎসকে সঠিক চিনাক্তকৰণৰদ্বাৰা অতি সুক্ষ্মভাৱে অস্ত্ৰোপচাৰ কৰি টিউমাৰ আঁতৰাব পাৰে।

NUST MISIS অৰ গৱেষকসকলে ফেটীসাপৰ বিষ হয় আৰু কোৱাণ্টাম ডট সংযোগ কৰি সেই সংকৰ পদাৰ্থটো প্ৰস্তুত কৰিছে।ইয়াক কেনছাৰ টিউমাৰত প্ৰয়োগ কৰিলে সাপৰ বিষ থকা অংশ  কেনছাৰ কোষৰ কিছুমান বিশেষ অংশত লাগি ধৰে।কোৱাণ্টাম ডট অংশত শক্তি প্ৰয়োগ কৰিলে ই পোহৰ নিৰ্গত কৰে।নিউৰ’টক্সিন –কোৱাণ্টাম ডট সংযুগ্মটো (conjugate )ৰক্তপ্ৰৱাহৰ জৰিয়তে কেনছাৰত আক্ৰান্ত অংশ পায়গৈ,আৰু তাত অতিবেঙুনীয়া ৰশ্মিৰ সহায়ত আলোকিত  কৰিলে ই প্ৰতিপ্ৰভা বিকিৰণ কৰে।কেনছাৰযুক্ত অংশটো স্কেনিং কৰিলে টিউমাৰটোৰ এজোপা ‘খ্ৰিষ্টমাছ ট্ৰি’ৰ আকৃতিৰ স্পষ্ট প্ৰতিবিম্ব পোৱা যায়।গৱেষকসকলে পদ্ধতিটোত ‘টাই বা মন’ক্লেড ফেটীসাপ’ৰ (Thai or monocled cobra )বিষ ব্যৱহাৰ কৰিছে।এইবিধ সাপ ভাৰতৰ উত্তৰ-পুৰ্বাঞ্চল,উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায়।ইয়াৰ ফেটৰ ওপৰত থকা এটা বৃত্তাকাৰ দাগ (O-shaped mark)আছে।সাধাৰণতে ভাৰতত পোৱা ফেটীসাপৰ ফেটত ইউ-আকৃতিৰ (U-shaped)দাগ থাকে।

সৌৰজগতৰ উৎপত্তিৰ উৎস কম ভৰৰ ছুপাৰন’ভা

 

প্ৰায় ৪.৬ বিলিয়ন বছৰৰ পুৰ্বে আমাৰ সৌৰজগতখনৰ জন্ম হৈছিল এটা নিম্ন ভৰৰ ছুপাৰন’ভাৰপৰা।আমেৰিকাৰ মিনেছ’টা বিশ্ববিদ্যালয়ৰ অধ্যাপক ইয়াং-ঝ্ং কিয়ান (Yong-Zhong Qian)আৰু তেওঁৰ সহযোগী গৱেষকসকলে (তাৰ ভিতৰত এজন ভাৰতীয়ও আছে)এই তথ্য প্ৰকাশ কৰিছে।ছুপাৰন’ভা (supernova)হ’ল তৰাৰ জীৱনকালৰ অন্তিম অৱস্থাত ঘটা এটা প্ৰচণ্ড বিস্ফোৰণ।প্ৰায় ৪.৬ বিলিয়ন বছৰৰ আগতে সৌৰজগত গঠনকাৰী গেছ আৰু ধুলিৰ একখণ্ড ডাৱৰত মাধ্যাকৰ্ষণীয় স্ংকোচন ঘটিছিল। সেই সংকো চনৰ কাৰণ আছিল এটা ছুপাৰন’ভাৰ বিস্ফোৰণ।সেই মাধ্যাকৰ্ষণীয় নিপাতৰ (gravitational collapse)ফলত আদিম-সুৰ্যৰ  (proto –Sun)জন্ম হৈছিল,আৰু ইয়াৰ চাৰিওফালে কাঁহীৰ আকৃতিত গঠন হোৱা পদাৰ্থকণাৰপৰাই সৃষ্টি হৈছিল গ্ৰহমণ্ডলীৰ।গৱেষকসকলে আদিম সৌৰজগতত থকা পদাৰ্থৰ হ্ৰস্ব-স্থায়ী নিউক্লিয়াছৰ (short-lived nuclei) ওপৰত বিশেষভাৱে চকু দিছে।এনেকুৱা কম আয়ুসকালযুক্ত নিউক্লিয়াছবোৰৰ উৎস ছুপাৰন’ভা,আৰু এইবোৰৰ অৱস্থিতি উল্কাৰ বুকুত ঘটা অৱক্ষয়জনিত পদাৰ্থত চিনাক্ত কৰা হৈছে।এই পদাৰ্থবোৰৰ পৰাই সৌৰজগতখন কিহেৰে তৈয়াৰী তাক বুজা যায়,আৰু বিশেষকৈ ছুপাৰন’ভাই যে সেই হ্ৰস্ব-স্থায়ী নিউক্লিয়াছবোৰৰ উৎস ,ই অতি গুৰুত্বপুৰ্ণ কথা।

“সৌৰজগতৰ উৎপত্তিৰ ব্যাখ্যা কৰাৰ বাবে প্ৰয়োজনীয় ই এক প্ৰকাৰৰ ফৰেনছিক প্ৰমাণ।সৌৰজগতৰ সৃষ্টি নিম্ন ভৰৰ ছুপাৰন’ভাৰপৰাই হোৱাটোকে ই সুচায়”।–এই বুলি মন্তব্য কৰে মুখ্য গৱেষক কিয়ানে।

মাৰাত্মক গেছ আঁতৰাব মৌচাক-সদৃশ নেন’গাঁথনিয়ে

কয়লা কাৰখানা,যানবাহন আদিৰ পৰা নিৰ্গত  হোৱা অপকাৰী গেছ আঁতৰাবলৈ বিজ্ঞানীসকলে এবিধ মৌচাকৰ নিচিনা গাঁথনি উদ্ভাৱন কৰিছে।এই সুক্ষ্ম বা নেন’গাঁথনি জৈৱ-ধাতৱীয় পদাৰ্থৰ দ্বাৰা তৈয়াৰী,আৰু ইয়াৰ নাম ধাতু-জৈৱ  গাঁথনি (metal-or-ganic frameworks;MOFs)।আমেৰিকাৰ ডালাছাত থকা টেক্সাছ গৱেষকসকলে  কয় যে এই  গাঁথনিবোৰ গঠনকাৰী খণ্ডবোৰৰ কেন্দ্ৰত ধাতৱ আয়ন থাকে আৰু সেইবোৰ জৈৱ সংযোগী অণুৰদ্বাৰা সংযুক্ত।এই মৌচাকৰ  নিচিনা নেন’আকাৰৰ গাঁথনিবোৰৰ মাজত আৰু বিন্ধাবোৰত গেছ আৰু বাষ্প সোমাই আবদ্ধ হৈ ৰৈ যায়।বিজ্ঞানীসকলে দেখিছে যে কিছুমান বিশেষ  গেছ গাঁথনিবোৰত দুৰ্বলভাৱে বান্ধ খায়,আৰু সিহঁত বান্ধ খাই থকাৰ স্থায়িত্বও বৰ কম।মুখ্য গৱেষক  ড০ কুই টেনে (Dr Kui Tan)কয় যে এই সমস্যা আঁতৰাবৰ বাবে এনে  এবিধ অণু স্ংযোগ কৰা হ’ব,যি মৌচাক –সদৃশ গাঁথনিবোৰত গেছটো সোমোৱাৰ পাছত ঢাকনিৰ দৰে আবৃত কৰি গেছটো ওলাই যোৱাত বাধা দিব।এই প্ৰক্ৰিয়াটো মৌমাখিয়ে মৌচাকৰপৰা মৌজোল ওলাই নাযাবলৈ মৌসিতাৰে চাকখন বন্ধ কৰি দিয়াৰ দৰে।

পানীৰ পৰা ইন্ধন উৎপাদনৰ নতুন পদ্ধতি

 

বিজ্ঞানীসকলে পানীৰ পৰা ইন্ধন আহৰণ কৰাৰ এটা তুলনামুলকভাৱে কম-খৰচী নতুন উপায় উদ্ভাৱন কৰিছে।পদ্ধতিটোত এবিধ অতিশয় পাতল অণুঘটক ব্যৱহাৰ কৰি পানীক হাইড্ৰ’জেন আৰু অক্সিজেনলৈ বিভাজিত কৰা হয়।সৌৰ পোহৰে বিজুলী শক্তি উৎপন্ন কৰাৰ দৰে পানীৰ অণু বিযোজন প্ৰক্ৰিয়াত উৎপন্ন হোৱা  হাইড্ৰ’জেন  গেছেও প্ৰদুষণমুক্ত ৰাসায়নিক ইন্ধনৰুপে কাম কৰে বুলি অষ্ট্ৰেলিয়াৰ গ্ৰিফিথ বিশ্ববিদ্যালয়ৰ ‘ছেণ্টাৰ ফৰ  ক্লিন এনভাইৰনমেণ্ট এণ্ড এনাৰ্জিৰ (CCEE)সঞ্চালক  হুইজিন ঝাৱে (Huijin Zhao)উল্লেখ কৰে।

উপযুক্ত অণুঘটকৰ উপস্থিতিত পানীৰ অণুৰ ৰাসায়নিক বিযোজন ঘটাই হাইড্ৰ’জেন ইন্ধন উৎপাদন কৰাটো যদিও ইতিমধ্যে  বৈজ্ঞানিকভাৱে সম্ভৱ বুলি প্ৰমাণিত,এই ক্ষেত্ৰত কম-খৰচী অণুঘটক উদ্ভাৱন কৰাটোহে অতি গুৰুত্বপুৰ্ণ কথা।সাম্প্ৰতিক কালত বিশ্বৰ সন্মুখত থকা পাঁচটা প্ৰধান সমস্যা হ’ল শক্তি,পৰিৱেশ ,পানী খাদ্য নিৰাপত্তা,আৰু জনস্বাস্থ্য।জীৱাশ্ম ইন্ধন  দহন কৰাৰ ফলত উৎপন্ন  হোৱা কাৰ্বন ডাইঅক্সাইড গেছৰ নিৰ্গমনে পৃথিৱীৰ উষ্ণতা বঢ়াই তুলিছে।কাৰ্বন নিৰ্গমনৰ মাত্ৰা কমাবলৈ ,আৰু গোলকীয় উষ্ণতা যাতে দুই ডিগ্ৰি ছেলছিয়াতকৈ বৃদ্ধি নহয়,তাৰ বাবে হাইড্ৰ’জেনৰ দৰে পুনৰ্নৱীকৰণযোগ্য আৰু নিকা শক্তি –উৎসৰ প্ৰয়োজন।এই অধ্যয়ন ‘নেচাৰ এনাৰ্জি’আলোচনীত প্ৰকাশ পাইছে।

বিখ্যাত বিজ্ঞানী,বিচিত্ৰ কাহিনী

 

পৃথিৱীৰ প্ৰদুষণ:মহাকাশৰ পৰা অনুভৱ

স্কেট যোছেফ কেলি (Scott Joseph Kelly, জন্ম :১৯৬৪)এগৰাকী অভিযন্তা আৰু অৱসৰপ্ৰাপ্ত মহাকাশচাৰী।তেওঁ তিনিবাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ নেতৃত্ব দিছিল,আৰু এবছৰ কাল মহাকাশত কটাই অভিলেখ স্থাপন কৰিছিল।তেওঁ মহাকাশৰপৰা প্ৰদুষিত পৃথিৱীৰ স্বৰুপটো দেখি কৈছিল যে বিশেষকৈ চীন আৰু ভাৰতৰ প্ৰদুষণ সঁচাকৈয়ে হৃদয়-বিদাৰক।কেলিয়ে হোৱাইট হাউছত  ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ  লগত হোৱা এটা সাক্ষাৎকাৰত এটা দিনত ঘটা প্ৰদুষণৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল:”মই ২০১৫ চনৰ গ্ৰীষ্মকালত মহাকাশত থকা অৱস্থাত এটা দিনৰ কথা।মই সেইদিনা চীনৰ পুব অংশ  অতি পৰিষ্কাৰ দেখিছিলোঁ।মই মহাকাশত থকা কালত কেতিয়াও তেনে দৃশ্য দেখা নাছিলোঁ”।তেওঁ তাৰ ব্যাখ্যা দাঙি ধৰি কৈছিল যে সেইদিনা চীনৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন আছিল কাৰণে কয়লা দহনকাৰী উদ্যোগবোৰ বন্ধ আছিল,আৰু ৰাস্তাইদি যানবাহনৰ চলাচলো বন্ধ আছিল।কেলিয়ে কৈছিল যে তেওঁৰ অভিজ্ঞতাৰপৰা দেখা যায় যে মানুহে কেনেকৈ পৰিৱেশৰ ওপৰত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলায়।

লেখক:ক্ষীৰধৰ বৰুৱা (প্ৰান্তিক)

 

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top